খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি ঈশ্বৰৰ বাক্যক মূল্যৱান বুলি গণ্য কৰেনে?
বাইবেলত যিহোৱা ঈশ্বৰৰ ভাৱধাৰা আৰু কথা-বতৰাৰ বিষয়ে লিপিবদ্ধ আছে আৰু তেৱেঁই হৈছে এই পবিত্ৰ কিতাপৰ লেখক। (২পিত ১:২০, ২১) যিহোৱা ঈশ্বৰে নিজৰ ৰাজ্যৰ যোগেদি তেওঁৰ সাৰ্বভৌমত্বৰ অধিকাৰক সত্য বুলি কেনেকৈ প্ৰমাণ কৰিব, তাৰ বিষয়ে বাইবেলে গুৰুত্ব দিছে। তেওঁৰ ৰাজ্যৰ যোগেদি সকলো মানৱজাতিৰ বাবে অতি সোনকালে এক ভাল দিন আহিব বুলি আশা দিছে। আমাৰ স্বৰ্গীয় ঈশ্বৰ যিহোৱাৰ প্ৰেমময় গুণৰ বিষয়েও বাইবেলত উল্লেখ আছে।—গীত ৮৬:১৫.
আমি বিভিন্ন কাৰণত যিহোৱাৰ বাক্যক মূল্যৱান বুলি গণ্য কৰোঁ। কিন্তু প্ৰতিদিনে বাইবেল পঢ়া আৰু নিজৰ জীৱনত পালন কৰাৰ যোগেদি এই উপহাৰ মূল্যৱান বুলি আমি দেখুৱাইছোঁ নে? আমাৰ কাৰ্য্যৰ যোগেদি আমি দেখুৱাইছোঁ নে যে গীতৰচকৰ দৰে আমিও অনুভৱ কৰোঁ: “মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ।”—গীত ১১৯:৯৭.
তেওঁলোকে বাইবেলক অমূল্য বুলি গণ্য কৰিছিল—এক আভাস (উইলিয়াম টিডেল) নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
উইলিয়াম টিডেলে কিয় বাইবেলৰ কিছুমান অংশ অনুবাদ কৰিছিল?
বাইবেল অনুবাদ কৰিবলৈ তেওঁ যি পৰিশ্ৰম কৰিলে, সেয়া কিয় মন কৰিবলগীয়া বিষয়?
টিডেলে তেওঁৰ বাইবেলৰ কপিবোৰ কেনেকৈ গুপনে ইংলেণ্ডলৈ লৈ গৈছিল?
ঈশ্বৰৰ বাক্য মূল্যৱান বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ?