খ্ৰীষ্টান হিচাপে জীৱন-যাপন
অভাৱৰ সত্ত্বেও হাৰ নামানিব
এই শেষ-কালত জীয়াই থকাটো ইমান সহজ নহয়। জগতৰ অন্ত যেনেকৈ কাষ চাপিছে, তেনেকৈ সমস্যাবোৰ আৰু বাঢ়ি গৈছে। হয়তো কেতিয়াবা আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কঠিন হৈছে। (হব ৩:১৬-১৮) এনে পৰিস্থিতিবোৰ আমি কেনেকৈ সাহসেৰে সন্মুখীন হʼব পাৰোঁ? আমি একেৰাহে যিহোৱাৰ ওপৰত ভৰসা কৰিব লাগিব। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ নিজৰ সেৱকসকলৰ যত্ন লʼব আৰু যিয়েই পৰিস্থিতি নহওক কিয়, তেওঁ আমাৰ প্ৰয়োজনীয়তা নিশ্চয় পূৰ কৰিব।—গীত ৩৭:১৮, ১৯; ইব্ৰী ১৩:৫, ৬.
আপুনি কি কৰিব পাৰে?
বুদ্ধি আৰু সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক।—গীত ৬২:৮.
যিয়ে কাম কৰিবলৈ কোৱা হয়, সেই কাম কৰিবলৈ সাজু থাকক, যদিও সেই কাম আপুনি কেতিয়াও কৰা নাই।—g-HI ৪/১০ ৩০-৩১, বক্স
উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকক। যেনে, প্ৰতিদিনে বাইবেল পঢ়ক, নিয়মীয়াকৈ সভালৈ যাওক আৰু প্ৰচাৰ কৰক।
মজবুত ঘৰ তৈয়াৰ কৰক—“তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা” নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
কিছুমান পৰিয়ালে কি কি সমস্যাৰ মাজেৰে পাৰ হৈছিল?
আমি নিজৰ জীৱনত কি কথাক আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত?
সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?