ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ১১
  • কিশোৰ-কিশোৰীসকল—নিজৰ মনৰ কথা মা-দেউতাক জনাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিশোৰ-কিশোৰীসকল—নিজৰ মনৰ কথা মা-দেউতাক জনাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • নিজৰ পৰিয়ালত আনন্দ বজাই ৰাখিবলৈ সহযোগ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • পিতৃ-মাতৃ আৰু লৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ১১

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কিশোৰ-কিশোৰীসকল—নিজৰ মনৰ কথা মা-দেউতাক জনাওক

আপুনি নিজৰ মনৰ কথা মা-দেউতাক কিয় জনোৱা উচিত? (হিতো ২৩:২৬) কিয়নো আপোনালোকৰ চোৱা-চিতা কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ যিহোৱাই পিতৃ-মাতৃক দায়িত্ব দিছে। (গীত ১২৭:৩, ৪) যদি আপুনি নিজৰ সমস্যাৰ বিষয়ে পিতৃ-মাতৃক নজনায়, তেনেহʼলে তেওঁলোকে আপোনাক সহায় কৰিব নোৱাৰিব আৰু আপুনি তেওঁলোকৰ অভিজ্ঞতাৰপৰা শিকিব নোৱাৰিব। সকলো কথা মা-দেউতাক খুলি নোকোৱাটো ভুল নহʼবও পাৰে। কিন্তু মনত ৰাখক যে ইয়াৰ যি কথা মা-দেউতাই জনাৰ অধিকাৰ আছে, তেনে কথাবোৰ তেওঁলোকৰপৰা লুকুৱাই নাৰাখিব।—হিতো ৩:৩২.

মা-দেউতাৰ লগত কথা পাতিবলৈ আপুনি কি কৰিব পাৰে? সঠিক সময় বাছনি কৰক। যদি আপোনালোকৰ সময় মিল খোৱা নাই, তেনেহʼলে আপুনি চিঠি লিখি নিজৰ মনৰ কথা কʼব পাৰে। যেতিয়া তেওঁলোকে এনে বিষয়ত কথা পাতিব বিচাৰে, যাৰ বিষয়ে আপুনি কথা পাতিব নিবিচাৰে, তেতিয়া আপুনি কি কৰিব? আপুনি মনত ৰাখিব পাৰে যে তেওঁলোকে আপোনাক সহায় কৰিব বিচাৰে। তেওঁলোক আপোনাৰ শত্ৰু নহয়, বন্ধুহে হয়। আপুনি মা-দেউতাৰ লগত কথা পাতিবলৈ পৰিশ্ৰম কৰিলে আপুনি গোটেই জীৱন লাভৱান হʼব।—হিতো ৪:১০-১২.

মোৰ কিশোৰ জীৱন—মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “মোৰ কিশোৰ জীৱন—মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?” নামৰ ভিডিঅʼখনৰ দৃশ্য। হেডফোন লগোৱা আৰু কম্পিউটাৰ ব্যৱহাৰ কৰা এজনী কিশোৰীয়ে তাইৰ মাকৰ কথালৈ ধ্যান দিয়া নাই, যি তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছে।

    এষ্টেৰ আৰু পাৰতিকে নিজৰ কোনটো ভুল বুজি পালে?

  • “মোৰ কিশোৰ জীৱন—মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?” নামৰ ভিডিঅʼখনৰ দৃশ্য। এজনী কিশোৰীয়ে তাইৰ মাকৰ লগত কথা পাতিছে আৰু তাই মাকক স্মাৰ্টফোনত কিবা দেখুৱাইছে।

    আপুনি যীচুৰপৰা কি শিকিব পাৰে?

  • “মোৰ কিশোৰ জীৱন—মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?” নামৰ ভিডিঅʼখনৰ দৃশ্য। এগৰাকী মাতৃয়ে তাইৰ সৰু লʼৰাৰ লগত খেলিবলৈ ঘৰুৱা কামৰপৰা সময় উলিয়াইছে।

    আপোনাৰ মা-দেউতাই আপোনাৰ বাবে কি কি কৰিলে?

  • “মোৰ কিশোৰ জীৱন—মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?” নামৰ ভিডিঅʼখনৰ দৃশ্য। এজন বাস্কেটবল প্ৰশিক্ষকে তেওঁৰ দলৰ বাবে এটা ক্লিপবোৰ্ডত এখন খেলৰ ছবি আঁকিছে

    আপোনাৰ মা-দেউতাই আপোনাৰ ভাল হোৱাটো বিচাৰে

    মা-দেউতাৰ লগত কথা পাতিবলৈ বাইবেলৰ কি কি সিদ্ধান্তই আপোনাক সহায় কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক