প্ৰিল ৫খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—দৃষ্টিহীনসকলক সাক্ষ্য দিয়ক
কিয় গুৰুত্বপূৰ্ণ: বহুতো দৃষ্টিহীন লোকে অচিনাকী লোকৰ লগত কথা পাতিবলৈ ভাল নাপায়। সেইবাবে, তেওঁলোকক সাক্ষ্য দিবলৈ দক্ষতাৰ প্ৰয়োজন। যিহোৱা ঈশ্বৰে দৃষ্টিহীন লোকসকলৰ যত্ন লয়। (লেবী ১৯:১৪) দৃষ্টিহীন লোকসকলক আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ সহায় কৰাৰ দ্বাৰা আমি যিহোৱা ঈশ্বৰক অনুকৰণ কৰিব পাৰোঁ।
ইয়াক কেনেকৈ কৰিব:
দৃষ্টিহীন লোকক ‘বিচাৰক।’ (মথি ১০:১১) আপুনি এনে কোনো পৰিয়ালক চিনি পায়নে, যʼত দৃষ্টিহীন ব্যক্তি এজন আছে? আপোনাৰ এলেকাত এনে স্কুল, আশ্ৰম বা আন ব্যৱস্থাবোৰ আছেনে, যʼত আপুনি ঘোষণা কৰিব পাৰে?
ব্যক্তিগত আগ্ৰহ দেখুৱাওক। যদি আমি দৃষ্টিহীন লোকসকলৰ প্ৰতি আগ্ৰহ দেখুৱাও আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰোঁ, তেনেহʼলে তেওঁলোকে আমাৰ লগত কথা পাতিবলৈ সংকোচ নকৰিব। তেওঁলোকে যি বিষয়ৰ ওপৰত আগ্ৰহী, তাৰ ওপৰত কথা-বতৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰক
আধ্যাত্মিক সহায় আগবঢ়াওক। দৃষ্টিহীন লোকসকলক সহায় কৰিবলৈ সংগঠনে বিভিন্ন ফৰমেটত প্ৰকাশন প্ৰস্তুত কৰিছে। নিজকে সোধক যে তেওঁ কিহৰ বিষয়ে শিকিব বিচাৰে। সেৱা সমূহৰ অধ্যক্ষই নিশ্চিত কৰিব যে সাহিত্য সেৱকজনে যাতে এনে প্ৰকাশন ফৰমেটৰ অনুৰোধ কৰে, যাৰ দ্বাৰা দৃষ্টিহীন লোকসকলৰ প্ৰয়োজনীয়তা পূৰ হʼব পাৰে।