ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ডিচেম্বৰ পৃষ্ঠা ৭
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰক​—⁠পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰক​—⁠পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • বুজনশীল হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • শেহতীয়াকৈ ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰি কথা পাতক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ডিচেম্বৰ পৃষ্ঠা ৭
দুগৰাকী ভনীয়ে এগৰাকী পশু পালকক নিজৰ টেবলেটৰ যোগেদি প্ৰচাৰ কৰিছে।

ৱাৰী ৫খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰক

পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাওক

কিয় গুৰুত্বপূৰ্ণ: অভিষিক্ত আৰু অন্য মেৰসকলে পৃথিৱীৰ সকলো লোকক “বিনামূল্যে জীৱন-জল গ্ৰহণ” কৰিবলৈ নিমন্ত্ৰণ কৰিছে। (প্ৰকা ২২:১৭) যিহোৱা ঈশ্বৰে আজ্ঞাকাৰী মানৱক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰৰ বাবে কৰা সকলো ব্যৱস্থাক এই লাক্ষণিক জলে চিত্ৰিত কৰে। যিসকলৰ বিভিন্ন ৰীতি-নীতি আৰু ধৰ্ম্মীয় বিশ্বাস আছে, তেওঁলোকক সহায় কৰাৰ লগতে আমি ব্যক্তিগতভাৱে “অনন্ত শুভবাৰ্ত্তা” জনোৱাৰ প্ৰয়োজন আছে।—প্ৰকা ১৪:৬.

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ এলেকাৰ লোকসকলৰ হৃদয় স্পৰ্শ কৰা এটা বিষয় আৰু শাস্ত্ৰপদ বাছনি কৰক। আপুনি হয়তো কোনো এক আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰিব পাৰে অথবা এনে এক বিষয় তুলি ধৰিব পাৰে, যাৰ ব্যৱহাৰ আপুনি সফলতাৰে কৰিছে। কেনেধৰণৰ বিষয় আৰু শাস্ত্ৰপদবোৰ সহজে গ্ৰহণযোগ্য? লোকসকলে আলোচনা কৰি থকা কোনো শেহতীয়া খবৰ আছে নেকি? এজন পুৰুষ বা এগৰাকী মহিলাক কিহে আগ্ৰহী কৰি তোলে?

  • আপোনাৰ এলেকাত সচৰাচৰ ব্যৱহাৰ কৰা সম্ভাষণ আৰু নীতি-নিয়মৰ দৰে কথা-বতৰা হোৱা উচিত।—২কৰি ৬:৩, ৪

  • আগ্ৰহ দেখুৱা লোকসকলক সহায় কৰিবলৈ আমাৰ শিক্ষাদানৰ সঁজুলিৰ বাকচত থকা প্ৰকাশন আৰু ভিডিঅʼবোৰৰ সৈতে ভালদৰে পৰিচিত হওক

  • আপোনাৰ এলেকাত লগ পোৱা লোকসকলৰ ভাষাত প্ৰকাশন ডাউনলʼড কৰক

  • গৃহস্থৰ প্ৰয়োজন অনুসৰি বিষয়টো সাল-সলনি কৰাৰ প্ৰয়োজন আছে। (১কৰি ৯:১৯-২৩) উদাহৰণস্বৰূপে, যদি আপুনি জানিব পাৰিলে যে গৃহস্থৰ পৰিয়ালৰ কোনোবাই ইতিমধ্যে মৃত্যু হৈছে, এনে পৰিস্থিতিত আপুনি কি কʼব?

ভিডিঅʼখন চাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • গৃহস্থৰ লগত প্ৰচাৰকে কিহৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছিল?

  • গৃহস্থৰ জীৱনত কি ঘটিছিল?

  • এনে পৰিস্থিতিত কোনটো শাস্ত্ৰপদ দেখুৱাটো উত্তম আছিল আৰু কিয়?

  • আপোনাৰ এলেকাৰ লোকসকলক আগ্ৰহী কৰি তুলিবলৈ আপোনাৰ প্ৰদৰ্শনত কেনেকৈ সাল-সলনি কৰিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক