ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৮
  • পুৰণি নোহোৱা অমূল্য জ্ঞান

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পুৰণি নোহোৱা অমূল্য জ্ঞান
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • প্ৰচাৰ কাৰ্য্যত আলোচনী বিতৰণ কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৮
এগৰাকী ভনীয়ে আন এগৰাকী তিৰোতাৰ লগত ‘সচেতন থাকক!’ সংস্কৰণৰপৰা এটা বিষয়লৈ কথা পাতিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পুৰণি নোহোৱা অমূল্য জ্ঞান

কিছু বছৰলৈকে জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! প্ৰকাশনৰ প্ৰতিতো সংস্কৰণত বেলেগ বেলেগ বিষয়ে তথ্য দিয়া হৈছিল। কিন্তু ২০১৮ চনৰপৰা এটা সংস্কৰণত কেৱল এটাই বিষয়ে উল্লেখ কৰা হৈছে। ২০১৮ চনৰপৰা ওলোৱা প্ৰকাশনবোৰ আমাৰ ‘শিক্ষাদানৰ সঁজুলিৰ বাকচত’ আছে, সেইবাবে আমি প্ৰচাৰ কাৰ্য্যত এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি যাত্ৰা কৰোঁতে, বজাৰলৈ যাওঁতে, কিছুমান প্ৰকাশন লগত ৰাখিব পাৰোঁ। যদিও এই প্ৰকাশনবোৰ বাইবেল অধ্যয়নত ব্যৱহাৰ নহয়, কিন্তু এইবোৰ পঢ়ি হয়তো কিছুমান লোক ঈশ্বৰৰ বিষয়ে জানিব বিচাৰিব।

এজন ব্যক্তিৰ লগত কথা-বতৰা আৰম্ভ কৰাৰ পাছত এটা পদ পঢ়ক, লগতে তেওঁ আগ্ৰহী হোৱা বিষয়ৰ এখন প্ৰকাশনৰ বিষয়ে জনাওক। যেনে, যদি তেওঁৰ লʼৰা-ছোৱালী আছে বা তেওঁ কোনো চিন্তাৰ সন্মুখীন হৈছে, তেনেহʼলে এইদৰে কʼব পাৰে, “মই শেহতীয়াকৈ এই বিষয়ে এখন ভাল লেখ পঢ়িছিলোঁ। মই আপোনাক দেখুৱাব পাৰোঁনে?” যদি ব্যক্তিজনে পঢ়িব বিচাৰে, তেনেহʼলে আপুনি প্ৰকাশনখন তেওঁক দিব পাৰে বা ই-মেল অথবা মেচেজৰ যোগেদি ইলক্ট্ৰনিক কপি পঠিয়াব পাৰে। আপুনি প্ৰথম সাক্ষাৎততো প্ৰকাশন দিব পাৰে। যদিও আমাৰ উদ্দেশ্য কেৱল প্ৰকাশন দিয়া নহয়, কিন্তু এইদৰে আমি ঈশ্বৰৰ বিষয়ে জানিব বিচৰা আৰু সঠিক পথত চলা লোকক বিচাৰিব পাৰোঁ।​—পাঁচ ১৩:৪৮.

২০১৮

ছবি: ২০১৮ চনৰ ‘প্ৰহৰীদুৰ্গ’ আৰু ‘সচেতন থাকক!’ আলোচনীৰ বেটুপাতৰ বিষয়বোৰ। ১. ‘বৰ্তমান সময়ত আমি বাইবেলৰপৰা লাভৱান হʼব পাৰোঁনে?’ ২. ‘ভৱিষ্যতে কি হʼব?’ ৩. ‘ঈশ্বৰে আপোনাৰ প্ৰতি চিন্তা কৰেনে?’ ৪. ‘আনন্দৰ পথ’ ৫. ‘সুখী পৰিয়ালৰ বাৰটা ৰহস্য’ ৬. ‘আপোনজনাক হেৰুৱাৰ দুখ কেনেকৈ সহন কৰিব?’

২০১৯

ছবি: ২০১৯ চনৰ ‘প্ৰহৰীদুৰ্গ’ আৰু ‘সচেতন থাকক!’ আলোচনীৰ বেটুপাতৰ বিষয়বোৰ। ১. ‘ঈশ্বৰ কোন হয়?’ ২. ‘মই জীয়াই থাকি কি কৰিম?’ ৩. ‘এয়াই জীৱননে?’ ৪. ‘আমি কেতিয়াবা নিৰাপত্তা পামনে?’ ৫. ‘লʼৰা-ছোৱালীৰ কাৰণে ছয়টা গুৰুত্বপূৰ্ণ শিক্ষা’ ৬. ‘বাইবেলে আপোনাৰ জীৱন ভাল কৰি তুলিব পাৰেনে?’

২০২০

ছবি: ২০২০ চনৰ ‘প্ৰহৰীদুৰ্গ’ আৰু ‘সচেতন থাকক!’ আলোচনীৰ বেটুপাতৰ বিষয়বোৰ। ১. ‘সত্যৰ সন্ধান’ ২. ‘ঈশ্বৰৰ ৰাজ্য কি হয়?’ ৩. ‘প্ৰেমী ঈশ্বৰৰপৰা আশীৰ্বাদ লাভ কৰি থাকক’ ৪. ‘নিৰাশাৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰে?’ ৫. ‘দুখ-কষ্টৰ বিষয়ে পাঁচটা প্ৰশ্নৰ উত্তৰ’ ৬. ‘পক্ষপাতিত্বৰ চিকিৎসা আছেনে?’

আপোনাৰ এলেকাৰ লোকসকলে কি বিষয়ে জানিবলৈ আগ্ৰহী?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক