ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৩-১৬
  • এক অনন্ত জীৱন! ব্ৰচাৰ আৰু কিতাপখনৰপৰা শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক অনন্ত জীৱন! ব্ৰচাৰ আৰু কিতাপখনৰপৰা শিকাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰি
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৩-১৬
এহাল দম্পতীয়ে বাছ ষ্টেচনত আছে। তেওঁলোকে “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” নামৰ ব্ৰচাৰৰপৰা এজন ব্যক্তিৰ লগত কথা পাতি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

এক অনন্ত জীৱন ব্ৰচাৰ আৰু কিতাপখনৰপৰা শিকাওক

বাইবেল অধ্যয়ন কৰিবলৈ এখন নতুন ব্ৰচাৰ আৰু কিতাপ পাই আমি বৰ আনন্দিত হৈছোঁ। ইয়াৰ সহায়ত আমি আৰু বহুতো লোকক যীচুৰ শিষ্য হʼবলৈ সহায় কৰিব বিচাৰোঁ। এই কামত সফলতা লাভ কৰিবলৈ সহায় বিচাৰি আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিম। (মথি ২৮:১৮-২০; ১কৰি ৩:৬-৯) কিন্তু প্ৰশ্ন হৈছে যে আমি এই প্ৰকাশনৰ সহায়ত কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰোঁ?

এক অনন্ত জীৱন নামৰ ব্ৰচাৰখনত শিক্ষা দিয়াৰ এক নতুন উপায় দিয়া হৈছে। যাৰ বাবে বিদ্যাৰ্থীয়ে আলোচনাত আৰু বেছিকৈ ভাগ লʼব পাৰে। অধ্যয়নৰ প্ৰস্তুত কৰোঁতে আৰু বিদ্যাৰ্থীৰ লগত আলোচনা কৰোঁতে তলত দিয়া কথাবোৰ মনত ৰাখক।a

  • পাঠটো পঢ়ক আৰু তাৰ পাছত প্ৰশ্নবোৰ আলোচনা কৰক।

  • “পঢ়ক” বুলি দিয়া বাইবেল পদবোৰ পঢ়ক। এই পদবোৰৰ অৰ্থ বুজিবলৈ আৰু তাক পালন কৰিবলৈ বিদ্যাৰ্থীক সহায় কৰক।

  • ভিডিঅʼবোৰ দেখুওৱাক আৰু তাত উল্লেখ থকা প্ৰশ্নবোৰ আলোচনা কৰক।

  • প্ৰতিবাৰে অধ্যয়ন কৰোঁতে এটা পাঠ শেষ কৰিবলৈ চেষ্টা কৰক।

যেতিয়া আপুনি কোনো এজন ব্যক্তিক প্ৰচাৰ কৰে, তেতিয়া প্ৰথমে তেওঁক ব্ৰচাৰখন দিয়ক আৰু তেওঁ কিহৰ বিষয়ে আগ্ৰহী তাক জানিবলৈ চেষ্টা কৰক। (প্ৰথম সাক্ষাতৰ সময়ত “এক অনন্ত জীৱন ব্ৰচাৰখন কেনেকৈ দিব পাৰোঁ?” নামৰ বক্সটো চাওক।) যদি ব্ৰচাৰখনৰপৰা অধ্যয়ন শেষ হয় আৰু বিদ্যাৰ্থীয়ে বেছিকৈ শিকিব বিচাৰে, তেনেহʼলে তেওঁক কিতাপখন দিয়ক। তাৰ পাছত পাঠ ৪ৰপৰা অধ্যয়ন আৰম্ভ কৰক। যদি আপুনি কাৰোবাক শিকায় বা ঈশ্বৰৰ প্ৰেম কিতাপৰপৰা অধ্যয়ন কৰি আছে, তেনেহʼলে সেয়া বন্ধ কৰক আৰু এক অনন্ত জীৱন কিতাপৰপৰা আৰম্ভ কৰক। আপুনি কোনটো পাঠৰপৰা আৰম্ভ কৰিব পাৰে, ইয়াৰ নিৰ্ণয় নিজে লʼব পাৰে।

সেই দম্পতীয়ে সেই ব্যক্তিজনৰ ঘৰত “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” নামৰ কিতাপৰপৰা অধ্যয়ন কৰি আছে।

আহক বাইবেলৰপৰা শিকোঁ নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বিদ্যাৰ্থীয়ে এই নতুন কিতাপৰপৰা কি শিকিব পাৰে?

  • আপুনি এই ভিডিঅʼখন নতুন বিদ্যাৰ্থীক কিয় দেখুওৱা উচিত?

  • আপুনি বিদ্যাৰ্থীক কি কি লক্ষ্য ৰাখিবলৈ আৰু তাক পাবলৈ সহায় কৰা উচিত?—“প্ৰতিটো ভাগৰ উদ্দেশ্য আৰু লক্ষ্য” নামৰ তালিকাখন চাওক।

a টোকা: আপুনি বিদ্যাৰ্থীৰ লগত “বেছিকৈ জানক” নামৰ ভাগটো আলোচনা কৰিব পাৰে বা এৰি দিব পাৰে। কিন্তু আপুনি অধ্যয়নৰ প্ৰস্তুতি কৰাৰ সময়ত এই ভাগটো নিশ্চয় পঢ়ক আৰু প্ৰতিখন ভিডিঅʼ চাওক। এইদৰে কৰিলে আপুনি বুজি পাব যে কি কথাই বিদ্যাৰ্থীৰ ওপৰত ভাল প্ৰভাৱ পেলাব আৰু আপুনি তেওঁক সহায় কৰিব পাৰিব। ফোন বা টেব্লেটত ভিডিঅʼ আৰু অতিৰিক্ত তথ্যৰ লিংক দিয়া হৈছে।

প্ৰতিটো ভাগৰ উদ্দেশ্যে আৰু লক্ষ্য

 

পাঠ

লক্ষ্য

বিদ্যাৰ্থীৰ লক্ষ্য

১

০১-১২

বাইবেলে আপোনাক কেনেকৈ সহায় কৰিব পাৰে আৰু আপুনি ইয়াৰ লেখকৰ বিষয়ে কেনেকৈ জানিব পাৰে, সেই বিষয়ে চিন্তা কৰক

বিদ্যাৰ্থীক বাইবেল পঢ়িবলৈ, অধ্যয়নৰ প্ৰস্তুতি কৰিবলৈ আৰু সভাত উপস্থিত হʼবলৈ উৎসাহিত কৰক

২

১৩-৩৩

ঈশ্বৰে আমাৰ বাবে কি কৰিলে আৰু তেওঁ কেনেধৰণৰ উপাসনা বিচাৰে, সেই বিষয়ে চিন্তা কৰক

শিকা কথাবোৰ আনক জনাবলৈ আৰু প্ৰচাৰক হʼবলৈ উৎসাহিত কৰক

৩

৩৪-৪৭

ঈশ্বৰে আমাৰপৰা কি বিচাৰে, সেই বিষয়ে চিন্তা কৰক

সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ উৎসাহিত কৰক

৪

৪৮-৬০

ঈশ্বৰৰ প্ৰেমত আমি নিজকে কেনেকৈ ৰাখিব পাৰোঁ, সেই বিষয়ে শিকক

বিদ্যাৰ্থীয়ে ভাল আৰু বেয়াৰ মাজত কেনেকৈ পাৰ্থক্য কৰিব পাৰে আৰু যিহোৱাৰ কাষ কেনেকৈ চাপিব পাৰে, সেই বিষয়ে শিকাওক

প্ৰথম সাক্ষাতৰ সময়ত এক অনন্ত জীৱন! ব্ৰচাৰখন কেনেকৈ দিব পাৰোঁ?

ট্ৰেক্টবোৰৰ দৰে এই ব্ৰচাৰখনৰ পিছফালে এটা আকৰ্ষণীয় প্ৰশ্ন দিয়া হৈছে। তলত দিয়া উপায় ব্যৱহাৰ কৰক:

  • প্ৰশ্ন সোধক, যাৰ তলত তিনিটা উত্তৰ দিয়া হৈছে

  • গীতমালা ৩৭:২৯ পঢ়ক, এই পদত উত্তৰ দিয়া হৈছে

  • “এইদৰে হʼলে আমাৰ জীৱন কেনেকুৱা হʼব?” ভাগৰ তলত দিয়া বিষয়বোৰ আলোচনা কৰক। সময় হʼলে পদবোৰ পঢ়ক আৰু ছবিবোৰৰপৰা বুজাওক

  • গৃহস্থক কওক যে পৃষ্ঠাৰ শেষত দিয়া প্ৰশ্নৰ উত্তৰ আপুনি নিজে দিব বিচাৰে। তাৰ পাছত প্ৰথম পাঠৰপৰা আলোচনা আৰম্ভ কৰক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক