ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 জুন পৃষ্ঠা ১৪-১৬
  • ইন্দ্ৰিয়-দমন যিহোৱাক আনন্দিত কৰিবলৈ প্ৰয়োজন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইন্দ্ৰিয়-দমন যিহোৱাক আনন্দিত কৰিবলৈ প্ৰয়োজন
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ইন্দ্ৰিয়-দমন কি হয়?
  • আমি কিয় ইন্দ্ৰিয়-দমন কৰা উচিত?
  • আমি এই গুণ কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ?
  • ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে কি কৰিম?
  • বিজয়ী হৈ পুৰস্কাৰ পাবলৈ ইন্দ্ৰিয়-দমন কৰক!
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • জ্ঞানত ইন্দ্ৰিয়-দমন যোগোৱা
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমাক আত্ম-সংযমৰ প্ৰয়োজন
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 জুন পৃষ্ঠা ১৪-১৬

ইন্দ্ৰিয়-দমন যিহোৱাক আনন্দিত কৰিবলৈ প্ৰয়োজন

  • প্ৰেম

  • আনন্দ

  • শান্তি

  • চিৰসহিষ্ণুতা

  • মৰম

  • মঙ্গলভাব

  • বিশ্বাস

  • মৃদু-ভাব

  • ইন্দ্ৰিয়-দমন

“এবাৰ মোৰ সম্পৰ্কীয় লোকে মোৰ লগত তৰ্ক-বিতৰ্ক কৰিবলৈ ধৰিলে। মোৰ ইমানেই খং উঠিল যে মই তেওঁৰ ডিঙি চেপিবলৈ ধৰিলোঁ। তেওঁক হত্যা কৰিবলৈ মন গৈছিল।”—পৌল।

“ঘৰত মই সৰু সৰু কথাক লৈ খং কৰিছিলোঁ। খেলা বস্তু বা ফাৰ্নিচাৰ যিয়ে বস্তু মোৰ হাতত আহে মই তাক ভাঙিছিলোঁ।”—মাৰকʼ

হয়তো আমাৰ ইমান খং নুঠে। তথাপিও আমাৰ সকলোৰে বাবে কেতিয়াবা হয়তো ইন্দ্ৰিয়-দমন কৰিবলৈ কঠিন হʼব পাৰে। কিয়নো আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ মন সদায় বেয়াৰ ফালে ঢাল খায়। (ৰোম. ৫:১২) পৌল আৰু মাৰকʼৰ দৰে কিছুমান লোকক নিজৰ খঙক দমন কৰি ৰাখিবলৈ কঠিন হয়। এনে কিছুমান লোক আছে, যিয়ে নিজৰ চিন্তাধাৰাক দমন কৰিব নোৱাৰে। তেওঁলোকে এনে বিষয়বোৰ ভাবি থাকে, যাৰ বাবে তেওঁলোকে ভয় খায় আৰু হতাশ হয়। এনে কিছুমান লোক আছে, যিয়ে অনৈতিক কাম কৰা, অতিপাত মদ খোৱা আৰু ড্ৰাগছ লোৱাৰ ইচ্ছাক বাধা দিব নোৱাৰে।

যিসকল লোকে নিজৰ বেয়া চিন্তাধাৰা আৰু ইচ্ছাক দমন নকৰে আৰু বেয়া কাম কৰিবলৈ এৰি নিদিয়ে, তেওঁলোকে নিজৰ জীৱন ধ্বংস কৰে। কিন্তু আমি এই বেয়া পৰিণামৰপৰা বাছি থাকিব পাৰোঁ। ইয়াৰ বাবে আমি ইন্দ্ৰিয়-দমন কৰাটো অতি প্ৰয়োজন। এয়া আমি কেনেকৈ কৰিব পাৰোঁ। আহক তিনিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰোঁ: (১) ইন্দ্ৰিয়-দমন কি হয়? (২) আমি কিয় ইন্দ্ৰিয়-দমন কৰা উচিত? (৩) আমি “পবিত্ৰ আত্মাৰ” এই গুণক কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ? (গালা. ৫:২২) আমি এয়াও আলোচনা কৰিম যে যদি কেতিয়াবা আমাক ইন্দ্ৰিয়-দমন কৰিবলৈ কঠিন হয়, তেতিয়া আমি কি কৰিব পাৰোঁ।

ইন্দ্ৰিয়-দমন কি হয়?

ইন্দ্ৰিয়-দমন গুণ থকা ব্যক্তিয়ে খৰ-খেদাকৈ কোনো পদক্ষেপ নলয়। তেওঁ ভাবি-চিন্তি কথা কয় আৰু কাম কৰে। ঈশ্বৰে বেয়া পোৱা কোনো কাম তেওঁ নকৰে।

এজন যিহূদী ধৰ্ম গুৰুৱে যীচুক থাপৰ মাৰিছে আৰু মহাসভাৰ সদস্যসকলে চাই আছে। মহাসভাৰ কিছুমান সদস্যই যীচুক ঘোচা দেখুৱাইছে আৰু তেওঁৰ ওপৰত খং কৰিছে।

যীচুৱে ইন্দ্ৰিয়-দমন কৰাত উত্তম উদাহৰণ ৰাখিছে

ইন্দ্ৰিয়-দমন কৰাত যীচু এক উত্তম উদাহৰণ ৰাখিছে। বাইবেলে এইদৰে উল্লেখ কৰিছে, “নিন্দিত হোৱা কালত, প্ৰতিনিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে; কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ দিলে।” (১ পিত. ২:২২, ২৩) যেতিয়া যীচুক যাতনা-স্তম্ভত আঁৰি দিয়া হৈছিল আৰু শত্ৰুৱে তেওঁৰ ঠাট্টা কৰিছিল, তেতিয়া তেওঁ ইন্দ্ৰিয়-দমন কৰিছিল। (মথি ২৭:৩৯-৪৪) যেতিয়া ধৰ্মগুৰুৱে যীচুক তেওঁৰ কথাতে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল, তেতিয়াও তেওঁ শান্ত হৈ থাকিল। (মথি ২২:১৫-২২) যেতিয়া খঙাল যিহূদীৰ জাকে তেওঁক হত্যা কৰিবলৈ শিল উঠাইছিল, তেতিয়াও তেওঁ প্ৰতিশোধ লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ “লুকাই ধৰ্ম্মধামৰ পৰা ওলাই গল।”—যোহ. ৮:৫৭-৫৯.

আমি যীচুৰ দৰে ইন্দ্ৰিয়-দমন কৰিব পাৰোঁনে? হয়, কিছুমান ক্ষেত্ৰত। পাঁচনি পৌলে এইদৰে লিখিছিল, “তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিত. ২:২১) অসিদ্ধ হোৱাৰ সত্ত্বেও আমি যীচুৰ উদাহৰণক অনুকৰণ কৰিব পাৰোঁ আৰু ইন্দ্ৰিয়-দমন কৰিব পাৰোঁ। এনেদৰে কৰাটো কিয় প্ৰয়োজন?

আমি কিয় ইন্দ্ৰিয়-দমন কৰা উচিত?

যদি আমি যিহোৱা ঈশ্বৰক আনন্দিত কৰিব বিচাৰোঁ, তেনেহ’লে আমি ইন্দ্ৰিয়-দমন কৰা উচিত। আমি হয়তো বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰিছোঁ। কিন্তু যদি আমি ইন্দ্ৰিয়-দমন নকৰোঁ, তেনেহ’লে আমি এনে কথা কʼব পাৰোঁ বা এনে কাম কৰিব পাৰোঁ, যাৰ বাবে যিহোৱাৰ লগত আমাৰ বন্ধুত্ব নাইকিয়া হʼব পাৰে।

মোচিৰ উদাহৰণলৈ মন কৰক। তেওঁ ‘পৃথিবীত থকা মানুহবিলাকৰ মাজত সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।’ (গণ. ১২:৩) তেওঁ বহুবছৰৰপৰা ইস্ৰায়েলীসকলৰ অভিযোগ সহ্য কৰিছিল। কিন্তু ধ্যান দিয়ক যে এসময়ত কি হʼল। যেতিয়া ইস্ৰায়েলীসকলে পানীৰ বাবে অভিযোগ কৰিছিল, তেতিয়া মোচিয়ে তেওঁলোকৰ ওপৰত খং কৰিছিল। তেওঁ তেওঁলোকৰ ওপৰত ক্ৰোধিত হৈছিল আৰু তেওঁলোকক এইদৰে কৈছিল, “হে বিদ্ৰোহীহঁত, শুন, তহঁতৰ নিমিত্তে আমি এই শিলৰ পৰা পানী উলিয়াম নে?”—গণ. ২০:২-১১.

মোচি ইন্দ্ৰিয়-দমন নকৰিলে আৰু আচৰিত কাৰ্য্যৰ সম্পূৰ্ণ প্ৰশংসা যিহোৱাক দিয়াৰ পৰিৱৰ্তে, নিজে লʼলে। (গীত. ১০৬:৩২, ৩৩) ইয়াৰ পৰিণাম কি হ’ল? যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰা দেশত যাবলৈ নিদিলে। (গণ. ২০:১২) ইন্দ্ৰিয়-দমন নকৰাৰ বাবে হয়তো তেওঁ জীৱনৰ শেষ মুহূৰ্ত্তলৈকে অনুতপ্ত আছিল।—দ্বিতী. ৩:২৩-২৭.

মোচিৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? হয়তো আমি বহুবছৰৰপৰা সত্যত আছোঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আনৰ লগত অপমানেৰে কথা পাতিম। আনে যেতিয়া আমাক খং তোলে বা যেতিয়া আমি আনক শুধৰণিৰ বাবে পৰামৰ্শ দিওঁ, তেতিয়াও আমি অপমানেৰে কথা পাতিব নালাগে। (ইফি. ৪:৩২; কল. ৩:১২) বয়স বাঢ়ি যোৱাৰ লগে লগে ইন্দ্ৰিয়-দমন কৰাটো কঠিন হৈ পৰে। এই ক্ষেত্ৰত মোচিৰ লগত কি হৈছিল, তাৰ বিষয়ে মনত ৰাখক। অলপ সময়ৰ বাবেও আমি ইন্দ্ৰিয়-দমন গুণটো হেৰুৱাব নিবিচাৰোঁ আৰু বহুবছৰ ধৰি যিহোৱাৰ দৃষ্টিত যি ভাল নাম আছে, সেয়াও হেৰুৱাব নিবিচাৰোঁ। সেইবাবে, ইন্দ্ৰিয়-দমন গুণ বৃদ্ধি কৰাটো অতি প্ৰয়োজন। এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

আমি এই গুণ কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ?

যিহোৱাৰপৰা পবিত্ৰ আত্মা বিচাৰক। আমি ইয়াৰ বাবে কিয় প্ৰাৰ্থনা কৰা উচিত? ইন্দ্ৰিয়-দমন পবিত্ৰ আত্মাৰ আন এটা গুণ হয়। যেতিয়া আমি যিহোৱাৰপৰা পবিত্ৰ আত্মা বিচাৰোঁ, তেতিয়া নিশ্চয় তেওঁ আমাক দিয়ে। (লূক ১১:১৩) যিহোৱাই আমাক পবিত্ৰ আত্মাৰ যোগেদি শক্তি দিয়ে, যাতে আমি ইন্দ্ৰিয়-দমন কৰিব পাৰোঁ। (ফিলি. ৪:১৩) তেওঁ পবিত্ৰ আত্মাৰ আন গুণবোৰো বৃদ্ধি কৰিবলৈ আমাক সহায় কৰে, যেনে প্ৰেম। যদি আমাৰ প্ৰেমৰ গুণ থাকে, তেনেহ’লে আমি ইন্দ্ৰিয়-দমন কৰিব পাৰিম।—১ কৰি. ১৩:৫.

এজন ডেকা ভায়ে তেওঁৰ বেডৰূমত অকলে আছে আৰু তেওঁৰ কম্পিউটাৰত হঠাতে অহা অশ্লীল ছবি চোৱাৰপৰা চকু আঁতৰ কৰিছে।

এনে সকলো কামৰপৰা দূৰে থাকক, যাৰ বাবে ইন্দ্ৰিয়-দমন কৰিবলৈ কঠিন হয়

এনে কথা বা এনে কামৰপৰা দূৰে থাকক যাৰ বাবে ইন্দ্ৰিয়-দমন কৰিবলৈ কঠিন হয়। উদাহৰণস্বৰূপে এনে ৱেবছাইট বা এনে মনোৰঞ্জন কৰাৰপৰা আঁতৰি থাকক, যʼত বেয়া আচাৰ-ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। (ইফি. ৫:৩, ৪) এনে সকলো কামৰপৰা দূৰে থকা উচিত, যিয়ে বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰে। (হিতো. ২২:৩; ১ কৰি. ৬:১২) উদাহৰণস্বৰূপে, যদি এজন ব্যক্তিয়ে জানে যে তেওঁ অনৈতিক কাম কৰাত সহজে প্ৰলোভিত হয়, তেনেহʼলে তেওঁক এনে কিতাপ পঢ়িব নালাগে বা এনে চিনেমা চাব নালাগে, যিয়ে তেওঁৰ মনত বেয়া ইচ্ছা জগাব পাৰে।

হয়তো এই পৰামৰ্শ পালন কৰাটো আমাৰ বাবে কঠিন হʼব পাৰে। কিন্তু যদি আমি চেষ্টা কৰিম, তেনেহʼলে যিহোৱাই আমাক ইন্দ্ৰিয়-দমন কৰিবলৈ আৰু বেয়া ইচ্ছাক অস্বীকাৰ কৰিবলৈ শক্তি দিব। (২ পিত. ১:৫-৮) আমি নিজৰ চিন্তা আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰিবলৈ আৰু বেয়া কাম নকৰিবলৈ তেওঁ আমাক সহায় কৰিব। তেওঁ পৌল আৰু মাৰকʼকো সহায় কৰিলে, যিসকলৰ বিষয়ে আৰম্ভণিতে উল্লেখ কৰা হৈছিল। তেওঁলোকে বৰ খঙাল ব্যক্তি আছিল, কিন্তু তেওঁলোকে নিজৰ খঙক নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে। আন এজন ভাইৰ উদাহৰণলৈ মন কৰক। গাড়ী চলোৱাৰ সময়ত তেওঁ প্ৰায়ে নিজৰ খং দমন কৰিব নোৱাৰে আৰু লোকসকলৰ লগত তৰ্ক-বিতৰ্ক কৰে। তেওঁ নিজৰ খঙক কেনেকৈ দমন কৰিব পাৰিলে? তেওঁ এইদৰে কয়, “মই প্ৰতিদিনে যিহোৱালৈ কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিছিলোঁ। মই সেই লেখবোৰ পঢ়িছিলোঁ, যʼত ইন্দ্ৰিয়-দমন কৰাৰ বিষয়ে উল্লেখ আছে। মই বাইবেলৰ কিছুমান পদো মনত ৰাখিছিলোঁ। এই গুণ বৃদ্ধি কৰিবলৈ মই বহুবছৰৰপৰা পৰিশ্ৰম কৰি আছোঁ। তথাপিও মই সদায় ৰাতিপুৱা মনত পেলাওঁ যে মই আজি ইন্দ্ৰিয়-দমন কৰিব লাগিব। যদি মই কোনো ঠাইত যাবলগীয়া হয়, তেনেহʼলে মই সোনাকালে ঘৰৰপৰা ওলাই যাওঁ।”

ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে কি কৰিম?

কেতিয়াবা হয়তো আমি ইন্দ্ৰিয়-দমন কৰিব নোৱাৰাৰ বাবে আমি বেয়া কাম কৰিব পাৰোঁ। যেতিয়া এইদৰে হয়, তেতিয়া আমি যিহোৱাক প্ৰাৰ্থনা কৰিবলৈ লাজ অনুভৱ কৰিব পাৰোঁ। বিশেষকৈ আমি এই ক্ষেত্ৰত যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু এয়া অতি সোনকালে কৰা উচিত। আপুনি তেওঁক প্ৰাৰ্থনাত ক্ষমা খোজক আৰু সহায় বিচাৰক। আপুনি সেই ভুল পুনৰ নকৰে বুলি থিৰাং কৰক। (গীত. ৫১:৯-১১) যিহোৱাই আপোনাৰ প্ৰাৰ্থনা নুশুনিব বুলি নাভাবিব। তেওঁ নিশ্চয় আপোনাক ক্ষমা কৰিব। (গীত. ১০২:১৭) পাঁচনি যোহনে লিখিছিল যে “যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।” (১ যোহ. ১:৭; ২:১; গীত. ৮৬:৫) যিহোৱাই নিজে আমাক কয় যে আমি আনক ক্ষমা কৰি থকা উচিত। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাক ক্ষমা কৰিব।—মথি ১৮:২১, ২২; কল. ৩:১৩.

অৰণ্যত যেতিয়া মোচিয়ে কিছু সময়ৰ বাবে ইন্দ্ৰিয়-দমন নকৰিলে, তেতিয়া যিহোৱাই মোচিক খং কৰিলে। তথাপিও যিহোৱাই তেওঁক ক্ষমা কৰিলে। বাইবেলত মোচিৰ বিষয়ে কোৱা হৈছে যে তেওঁ আমাৰ বাবে বিশ্বাসৰ এক উত্তম উদাহৰণ ৰাখিছে। (দ্বিতী. ৩৪:১০; ইব্ৰী ১১:২৪-২৮) এয়া সত্য যে যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰা দেশলৈ যাবলৈ নিদিলে। কিন্তু যিহোৱাই তেওঁক নতুন পৃথিৱীত নিশ্চয় আদৰণি জনাব আৰু তেওঁক অনন্ত জীৱন দিব। আমিও সেই পুৰস্কাৰ লাভ কৰিব পাৰোঁ। গতিকে, আহক আমি ইন্দ্ৰিয়-দমন কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ।—১ কৰি. ৯:২৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক