ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৫ পৃষ্ঠা ৮
  • কেনেকৈ সৰল প্ৰস্তাৱনাবোৰৰ ব্যৱহাৰ কৰিব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কেনেকৈ সৰল প্ৰস্তাৱনাবোৰৰ ব্যৱহাৰ কৰিব পাৰি
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আপোনাৰ প্ৰচাৰকাৰ্য্যক সম্পূৰ্ণৰূপে সম্পন্ন কৰিছে নে?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বুজনশীল হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৫ পৃষ্ঠা ৮

কেনেকৈ সৰল প্ৰস্তাৱনাবোৰৰ ব্যৱহাৰ কৰিব পাৰি

১ সৰল প্ৰস্তাৱনাবোৰৰ ব্যৱহাৰ কৰি কেনেকৈ আমাৰ আলোচনা আৰু আন প্ৰকাশনবোৰ বিতৰণ কৰিব পাৰি সেই বিষয়ে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত নিয়মীয়াকৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু প্ৰচাৰ কৰাৰ সময়ত সেই পৰামৰ্শৰ আৰ্হিত দিয়া লিখনিৰ দৰে হুবহু কোৱাৰ কোনো আৱশ্যক নাই। আমি কি কʼব পাৰোঁ সেই বিষয়েহে পৰিলেখ দিয়া হৈছে। যদি আমি নিজৰ ভাষাত উপস্থাপন প্ৰস্তুত কৰোঁ তেতিয়াহʼলে অধিক কাৰ্য্যকাৰী হʼব। স্বাভাৱিকৰূপে কথোপকথন কৰিলে গৃহস্থও কথা-বতৰা হʼবলৈ সহজ অনুভৱ কৰিব আৰু তেওঁলোকৰ আন্তৰিকতা আৰু প্ৰতিপন্নতা প্ৰকাশ পাব।​—⁠২ কৰি. ২:⁠১৭; ১ থিচ. ১:⁠৫.

২ নিজা প্ৰস্তাৱনা প্ৰস্তুত কৰক: শুভবাৰ্ত্তা প্ৰচাৰ কৰা আমাৰ প্ৰস্তাৱনাবোৰক স্থানীয় আচাৰ-ব্যৱহাৰে অধিককৈ প্ৰভাৱিত কৰে। আপুনি গৃহস্থক সম্ভাষণ জনোৱাৰ পিছত পোনপটীয়াকৈ কথোপকথন আৰম্ভ কৰিব বা আপোনাৰ এলেকাত থকা লোকসকলে আপোনাৰ পৰা পোনপটীয়াকৈ আপোনাৰ আগমণৰ উদ্দেশ্য জানিবলৈ বিচাৰেনে? সেইটো ঠাই আৰু ব্যক্তি অনুসাৰে ভিন্ন হʼব পাৰে। গৃহস্থক কোনো প্ৰশ্ন কৰোঁতে বিবেচক হোৱা উচিত। কিছুমান ঠাইত প্ৰশ্ন সোধাটো যদিও উপযুক্ত, কিন্তু আনবোৰ ঠাইত প্ৰশ্ন কৰিলে লোকসকলে আমনি পাব পাৰে। সেয়েহে আমি বিবেচনাপূৰ্ণ হৈ স্থানীয় এলেকাত কেনে প্ৰস্তাৱনা প্ৰস্তুত কৰিলে কাৰ্য্যকাৰী হʼব সেই বিষয়ে জনা আৱশ্যক।

৩ ইয়াৰ উপৰিও আমি আমাৰ স্থানীয় এলেকাত থকা লোকসকলৰ বিচাৰধাৰা আৰু পৃষ্ঠভূমিৰ বিষয়ে চিন্তা কৰা প্ৰয়োজন। উদাহৰণস্বৰূপে, আমি এনে এজন ধৰ্মপ্ৰাণ কেথলীক ব্যক্তিৰ সৈতে মথি ৬:⁠৯, ১০ পদটো আলোচনা কৰিব পাৰোঁ, যিজনে প্ৰাৰ্থনাত “আমাৰ স্বৰ্গত থকা পিতৃ” উল্লেখ কৰা উক্তিটোৰ প্ৰতি ৰাখা দৃষ্টিভঙ্গী আপোনাৰ সৈতে একে আৰু ভালদৰে পৰিচিতো নহয়। আমি অলপ পূৰ্বচিন্তা কৰি তৈয়াৰ কৰা আমাৰ প্ৰস্তাৱনাবোৰ প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিলে লগ পোৱা লোকসকলৰ বাবে অধিক কাৰ্য্যকাৰী হʼব।​—⁠১ কৰি. ৯:⁠২০-​২৩.

৪ আমি যদিও আৰ্হিমূলক প্ৰস্তাৱনা অনুসাৰে কৰি বা অলপ সাল-সলনি কৰি কথোপকথোন কৰোঁ, তথাপিও আমি উত্তমৰূপে তৈয়াৰ কৰা আৱশ্যক। আমি বিতৰণ কৰিবলগীয়া সাহিত্যৰ বিষয় বা অধ্যায়বোৰক মনোযোগেৰে পঢ়া আৱশ্যক আৰু এনেবোৰ বিষয়ক লক্ষ্য কৰা উচিত যিবোৰে লোকসকলৰ আগ্ৰহকতা জগাই তুলিব পাৰে। তাৰ পিছত সেইবোৰ বিষয়ক আমাৰ প্ৰস্তাৱনাৰ সৈতে সংযোগ কৰি প্ৰস্তুত কৰা দৰকাৰ। আমাৰ সাহিত্যবোৰত থকা সংবাদবোৰৰ সৈতে ভালদৰে পৰিচিত হʼলেহে আমি উৎসাহেৰে সেইবোৰক বিতৰণ কৰিব পাৰিম।

৫ আন প্ৰস্তাৱনাবোৰ: আমি কেৱল সৰল প্ৰস্তাৱনাবোৰ ব্যৱহাৰ কৰাতে সীমিতনে? অৱশ্যেই নহয়। যদি আপুনি আন বা ভিন্ন প্ৰস্তাৱনাবোৰ ব্যৱহাৰ কৰিবলৈ সহজ অনুভৱ কৰে তেন্তে নিশ্চয়ে সেইবোৰক প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰক। বিশেষকৈ আলোচনী বিতৰণৰ বাবে পোৱা সুযোগৰ বাবে সতৰ্ক থাকি আলোচনীৰ ভিতৰত থকা বিষয়বোৰৰ সৈতে কথোপকথন কৰিব পাৰে যিবোৰৰ ওপৰত আপোনাৰ প্ৰচাৰ এলেকাৰ বাবে লোকসকলে বিশেষ আগ্ৰহী হʼব। যেতিয়া সেৱা সভাত প্ৰস্তাৱনাবোৰ প্ৰস্তুত কৰি দেখুৱাবলৈ আয়োজন কৰা হয় তেতিয়া এনেবোৰ প্ৰস্তাৱনাৰ বাছনি কৰা আৱশ্যক যিবোৰ স্থানীয় প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক। এইদৰে সকলো প্ৰকাশকে কাৰ্য্যকাৰীৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কৰাত সহায় লাভ কৰিব।

[Study Questions]

১. আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া সৰল প্ৰস্তাৱনাবোৰৰ প্ৰতি আমি কেনে দৃষ্টি কৰা উচিত?

২. নিজা প্ৰস্তাৱনা তৈয়াৰ কৰাৰ সময়ত কিয় স্থানীয় আচাৰ-ব্যৱহাৰৰ বিষয়ে মনত ৰাখা আৱশ্যক?

৩. আমি পৰিচৰ্য্যা কাৰ্য্যত লগ পোৱা লোকসকলৰ পৃষ্ঠভূমি আৰু বিচাৰধাৰাৰ বিষয়ে কিয় বিবেচক হোৱা উচিত?

৪. উত্তমৰূপে সাজু হোৱা কিয় অতি গুৰুত্বপূৰ্ণ?

৫. আমি কিয় এক ভিন্ন প্ৰস্তাৱনা প্ৰস্তুত কৰিব পাৰোঁ আৰু কেনেকৈ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক