বাপ্তিষ্মাৰ পথত আপুনি কিমান দূৰ অতিক্ৰম কৰিলে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লওক
আপুনি এজন যুৱক বা যুৱতীনে আৰু এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰকনে? অথবা আপুনি বাইবেল অধ্যয়ন কৰি আছেনে? তেনেহʼলে আপুনি বাপ্তিষ্মাৰ বিষয়ে ভাবিছেনে? সমৰ্পণ আৰু বাপ্তিষ্মাই যিহোৱাৰ লগত আপোনাৰ এক ভাল সম্পৰ্ক গঢ়ি তুলিব আৰু উদ্ধাৰ লাভ কৰিবলৈ সহায় কৰিব। (গীত ৯১:১; ১পিত ৩:২১) এই দুয়োটা পদক্ষেপ লʼবলৈ আপুনি নিজকে কেনেকৈ যোগ্য কৰি তুলিব পাৰে?
পৰীক্ষা কৰি চাওক যে এয়া সত্য হয় আৰু আপোনাৰ মনলৈ কিবা প্ৰশ্ন আহিলে, অনুসন্ধান কৰক। (ৰোম ১২:২) নিজকে পৰিৱৰ্তন কৰিব লগীয়া আছেনে, পৰীক্ষা কৰক। যদি আছে, তেন্তে পৰিৱৰ্তন কৰক, যাতে যিহোৱাই আনন্দিত হʼব। (হিতো ২৭:১১; ইফি ৪:২৩, ২৪) এনে কৰিবলৈ যিহোৱালৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰক। তেওঁ নিশ্চয় আপোনাক পবিত্ৰ আত্মা দি সহায় কৰি, দৃঢ় কৰি তুলিব। (১পিত ৫:১০, ১১) নিজৰ পৰিশ্ৰমৰ প্ৰতিফল আপুনি নিশ্চয় পাব। আমি যিহোৱাৰ সেৱাত যি আনন্দ লাভ কৰোঁ, সেয়া আন কোনো বস্তুৰপৰা পাব নোৱাৰি।—গীত ১৬:১১.
বাপ্তিষ্মাৰ ফালে লৈ যোৱা পথ নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
বাপ্তিষ্মা লʼবলৈ কিছুমান লোকে কি কি সমস্যা পাৰ কৰিব লগীয়া হʼল?
যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিবলৈ আপুনি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে?
বাপ্তিষ্মাৰ বাবে পদক্ষেপ লʼবলৈ কিছুমান লোকক কি কথাই উৎসাহিত কৰিলে?
যিসকলে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয়, তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰে?
সমৰ্পণ আৰু বাপ্তিষ্মাৰ অৰ্থ কি?