ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 মাৰ্চ পৃষ্ঠা ২-৭
  • যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • সকলোতকৈ বেছি কাক প্ৰেম কৰিব
  • বাপ্তিষ্মা কিয় লোৱা উচিত?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • বাপ্তিষ্মাৰ বাবে কেনেকৈ সাজু হʼব লাগে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মই নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা উচিত নে?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 মাৰ্চ পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ১০

যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা ল’ব

“মই বাপ্তাইজিত হবলৈ কি বাধা আছে?”—পাঁচ. ৮:৩৬.

গীত ৩৭ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰা

লেখৰ এক আভাসa

১-২. পাঁচনিৰ কৰ্ম্ম ৮:২৭-৩১, ৩৫-৩৮ পদৰ অনুসৰি কুচ-দেশৰ অধিকাৰীজনে কিয় বাপ্তিষ্মা লৈছিল?

আপুনি বাপ্তিষ্মা লৈ খ্ৰীষ্টৰ এজন শিষ্য হ’ব বিচাৰেনে? বহুতোলোকে এই পদক্ষেপ লৈছে। কি কথাই তেওঁলোকক এইদৰে কৰিবলৈ অনুপ্ৰাণিত কৰিলে? তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু তেওঁলোকৰ বাবে যিহোৱাই যি কৰিলে, তাৰ প্ৰতি তেওঁলোক কৃতজ্ঞ। প্ৰথম শতিকাৰ এজন ব্যক্তিৰ উদাহৰণলৈ মন কৰক, যি কূচ-দেশৰ ৰাণীৰ এজন নপুংসক আছিল।

২ সেই অধিকাৰীজনে যেতিয়া শাস্ত্ৰৰপৰা জানিলে যে তেওঁক বাপ্তিষ্মা লোৱা উচিত, তেতিয়া তেওঁ লগে লগে বাপ্তিষ্মা লʼলে। (পাঁচনিৰ কৰ্ম্ম ৮:২৭-৩১, ৩৫-৩৮ পঢ়ক।) তেওঁ কিয় ইমান সোনকালে সাজু হৈছিল? তেওঁ ঈশ্বৰৰ বাক্যক মূল্যৱান বুলি গণ্য কৰিছিল। সেইবাবে, তেওঁ যিৰূচালেমৰপৰা উভতি অহাৰ সময়ত যিচয়া কিতাপখন পঢ়ি আছিল। যেতিয়া ফিলিপে তেওঁক সাক্ষ্য দিছিল, তেতিয়া তেওঁ জানিব পাৰিলে যে যীচুৱে তেওঁৰ বাবে বহুতো কাম কৰিছে। তেওঁৰ অন্তৰত আগৰেপৰা যিহোৱাৰ প্ৰতি প্ৰেম আছিল। এইদৰে কোৱাৰ এটা কাৰণ হৈছে, তেওঁ যিহোৱাৰ উপাসনা কৰিবলৈ যিৰূচালেমলৈ গৈছিল। তেওঁ হয়তো নিজৰ আগৰ ধৰ্ম এৰি দিছিল আৰু সত্য ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰা যিহূদীসকলৰ লগত জড়িত হৈছিল। গতিকে, আমি কʼব পাৰোঁ যে যিহোৱাৰ প্ৰতি প্ৰেম থকাৰ বাবে সেই অধিকাৰীজনে বাপ্তিষ্মা লৈছিল আৰু খ্ৰীষ্ট্ৰৰ এজন শিষ্য হৈছিল।—মথি ২৮:১৯.

৩. বাপ্তিষ্মা লʼলে কি কি বাধা আহিব পাৰে? (“আপোনাৰ হৃদয় কেনেধৰণৰ মাটিৰ দৰে হয়?” নামৰ বক্স চাওক।)

৩ যদি যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম থাকে, তেনেহʼলে আপুনিও বাপ্তিষ্মা লʼবলৈ নিজকে বাধা দিব নোৱাৰিব। কিন্তু এনে এক প্ৰেম আছে, যিয়ে আপোনাক হয়তো বাপ্তিষ্মা ল’বলৈ বাধা দিব পাৰে। আপুনি হয়তো বিশ্বাসত নথকা নিজৰ সম্বন্ধীয় আৰু বন্ধুসকলক বহুত প্ৰেম কৰে। আপুনি হয়তো চিন্তা কৰিব পাৰে যে যদি আপুনি বাপ্তিষ্মা লয়, তেনেহʼলে তেওঁলোকে হয়তো আপোনাক ঘৃণা কৰিব পাৰে। (মথি ১০:৩৭) অথবা আপোনাৰ এনে কিছুমান অভ্যাস আছে, যাক যিহোৱাই ঘৃণা কৰে। যদি আপুনি সেইবোৰৰ দাস হৈ পৰিছে, তেনেহʼলে সেইবোৰ ত্যাগ কৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে। (গীত. ৯৭:১০) অথবা আপুনি হয়তো সৰুৰেপৰা এনে কিছুমান ৰীতি-নীতি পালন কৰি আহিছে, যি মিছা ধৰ্মৰ লগত জড়িত আছে। এইবোৰ পালন কৰাৰ সময়ত আপোনাৰ হয়তো কিছু ভাল অনুভৱ আছে। সেইবাবে, এই ৰীতি-নীতিবোৰ ত্যাগ কৰাটো আপোনাৰ বাবে বহুত কঠিন হ’ব পাৰে। (১ কৰি. ১০:২০, ২১) গতিকে, আপুনি নিজকে প্ৰশ্ন কৰিব পাৰে, “মই কাক বেছিকৈ প্ৰেম কৰোঁ?”

আপোনাৰ হৃদয় কেনেধৰণৰ মাটিৰ দৰে হয়?

যীচুৱে উদাহৰণ দি বুজাইছিল যে বাইবেলৰ বাৰ্তা বীজৰ দৰে হয় আৰু লোকসকলৰ হৃদয় বেলেগ বেলেগ মাটিৰ দৰে হয়। (লূক ৮:৪-৮) যদি আপুনি কিছু সময়ৰপৰা যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিছে, তেনেহʼলে আপুনি লূক ৮:১১-১৫ পদবোৰ পঢ়ক আৰু নিজকে এইদৰে সোধক: ‘মোৰ হৃদয় কেনেধৰণৰ মাটিৰ দৰে হয়?’

  • ভৰিৰে গচকা মাটি: এনেধৰণৰ ব্যক্তিয়ে সময় উলিয়াই বাইবেল অধ্যয়নৰ প্ৰস্তুতি নকৰে। তেওঁ আন কাম কৰাত ইমানেই ব্যস্ত থাকে যে তেওঁ কেইবাবাৰো বাইবেল অধ্যয়ন বাতিল কৰে আৰু সভাত উপস্থিত নাথাকে।

  • শিলাময় মাটি: এনেধৰণৰ ব্যক্তি বন্ধুবৰ্গ আৰু সম্বন্ধীয় লোকৰ হেঁচাত আহি পৰে। তেওঁলোকে বিৰোধ কৰাৰ সময়ত তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ এৰি দিয়ে।

  • কাঁইটীয়া মাটি: এনেধৰণৰ ব্যক্তিয়ে যেতিয়া যিহোৱাৰ বিষয়ে শিকে, তেতিয়া তেওঁক ভাল লাগে। কিন্তু তেওঁ ভাবে যে টকা-পইচা বা ধন-সম্পত্তি থাকিলেহে সুখী হʼব পাৰি আৰু তেওঁক ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিবলগীয়া নহʼব। তেওঁ চাকৰি আৰু মনোৰঞ্জন কৰাত ইমানেই ব্যস্ত হৈ পৰে যে তেওঁ কেইবাবাৰো বাইবেল অধ্যয়ন বাতিল কৰে।

  • ভাল মাটি: এনেধৰণৰ ব্যক্তিয়ে প্ৰতিদিনে বাইবেল অধ্যয়ন কৰে আৰু শিকা বিষয়বোৰ নিজৰ জীৱনত পালন কৰে। তেওঁ সদায় যিহোৱাক সন্তুষ্ট কৰিবলৈ চিন্তা কৰে। তেওঁ যিয়েই সমস্যাৰ সন্মুখীন নহওক কিয়, তেওঁ যিহোৱাৰ বিষয়ে আনক কʼবলৈ কেতিয়াও এৰি নিদিয়ে।

এই মাটিত প্ৰচুৰ পৰিমাণে ঘেঁহু বাঢ়িছে।

বাইবেলৰপৰা শিকা বিষয়বোৰ আপুনি নিজৰ জীৱনত পালন কৰিবনে নে নকৰে, এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। যিদৰে মাটিক নৰম কৰিব পাৰি, তাৰপৰা ঘাঁ-বন উঘালি তাক ভাল মাটি কৰিব পাৰি, ঠিক সেইদৰে আপোনাৰ হৃদয়কো ভাল মাটিৰ দৰে কৰিব পাৰি। আপুনি আন্তৰিকভাৱে কেনেধৰণৰ ব্যক্তি হʼব বিচাৰে, এয়া আপুনি নিৰ্ণয় কৰাৰ প্ৰয়োজন।

সকলোতকৈ বেছি কাক প্ৰেম কৰিব

৪. বাপ্তিষ্মা লʼবলৈ কিহৰ প্ৰয়োজন?

৪ আপোনাৰ হৃদয়ত হয়তো বহুতো বিষয়ৰ প্ৰতি প্ৰেম আছে। হয়তো যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰাৰ আগতেই আপোনাৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেম আছিল অথবা আপুনি বাইবেলৰ শিক্ষা বা যীচুৱে যি কৰিলে, তাৰ প্ৰতি মূল্যাংকন কৰিছিল। আপুনি যেতিয়া যিহোৱাৰ সাক্ষীসকলক লগ পালে, তেতিয়াৰেপৰা তেওঁলোকৰ লগত মিলা-মিচা কৰিবলৈ আপোনাক ভাল লাগিবলৈ ধৰিলে। কিন্তু ইমানেই যথেষ্ট নহয়, আপুনি যিহোৱাক প্ৰেম কৰা উচিত। এইদৰে কৰিলে আপোনাৰ হৃদয়ে আপোনাৰ নিজৰ জীৱন যিহোৱাক সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ উৎসাহিত কৰিব। যদি আপুনি সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁৰ সেৱা কৰিবলৈ আপোনাক কোনো কথাই বাধা দিব নোৱাৰে। বাপ্তিষ্মা লʼবলৈ আৰু সত্যৰ পথত চলি থাকিবলৈ যিহোৱাৰ প্ৰতি প্ৰেম থকাটো অতি প্ৰয়োজন।

৫. আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

৫ যীচুৱে কৈছিল যে আমি যিহোৱাক সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে প্ৰেম কৰা উচিত। (মাৰ্ক ১২:৩০) আপুনি এনে কি কৰিব পাৰে, যাতে যিহোৱাৰ প্ৰতি আপোনাৰ হৃদয়ত গভীৰ প্ৰেম হʼব। আপুনি এই বিষয়ত ধ্যান কৰা উচিত যে যিহোৱাই আপোনাক কিমান প্ৰেম কৰে, তেতিয়া আপুনি তেওঁক প্ৰেম কৰিব। (১ যোহ. ৪:১৯) এই লেখত আপুনি জানিব পাৰিব যে আপোনাৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াবলৈ আৰু বাপ্তিষ্মা ল’বলৈ কি কি কৰাৰ প্ৰয়োজন।

৬. ৰোমীয় ১:২০ পদৰ অনুসৰি যিহোৱাক জনাৰ এটা উপায় কি?

৬ যিহোৱাৰ বিষয়ে শিকিবলৈ তেওঁৰ সৃষ্টিৰ ওপৰত ধ্যান দিয়ক। (ৰোমীয়া ১:২০ পঢ়ক; প্ৰকা. ৪:১১) গছ-গছনি আৰু জীৱ-জন্তুবোৰক মনযোগেৰে চাওক আৰু ভাবক যে এইবোৰে কেনেকৈ প্ৰমাণ কৰে যে যিহোৱা ঈশ্বৰ অতি বুদ্ধিমান হয়। নিজৰ শৰীৰৰ আচৰিত গঠনৰ বিষয়ে জানক। (গীত. ১৩৯:১৪) এই বিষয়েও চিন্তা কৰক যে যিহোৱা ঈশ্বৰে সৃষ্টি কৰা সূৰ্য্যৰ কিমান শক্তি আছে আৰু এনেধৰণৰ কিমান কোটি কোটি তৰা আছে।b (যিচ. ৪০:২৬) এনেধৰণৰ সৃষ্টিৰ ওপৰত ধ্যান কৰিলে, যিহোৱাৰ প্ৰতি আপোনাৰ হৃদয়ত শ্ৰদ্ধা বাঢ়িব। কিন্তু এই বিষয়ে জনাই যথেষ্ট নহয় যে যিহোৱা ঈশ্বৰ কিমান বুদ্ধিমান আৰু শক্তিশালী হয়। যিহোৱাৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আপোনাক আৰু বহুতো বিষয় জনাৰ প্ৰয়োজন।

৭. যিহোৱাৰ প্ৰতি যাতে আপোনাৰ প্ৰেম বাঢ়ে, তাৰ বাবে আপুনি কি কথাৰ ওপৰত বিশ্বাস কৰা উচিত?

৭ যিহোৱা ঈশ্বৰে আপোনাক প্ৰেম কৰে বুলি আপুনি সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত। কেতিয়াবা আপুনি ভাবেনে যে যিহোৱা ঈশ্বৰ এজন মহান সৃষ্টিকৰ্তা হয় আৰু তেওঁৰ আগত মই একেবাৰে নগণ্য। যদি আপুনি এইদৰে ভাবে, তেনেহʼলে আপুনি বাইবেলৰ এই কথা মনত ৰাখক যে যিহোৱা “আমাৰ কাৰোৰপৰা দূৰ নহয়।” (পাঁচ. ১৭:২৬-২৮) “যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে।” তেওঁ আপোনাক এইদৰে প্ৰতিজ্ঞা কৰিছে, “তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা।” (১ বং. ২৮:৯) প্ৰকৃততে যিহোৱাই আপোনাক আকৰ্ষিত কৰাৰ বাবেহে আপুনি বাইবেল অধ্যয়ন কৰিছে, ঠিক যেনেকৈ যিৰিমিয়া ৩১:৩ পদত লিখা আছে। যেতিয়া আপুনি জানিব পাৰিব যে যিহোৱাই আপোনাৰ বাবে কি কি কৰিছে, তেতিয়া আপুনি তেওঁক আৰু বেছিকৈ প্ৰেম কৰিব।

৮. যিহোৱাৰ প্ৰেমৰ কৃতজ্ঞতা দেখুৱাৰ এটা উপায় কি?

৮ যিহোৱাৰ প্ৰেমৰ কৃতজ্ঞতা দেখুৱাৰ এটা উপায় হৈছে, তেওঁক প্ৰাৰ্থনা কৰা। যেতিয়া আপুনি সকলো চিন্তাৰ বিষয়ে যিহোৱাক জনাব আৰু তেওঁৰ সকলো উপকাৰৰ বাবে তেওঁক ধন্যবাদ দিব, তেতিয়া তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। যেতিয়া আপুনি দেখিব যে যিহোৱা ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে, তেতিয়া তেওঁৰ লগত আপোনাৰ সম্পৰ্ক আৰু দৃঢ় হ’ব। (গীত. ১১৬:১) এইদৰে আপোনাৰ বিশ্বাস হ’ব যে তেওঁ আপোনাক ভালদৰে জানে। কিন্তু যিহোৱাৰ কাষ চাপিবলৈ আপুনি জানিব লাগিব যে তেওঁৰ চিন্তাধাৰা কি আৰু তেওঁ আপোনাৰপৰা কি বিচাৰে? এই সকলো জনাৰ এটা উপায় হৈছে, তেওঁৰ বাক্য বাইবেল অধ্যয়ন কৰা।

এগৰাকী ভনীয়ে বস্তু কিনাৰ সময়ত এজনী ছোৱালীক ট্ৰেক্ট দিছে।

বাইবেল অধ্যয়ন কৰাৰ যোগেদি আমি জানিব পাৰিম যে আমি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰোঁ আৰু তেওঁ আমাৰপৰা কি বিচাৰে (অনুচ্ছেদ ৯ চাওক)c

৯. বাইবেলক মূল্যৱান বুলি গণ্য কৰিলে আপুনি কি কৰিব?

৯ ঈশ্বৰৰ বাক্যক মূল্যৱান বুলি গণ্য কৰক। কেৱল বাইবেলৰপৰাই আপুনি জানিব পাৰিব যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁ আপোনাৰপৰা কি বিচাৰে। যদি আপুনি বাইবেলক মূল্যৱান বুলি গণ্য কৰে, তেনেহʼলে আপুনি প্ৰতিদিনে বাইবেল পঢ়িব। প্ৰতি সপ্তাহে নিজৰ বাইবেল অধ্যয়নৰ প্ৰস্তুতি কৰিব আৰু আপুনি যি শিকে, তাক পালন কৰিব। (গীত. ১১৯:৯৭, ৯৯; যোহ. ১৭:১৭) আপুনি নিৰ্ণয় কৰিছেনে যে আপুনি প্ৰতিদিনে কেতিয়া আৰু কিমান সময় বাইবেল পঢ়িব? আপুনি যিদৰে ভাবিছে, সেইদৰে কৰেনে?

১০. বাইবেলৰ এটা বিশেষত্ব কি?

১০ বাইবেলৰ এটা বিশেষত্ব হৈছে যে ইয়াত যীচুৰ সেইবোৰ কথা উল্লেখ আছে, যি লোকসকলে নিজ চকুৰে দেখিছিল। কেৱল বাইবেলতেহে সঠিকভাৱে লিখা আছে যে যীচুৱে আপোনাৰ বাবে কি কৰিছে। যেতিয়া আপুনি জানিব যে যীচুৱে কি শিকাইছিল আৰু কি কি কৰিছিল, তেতিয়া আপুনি যীচুৰ বন্ধু হ’ব পাৰিব।

১১. আপুনি যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰিব?

১১ যীচুৰ প্ৰতি প্ৰেম বঢ়ালে যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। কিয়নো যীচুৱে যিহোৱাৰ দৰে গুণ ভালদৰে প্ৰতিফলিত কৰিছিল। (যোহ. ১৪:৯) যীচুৰ বিষয়ে আপুনি যিমানেই শিকিব, সিমানেই আপুনি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিব আৰু সেই অনুসৰি কাম কৰিব পাৰিব। চিন্তা কৰক যে তেওঁ এনে লোকসকলক কিমান সহানুভূতি দেখুৱাইছিল, যাক লোকসকলে তুচ্ছ বুলি গণ্য কৰিছিল। যেনে, দুখীয়া-নিচলা, বেমাৰী আৰু সমাজৰ সকলোতকৈ দুৰ্বল লোক। এই বিষয়ে চিন্তা কৰক যে তেওঁৰ পৰামৰ্শ পালন কৰিলে আপুনি কেনেকৈ উপকৃত হ’ব।—মথি ৫:১-১১; ৭:২৪-২৭.

১২. যীচুৰ বিষয়ে শিকিলে আপুনি কি কৰিব?

১২ যীচুৱে আপোনাৰ বাবে ডাঙৰ বলিদান দিছে, যাতে আমি আমাৰ পাপৰপৰা ক্ষমা পাওঁ। এই বিষয়ে গভীৰভাৱে চিন্তা কৰিলে, যীচুৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। (মথি ২০:২৬) যেতিয়া আপুনি বুজিব পাৰিব যে যীচুৱে আপোনাৰ বাবে নিজৰ জীৱন দিবলৈকো সাজু হৈছিল, তেতিয়া আপুনি নিজৰ ভুলৰ বাবে অনুতাপ কৰিব আৰু যিহোৱাৰপৰা ক্ষমা বিচাৰিব। (পাঁচ. ৩:১৯, ২০; ১ যোহ. ১:৯) যেতিয়া যীচু আৰু যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব, তেতিয়া আপুনি সেই লোকসকলৰ লগতো বন্ধুত্ব কৰিবলৈ বিচাৰিব, যি লোকসকলে আপোনাৰ দৰে যীচু আৰু যিহোৱাক প্ৰেম কৰে।

১৩. যিহোৱা ঈশ্বৰে আপোনাক কেনেধৰণৰ পৰিয়াল দিব?

১৩ যিহোৱাক প্ৰেম কৰা লোকসকলক প্ৰেম কৰক। বিশ্বাসত নথকা আপোনাৰ সম্বন্ধীয় লোক আৰু পুৰণি বন্ধুসকলে হয়তো বুজি নাপাব যে আপুনি কিয় নিজকে যিহোৱালৈ সমৰ্পণ কৰিব বিচাৰে, তেওঁলোকে হয়তো আপোনাৰ বিৰোধ কৰে আৰু আপোনাৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে, কিন্তু আপুনি নিৰুৎসাহ নহ’ব। যিহোৱা ঈশ্বৰে আপোনাক খ্ৰীষ্ট ভাই-ভনীসকলৰ নতুন পৰিয়াল দিব। সেই পৰিয়ালৰ কাষত থাকিলে, আপুনি প্ৰেম আৰু উৎসাহ লাভ কৰিব, যিটো আপোনাৰ বাবে অতি প্ৰয়োজন। (মাৰ্ক ১০:২৯, ৩০; ইব্ৰী ১০:২৪, ২৫) এয়াও হ’ব পাৰে যে কিছুসময়ৰ পাছত আপোনাৰ সম্বন্ধীয় লোকে আপোনাৰ লগত যিহোৱাৰ সেৱা কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আগবাঢ়ি আহিব পাৰে।—১ পিত. ২:১২.

১৪. আপুনি যিহোৱাৰ নিয়মবোৰৰ প্ৰতি ১ যোহন ৫:৩ পদত উল্লেখ কৰাৰ দৰে অনুভৱ কৰেনে?

১৪ এই বিষয়ে বুজক যে যিহোৱাৰ নিয়ম আমাৰ লাভৰ বাবে হয় আৰু সেইবোৰ পালন কৰক। যিহোৱাক জনাৰ আগতে আপুনি হয়তো নিজৰ মতে জীৱন-যাপন কৰিছিলে। কিন্তু এতিয়া আপুনি জানিব পাৰিলে যে যিহোৱাই যি কয়, সেয়াই সঠিক হয়। (গীত. ১:১-৩; ১ যোহন ৫:৩ পঢ়ক।) উদাহৰণস্বৰূপে, চিন্তা কৰক যে তেওঁ স্বামী-স্ত্ৰী, লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃক কি পৰামৰ্শ দিছে। (ইফি. ৫:২২–৬:৪) এই পৰামৰ্শ পালন কৰাৰ বাবে আপোনাৰ পৰিয়াল সুখী হৈছেনে? বন্ধু বাছনি কৰাৰ ক্ষেত্ৰতো তেওঁ ভাল পৰামৰ্শ দিছে। সেইবোৰ পালন কৰাৰ বাবে আপুনি ভাল বন্ধু বিচাৰি পাইছেনে? তেওঁলোকৰ লগত সংগতি কৰাৰ বাবে আপুনি ভাল স্বভাৱ-চৰিত্ৰ গঢ়ি তুলিব পাৰিছেনে? ঈশ্বৰৰ নিয়মবোৰ পালন কৰাৰ বাবে আপুনি জীৱনত আনন্দিত হৈছেনে? (হিতো. ১৩:২০; ১ কৰি. ১৫:৩৩) ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ পৰামৰ্শ পালন কৰাৰ বাবে আপুনি উপকৃত হৈছে।

১৫. যিহোৱা ঈশ্বৰৰ কোনো এটা নিয়ম কেনেকৈ পালন কৰিব লাগে যদি আপুনি বুজি পোৱা নাই, তেনেহʼলে কি কৰিব?

১৫ কেতিয়াবা কেতিয়াবা হয়তো আপুনি ঈশ্বৰৰ কোনো এটা নিয়ম কেনেকৈ পালন কৰিব লাগে, তাক বুজি নাপাবও পাৰে। এই ক্ষেত্ৰত যিহোৱা ঈশ্বৰে নিজৰ সংগঠনৰ যোগেদি আমাক সহায় কৰে। এই সংগঠনে বাইবেল আধাৰিত প্ৰকাশন প্ৰস্তুত কৰে আৰু এইবোৰ পঢ়িলে আমি ভাল বেয়াৰ মাজত থকা পাৰ্থক্য বুজিব পাৰিম। (ইব্ৰী ৫:১৩, ১৪) এই প্ৰকাশনবোৰ অধ্যয়ন কৰিলে, আপুনি বুজিব যে যিহোৱাই দিয়া কোনো এটা নিয়ম ক’ত আৰু কেনেকৈ পালন কৰা উচিত। যেতিয়া আপুনি বুজিব পাৰিব যে যিহোৱাৰ সংগঠনে আপোনাক বহুতো সহায় কৰিছে, তেতিয়া আপুনি এই সংগঠনৰ ভাগ হ’ব বিচাৰিব।

১৬. যিহোৱাই নিজৰ লোকসকলক কেনেকৈ সংগঠিত কৰিছে?

১৬ যিহোৱাৰ সংগঠনৰ বিষয়ে জানক আৰু তাৰ কাষত থাকক। যিহোৱা ঈশ্বৰে নিজৰ লোকসকলক বেলেগ বেলেগ মণ্ডলীত সংগঠিত কৰিছে। তেওঁৰ পুত্ৰ যীচু এই সকলো মণ্ডলীৰ মূৰ হয়। ( ইফি. ১:২২; ৫:২৩) যীচুৱে ঈশ্বৰৰ কাম সংগঠিতৰূপে কৰিবলৈ ‘বিশ্বাসী আৰু বুদ্ধিমান দাসক’ নিযুক্ত কৰিছে। (মথি ২৪:৪৫-৪৭) এই দাস কিছুমান অভিষিক্ত ভাইসকলৰ দ্বাৰা গঠিত। তেওঁলোকক এই দায়িত্ব দিয়া হৈছে যে তেওঁলোকে আপোনাক সত্যৰ জ্ঞান দিয়ে আৰু যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে। বিশ্বাসী বুদ্ধিমান দাসে নিজৰ দায়িত্ব ভালদৰে পালন কৰে আৰু বহুতো উপায়েৰে আপোনাক সহায় কৰে। যেনে, প্ৰাচীনসকলৰ যোগেদি। (যিচ. ৩২:১, ২; ইব্ৰী ১৩:১৭; ১ পিত. ৫:২, ৩) এই যোগ্য ভাইসকলে আপোনাৰ বাবে বহুতো পৰিশ্ৰম কৰে, যাতে আপুনি সত্যত দৃঢ় হৈ থাকে আৰু উৎসাহ লাভ কৰে। তেওঁলোকে এটা গুৰুত্বপূৰ্ণ কামত আপোনাক সহায় কৰে, সেয়া হৈছে আনক যিহোৱাৰ বিষয়ে শিকোৱা।—ইফি. ৪:১১-১৩.

১৭. ৰোমীয়া ১০:১০, ১৩, ১৪ পদৰ অনুসৰি আমি কিয় আনক যিহোৱাৰ বিষয়ে কওঁ?

১৭ যিহোৱাক প্ৰেম কৰিবলৈ আনক শিকাওক। আনক যিহোৱাৰ বিষয়ে শিকাবলৈ যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দিছিল। (মথি ২৮:১৯, ২০) এই কাম আমি এটা কৰ্তব্য বুলি ভাবি কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ বাবে কৰা উচিত। যেতিয়া আপোনাৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বাঢ়িব, তেতিয়া আপুনি আনক যিহোৱাৰ বিষয়ে কোৱাৰপৰা নিজকে বাধা দিব নোৱাৰিব। আপুনি পাঁচনি পিতৰ আৰু যোহনৰ দৰে অনুভৱ কৰিব, যিসকলে এইদৰে কৈছিল, “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” (পাঁচ. ৪:২০) কাৰোবাক সত্য শিকোৱাৰ বাবে যি আনন্দ পোৱা যায়, সেয়া হয়তো আন কোনো কামৰপৰা পোৱা নাযাব। কল্পনা কৰক, যেতিয়া ফিলিপে কুচ-দেশৰ সেই অধিকাৰীজনক শাস্ত্ৰৰপৰা সত্য শিকাইছিল আৰু সেই অধিকাৰীজনে যেতিয়া বাপ্তিষ্মা লৈছিল, তেতিয়া ফিলিপে কিমান আনন্দিত হৈছিল। আনক প্ৰচাৰ কৰিলে আপুনিও এই আনন্দ লাভ কৰিব আৰু প্ৰচাৰ কৰাই দেখুৱাব যে আপুনি যিহোৱাৰ এজন সাক্ষী হ’ব বিচাৰে। (ৰোমীয়া ১০:১০, ১৩, ১৪ পঢ়ক।) বাপ্তিষ্মাৰ বাবে প্ৰয়োজনীয় গুণবোৰ যেতিয়া আপুনি বিকশিত কৰিব, তেতিয়া আপুনি কুচ-দেশৰ অধিকাৰীজনৰ দৰে ক’ব, “মই বাপ্তাইজিত হবলৈ কি বাধা আছে?”—পাঁচ. ৮:৩৬.

১৮. পৰৱৰ্তী লেখত কোনবোৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব?

১৮ বাপ্তিষ্মা লোৱাটো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ নিৰ্ণয় হ’ব। সেইবাবে, এই নিৰ্ণয় লোৱাৰ আগতে আপুনি এই বিষয়ে বহু কিছু জনা উচিত। বাপ্তিষ্মাৰ বিষয়ে আপুনি কি জনা উচিত? বাপ্তিষ্মাৰ আগত আৰু পাছত আপুনি কি কৰা উচিত? এই প্ৰশ্নবোৰৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হ’ব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি যিহোৱাক সেৱা কৰাৰ প্ৰধান কাৰণ কি হোৱা উচিত আৰু আপুনি এইদৰে কিয় কয়?

  • আমি যিহোৱাক প্ৰেম কৰিবলৈ কেনেকৈ শিকিব পাৰোঁ?

  • লূক ৮:১১-১৫ পদত দিয়া উদাহৰণৰ ওপৰত ধ্যান কৰিলে আমাৰ কি লাভ হ’ব?

গীত ২ যিহোৱা তোমাৰ নাম

a কিছুমান লোকৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম আছে, কিন্তু তেওঁলোকে বাপ্তিষ্মা লʼবলৈ সংকোচ কৰে। কিয়নো তেওঁলোকে ইয়াৰ বাবে সাজু নাই। যদি আপুনিও তেওঁলোকৰ মাজৰ এজন হয়, তেনেহʼলে এই লেখৰপৰা জানক যে আপুনি কি কি কৰিব পাৰে, যাতে বাপ্তিষ্মা লʼবলৈ আপুনি সাজু হয়।

b সৃষ্টিৰ আৰু কিছুমান উদাহৰণৰ বিষয়ে জানিবলৈ জীৱনক সৃষ্টি কৰা হৈছেনে? (ইংৰাজী) আৰু জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন (হিন্দী) নামৰ ব্ৰচাৰকেইখন চাওক।

c ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে বস্তু কিনাৰ সময়ত এজনী ছোৱালীক ট্ৰেক্ট দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক