ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৩
  • আপুনি ঈশ্বৰৰ অদৃশ্য গুণবোৰ ধ্যান দিয়েনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ঈশ্বৰৰ অদৃশ্য গুণবোৰ ধ্যান দিয়েনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • সৃষ্টিয়ে যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি ঈশ্বৰৰ অদৃশ্য গুণবোৰ ধ্যান দিয়েনে?

যেতিয়া আপুনি ৰং-বিৰঙৰ ফুল দেখে, তৰাৰে ভৰি থকা আকাশলৈ লক্ষ্য কৰে অথবা মনোমোহা জলপ্ৰপাত দেখে, তেতিয়া আপুনি যিহোৱাৰ হাতৰ কাৰ্য্য তাত দেখা পায়নে? আমাৰ চাৰিওফালৰ সৃষ্টিয়ে যিহোৱাৰ অদৃশ্য গুণবোৰ প্ৰকাশ কৰে। (ৰোম ১:২০) ক্ষন্তেকৰ বাবে যদি আমি এই সৃষ্টিবোৰলৈ লক্ষ্য কৰোঁ, তেনেহʼলে আমি যিহোৱা ঈশ্বৰৰ শক্তি, প্ৰেম, প্ৰজ্ঞা, ন্যায় আৰু উদাৰতাৰ গুণ দেখিবলৈ পাওঁ।—গীত ১০৪:২৪.

আপুনি প্ৰতিদিনে যিহোৱা ঈশ্বৰৰ কোনবোৰ সৃষ্টি লক্ষ্য কৰে? আপুনি নগৰ বা চহৰত বাস কৰিলেও তাত চৰাই-চিৰিকটি অথবা গছ-গছনি দেখিবলৈ পায়। যদি আমি যিহোৱাৰ সৃষ্টিবোৰৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে আমি চিন্তা আৰু সমস্যাবোৰৰপৰা নিজৰ ধ্যান আঁতৰাই ৰাখি, গুৰুত্বপূৰ্ণ বিষয়বোৰত ধ্যান দিবলৈ সক্ষম হʼম। এইদৰে কৰিলে আমি বিশ্বাস কৰিব পাৰিম যে যিহোৱা ঈশ্বৰে আমাৰ যত্ন লোৱাৰ ক্ষমতা ৰাখে। (মথি ৬:২৫-৩২) যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোককো যিহোৱাৰ অদৃশ্য গুণৰ ওপৰত ধ্যান দিবলৈ শিক্ষা দিয়ক। আমাৰ চাৰিওফালে থকা সৃষ্টিৰ ওপৰত মূল্যাংকন কৰিলে, আমি আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ লগত এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিব পাৰিম।—গীত ৮:৩, ৪.

সৃষ্টিয়ে যিহোৱাৰ মহিমা কৰে—ৰশ্মি আৰু ৰং নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি ৰং কিয় দেখা পাওঁ?

  • কিহৰ বাবে আমি বিভিন্ন ৰং দেখিবলৈ পাওঁ?

  • আকাশত কিয় বেলেগ বেলেগ ৰং দেখিবলৈ পোৱা যায়?

  • আপুনি নিজৰ ঘৰৰ ওচৰে-পাঁজৰে ঈশ্বৰৰ সৃষ্টিৰ কি ৰং দেখিবলৈ পাইছে?

  • আমি কিয় সময় উলিয়াই সৃষ্টিৰ ওপৰত ধ্যান দিয়া উচিত?

এপাহ গোলপীয়া গোলাপ ফুল, এজনী নীলা ৰঙৰ পখিলা, ৰং-বিৰঙৰ ফল-মূল আৰু বেলি অস্ত যোৱাৰ দৃশ্য

ৰশ্মি আৰু ৰঙৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ গুণৰ বিষয়ে কি জানিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক