ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 মে’ পৃষ্ঠা ৮-১৪
  • প্ৰকাশিত বাক্যত ঈশ্বৰৰ শত্ৰুৰ নাশৰ ভৱিষ্যতবাণী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰকাশিত বাক্যত ঈশ্বৰৰ শত্ৰুৰ নাশৰ ভৱিষ্যতবাণী
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • শত্ৰুক চিনাক্ত কৰাৰ কিছুমান “চিন”
  • ঈশ্বৰৰ শত্ৰুসকলৰ চিনাক্ত
  • মহা-বেশ্যাৰ লজ্জাজনক অন্ত
  • ঈশ্বৰৰ আটাইতকৈ ডাঙৰ শত্ৰুৰ বিনাশ
  • হিংস্ৰ পশুবোৰক ভয় নাখাব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 মে’ পৃষ্ঠা ৮-১৪

অধ্যয়নৰ লেখ ২০

প্ৰকাশিত বাক্যত ঈশ্বৰৰ শত্ৰুৰ নাশৰ ভৱিষ্যতবাণী

“সিহঁতে ইব্ৰী ভাষাত হৰমাগিদোন বোলা এখন ঠাইত তেওঁবিলাকক গোট খুৱালে।”—প্ৰকা. ১৬:১৬.

গীত ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

লেখৰ এক আভাসa

১. প্ৰকাশিত বাক্যত লিখা মতে আজি ঈশ্বৰৰ লোকসকলৰ লগত কি হৈ আছে?

প্ৰকাশিত বাক্য কিতাপৰপৰা জানিব পৰা যায় যে স্বৰ্গত ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হৈ গʼল আৰু চয়তানক স্বৰ্গৰপৰা পৃথিৱীলৈ পেলাই দিয়া হʼল। (প্ৰকা. ১২:১-৯) ইয়াৰ ফলত স্বৰ্গত শান্তি স্থাপন হʼল। কিন্তু পৃথিৱীত থকা মানুহৰ বাবে অশান্তি বাঢ়ি গʼল। চয়তান বৰ খঙত আছে, সেইবাবে সি যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে।—প্ৰকা. ১২:১২, ১৫, ১৭.

২. আমি কেনেকৈ যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰোঁ?

২ চয়তানৰ অত্যাচাৰৰ সত্ত্বেও আমি কেনেকৈ যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰোঁ? (প্ৰকা. ১৩:১০) বহুতো কথাই আমাক সহায় কৰিব পাৰে। তাৰে মাজৰ এটা হৈছে ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে জনা। উদাহৰণস্বৰূপে, প্ৰকাশিত বাক্যত পাঁচনি যোহনে ভৱিষ্যতে পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে কৈছে। এটা আশীৰ্বাদ হৈছে যে ঈশ্বৰৰ শত্ৰুসকলক চিৰকালৰ বাবে নাশ কৰা হʼব। গতিকে আহক প্ৰকাশিত বাক্য কিতাপখনৰপৰা শিকোঁ যে সেই শত্ৰু কোন হয় আৰু সিহঁতৰ অৱস্থা কি হʼব।

শত্ৰুক চিনাক্ত কৰাৰ কিছুমান “চিন”

এখন ছবিত দেখুৱা হৈছে যে নাগে দানিয়েল আৰু প্ৰকাশিত বাক্যত কোৱা পশুবোৰক অধিকাৰ দিছে। দানিয়েল ৭ অধ্যায়ত কোৱা চাৰিটা পশুৱে সমুদ্ৰ অৰ্থাৎ পৃথিৱীৰ লোকসকলৰপৰা ওলায়। ইয়াৰ পাছত সাতটা মূৰ থকা পশু আহে আৰু সিও সমুদ্ৰৰপৰা ওপৰলৈ আহে। ইয়াৰ পাছত সাতটা মূৰৰপৰা দুটা শিং থকা পশু ওলাই। তাৰ পাছত ইয়াৰপৰা সেন্দুৰ বৰণীয়া পশু ওলায়, যাৰ ওপৰত এজনী বেশ্যা বহি আছে। নাগ, দুটা শিং থকা পশু আৰু সেন্দুৰ বৰণীয়া পশুক অগ্নিৰ সৰোবৰ অৰ্থাৎ বিলত পেলাই দিয়া হʼব। এই সকলো কথা লেখৰ ৪, ৬, ৯, ১০ আৰু ১৯ অনুচ্ছেদত কোৱা হৈছে।

৩. প্ৰকাশিত বাক্য কিতাপত দিয়া কিছুমান চিন কি?

৩ প্ৰকাশিত বাক্য কিতাপৰ প্ৰথম পদত কোৱা হৈছে যে তাত লিখা কথাবোৰ কিছুমান “চিনৰ” যোগেদি বুজোৱা হৈছে। (প্ৰকা. ১:১, NW) যেনে, তাত বহুতো অদ্ভুত পশুবোৰৰ বিষয়ে কোৱা হৈছে ‘সাগৰৰ পৰা এটা পশু উঠি’ আহে “তাৰ দহোটা শিং, সাতোটা মূৰ” আছে। (প্ৰকা. ১৩:১) আকৌ ‘আন এটা পশু পৃথিৱীৰ পৰা উঠি আহে।’ সি নাগৰ দৰে কথা কয়, স্বৰ্গৰপৰা পৃথিৱীলৈ অগ্নি নমায়। (প্ৰকা. ১৩:১১-১৩) ইয়াৰ পাছত ‘এটা সেন্দুৰ বৰণীয়া পশু’ দেখিবলৈ পোৱা যায় আৰু তাৰ ওপৰত এজনী বেশ্যা বহি আছে। এই তিনিটা পশুৱে এনে শত্ৰুক চিত্ৰিত কৰে, যিয়ে বহুসময় ধৰি যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিৰুদ্ধে কাম কৰি আছে। সেইবাবে, তেওঁলোকক চিনাক্ত কৰাটো অতি আৱশ্যকীয়।—প্ৰকা. ১৭:১, ৩.

দানিয়েল ৭ অধ্যায়ত কোৱা চাৰিটা পশুৱে সমুদ্ৰ অৰ্থাৎ পৃথিৱীৰ লোকসকলৰপৰা ওলায়। প্ৰথম পশুটো সিংহৰ নিচিনা আৰু তাৰ ডেউকা কুৰৰ পক্ষীৰ নিচিনা। দ্বিতীয় পশুটো ভালুকৰ নিচিনা আৰু তাৰ মুখত কামিহাড় আছে। তৃতীয় পশুটো নাহৰ ফুটুকি বাঘৰ নিচিনা আৰু তাৰ চাৰিখন ডেউকা আৰু চাৰিখন মুখ আছে। চতুৰ্থ পশুটো বহুত শক্তিশালী আৰু তাৰ লোহাৰ দাঁত আৰু দহটা শিং আছে।

চাৰিটা বৃহৎ জন্তু

এইবোৰ ‘সমুদ্ৰৰ পৰা ওলাই আহে।’ (দানি. ৭:১-৮, ১৫-১৭) ইয়ে সেই চাৰিটা বিশ্ব শক্তিক চিত্ৰিত কৰে, যিবোৰ দানিয়েলৰ সময়ছোৱাত এটা-এটাকৈ আহিছিল, যাৰ শাসনে ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰিছিল (অনুচ্ছেদ ৪, ৭ চাওক)

৪-৫. (ক) প্ৰকাশিত বাক্যত দিয়া পশুৱে কাক চিত্ৰিত কৰে? (খ) এয়া আমি দানিয়েল ৭:১৫-১৭ পদৰপৰা কেনেকৈ জানিব পাৰিম?

৪ শত্ৰুবিলাকক চিনাক্ত কৰাৰ আগতে এয়া জানিব লাগিব যে এই পশুবোৰে কাক চিত্ৰিত কৰে। এই বিষয়ে আমি বাইবেলৰ আন কিতাপবোৰৰপৰা জানিব পাৰোঁ। সেই কিতাপবোৰৰ মাজৰ এখন কিতাপ হৈছে দানিয়েল। ভৱিষ্যতবক্তা দানিয়েলে লিখিছিল যে তেওঁ এটা সপোন দেখিছিল, যʼত তেওঁ “সমুদ্ৰৰ পৰা চাইটা বৃহৎ জন্তু ওলাই” অহা দেখিছে। (দানি. ৭:১-৩) তেওঁ এয়াও লিখিছিল যে এই চাৰিটা বৃহৎ জন্তুৱে চাৰিজন “ৰজা” বা চৰকাৰক চিত্ৰিত কৰে। (দানিয়েল ৭:১৫-১৭ পঢ়ক।) ইয়াৰপৰা আমি জানিব পাৰিম যে প্ৰকাশিত বাক্য কিতাপত কোৱা পশুবোৰেও চৰকাৰক চিত্ৰিত কৰে।

৫ এই কথাটো মনত ৰাখি আহক আমি প্ৰকাশিত বাক্যত দিয়া কিছুমান চিনবোৰলৈ ধ্যান দিওঁ। ইয়াক বুজিবলৈ আমি বাইবেলৰ বেলেগ বেলেগ পদবোৰলৈ ধ্যান দিম। আহক প্ৰথমে আমি চাওঁ যে এই পশুবোৰে কোনবোৰ চৰকাৰক চিত্ৰিত কৰে। আমি এয়াও শিকিম যে সেই চৰকাৰবোৰৰ কি অৱস্থা হʼব আৰু এয়া জানি আমি কি কৰা উচিত।

ঈশ্বৰৰ শত্ৰুসকলৰ চিনাক্ত

প্ৰকাশিত বাক্যত কোৱা সাতটা মূৰ থকা পশুৱে সমুদ্ৰ অৰ্থাৎ পৃথিৱীৰ লোকসকলৰপৰা ওলায়। ইয়াৰ মূৰবোৰত দহটা শিং আছে আৰু তাৰ ওপৰত দহটা কিৰীটি আছে। এই পশু নাহৰ ফুটুকি বাঘৰ নিচিনা, তাৰ ভৰি ভালুকৰ ভৰিৰ নিচিনা আৰু তাৰ মুখখন সিংহৰ নিচিনা আছে।

সাতটা মূৰ থকা পশু

ই “সাগৰৰ পৰা” উঠি আহে আৰু ইয়াৰ সাতটা মূৰ, দহটা শিং আৰু দহটা কিৰীটি আছে। (প্ৰকা. ১৩:১-৪) ই এতিয়ালৈকে অহা সকলো চৰকাৰক চিত্ৰিত কৰে। ইয়াৰ সাতটা মূৰ, সাতটা বিশ্ব শক্তিক চিত্ৰিত কৰে, যাৰ শাসনে ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰি আহিছে (অনুচ্ছেদ ৬-৮ চাওক)

৬. প্ৰকাশিত বাক্য ১৩:১-৪ পদত উল্লেখ কৰা সাতটা মূৰ থকা পশু কোন?

৬ সাতটা মূৰ থকা পশু কোন? আমি শিকিলোঁ যে দানিয়েল ৭ অধ্যায়ত চাৰিটা বেলেগ বেলেগ পশুৰ বিষয়ে কোৱা হৈছে, যিয়ে বেলেগ বেলেগ চৰকাৰক চিত্ৰিত কৰে। তাত লিখা আছে যে প্ৰথম পশু নাহৰ ফুটুকি বাঘৰ নিচিনা, দ্বিতীয় পশুটো ভালুকৰ নিচিনা, তৃতীয় পশুটো সিংহৰ নিচিনা আৰু চতুৰ্থ পশুৰ মূৰত দহটা শিং আছে, কিন্তু প্ৰকাশিত বাক্য ১৩:১-৪ পদত কোৱা সাতটা মূৰ থকা পশু দেখিবলৈ এই চাৰিটা পশুৰ নিচিনা হয়। (পঢ়ক।) এই সাতটা মূৰ থকা পশুৰ শৰীৰ নাহৰ ফুটুকি বাঘৰ নিচিনা, তাৰ ভৰি ভালুকৰ ভৰি নিচিনা আৰু মুখখন সিংহৰ মুখৰ নিচিনা আৰু তাৰ দহটা শিং আছে। ইয়াৰপৰা জানিব পাৰি যে সাতটা মূৰ থকা পশুৱে কোনো এটা চৰকাৰক চিত্ৰিত নকৰে। প্ৰকাশিত বাক্যত কোৱা হৈছে যে এই পশুৱে “সকলো ফৈদ, লোক, ভাষা, আৰু জাতিবিলাকৰ ওপৰত” শাসন কৰে। (প্ৰকা. ১৩:৭) এই সকলো কথাৰপৰা জানিব পাৰি যে সাতটা মূৰ থকা পশুৱে এতিয়ালৈকে শাসন কৰা সকলো চৰকাৰক চিত্ৰিত কৰে।b—উপ. ৮:৯.

৭. পশুৰ সাতটা মূৰে কাক চিত্ৰিত কৰে?

৭ পশুৰ সাতটা মূৰে কাক চিত্ৰিত কৰে? এয়া জানিবলৈ আহক প্ৰকাশিত বাক্য ১৭ অধ্যায়লৈ মন কৰোঁ। ইয়াত পশুৰ মূৰ্তিৰ বিষয়ে কোৱা হৈছে। প্ৰকাশিত বাক্য ১৭:১০ পদত এইদৰে লিখা হৈছে, “সেইবোৰেই সাত জন ৰজাও; তেওঁলোকৰ পাঁচ জন পতিত হল, এজন বৰ্ত্তমান আছে, আন জন এতিয়া নৌ হয় [অহা নাই]; হলেও তেওঁ অলপ কালহে থাকিব লাগিব।” চয়তানে এতিয়ালৈকে ব্যৱহাৰ কৰা সকলো চৰকাৰৰ ভিতৰত সাতখন চৰকাৰ আটাইতকৈ শক্তিশালী আছিল। সেইবাবে, তেওঁলোকক বিশ্ব শক্তি বুলি কোৱা হয় আৰু প্ৰকাশিত বাক্যত তেওঁলোকৰ তুলনা মূৰৰ লগত কৰিছে। কিছুমান বিশ্ব শক্তিয়ে ঈশ্বৰৰ লোকসকলৰ ওপৰত শাসন চলাইছিল আৰু কিছুমানে তেওঁলোকক শাস্তি দিছিল। পাঁচনি যোহনৰ দিনৰলৈকে পাঁচটা বিশ্ব শক্তিৰ শাসন শেষ হৈছিল। সেই শক্তিবোৰ হৈছে মিচৰ, অচুৰ, বাবিল, মাদিয়া-পাৰচ্য আৰু গ্ৰীক। বিশ্ব শক্তি ৰোমৰ শাসন সেইসময়ত চলি আছিল। গতিকে এতিয়া প্ৰশ্ন হৈ যে সপ্তম আৰু শেষ বিশ্ব শক্তি কোন?

৮. পশুৰ সপ্তম মূৰে কোনটো বিশ্ব শক্তিক চিত্ৰিত কৰে?

৮ “প্ৰভুৰ দিনত” অৰ্থাৎ এই শেষ-কালত কোনটো বিশ্ব শক্তিয়ে শাসন কৰি আছে? (প্ৰকা. ১:১০) ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে। সেইবাবে, আমি কʼব পাৰোঁ যে প্ৰকাশিত বাক্য ১৩:১-৪ পদত যি পশুৰ বিষয়ে উল্লেখ কৰা হৈছে, তাৰ সপ্তম মূৰে এই বিশ্ব শক্তিক চিত্ৰিত কৰে। দানিয়েল কিতাপতো আমি ইয়াৰ প্ৰমাণ পাওঁ।

মেৰ পোৱালিৰ নিচিনা দুটা শিং থকা পশু, যাৰ বিষয়ে প্ৰকাশিত বাক্যত কোৱা হৈছে। ই সাতটা মূৰ থকা পশুৰ সপ্তম মূৰৰপৰা ওলাই আৰু ইয়াক অগ্নিৰ সৰোবৰত পেলোৱা হʼব।

মেৰ পোৱালিৰ নিচিনা দুটা শিং থকা পশু

ই ‘পৃথিবীৰ পৰা উঠি’ আহে আৰু “নাগৰ নিচিনা কথা” কয়। ইয়ে “স্বৰ্গৰপৰা পৃথিবীলৈ অগ্নি নমায়” আৰু ‘ভাঁৰি-কোৱা ভাববাদী’ অৰ্থাৎ মিছা ভৱিষ্যতবক্তাৰ দৰে আচৰিত চিন দেখুৱায়। (প্ৰকা. ১৩:১১-১৫; ১৬:১৩; ১৯:২০) ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি দুটা শিং থকা পশু আৰু মিছা ভৱিষ্যতবক্তা হয়। এই বিশ্ব শক্তিয়ে পৃথিৱীৰ লোকসকলক ভুলাই আৰু ‘পশুৰ প্ৰতিমূৰ্ত্তি’ বনাবলৈ কয়, যাৰ সাতটা মূৰ আৰু দহটা শিং আছে (অনুচ্ছেদ ৯ চাওক)

৯. মেৰ পোৱালিৰ নিচিনা দুটা শিং থকা পশুৱে কাক চিত্ৰিত কৰে?

৯ প্ৰকাশিত বাক্য ১৩ অধ্যায়ত সেই সপ্তম মূৰক অৰ্থাৎ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক এনে এটা পশুৰ লগত তুলনা কৰা হৈছে, যাৰ ‘মেৰ পোৱালিৰ নিচিনা দুটা শিং আছে আৰু যিয়ে নাগৰ নিচিনা কথা কয়।’ এই পশুৱে “নানা মহৎ চিন দেখুৱায় এনে কি মানুহবিলাকৰ অহিতে স্বৰ্গৰপৰা অগ্নি নমায়।” (প্ৰকা. ১৩:১১-১৫) প্ৰকাশিত বাক্য ১৬ আৰু ১৯ অধ্যায়ত ইয়াক ‘ভাঁৰি-কোৱা ভাববাদী’ অৰ্থাৎ মিছা ভৱিষ্যতবক্তা বুলিও কোৱা হৈছে। (প্ৰকা. ১৬:১৩; ১৯:২০) দানিয়েলৰ কিতাপতো কোৱা হৈছে যে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে “সংহাৰ” অৰ্থাৎ ভয়ানক বিনাশ আনিব। (দানি. ৮:১৯, ২৩, ২৪) এই ভৱিষ্যতবাণী দ্বিতীয় বিশ্ব যুদ্ধত পূৰ হʼল। ব্ৰিটেইন আৰু আমেৰিকাই মিলি পৰমাণু বোমা বনালে আৰু এই দুয়োখন দেশে মিলি জাপানৰ ওপৰত এই বোমা বিস্ফোৰণ কৰিলে। ইয়াৰপৰা দ্বিতীয় বিশ্ব যুদ্ধ শেষ হʼল। এইদৰে ব্ৰিটেইন আৰু আমেৰিকা বিশ্ব শক্তিয়ে ‘স্বৰ্গৰপৰা পৃথিৱীলৈ অগ্নি নমালে।’

সাতটা মূৰ থকা আৰু দহটা শিং থকা সেন্দুৰ বৰণীয়া পশুৰ ওপৰত এজনী বেশ্যা বহি আছে। এই বেশ্যাক সম্পূৰ্ণৰূপে নাশ কৰা হʼব আৰু পশুক অগ্নিৰ সৰোবৰত পেলাই দিয়া হʼব।

এটা সেন্দুৰ বৰণীয়া পশু

ইয়াৰ ওপৰত এজনী বেশ্যা অৰ্থাৎ মহা-বাবিল বহি আছে। এই পশুক অষ্টম ৰজা বুলিও কোৱা হৈছে। (প্ৰকা. ১৭:৩-৬, ৮, ১১) প্ৰথমে এই বেশ্যাই পশুৰ ওপৰত অধিকাৰ চলাইছিল, কিন্তু পাছত পশুৱে তাইক ধ্বংস কৰিব। সেই বেশ্যাই গোটেই পৃথিৱীত থকা মিছা ধৰ্মবোৰক চিত্ৰিত কৰে। পশু হৈছে সংযুক্ত ৰাষ্ট্ৰ, যি পৃথিৱীৰ বেছিভাগ চৰকাৰেৰে গঠিত হৈছে (অনুচ্ছেদ ১০, ১৪-১৭ চাওক)

১০. ‘পশুৰ প্ৰতিমূৰ্ত্তিয়ে’ কাক চিত্ৰিত কৰে? (প্ৰকাশিত বাক্য ১৩:১৪, ১৫, ১৭:৩, ৮, ১১)

১০ এতিয়া আমি আন এটা পশুৰ বিষয়ে আলোচনা কৰিম। ই দেখিবলৈ সাতটা মূৰ থকা পশুৰ নিচিনা একে, কিন্তু ইয়াৰ ৰং সেন্দুৰ বৰণীয়া। ইয়াক ‘পশুৰ প্ৰতিমূৰ্ত্তি’ আৰু “অষ্টম” ৰজা বুলি কোৱা হয়।c (প্ৰকাশিত বাক্য ১৩:১৪, ১৫, ১৭:৩, ৮, ১১ পঢ়ক।) ভৱিষ্যতবাণীত কোৱা হৈছিল যে এই “ৰজা” আহিব। কিছু সময়ৰ বাবে লুপ্ত হʼব আৰু তাৰ পাছত আকৌ উভটি আহিব। এই কথাষাৰ সংযুক্ত ৰাষ্ট্ৰৰ লগত মিল খায় আৰু ই আগতে ৰাষ্ট্ৰ সংঘ নামেৰে জনাজাত আছিল। তাৰ পাছত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত ই লুপ্ত হৈ গʼল। কিন্তু ই আকৌ উভটি আহিল আৰু আজি আমাৰ সময়ত সংক্ত ৰাষ্ট্ৰ নামেৰে জনাজাত। ইয়ে গোটেই পৃথিৱীৰ চৰকাৰবোৰক সহযোগ কৰে।

১১. (ক) পশুবোৰে কি কৰিব? (খ) সেইসময়ত আমি কিয় ভয় খোৱাৰ প্ৰয়োজন নাই?

১১ সকলো পশু অৰ্থাৎ চৰকাৰে লোকসকলক, যিহোৱা আৰু তেওঁৰ সেৱকসকলৰ বিৰোধ কৰিবলৈ উচটাব। এইদৰে এই চৰকাৰে ‘গোটেই জগতৰ ৰজা সকলক সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ’ অৰ্থাৎ হৰমাগিদোনৰ বাবে একগোট কৰিব। (প্ৰকা. ১৬:১৩, ১৪, ১৬) কিন্তু সেইসময়ত আমি ভয় খোৱাৰ কোনো প্ৰয়োজন নহʼব, কিয়নো আমাৰ ঈশ্বৰ যিহোৱাই আমাক ৰক্ষা কৰিবলৈ লগে লগে পদক্ষেপ লʼব।—যিহি. ৩৮:২১-২৩.

১২. পশুবোৰৰ কি অৱস্থা হʼব?

১২ পশুবোৰৰ কি অৱস্থা হʼব? প্ৰকাশিত বাক্য ১৯:২০ পদত এইদৰে লিখা আছে, “পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাই, সেই পশুৰ ছাব লোৱাবিলাকক আৰু তাৰ প্ৰতিমূৰ্ত্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকে ধৰা গল; আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই সেই দুয়োকে পেলোৱা হল।” মন কৰক এই পদত লিখা আছে তেওঁলোকক জীয়াই জীয়াই জুইৰ সৰোবৰত পেলাই দিয়া হʼব। ইয়াৰ অৰ্থ হৈছে চৰকাৰবোৰে শাসন চলাই থকাৰ সময়তে ঈশ্বৰে তেওঁলোকক নাশ কৰিব।

১৩. আমি কি কৰাটো চৰকাৰে বিচাৰে?

১৩ ইয়াৰ বিষয়ে জানি আমি কি কৰা উচিত? আমি যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিশ্বাসী হৈ থকা উচিত। (যোহ. ১৮:৩৬) ইয়াৰ বাবে আমি সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ থকা আৰু জগতৰ ৰাজনৈতিক বিষয়বোৰৰপৰা আঁতৰি থকাটো অতি আৱশ্যক। এনে কৰাটো কঠিন হʼব পাৰে। কিয়নো চৰকাৰে বিচাৰে যে আমি যাতে নিজৰ কথা আৰু কামৰ যোগেদি সম্পূৰ্ণৰূপে তেওঁলোকক সহযোগ কৰোঁ। কিন্তু তেওঁলোকক সহযোগ কৰা লোকসকলে নিজৰ ওপৰত পশুৰ ছাব লগোৱা যেন হʼব। (প্ৰকা. ১৩:১৬, ১৭) যাৰ ওপৰত এই ছাব হʼব, যিহোৱাই তেওঁক অস্বীকাৰ কৰিব আৰু তেওঁ অনন্ত জীৱন পোৱাৰ সুযোগ হেৰুৱাব। (প্ৰকা. ১৪:৯, ১০, ২০:৪) সেইবাবে, চৰকাৰে আমাক যিমানে হেঁচা নিদিয়ক কিয়, আমি সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ থকা উচিত।

মহা-বেশ্যাৰ লজ্জাজনক অন্ত

১৪. পাঁচনি যোহনে কি দেখি আচৰিত হৈছিল? (প্ৰকাশিত বাক্য ১৭:৩-৫)

১৪ পাঁচনি যোহনে দৰ্শনত আৰু এটা বস্তু দেখি আচৰিত হৈছিল। তেওঁ দেখে যে এটা সেন্দুৰ বৰণীয়া পশুৰ ওপৰত এজনী তিৰোতা বহি আছে। সেই তিৰোতা ‘মহা-বেশ্যা’ হয়, যাক “মহা-বাবিল” বুলি কোৱা হয়। তাই ‘পৃথিবীৰ ৰজাসকলৰ সৈতে ব্যভিচাৰ কৰে।’—প্ৰকাশিত বাক্য ১৭:৩-৫ পঢ়ক; প্ৰকা. ১৭:১, ২, ৬.

১৫-১৬. (ক) “মহা-বাবিল” কোন? (খ) এয়া আমি কেনেকৈ জানিব পাৰোঁ?

১৫ “মহা-বাবিল” কোন? সেই বেশ্যা কোনো চৰকাৰক চিত্ৰিত নকৰে। কিয়নো প্ৰকাশিত বাক্যত কোৱা হৈছে যে তাই পৃথিৱীৰ ৰজাসকলৰ লগত ব্যভিচাৰ কৰে। (প্ৰকা. ১৮:৯) ইয়াত এয়াও লিখা আছে যে তাই পশুৰ ওপৰত বহি আছে, ইয়াৰ অৰ্থ হৈছে তাই চৰকাৰবোৰক নিজৰ অধীনত ৰাখিবলৈ চেষ্টা কৰিছে। সেই বেশ্যা লুভীয়া বেপাৰীবিলাককো চিত্ৰিত নকৰে, কিয়নো তেওঁলোকক বেলেগকৈ ‘পৃথিৱীৰ সদাগৰ’ বুলি কোৱা হৈছে।—প্ৰকা. ১৮:১১, ১৫, ১৬.

১৬ বাইবেলত বহুতোলোকক ‘বেশ্যাৰ’ দৰে কাম কৰে বুলি কোৱা হৈছে। কিয়নো এফালে তেওঁলোকে যিহোৱাৰ সেৱা কৰোঁ বুলি দাবী কৰে, আনফালে মূৰ্তিপূজা কৰে আৰু ঈশ্বৰৰ বিৰুদ্ধে হোৱা কামবোৰত ভাগ লয়। (যিহি. ১৬:২, ৩৫; যাকো. ৪:৪) যিসকলে সম্পূৰ্ণৰূপে যিহোৱাৰ বিশ্বাসী হৈ থাকে, বাইবেলত তেওঁলোকক পবিত্ৰ বা নিষ্কলংক বুলি কোৱা হৈছে। (২ কৰি. ১১:২; প্ৰকা ১৪:৪) ইয়াৰ উপৰিও মিছা ধৰ্ম, প্ৰাচীন বাবিল নগৰৰপৰা আৰম্ভ হৈছিল। এই সকলো কথাৰপৰা বুজিব পাৰি যে মহা-বাবিল পৃথিৱীজুৰি বিয়পি থকা মিছা ধৰ্মক চিত্ৰিত কৰে।—প্ৰকা. ১৭:৫, ১৮; jw.org-ত “মহা-বাবিল কোন?” নামৰ ইংৰাজী লেখটো পঢ়ক।

১৭. মহা-বাবিলৰ কি অৱস্থা হʼব?

১৭ মহা-বাবিলৰ কি অৱস্থা হʼব? প্ৰকাশিত বাক্য ১৭:১৬, ১৭ পদত এইদৰে লিখা আছে, “তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব, আৰু তাইক অনাথ আৰু উলঙ্গ কৰি, তাইৰ মঙহ খাব, আৰু তাইক জুইত পুৰি পেলাব। কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নহয়মানে, তেওঁৰ মনস্থ পূৰ কৰিবলৈ, আৰু একম্‌না হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবলৈ, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।” এই পদবোৰৰপৰা বুজিব পাৰি যে সেন্দুৰ বৰণীয়া পশু অৰ্থাৎ সংযুক্ত ৰাষ্ট্ৰৰ যোগেদি পৃথিৱীৰ সকলো মিছা ধৰ্মক সম্পূৰ্ণৰূপে নাশ কৰিবলৈ যিহোৱাই পৃথিৱীৰ চৰকাৰবোৰক উচটাব।—প্ৰকা. ১৮:২১-২৪.

১৮. মহা-বাবিলৰ লগত সম্পৰ্ক নাৰাখিবলৈ আমি কি কৰিব লাগিব?

১৮ ইয়াৰ বিষয়ে জানি আমি কি কৰা উচিত? আমি ধ্যান দিয়া উচিত যে আমাৰ উপাসনা যাতে ঈশ্বৰৰ আগত ‘শুদ্ধ আৰু নিষ্কলঙ্ক’ হয়। (যাকো. ১:২৭) ইয়াৰ বাবে আমি মহা-বাবিলৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগিব। আমি মিছা শিক্ষা আৰু উৎসৱবোৰ পালন কৰা উচিত নহয় আৰু আমি সকলো ধৰণৰ অনৈতিক কামৰপৰা আঁতৰি থকা উচিত। আমি যাদু-বিদ্যা কৰাও উচিত নহয়। ইয়াৰ উপৰিও আমি আনকো ‘তাৰ পৰা ওলাই’ আহিবলৈ উৎসাহিত কৰা উচিত, যাতে তেওঁলোকে মহা-বাবিলৰ পাপৰ ভাগী নহয়।—প্ৰকা. ১৮:৪.

ঈশ্বৰৰ আটাইতকৈ ডাঙৰ শত্ৰুৰ বিনাশ

সাতটা মূৰ, দহটা শিং আৰু সাতটা কিৰীটি থকা ৰঙা বৰ নাগ। এই নাগে দানিয়েল আৰু প্ৰকাশিত বাক্য কিতাপত কোৱা পশুক ক্ষমতা দিছে। এই নাগক অগ্নিৰ সৰোবৰত পেলাই দিয়া হʼব।

ৰঙা বৰ নাগ

ই চয়তান হয়, যিয়ে সাতটা মূৰ থকা পশুক ক্ষমতা দিয়ে। (প্ৰকা. ১২:৩, ৯, ১৩; ১৩:৪; ২০:২, ১০) চয়তান হৈছে যিহোৱাৰ আটাইতকৈ ডাঙৰ শত্ৰু। তাক ১০০০ বছৰৰ বাবে অগাধ ঠাইত বন্দী কৰা হʼব। তাৰ পাছত তাক “জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা” হʼব (অনুচ্ছেদ ১৯-২০ চাওক)

১৯. ৰঙা বৰ নাগ কোন হয়?

১৯ প্ৰকাশিত বাক্য কিতাপখনত ‘এটা ৰঙা বৰ নাগৰ’ বিষয়ে কোৱা হৈছে। (প্ৰকা. ১২:৩) এই নাগে যীচু আৰু তেওঁৰ স্বৰ্গদূতৰ লগত যুদ্ধ কৰিছিল। (প্ৰকা. ১২:৭-৯) ইয়ে ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰে আৰু ইয়ে পশু অৰ্থাৎ পৃথিৱীৰ সকলো চৰকাৰক অধিকাৰ দিছে। (প্ৰকা. ১২:১৭, ১৩:৪) এই নাগ কোন হয়? এই নাগ ‘দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত পুৰণি সাপ’ হয়। (প্ৰকা. ১২:৯, ২০:২) ই যিহোৱাৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় আৰু ই যিহোৱাৰ বাকী সকলো শত্ৰুক নিয়ন্ত্ৰণ কৰে।

২০. নাগৰ কি অৱস্থা হʼব?

২০ নাগৰ কি অৱস্থা হʼব? প্ৰকাশিত বাক্য ২০:১-৩ পদত কোৱা হৈছে যে এজন স্বৰ্গদূতে চয়তানক অগাধ ঠাইত পেলাই দিব আৰু তাক এহেজাৰ বছৰলৈকে বন্ধ কৰিব থʼব। সেই সময়ছোৱাত চয়তানে ‘জাতিবিলাকক ভুলাব নোৱাৰিব।’ এহেজাৰ বছৰ শেষ হোৱাৰ পাছত চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলক “জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা” হʼব। (প্ৰকা. ২০:১০) ইয়াৰ অৰ্থ হৈছে সিহঁতক সদায় কাললৈকে ধ্বংস কৰা হʼব। চিন্তা কৰক, যেতিয়া চয়তান আৰু দুষ্ট স্বৰ্গদূতসকল নাথাকিব, তেতিয়া সকলোৱে কিমান সকাহ পাব!

২১. প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণীবোৰ পঢ়ি আমি কিয় আনন্দ লাভ কৰোঁ?

২১ প্ৰকাশিত বাক্য কিতাপখনত দিয়া চিনবোৰৰ বিষয়ে জানি আমি বহুত আনন্দ লাভ কৰিলোঁ, নহয়নে বাৰু? আমি ঈশ্বৰৰ শত্ৰুসকলক জনাৰ উপৰিও এয়াও জানিলোঁ যে সিহঁতৰ কি অৱস্থা হʼব। সঁচাকৈ ‘যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, আৰু যিবিলাকে শুনে, তেওঁবিলাক ধন্য।’ (প্ৰকা. ১:৩) গতিকে এতিয়া প্ৰশ্ন হৈছে যে শত্ৰুসকলে ধ্বংস হোৱাৰ পাছত ঈশ্বৰৰ লোকসকলে কি কি আশীৰ্বাদ লাভ কৰিব। ইয়াৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হʼব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • প্ৰকাশিত বাক্যত দিয়া চিনবোৰৰ অৰ্থ আমি কেনেকৈ জানিব পাৰোঁ?

  • আমি ৰাজনৈতিক বিষয়বোৰত কিয় নিৰপেক্ষ হৈ থকা উচিত?

  • “মহা-বাবিলৰ” লগত সম্পৰ্ক নাৰাখিবলৈ আমি কি কৰা উচিত?

গীত ২৩ যিহোৱাৰ ৰাজ্য আৰম্ভ হʼল

a প্ৰকাশিত বাক্য কিতাপখনত কিছুমান চিন দিয়া আছে, যাৰ জড়িয়তে আমি ঈশ্বৰৰ শত্ৰুবোৰক চিনাক্ত কৰিব পাৰিম। এই চিনবোৰৰ অৰ্থ জানিবলৈ আমি দানিয়েলৰ কিতাপখনৰ অনুসন্ধান কৰিব লাগিব। কাৰণ তাৰ আৰু প্ৰকাশিত বাক্যৰ কিছুমান ভৱিষ্যতবাণী মিল খায়। এই লেখত আমি সেই ভৱিষ্যতবাণীবোৰৰ বিষয়ে আলোচনা কৰিম। এনে কৰিলে আমি ঈশ্বৰৰ শত্ৰুক চিনাক্ত কৰিব পাৰিম আৰু জানিব পাৰিম যে সিহঁতৰ কি অৱস্থা হʼব।

b সাতটা মূৰ থকা পশুৰ দহটা মূৰ আছে। ইয়াৰপৰাও জানিব পাৰি যে এই পশুৱে সকলো চৰকাৰক চিত্ৰিত কৰে। বাইবেলত প্ৰায়ে সম্পূৰ্ণতাক চিত্ৰিত কৰিবলৈ দহ সংখ্যাটো ব্যৱহাৰ কৰা হয়।

c আগতে উল্লেখ কৰা পশু আৰু প্ৰতিমূৰ্তিৰ মাজত আৰু এটা পাৰ্থক্য আছে। প্ৰতিমূৰ্তিৰ শিঙত “কিৰীটি” বা মুকুট নাই। (প্ৰকা. ১৩:১) কিয়নো ই নিজে এক চৰকাৰ নহয়। ইয়াৰ পৰিৱৰ্তে ই ‘সাতটা [বিশ্ব শক্তিৰপৰা] উলাইছে।’—jw.org-ত “প্ৰকাশিত বাক্য ১৭ অধ্যায়ত কোৱা সেন্দুৰ বৰণীয়া পশুৱে কাক চিত্ৰিত কৰে?” নামৰ ইংৰাজী লেখটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক