খ্ৰীষ্টান হিচাপে জীৱন-যাপন
অধিৱেশন—প্ৰেম দেখুৱাৰ সুযোগ
প্ৰতিবছৰে আমি অধিৱেশনৰপৰা বহুত আনন্দ লাভ কৰোঁ। প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে বছৰেকীয়া উৎসৱৰ বাবে একগোট হৈ যিহোৱাৰ উপাসনা কৰিছিল, সেইসময়ত তেওঁলোকে বহুত আনন্দ লাভ কৰিছিল। ঠিক সেইদৰে বৰ্তমান সময়ত অধিৱেশনত লাখ-লাখ ভাই-ভনীসকলৰ লগত মিলি যিহোৱাৰ উপাসনা কৰি, আমিও বহুত আনন্দ লাভ কৰোঁ। তাত আমি বহুতো কথা শিকোঁ। অধিৱেশনত আমি বন্ধু আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰোঁ। সঁচাকৈ অধিৱেশন আমাৰ বাবে বিশেষ ব্যৱস্থা হয়, সেইবাবে আমি তিনিও দিন উপস্থিত হʼবলৈ চেষ্টা কৰা উচিত।
অধিৱেশনত আমি কেৱল নিজৰ বিষয়ে নহয়, কিন্তু আনৰ বিষয়েও চিন্তা কৰা উচিত। (গালা ৬:১০; ইব্ৰী ১০:২৪, ২৫) যেনে, কোনো ভাই বা ভনীৰ কাৰণে দুৱাৰ খুলি দিব পাৰোঁ বা আমাক যিমান আসনৰ প্ৰয়োজন আছে, সিমানেই থʼব পাৰোঁ। (ফিলি ২:৩, ৪) অধিৱেশনত আমি নতুন বন্ধু বনাবলৈ সুযোগ লাভ কৰোঁ। কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ আগতে আৰু শেষত বা বিৰতিৰ সময়ত আমি অচিনাকী লোকসকলৰ লগত কথা পাতিব পাৰোঁ। (২কৰি ৬:১৩) অধিৱেশনত আমি এনে বন্ধুসকলক লগ পাওঁ, যিসকলে নতুন পৃথিৱীতো আমাৰ লগত থাকিব! জগতৰ লোকসকলে আমি কাৰ্য্যৰে প্ৰেম কৰা দেখি, হয়তো তেওঁলোকেও আমাৰ লগত যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼব পাৰে।—যোহ ১৩:৩৫.
“প্ৰেম কেতিয়াও লুপ্ত নহব”! আন্তঃৰাষ্ট্ৰীয় অধিৱেশন নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
আন দেশৰপৰা ২০১৯ চনৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত অহা ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱা হৈছিল?
যিহোৱাৰ লোকসকলৰ মাজত যি প্ৰেম আৰু একতা আছে, সেয়া কিয় মন কৰিব লগীয়া?
প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে খ্ৰীষ্টান প্ৰেমৰ, কি কথাৰ ফালে ধ্যান আকৰ্ষিত কৰিছিল?
অধিৱেশনৰ প্ৰেমময় পৰিৱেশত আমি কেনেকৈ সহযোগ কৰিব পাৰোঁ?
জাৰ্মানী আৰু দক্ষিণ কোৰিয়াত বিৰোধৰ সত্ত্বেও আমাৰ ভাই-ভনীসকলে, যিহোৱা আৰু এজনে-আনজনৰ প্ৰতি কেনেকৈ প্ৰেম প্ৰকাশ কৰিলে?
আমি কি ঠিৰাং কৰা উচিত?