বুজনশীল হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক
১ শ্ৰোতাসকলৰ পৃষ্ঠভূমি আৰু তেওঁলোকৰ ভাৱধাৰাৰ প্ৰতি বুজনশীল হৈ পাঁচনি পৌলে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (১ কৰি. ৯:১৯-২৩) গতিকে আমিও সেই একেইদৰে কৰা উচিত। আমাৰ প্ৰচাৰ এলেকাৰ বাবে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া কেনেবোৰ উপস্থাপন উপযুক্ত হʼব, সেই বিষয়ে আমি আগতীয়াকৈ চিন্তা কৰা উচিত। যেতিয়া আমি কোনো গৃহস্থৰ ওচৰলৈ যাওঁ, তেতিয়া গৃহস্থই কেনেবোৰ বিষয়ত আগ্ৰহী সেই বিষয়ে লক্ষ্য কৰি, তাৰ অনুসাৰে কথোপকথন কৰা উচিত। ইয়াৰ উপৰিও পৰিচৰ্য্যাত আমি বুজনশীল হোৱাৰ আন এক পদ্ধতি আছে।
২ গৃহস্থই যি কয় সেই অনুসাৰে কথোপকথন কৰা: আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ত প্ৰায়ে গৃহস্থক এটা প্ৰশ্ন সুধি তেওঁলোকৰ মতামত জানিবলৈ বিচাৰোঁ। গৃহস্থই দিয়া উত্তৰৰ প্ৰতি আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱায়? আপুনি নামমাত্ৰত গৃহস্থই জানিব বিচৰাখিনি উত্তৰ দি গতানুগতিক ৰীতিৰে কেৱল তৈয়াৰ কৰি অনা উপস্থাপন প্ৰস্তুত কৰেনে? অথবা আপুনি গৃহস্থই দিয়া মন্তব্যৰ ওপৰত আধাৰিত কৰি কথোপকথন কৰেনে? যদি আপুনি আনৰ প্ৰতি আন্তৰিক আগ্ৰহকতা প্ৰকাশ কৰে, তেনেহʼলে আপুনি নিশ্চয়ে অতিৰিক্ত প্ৰশ্ন সুধি গৃহস্থৰ মনত কি আছে, সেই বিষয়ে জানিবলৈ বিচাৰিব। (হিতো. ২০:৫) এইদৰে আপুনি শ্ৰোতাসকলৰ প্ৰতি পোনপটীয়াকৈ আগ্ৰহকতা প্ৰকাশ কৰি ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা অধিক কাৰ্য্যকাৰীভাৱে প্ৰস্তুত কৰিব পাৰে।
৩ ইয়াৰ বাবে আমি নিজৰ মনতে ব্যৱহাৰ কৰিবলৈ কৰা পৰিকল্পনাৰ পৰিৱৰ্তে আন বিষয়বোৰত কথোপকথন কৰিবলৈ আগ্ৰহী হোৱা আৱশ্যক। যদি আমি নিউজত চোৱা কোনো এক সমস্যাৰ ওপৰত মন্তব্য আগবঢ়াওঁ আৰু আনহাতে গৃহস্থই স্থানীয় কোনো ঘটনা বা নিজৰ ব্যক্তিগত সমস্যাৰ বিষয়ে কথোপকথন কৰিব বিচাৰে, তেন্তে আমি আন্তৰিকতাৰে গৃহস্থৰ প্ৰতি আগ্ৰহী হৈ বাইবেলৰ প্ৰতি ধ্যান কেন্দ্ৰীত কৰি সেই বিষয়টো আলোচনা কৰা উচিত।—ফিলি. ২:৪.
৪ আমাৰ উপস্থাপন উপযোগী কৰা: গৃহস্থই যেতিয়া কোনো প্ৰশ্ন সোধে, তেতিয়া আপুনি তেওঁৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোনো উপযুক্ত অতিৰিক্ত সংবাদ ব্যৱহাৰ কৰাৰ পিছত আলোচনা একেৰাহে চলাই গʼলে ব্যৱহাৰিক হʼব। তদুপৰি আমি গৃহস্থই কৰা প্ৰশ্নটোৰ উত্তৰ বিস্তাৰিতভাৱে দিবলৈ আন কোনো প্ৰকাশন আগবঢ়াব পাৰোঁ। এই সকলোৱে প্ৰকাশ কৰে যে আনক যিহোৱাৰ বিষয়ে জনাত সহায় কৰিবলৈ আমি ব্যক্তিগতৰূপে আগ্ৰহী।—২ কৰি. ২:১৭.