খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক
যেতিয়া আমি কাৰোবাক শিকোৱাৰ সময়ত কোনো ভিডিঅ’ বা ছবি ব্যৱহাৰ কৰোঁ, তেতিয়া ব্যক্তিজনে আৰু বেছিকৈ জানিবলৈ আগ্ৰহী হয়। তেওঁ আমাৰ কথা ভালদৰে বুজিব পাৰে আৰু সহজে আমাৰ কথাবোৰ মনত ৰাখিব পাৰে। আমাৰ মহান শিক্ষক যিহোৱা ঈশ্বৰেও নিজৰ সেৱকসকলক কিছুমান গুৰুত্বপূৰ্ণ শিক্ষা দিবলৈ প্ৰকৃতিৰ দৃশ্য আৰু অন্য বস্তু দেখুৱাইছিল। (আদি ১৫:৫; যিৰি ১৮:১-৬) মহান শিক্ষক যীচু খ্ৰীষ্টও এইদৰেই কৰিছিল। (মথি ১৮:২-৬; ২২:১৯-২১) বিগত কেইবছৰ ধৰি দেখিবলৈ পোৱা গৈছে যে ভিডিঅ’ দেখুৱাটো লাভজনক হৈ পৰিছে। আপুনি আপোনাৰ বাইবেল বিদ্যাৰ্থীক শিকোৱাৰ সময়ত ভিডিঅ’ দেখুৱাইনে?
এনে দহোটা ভিডিঅ’ প্ৰস্তুত কৰা হৈছে, যিকেইখন আপুনি ঈশ্বৰৰপৰা এটা ভাল খবৰ! নামৰ ব্ৰচাৰখন অধ্যয়ন কৰাৰ সময়ত দেখুৱাব পাৰে। সাধাৰণতে, ব্ৰচাৰখনত ডাঙৰ ডাঙৰ আখৰে লিখা প্ৰশ্নবোৰেই বেছিভাগ ভিডিঅʼৰ নাম দিয়া হৈছে। ডিজিটেলৰূপত উপলব্ধ থকা ব্ৰচাৰখনত লিংক দিয়া হৈছে। ইয়ে আমাক মনত পেলাই দিয়ে যে কোনখন ভিডিঅ’ কেতিয়া দেখুৱাব লাগিব। ইয়াৰ উপৰিও, শিক্ষাদানৰ সঁজুলিৰ বাকচৰ অন্য প্ৰকাশনৰপৰা অধ্যয়ন কৰাৰ সময়ত আমি আন আন ভিডিঅʼবোৰ দেখুৱাব পাৰোঁ।
আপোনাৰ বিদ্যাৰ্থীৰ লগত আপুনি এনে বিষয় আলোচনা কৰিছেনে, যিটো তাৰ বাবে বুজিবলৈ কঠিন হৈছে? অথবা আপোনাৰ বিদ্যাৰ্থীয়ে কোনো নিৰ্দিষ্ট পৰীক্ষাৰ সন্মুখীন হৈছে নেকি? jw.org ৱেবছাইট অথবা JW ব্ৰডকাষ্টিঙৰপৰা এনে ভিডিঅ’ অনুসন্ধান কৰক, যিয়ে বিদ্যাৰ্থীজনৰ বাবে লাভজনক হʼব পাৰে। আপুনি আৰু আপোনাৰ বিদ্যাৰ্থীয়ে হয়তো একেলগে এখন ভিডিঅ’ চাব পাৰে আৰু আলোচনা কৰিব পাৰে।
প্ৰতি মাহে নতুন ভিডিঅ’ প্ৰকাশ পাইছে। সেই ভিডিঅʼবোৰ চোৱাৰ সময়ত চিন্তা কৰক যে আনক শিক্ষা দিয়াৰ সময়ত আপুনি এইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে।