খ্ৰীষ্টান হিচাপে জীৱন-যাপন
অগ্ৰগামী সেৱাৰ যোগেদি যিহোৱাক প্ৰশংসা কৰক
যিহোৱাৰ প্ৰশংসা কৰিবলৈ ইস্ৰায়েলীসকলৰ ওচৰত বহুতো কাৰণ আছিল। যিহোৱাই তেওঁলোকক মিচৰ দেশৰপৰা মুকলি কৰিলে আৰু ফৰৌণৰ সৈন্যবাহিনীৰপৰা ৰক্ষা কৰিলে। (যাত্ৰা ১৫:১, ২) আজিও যিহোৱাই নিজৰ লোকসকলক সহায় কৰে। আমি যিহোৱাৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?—গীত ১১৬:১২.
এটা উপায় হৈছে সহকাৰী বা নিয়মিত অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি। অগ্ৰগামী সেৱা কৰিবলৈ ইচ্ছা জাগৃত কৰিবলৈ আৰু ইয়াক পূৰ কৰিবলৈ শক্তিৰ কাৰণে যিহোৱালৈ প্ৰাৰ্থনা কৰক। (ফিলি ২:১৩) কিছুমান ভাই-ভনীয়ে প্ৰথমে সহকাৰী অগ্ৰগামী সেৱক হিচাপে সেৱা আৰম্ভ কৰে। মাৰ্চ আৰু এপ্ৰিল মাহৰ সময়ছোৱাত আৰু চাৰ্কিট ওভাৰচিয়াৰ পৰিদৰ্শনৰ মাহত আপুনি ৩০ বা ৫০ ঘণ্টীয়া সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। সহকাৰী অগ্ৰগামী সেৱা কৰি আপুনি যি আনন্দ লাভ কৰিব, ইয়ে আপোনাক নিয়মিত অগ্ৰগামী সেৱা কৰিবলৈ উৎসাহিত কৰিব। যি ভাই-ভনীসকলে গোটেই দিন কাম কৰে আৰু যিসকলৰ স্বাস্থ্য সুস্থ নহয়, তেওঁলোকেও নিয়মিত অগ্ৰগামী সেৱা কৰিব পাৰে। (mwb১৬.০৭-HI ৮) সচাঁকৈ, অগ্ৰগামী সেৱা কৰাৰ যোগেদি আমি হৃদয়েৰে যিহোৱাক প্ৰশংসা কৰিব পাৰোঁ।—১বং ১৬:২৫.
মংগোলিয়াৰ তিনি গৰাকী ভনী নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
অগ্ৰগামী সেৱা কৰিবলৈ এই তিনি গৰাকী ভনীয়ে কি কি সমস্যাৰ সন্মুখীন হৈছিল?
তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিলে?
তেওঁলোকে নিয়মিত অগ্ৰগামী সেৱা কৰাৰ বাবে আৰু কি কি উপায়েৰে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ লাভ কৰিলে?
এই তিনি গৰাকী ভনীৰ উদাহৰণে আনৰ ওপৰত কি প্ৰভাৱ পেলালে?