ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১৩
  • পৰিয়ালত প্ৰেম দেখুওৱাক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিয়ালত প্ৰেম দেখুওৱাক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • আপোনাৰ পৰিয়াল সুখী হ’ব পাৰে
    বাইবেলে আমাক কি শিকায়?
  • আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • পৰিবাৰিক জীৱন যি ঈশ্বৰক সন্তুষ্ট কৰে
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • পৰিয়ালৰ সুখ-শান্তিৰ বাবে ভাল পৰামৰ্শ
    সচেতন থাকক!—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১৩
এটা পৰিয়ালে সভাত একেলগে মিলি গীত গাইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পৰিয়ালত প্ৰেম দেখুওৱাক

প্ৰেম এনে এক বান্ধোন, যিয়ে পৰিয়ালৰ সকলো লোকক একতাৰ ডোলেৰে বান্ধি ৰাখে। যদি প্ৰেম নাথাকে, তেনেহʼলে তেওঁলোকৰ মাজত একতা নাথাকিব আৰু এজনে-আনজনক সহযোগ নকৰিব। পৰিয়ালত প্ৰেম থাকিবলৈ স্বামী, পত্নী আৰু পিতৃ-মাতৃয়ে কি কৰিব পাৰে?

যিজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ তাইৰ প্ৰয়োজনীয়তা পূৰ কৰিব আৰু তাইৰ ভাবনাৰ প্ৰতি ধ্যান দিব। (ইফি ৫:২৮, ২৯) তেওঁ নিজৰ পৰিয়ালৰ শাৰীৰিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তা পূৰ কৰিব আৰু তেওঁ ধ্যান দিব যে প্ৰতি সপ্তাহে যাতে পাৰিবাৰিক উপাসনা হয়। (১তীম ৫:৮) যি গৰাকী পত্নীয়ে স্বামীক প্ৰেম কৰে, তাই স্বামীৰ অধীনত থাকিব আৰু তেওঁলৈ “ভয়” [“গভীৰ সন্মান,” NW] কৰিব। (ইফি ৫:২২, ৩৩; ১পিত ৩:১-৬) স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ ভুলবোৰ অন্তৰৰপৰা ক্ষমা কৰা উচিত। (ইফি ৪:৩২) যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে, তেওঁলোকে নিজৰ প্ৰতিজন সন্তানৰ যত্ন লʼব আৰু যিহোৱাক প্ৰেম কৰিবলৈ শিকাব। (দ্বিতী ৬:৬, ৭; ইফি ৬:৪) পিতৃ-মাতৃয়ে ধ্যান দিয়ে যে তেওঁলোকৰ সন্তানে স্কুলত কি কি সমস্যাৰ সন্মুখীন হয় আৰু স্কুলৰ আন লʼৰা-ছোৱালীয়ে তেওঁলোকক বেয়া কাম কৰিবলৈ হেঁচা দিলে তেওঁলোকে কি কৰে। যেতিয়া পৰিয়ালত প্ৰেম থাকিব, তেতিয়া সকলোৱে সুৰক্ষিত অনুভৱ কৰিব।

পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক’ নামৰ ভিডিঅʼখনৰ চিনত দেখুওৱা হৈছে যে সভাৰপৰা ঘৰলৈ উভতি অহাৰ পাছত স্বামী আৰু পত্নীয়ে একেলগে শাস্ত্ৰৰ পদ আলোচনা কৰিছে।

    যিজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ পত্নীৰ ভাবনাৰ প্ৰতি কেনেকৈ ধ্যান দিব?

  • ‘পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক’ নামৰ ভিডিঅʼখনৰ চিনত দেখুওৱা হৈছে যে সভাৰপৰা ঘৰলৈ উভতি অহাৰ পাছত এগৰাকী ভনীয়ে তাইৰ অবিশ্বাসী স্বামীৰ কথা ধৈৰ্য্যেৰে শুনিছে আৰু তেওঁক আশ্বাস দিছে।

    যি গৰাকী পত্নীয়ে নিজৰ স্বামীক প্ৰেম কৰে, তাই কেনেকৈ স্বামীৰ প্ৰতি “ভয়” বা গভীৰ সন্মান দেখুৱাব?

  • ‘পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক’ নামৰ ভিডিঅʼখনৰ চিনত দেখুওৱা হৈছে যে এটা পৰিয়ালে সভাত শিকা কথাখিনি তেওঁলোকে আলোচনা কৰিছে আৰু লগতে আহাৰো খাইছে।

    যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে, তেওঁলোকে ঈশ্বৰৰ বাক্যৰ প্ৰতি সন্তানক কেনেকৈ আকৰ্ষিত কৰিব?

ফোন, টেবলেট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্ক

ফোন, টেবলেট ব্যৱহাৰ কৰিলে আমাৰ বহুতো সময় নষ্ট হয় আৰু আমি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব নোৱাৰিম। পিতৃ-মাতৃয়ে নিৰ্ণয় কৰিব পাৰে যে তেওঁলোকে আৰু তেওঁলোকৰ লʼৰা-ছোৱালীয়ে ফোন আৰু টেবলেট কিমান সময়লৈকে ব্যৱহাৰ কৰিব। পিতৃ-মাতৃয়ে ধ্যান দিয়া উচিত যে যদি লʼৰা-ছোৱালী সৰু আছে, তেনেহʼলে তেওঁলোকক ফোন দিয়াটো সঠিক হʼবনে। যদি তেওঁলোকৰ ওচৰত ফোন আছে, তেনেহʼলে তেওঁলোকে কাৰ লগত কথা পাতিব, তাৰ প্ৰতিও ধ্যান দিয়া উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক