খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পৰিষ্কাৰকৈ থকা লোকক যিহোৱা ঈশ্বৰে প্ৰেম কৰে
“আপোনাৰ হাত ধোৱক। আপোনাৰ কোঠালী পৰিষ্কাৰকৈ ৰাখক। মজিয়াখন মোচক। জাৱৰ-জোঁথৰ পেলাই দিয়ক।” বহুতো পিতৃ-মাতৃয়ে নিজৰ সন্তানক শাৰীৰিকভাৱে পৰিষ্কাৰ হৈ থাকিবলৈ শিক্ষা দিয়ে। কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সিদ্ধান্তবোৰ প্ৰকৃততে পবিত্ৰ ঈশ্বৰ যিহোৱাই দিছে। (যাত্ৰা ৩০:১৮-২০; দ্বিতী ২৩:১৪; ২কৰি ৭:১) আমাৰ শৰীৰ আৰু নিজৰ বস্তুবোৰ পৰিষ্কাৰকৈ ৰখাৰ যোগেদি আমি যিহোৱা ঈশ্বৰক মহিমাম্বিত কৰোঁ। (১পিত ১:১৪-১৬) আমাৰ ঘৰ আৰু চাৰিওফালৰ পৰিৱেশৰ বিষয়েনো কি? কিছুমান লোকে ৰাস্তা আৰু পাৰ্কবোৰত জাৱৰ-জোঁথৰ পেলাই দিয়ে। কিন্তু ইয়াৰ পৰিৱৰ্তে, সত্য খ্ৰীষ্টানসকলে যিমান পাৰে, সিমান পৃথিৱীখনক পৰিষ্কাৰকৈ ৰাখিবলৈ চেষ্টা কৰে। (গীত ১১৫:১৬; প্ৰকা ১১:১৮) ইয়াৰ উপৰিও, সৰু সৰু বিষয় যেনে কেণ্ডি ৰেপাৰ, চʼদা কেন্ অথবা বাবুল গাম আদি আমি যিদৰে নষ্ট কৰোঁ, ইয়ে পৰিষ্কাৰৰ প্ৰতি থকা আমাৰ মনোবৃত্তি প্ৰকাশ কৰে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আমি ‘নিজকে ঈশ্বৰৰ পৰিচাৰক বুলি’ পৰিচয় দিব বিচাৰোঁ।—২কৰি ৬:৩, ৪.
পৰিষ্কাৰকৈ থকা লোকক ঈশ্বৰে প্ৰেম কৰে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
নিজৰ বস্তুবোৰ পৰিষ্কাৰকৈ ৰাখিব নোৱাৰাৰ বাবে কিছুমান লোকে কি অজুহাত দেখুৱাব পাৰে?
মোচিয়ে যি নিয়ম দিছিল, তাৰপৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কেনেকৈ প্ৰকাশ পায়?
আমি একো নোকোৱাকৈ কেনেকৈ যিহোৱা ঈশ্বৰৰ প্ৰশংসা কৰিব পাৰোঁ?
মোৰ ব্যক্তিগত জীৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে থকা যিহোৱাৰ দৃষ্টিভংগীক, মই কেনেকৈ প্ৰতিফলিত কৰিব পাৰোঁ?