ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ২৯-৩০
যাকোবৰ বিবাহ
২৯:১৮-২৮
বিবাহৰ পাছত এনে পৰিণাম হʼব বুলি যাকোবে আগতে জনা নাছিল। ৰাহেল আৰু লেয়া এজনে-আনজনৰ বিৰোধী হৈ পৰিছিল। (আদি ২৯:৩২; ৩০:১, ৮) পৰীক্ষাৰ মাজতো যাকোবে অনুভৱ কৰিলে যে যিহোৱাই তেওঁৰ লগত আছিল। (আদি ৩০:২৯, ৩০, ৪৩) পৰিণামস্বৰূপে, তেওঁৰ বংশৰ লোকসকলে ইস্ৰায়েল ৰাষ্ট্ৰ নামেৰে পৰিচিত হৈছিল।—ৰূথ ৪:১১.
আমাৰ সময়তো বিবাহ কৰিবলৈ বিচৰা লোকসকলে পৰীক্ষাৰ সন্মুখীন হʼব। (১কৰি ৭:২৮) যদি তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা ৰাখে আৰু বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰে, তেনেহʼলে তেওঁলোকে সফল আৰু সুখী বিবাহিত জীৱন লাভ কৰিবলৈ সক্ষম হʼব।—হিতো ৩:৫, ৬; ইফি ৫:৩৩.