ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আপোনাৰ ৰজা কোন?
ইস্ৰায়েলীসকলে এজন মানুহক ৰজা পাতিবলৈ অনুৰোধ কৰিলে (১চমূ ৮:৪, ৫; it-২-E ১৬৩ ¶১)
ইস্ৰায়েলীসকলে যিহোৱাক দেখা নোপোৱাৰ বাবে তেওঁক ৰজা হিচাপে স্বীকাৰ নকৰিলে (১চমূ ৮:৭, ৮; w১১-HI ৭/১ ১৯ ¶১)
যিহোৱাই আগতীয়াকৈ কৈছিল যে তেওঁলোকে যি অনুৰোধ কৰিছে, তাৰ কি পৰিণাম হʼব (১চমূ ৮:৯, ১৮; w১০-HI ১/১৫ ৩০ ¶৯)
যিহোৱাই সদায়ে নিজৰ সকলো সৃষ্টিৰ ওপৰত শাসন কৰি আহিছে। তেওঁ প্ৰেম আৰু কৃপাৰে শাসন কৰে আৰু নিজৰ প্ৰজাক সন্মান কৰে। ঈশ্বৰৰ শাসনৰ অধীনত থাকিলে আৰু তেওঁৰ আজ্ঞা মানিলে আমি আশীৰ্বাদ লাভ কৰি থাকিম।
নিজকে সোধক, ‘মই যিহোৱাক ৰজা হিচাপে স্বীকাৰ কৰোঁ বুলি নিজৰ জীৱন-যাপনৰপৰা কেনেকৈ দেখুৱাইছোঁ?’