ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১১
  • ঈশ্বৰৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • পিতৃ-মাতৃসকল, আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰে শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১১
“‘ধৈৰ্য্যৰে দৌৰি থাকক’—পৌষ্টিকৰ আহাৰ খাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। ইয়াত ৰিবেকাই “জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন” ব্ৰচাৰৰ পৰা অনুসন্ধান কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক

আমি যিয়ে কৰোঁ, তাৰ পৰা যিহোৱাৰ হৃদয় আনন্দিত হোৱাটো বিচাৰোঁ। (হিতো ২৭:১১) সেইবাবে, আমি যিহোৱাৰ চিন্তাধাৰাৰ অনুসৰি নিৰ্ণয় লোৱাটো অতি প্ৰয়োজন। আনকি যাৰ বিষয়ে বাইবেলত কোনো নিয়ম দিয়া নাই, তেনে ক্ষেত্ৰতো আমি যিহোৱাৰ চিন্তাধাৰাৰ অনুসৰি নিৰ্ণয় লোৱা উচিত। ইয়াৰ বাবে আমি কি কৰিব লাগিব?

নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰক। বাইবেল পঢ়াৰ সময়ত আমি যিহোৱাৰ লগত সময় অতিবাহিত কৰাৰ দৰে হয়। বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি মন কৰিব পাৰোঁ যে যিহোৱাই নিজৰ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল। আমি এনে লোকসকলৰ উদাহৰণৰ বিষয়েও ধ্যান দিব পাৰোঁ, যিসকলে যিহোৱাৰ দৃষ্টিত ভাল কাম কৰিছিল আৰু যিসকলে বেয়া কাম কৰিছিল। এনে কৰিলে আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিব পাৰিম। তাৰ পাছত যেতিয়া আমি নিৰ্ণয় লʼম, তেতিয়া পবিত্ৰ আত্মাই আমাক সেই শিক্ষা আৰু সিদ্ধান্ত মনত পেলাই দিব পাৰে, যিবোৰ আমি বাইবেলৰ পৰা শিকিছিলোঁ।—যোহ ১৪:২৬.

অনুসন্ধান কৰক। যেতিয়া আপোনাক নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া নিজকে এইদৰে সোধক: ‘এই বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি? এয়া মই বাইবেলৰ কোনটো পদ বা বাইবেলৰ কোনটো ঘটনাৰ পৰা জানিব পাৰোঁ?’ যিহোৱালৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰক। তাৰ পাছত নিজৰ ভাষাত যি প্ৰকাশন উপলব্ধ আছে, তাত অনুসন্ধান কৰক। আপোনাক কোনটো বাইবেলৰ সিদ্ধান্তই সহায় কৰিব, সেয়া বিচাৰক আৰু তাৰ অনুসৰি কাম কৰক।—গীত ২৫:৪.

‘ধৈৰ্য্যৰে দৌৰি থাকক’—পৌষ্টিকৰ আহাৰ খাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভিডিঅʼখনত দেখুৱা যুৱতী ভনীয়ে কি কি হেঁচাৰ সন্মুখীন হৈছিল?

  • এনেধৰণৰ হেঁচাৰ সন্মুখীন হʼবলৈ আপুনি আমাৰ প্ৰকাশনবোৰত কেনেকৈ অনুসন্ধান কৰিব পাৰে?

  • সঠিক নিৰ্ণয় লʼবলৈ যেতিয়া আমি সময় উলিয়াই ব্যক্তিগত অধ্যয়ন কৰোঁ আৰু অনুসন্ধান কৰোঁ, তেতিয়া আমাৰ কি লাভ হয়?—ইব্ৰী ৫:১৩, ১৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক