অধ্যয়নৰ লেখ ৪৮
কঠিন পৰিস্থিতিত যিহোৱাই সহায় কৰিব বুলি বিশ্বাস ৰাখক
‘তোমালোক বলৱান হোৱা, কিয়নো বাহিনীবিলাকৰ যিহোৱাই কৈছে, মই তোমালোকৰ লগত আছোঁ।’—হগ্. ২:৪, ৫.
গীত ১১৮ “আমাৰ বিশ্বাস বঢ়াই দিয়ক”
লেখৰ এক আভাসa
১-২. (ক) যিহূদীসকলৰ দৰে আজি আমি কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়? (খ) যিহূদীসকলে যিৰূচালেমলৈ উভতি অহাৰ পাছত কি হʼল? (“হগ্গয়, জখৰিয়া আৰু ইজ্ৰাৰ দিনত কি হৈছিল?” নামৰ বক্সখন চাওক।)
কালিলৈ কি হʼব বুলি ভাবি আপুনি চিন্তিত হয় নে? আপুনি হয়তো নিজৰ চাকৰি হেৰুৱাইছে আৰু নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বুলি ভাবি চিন্তিত হৈছে। অথবা হয়তো আপোনাৰ দেশত ৰাজনৈতিক সমস্যা হৈছে, প্ৰচাৰত আপোনাক বিৰোধ কৰা হৈছে বা আপোনাক তাড়না দিয়া হৈছে, যাৰ বাবে আপুনি নিজৰ পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈছে। সঁচাকৈ এনে পৰিস্থিতিবোৰৰ সন্মুখীন হোৱাটো সহজ নহয়। পুৰণি সময়ত যিহূদীসকলেও এনেধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। সেই সময়ত যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিছিল আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আহক চাওঁ।
২ কিছুমান যিহূদী বহু বছৰ ধৰি বাবিলত আছিল আৰু তাত আৰামদায়ক জীৱন-যাপন কৰিছিল। কিন্তু এতিয়া তেওঁলোকে বাবিল এৰি যিৰূচালেম যাবলগীয়া আছিল আৰু সেই ঠাইৰ বিষয়ে তেওঁলোকে বেছি কথা জনা নাছিল। ইয়াৰ বাবে তেওঁলোকক বহুত বিশ্বাসৰ প্ৰয়োজন আছিল। ইয়াৰ উপৰিও যেতিয়া তেওঁলোকে যিৰূচালেমত গৈ পালে, তাৰ কিছু সময়ৰ পাছত তেওঁলোকৰ টকা-পইচাৰ অভাৱ হʼল, তেওঁলোকক বিৰোধ কৰা হʼল আৰু তেওঁলোকে ৰাজনৈতিক সমস্যাৰো সন্মুখীন হʼল। ইয়াৰ বাবে কিছুমান লোকক মন্দিৰ বনোৱা কামত ধ্যান দিবলৈ কঠিন লাগিছিল। কিন্তু প্ৰায় খ্ৰীষ্টপূৰ্ব ৫২০-ত যিহোৱাই ভৱিষ্যবক্তা হগ্গয় আৰু জখৰিয়াক যিৰূচালেমলৈ পঠিয়ালে যাতে তেওঁলোকে যিহূদীসকলক উৎসাহিত কৰিব পাৰে। (হগ্. ১:১; জখ. ১:১) আগলৈ আমি চাম যে সেই ভৱিষ্যবক্তাসকলে যি কʼলে, তাৰ পৰা যিহূদীসকলে বহুত উৎসাহিত হʼল। কিন্তু প্ৰায় ৫০ বছৰৰ পাছত যিহূদীসকলৰ উৎসাহ আকৌ কমি গʼল। তেতিয়া যিহূদীসকলে যাতে সত্য উপাসনাক নিজৰ জীৱনত আকৌ প্ৰথম স্থান দিব পাৰে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰিবলৈ ইজ্ৰাক বাবিলৰ পৰা যিৰূচালেমলৈ পঠিয়ালে, যি নকল বনোৱাত পাৰ্গত আছিল।—ইজ্ৰা ৭:১, ৬.
৩. এই লেখত আমি কি কি প্ৰশ্নবোৰৰ উত্তৰ পাম? (হিতোপদেশ ২২:১৯)
৩ পুৰণি সময়ত হগ্গয় আৰু জখৰিয়াই যি ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা যিহূদীসকলে বহুত সহায় পালে। বিৰোধৰ সত্ত্বেও তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰিলে। সেই ভৱিষ্যবাণীবোৰৰ পৰা আজি আমিও সহায় পাব পাৰোঁ। আমি সমস্যাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। (হিতোপদেশ ২২:১৯ পঢ়ক।) এতিয়া আহক চাওঁ যে হগ্গয় আৰু জখৰিয়াই ঈশ্বৰৰ ফালৰ পৰা কি বাৰ্তা দিছিল আৰু ইজ্ৰাই কি ভাল উদাহৰণ ৰাখিছিল। এইদৰে কৰিলে আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম: বাবিলৰ পৰা উভতি অহা যিহূদীসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল? আমি সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাত কিয় ধ্যান দিয়া উচিত? সমস্যা আহিলে আমি কেনেকৈ যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিব পাৰোঁ?
যিহূদীসকলৰ ওপৰত সমস্যা আহোঁতে কি হʼল?
৪-৫. হয়তো কি কি কাৰণৰ বাবে যিহূদীসকলৰ উৎসাহ কমি গৈছিল?
৪ বাবিলৰ পৰা উভতি যোৱা যিহূদীসকলে যেতিয়া যিৰূচালেম গৈ পালে, তেতিয়া তেওঁলোকক বহুতো কাম কৰিবলগীয়া আছিল। তেওঁলোকে গৈ পোৱাৰ লগে লগে যিহোৱাৰ বাবে বেদী বনালে আৰু মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। (ইজ্ৰা ৩:১-৩, ১০) কিন্তু আগলৈ গৈ তেওঁলোকৰ উৎসাহ কমি গʼল। কিয় বাৰু? কিয়নো মন্দিৰ বনোৱাৰ লগতে তেওঁলোকে নিজৰ ঘৰ বনাবলগীয়া আছিল, পথাৰত কাম কৰিবলগীয়া আছিল আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ প্ৰয়োজন আছিল। (ইজ্ৰা ২:৬৮, ৭০) ইয়াৰ উপৰিও মন্দিৰৰ কাম বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰা বিৰোধীসকলৰো সন্মুখীন হʼবলগীয়া হৈছিল।—ইজ্ৰা ৪:১-৫.
৫ সেই যিহূদীসকলে আৰু কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল। সেই সময়ত তেওঁলোকে ৰাজনৈতিক সমস্যাৰ সন্মুখীন হৈছিল আৰু যিহূদীসকলক নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কঠিন লাগিছিল। সেই সময়ত পাৰস্যৰ শাসন চলি আছিল। খ্ৰীষ্টপূৰ্ব ৫৩০-ত পাৰস্যৰ ৰজা কোৰচৰ মৃত্যু হʼল। তেওঁৰ পাছত কেমবিচিচ পাৰস্যৰ ৰজা হʼল আৰু তেওঁ মিচৰৰ ওপৰত আক্ৰমণ কৰিবলৈ নিজৰ সৈন্য বাহিনীৰ লগত ওলাই গʼল। হয়তো তেওঁলোকে ইস্ৰায়েলীসকলৰ এলেকাৰ মাজেদি গৈছিল আৰু ৰাস্তাতে সৈনিকসকলে ইস্ৰায়েলীসকলক খোৱা-বোৱাৰ ব্যৱস্থা কৰিবলৈ কʼলে আৰু ইয়ে ইস্ৰায়েলীসকলৰ সমস্যা আৰু বঢ়াই দিছিল। কেমবিচিচৰ মৃত্যুৰ পাছত দাৰিয়াবচ পাৰস্যৰ ৰজা হʼল। যেতিয়া তেওঁ শাসন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া বহুতো সমস্যা হৈছিল। লোকসকলে তেওঁৰ বিদ্ৰোহ কৰিলে আৰু সকলো ফালে হুলস্থূলৰ পৰিৱেশ আছিল, যাৰ বাবে ইস্ৰায়েলীসকলে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বুলি ভাবি চিন্তিত হʼল। তেওঁলোকে হয়তো ভাবিলে যে এয়া মন্দিৰ বনোৱাৰ সঠিক সময় নহয়।—হগ্. ১:২.
৬. (ক) যিহূদীসকলে আৰু কি সমস্যাৰ সন্মুখীন হৈছিল? (খ) জখৰিয়াই তেওঁলোকক কি কথাৰ বিশ্বাস দিলে? (জখৰিয়া ৪:৬, ৭)
৬ জখৰিয়া ৪:৬, ৭ পঢ়ক। টকা-পইচাৰ অভাৱ আৰু ৰাজনৈতিক হূলস্থূলৰ লগতে যিহূদীসকলে লোকসকলৰ বিৰোধৰো সন্মুখীন হʼবলগীয়া হৈছিল। খ্ৰীষ্টপূৰ্ব ৫২২-ত শত্ৰুসকলে নিজৰ ষড়যন্ত্ৰত সফল হʼল আৰু মন্দিৰ বনোৱা কামত নিষেধ কৰা হʼল। কিন্তু জখৰিয়াই যিহূদীসকলক বিশ্বাস দিলে যে যিহোৱাই পবিত্ৰ শক্তিৰ যোগেদি সকলো সমস্যা দূৰ কৰিব আৰু এইদৰেই হʼল। যিহোৱাই সঁচাকৈ নিজৰ লোকসকলক সহায় কৰিলে। মন্দিৰ বনোৱা কামত যি নিষেধ কৰা হৈছিল, সেয়া খ্ৰীষ্টপূৰ্ব ৫২০-ত ৰজা দাৰিয়াবচে আঁতৰাই দিলে। ইয়াৰ উপৰিও তেওঁ টকা-পইচা দি সহায় কৰিলে লগতে যিহূদীসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ তাত থকা ৰাজ্যপালসকলক আদেশ দিলে।—ইজ্ৰা ৬:১, ৬-১০.
৭. যেতিয়া যিহূদীসকলে যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিলে, তেতিয়া যিহোৱাই তেওঁলোকক কি কি আশীৰ্বাদ দিলে?
৭ ভৱিষ্যবক্তা হগ্গয় আৰু জখৰিয়াৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক প্ৰতিজ্ঞা কৰিলে যে যদি তেওঁলোকে মন্দিৰ বনোৱা কামত সম্পূৰ্ণৰূপে ধ্যান দিয়ে, তেনেহʼলে যিহোৱাই তেওঁলোকক সহায় কৰিব। (হগ্. ১:৮, ১৩, ১৪; জখ. ১:৩, ১৬) এই কথা শুনি যিহূদীসকলে সাহস পালে আৰু খ্ৰীষ্টপূৰ্ব ৫২০-ত মন্দিৰ বনোৱা কাম আকৌ আৰম্ভ কৰিলে। পাঁচ বছৰৰ ভিতৰতে তেওঁলোকে মন্দিৰ বনাই সম্পূৰ্ণ কৰিলে। যিহূদীসকলে বহুতো সমস্যাৰ মাজেদি পাৰ হৈছিল, তথাপি তেওঁলোকে যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিছিল যাৰ বাবে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিলে। তেওঁলোকে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে যিহোৱাৰ কাষ চাপিবলৈও নিজৰ পৰিয়ালক সহায় কৰিলে। সেইবাবে, তেওঁলোকে আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিলে।—ইজ্ৰা ৬:১৪-১৬, ২২.
ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ ওপৰত ধ্যান দিয়ক
৮. হগ্গয় ২:৪ পদত লিখা কথাৰ ওপৰত মন দিলে আমি কেনেকৈ ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত ধ্যান দি থাকিব পাৰিম? (ফুটনোটো চাওক।)
৮ মহা সংকট একেবাৰে ওচৰ পালেহি। সেইবাবে, লোকসকলক প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি আমি মনত ৰখা উচিত। (মাৰ্ক ১৩:১০) কিন্তু আমাৰ যদি টকা-পইচাৰ অভাৱ হৈছে বা প্ৰচাৰ কৰাৰ সময়ত বিৰোধৰ সন্মুখী হৈছোঁ, তেনেহʼলে প্ৰচাৰ কামত ধ্যান দিবলৈ আমাক হয়তো কঠিন লাগিব পাৰে। গতিকে, আমি কেনেকৈ যিহোৱাই দিয়া এই কামক নিজৰ জীৱনত প্ৰথম স্থান দিব পাৰোঁ? আমি সম্পূৰ্ণৰূপে ভৰসা ৰখা উচিত যে ‘বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা’b আমাৰ লগত আছে। যদি আমি তেওঁৰ কামক প্ৰথম স্থান দিওঁ, তেনেহʼলে তেওঁ নিশ্চয় আমাক সহায় কৰিব। সেইবাবে, আমাক ভয় কৰাৰ কোনো প্ৰয়োজন নাই।—হগ্গয় ২:৪ পঢ়ক।
৯-১০. এহাল দম্পতীয়ে মথি ৬:৩৩ পদত যীচুৱে কোৱা কথা নিজৰ জীৱনত পূৰ হোৱাটো কেনেকৈ দেখিবলৈ পালে?
৯ এতিয়া আহক আমি ভাই অʼলেগ আৰু ভনী ইৰীনাৰc উদাহৰণলৈ মন কৰোঁ। তেওঁলোকে অগ্ৰগামী সেৱা কৰি আছে। এবাৰ যেতিয়া তেওঁলোকে আন ঠাইত সেৱা কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকৰ দেশৰ পৰিস্থিতি একেবাৰে বেয়া হৈ পৰিছিল, যাৰ বাবে তেওঁলোকে নিজৰ চাকৰি হেৰুৱাবলগীয়া হৈছিল। প্ৰায় এবছৰলৈকে তেওঁলোকৰ ওচৰত একো ভাল কাম নাছিল, কেতিয়াবা কেতিয়াবা তেওঁলোকৰ কাম হৈছিল আৰু কেতিয়াবা নহৈছিল। কিন্তু তেওঁলোকে যিহোৱাৰ প্ৰেম অনুভৱ কৰিলে, যিহোৱাই তেওঁলোকৰ যত্ন লʼলে আৰু ভাই-ভনীসকলেও তেওঁলোকক সহায় কৰিলে। আৰম্ভণিতে ভাই অʼলেগ অলপ নিৰাশ হৈ পৰিছিল। কিন্তু তেওঁলোকে এই সমস্যা পাৰ কৰিব পাৰিলে। কেনেকৈ বাৰু? ভায়ে এইদৰে কৈছে, “সেই সময়ত আমি প্ৰচাৰ কাম কৰি থকাৰ বাবে বহুত সহায় পালোঁ। ইয়াৰ বাবে আমি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাবোৰলৈ ধ্যান দিব পাৰিলোঁ।” সেই সময়ছোৱাত ভাই অʼলেগ আৰু তেওঁৰ পত্নীয়ে কামো বিচাৰি আছিল আৰু লগতে প্ৰচাৰো কৰি আছিল।
১০ এদিনাখন প্ৰচাৰৰ পৰা ঘৰলৈ উভতি আহোঁতে তেওঁলোকে ওচৰ-চুবুৰীয়াৰ পৰা গম পালে যে তেওঁলোকৰ এজন বন্ধু প্ৰায় ১৬০ কিলোমিটাৰ (১০০ মাইল) যাত্ৰা কৰি তেওঁলোকৰ বাবে দুখন মোনাত খোৱা-বোৱাৰ বস্তু আনিছিল। ভাই অʼলেগে এইদৰে কৈছে, “সেইদিনাখন আমাৰ পুনৰ অনুভৱ হʼল যে যিহোৱা আৰু মণ্ডলীৰ ভাই-ভনীসকলে আমাৰ বাবে কিমান চিন্তা কৰে! আমাৰ বিশ্বাস হʼল যে কেতিয়াবা কেতিয়াবা যদিও আমি আশা হেৰুৱাই দিব পাৰোঁ, কিন্তু যিহোৱাই নিজৰ সেৱকসকলক কেতিয়াও নাপাহৰে।”—মথি ৬:৩৩.
১১. আজি আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?
১১ আমি শিষ্য বনোৱা কামত সম্পূৰ্ণৰূপে ধ্যান দিয়াটো যিহোৱাই বিচাৰে। কিয়নো ইয়াৰ ওপৰতে লোকসকলৰ জীৱন নিৰ্ভৰ হৈ আছে। হগ্গয়ৰ সময়ত যিহোৱাই নিজৰ লোকসকলক ঠিক এনেধৰণৰে কথা কৈছিল, যিদৰে আমি অনুচ্ছেদ ৭-ত চাইছিলোঁ। তেওঁ হগ্গয়ৰ যোদেগি ইস্ৰায়েলীসকলক মন্দিৰ বনোৱাৰ কাম পুনৰ আৰম্ভ কৰিবলৈ অৰ্থাৎ তাৰ ভিত্তিমূল পুনৰ স্থাপন কৰিবলৈ কৈছিল। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে যদি তেওঁলোকে এইদৰে কৰিব, তেনেহʼলে যিহোৱাই তেওঁলোকক “আশীৰ্ব্বাদ” দিব। (হগ্. ২:১৮, ১৯) আজি আমিও যদি যিহোৱাই দিয়া কামৰ ওপৰত আমি সম্পূৰ্ণৰূপে ধ্যান দিওঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ আমাকো আশীৰ্বাদ দিব।
যিহোৱাৰ ওপৰত কেনেকৈ ভৰসা বঢ়াব পাৰোঁ?
১২. ইজ্ৰা আৰু তেওঁৰ লগত যোৱা যিহূদীসকলক কিয় যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰখাৰ প্ৰয়োজন আছিল?
১২ খ্ৰীষ্টপূৰ্ব ৪৬৮-ত বাবিলত থকা যিহূদীসকলৰ আন এটা সমূহ ইজ্ৰাৰ লগত যিৰূচালেমলৈ যাবলৈ ওলালে। এই যাত্ৰাত তেওঁলোকে যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰাৰ প্ৰয়োজন আছিল। কিয় বাৰু? কিয়নো তেওঁলোকে নিজৰ লগত বহুতো সোণ আৰু ৰূপ লগত লৈ গৈছিল, যি মন্দিৰৰ কামত ব্যৱহাৰ কৰিবলৈ দান দিয়া হৈছিল আৰু ডকাইতবিলাকে ৰাস্তাত এইবোৰ সহজে লুট কৰিব পাৰিলেহেঁতেন। সঁচাকৈ এই যাত্ৰা বহুত বিপদজনক আছিল। (ইজ্ৰা ৭:১২-১৬; ৮:৩১) ইয়াৰ উপৰিও তেওঁলোকে এয়াও গম পালে যে যিৰূচালেমত থকাটো সুৰক্ষিত নহয়। কিয়নো এতিয়া তাত বেছি লোক নাথাকে আৰু নগৰৰ দেৱাল আৰু দুৱাৰ এতিয়াও বনোৱা হোৱা নাই। ইজ্ৰাৰ দৰে আমিও যিহোৱাৰ ওপৰত কেনেকৈ আৰু ভৰসা কৰিব পাৰোঁ?
১৩. ইজ্ৰাই যিহোৱাৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বঢ়ালে? (ফুটনোটো চাওক।)
১৩ ইজ্ৰাই দেখিছিল যে সমস্যাৰ সময়ত যিহোৱাই কেনেকৈ নিজৰ লোকসকলক চম্ভালিছিল। খ্ৰীষ্টপূৰ্ব ৪৮৪-ত ৰজা অহচবেৰোচে পাৰস্য সাম্ৰাজ্যত থকা সকলো যিহূদীকে মাৰি পেলোৱাৰ ফৰমান উলিয়ালে। (ইষ্টে. ৩:৭, ১৩-১৫) সেই সময়ত ইজ্ৰা হয়তো বাবিলত আছিল। এতিয়া ইজ্ৰা আৰু তেওঁৰ লগত থকা যিহূদীসকলৰ জীৱন বিপদত আছিল। ‘প্ৰত্যেক প্ৰদেশৰ যি যি ঠাইত’ যিহূদীসকলে এই ফৰমানৰ বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে ক্ৰন্দন কৰিবলৈ ধৰিলে আৰু লঘোণ দিলে। তেওঁলোকে নিশ্চয় সহায় বিচাৰি যিহোৱালৈ মিনতি কৰিছিল। (ইষ্টে. ৪:৩) কিছু সময়ৰ পাছত পৰিস্থিতি সলনি হʼল। যিসকল লোকে যিহূদীসকলক শেষ কৰিব বিচাৰিছিল, এতিয়া তেওঁলোকৰে জীৱন বিপদত আছিল। চিন্তা কৰক, এয়া জানি ইজ্ৰা আৰু আন যিহূদীসকলক হয়তো কেনে লাগিছিল! (ইষ্টে. ৯:১, ২) এয়া দেখি যিহোৱাৰ ওপৰত ইজ্ৰাৰ ভৰসা আৰু বাঢ়ি গʼল। এতিয়া তেওঁৰ সম্পূৰ্ণ বিশ্বাস হʼল যে আগলৈ গৈ যদি কিবা সমস্যা আহে, তেনেহʼলে যিহোৱাই তেওঁলোকক নিশ্চয় সহায় কৰিব।d
১৪. সমস্যাৰ সময়ত এজনী ভনীয়ে নিজৰ অনুভৱৰ পৰা কি শিকিলে?
১৪ সমস্যাৰ সময়ত যিহোৱাই আমাক যিদৰে চম্ভালি ৰাখে, তাৰ পৰা আমাৰ বিশ্বাস আৰু বাঢ়ি যায়। পূব ইউৰোপত থকা ভনী এনেষ্টাচিয়াৰ লগতো এইদৰেই হৈছিল। তাইৰ অফিচৰ লোকসকলে তাইক এটা ৰাজনৈতিক বিষয়ত তেওঁলোকক সহযোগ কৰিবলৈ হেঁচা দিছিল। ইয়াৰ বাবে তাই নিজৰ চাকৰি হেৰুৱাবলীয়া হʼল। তাই এইদৰে কৈছে, “এয়া মোৰ জীৱনত প্ৰথম বাৰ হৈছিল, যেতিয়া মোৰ হাতত এটকাও নাছিল।” তাই আগলৈ এইদৰে কৈছে, “মই সকলোবোৰ যিহোৱাৰ হাতত এৰি দিলোঁ আৰু যিহোৱাই মোক ভালদৰে চম্ভালি ৰাখিলে। কালিলৈ যদি মই চাকৰি হেৰুৱাও, তেনেহʼলে মই চিন্তিত নহম। কাৰণ মোৰ সম্পূৰ্ণ ভৰসা আছে যে যিহোৱাই আজি মোক যিদৰে চম্ভালি ৰাখিলে, তেওঁ ভৱিষ্যতেও মোক চম্ভালিব।”
১৫. ইজ্ৰাই কিয় যিহোৱাৰ ওপৰত নিজৰ ভৰসা বজাই ৰাখিব পাৰিলে? (ইজ্ৰা ৭:২৭, ২৮)
১৫ যিহোৱাই তেওঁক সহায় কৰাটো ইজ্ৰাই নিজেও অনুভৱ কৰিলে। যেতিয়া ইজ্ৰাই মন কৰিলে যে যিহোৱাই তেওঁক কেনেকৈ সহায় কৰি আছে, তেতিয়া ইয়াৰ পৰাও তেওঁৰ যিহোৱাৰ ওপৰত ভৰসা বাঢ়িলে। সেইবাবে, তেওঁ এইদৰে কʼলে, “মোৰ ওপৰত মোৰ ঈশ্বৰ যিহোৱাৰ হাত” আছে। (ইজ্ৰা ৭:২৭, ২৮ পঢ়ক।) ইজ্ৰাই এই কথাষাৰ নিজৰ কিতাপত বহু বাৰ লিখিছিল।—ইজ্ৰা ৭:৬, ৯; ৮:১৮, ২২, ৩১.
যিহোৱাই আমাক সহায় কৰি আছে বুলি কি কি পৰিস্থিতিত আমি হয়তো স্পষ্টকৈ চাবলৈ পাওঁ? (অনুচ্ছেদ ১৬ চাওক)e
১৬. যিহোৱাই আমাক সহায় কৰে বুলি আমি কি কি পৰিস্থিতিৰ পৰা স্পষ্টকৈ জানিব পাৰোঁ? (ছবিখনো চাওক।)
১৬ কঠিন পৰিস্থিতিত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে? অধিৱেশনত যাবলৈ আপোনাক হয়তো ছুটিৰ প্ৰয়োজন আছে বা আপুনি নিজৰ কামৰ সময় সাল-সলনি কৰিব বিচাৰে যাতে আপুনি সকলো সভাত উপস্থিত হʼব পাৰে। যদি আপুনি সাহস গোটাই নিজৰ বʼছৰ লগত কথা পাতে, তেনেহʼলে আপুনি দেখিব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছে। হয়তো আপুনি যিদৰে ভাবিছে যিহোৱাই তাতকৈ ভাল উপায়েৰে সেই সমস্যাটো সমাধান কৰিব পাৰে। তেতিয়া যিহোৱাৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব।
লোকসকলে যি পাপ কৰিছে, তাৰ বাবে ইজ্ৰাই মন্দিৰত কান্দি আছে আৰু প্ৰাৰ্থনা কৰি আছে। লোকসকলেও কান্দি আছে। পাছত চখনিয়াই ইজ্ৰাক উৎসাহিত কৰিবলৈ এইদৰে কৈছে, “ইস্ৰায়েললৈ এতিয়াও আশা আছে . . . আমিও আপোনাৰ সহায় হম।”—ইজ্ৰা ১০:২, ৪ (অনুচ্ছেদ ১৭ চাওক)
১৭. কঠিন পৰিস্থিতিত ইজ্ৰাই যি কৰিলে তাৰ পৰা কেনেকৈ জানিব পাৰি যে তেওঁ নম্ৰ আছিল? (বেটুপাতত দিয়া ছবিখনো চাওক।)
১৭ ইজ্ৰা নম্ৰ আছিল আৰু যিহোৱাৰ সহায় লৈছিল। ইজ্ৰাই নিজৰ দায়িত্ব কেনেকৈ পূৰ কৰিব বুলি চিন্তিত হোৱাৰ সময়ত সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (ইজ্ৰা ৮:২১-২৩; ৯:৩-৫) যেতিয়া যিহূদীসকলে দেখিলে ইজ্ৰাই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে, তেতিয়া তেওঁলোকে ইজ্ৰাক সহযোগ কৰিলে আৰু ইজ্ৰাৰ দৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। (ইজ্ৰা ১০:১-৪) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আজি যেতিয়া আমি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বা তেওঁলোকক কেনেকৈ সুৰক্ষিত ৰাখিম বুলি ভাবি চিন্তিত হওঁ, তেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু তেওঁৰ ওপৰত ভৰসা ৰাখা উচিত।
১৮. আমি কেনেকৈ যিহোৱাৰ ওপৰত নিজৰ ভৰসা বঢ়াব পাৰোঁ?
১৮ যেতিয়া আমি নম্ৰ হওঁ, যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ আৰু ভাই-ভনীসকলৰ সহায় লওঁ, তেতিয়া ঈশ্বৰৰ প্ৰতি আমাৰ ভৰসা আৰু বাঢ়ি যায়। ভনী এৰিকাৰ উদাহৰণলৈ মন কৰক, তাইৰ তিনিটা সন্তান আছে। এবাৰ তাইৰ ওপৰত এটা বহুত ডাঙৰ সমস্যা আহি পৰিছিল। কিছু সময়তৰ ভিতৰতে তাইৰ গৰ্ভত থকা সন্তানটিৰ মৃত্যু হʼল আৰু নিজৰ স্বামীকো মৃত্যুত হেৰুৱালে। এনে পৰিস্থিতিতো ভনীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰি থাকিলে। অতীতৰ কথা মনত পেলাই ভনীয়ে এইদৰে কৈছে, “যিহোৱাই আমাক কেনেকৈ সহায় কৰিব তাৰ বিষয়ে আমি আগতীয়াকৈ নাজানোঁ, কিন্তু তেওঁ নিশ্চয় সহায় কৰে। বহু বাৰ তেওঁ আমাক এনেদৰে সহায় কৰে, যাৰ বিষয়ে হয়তো আপুনি ভবাও নাছিলে। মই বহুতো প্ৰাৰ্থনাৰ উত্তৰ ভাই-ভনীসকলৰ যোগেদি পালোঁ। ভাই-ভনীসকলে মোক এনে কথা কʼলে বা কাম কৰিলে যাৰ বাবে মই বহুত উৎসাহিত হʼলোঁ। ইয়াৰ পৰা মই শিকিলোঁ যে যদি মই মোৰ বন্ধুসকলক মোৰ মনৰ কথা খুলি কওঁ, তেনেহʼলে তেওঁলোকে মোক ভালদৰে সহায় কৰিব পাৰিব।”
শেষৰলৈকে যিহোৱাৰ ওপৰত ভৰসা কৰি থাকক
১৯-২০. যিৰূচালেমলৈ উভতি যাব নোৱাৰা যিহূদীসকলৰ পৰা আমি কি শিকিব পাৰোঁ?
১৯ যিৰূচালেমলৈ উভতি আহিব নোৱাৰা যিহূদীসকলৰ পৰাও আমি বহুতো কথা শিকিব পাৰোঁ। তেওঁলোকৰ মাজৰ কিছুমান বহুত বৃদ্ধ হৈ পৰিছিল, কিছুমান বেমাৰত আছিল আৰু কিছুমানৰ পৰিয়ালৰ দায়িত্ব আছিল। সেইবাবে, তেওঁলোকে যিমান বিচাৰিছিল সিমান কৰিব পৰা নাছিল। তথাপিও তেওঁলোকে যিৰূচালেমলৈ উভতি যোৱা লোকসকলক মন্দিৰৰ বাবে আনন্দ মনেৰে দান দি পঠিয়াইছিল। (ইজ্ৰা ১:৫, ৬) এনে লাগে যেন যেতিয়া যিহূদীসকলৰ প্ৰথম সমূহ বাবিলৰ পৰা যিৰূচালেমলৈ উভতি আহিছিল, তাৰ প্ৰায় ১৯ বছৰৰ পাছতো বাবিলত থকা যিহূদীসকলে ঈশ্বৰৰ মন্দিৰৰ বাবে দান দি আছিল।—জখ. ৬:১০.
২০ আপুনি নিজৰ পৰিস্থিতিৰ বাবে যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰে সিমান কৰিব পৰা নাই নেকি? যদি এইদৰে হৈছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে আপুনি সম্পূৰ্ণ হৃদয়েৰে যি কৰে তাক যিহোৱাই বহুত মূল্যাংকন কৰে। আমি এইদৰে কিয় কʼব পাৰোঁ? ধ্যান দিয়ক যিহোৱাই ভৱিষ্যবক্তা জখৰিয়াক কি কৈছিল। বাবিলত থকা যিহূদীসকলে যি সোণ আৰু ৰূপ দান দিছিল, তাৰ পৰা এটা “কিৰীটি” বনাবলৈ তেওঁ ভৱিষ্যবক্তাক কৈছিল। (জখ. ৬:১১) এই সুন্দৰ “কিৰীটি” এই কথাক ‘সোঁৱৰণ’ কৰাই দিছিল যে বাবিলত থকা যিহূদীসকলে কেনেকৈ মন খুলি দান দিছিল। (জখ. ৬:১৪) ঠিক সেইদৰে, আমি বিশ্বাস ৰাখিব পাৰোঁ যে সমস্যাৰ সময়ত আমি হৃদয়েৰে যিহোৱাৰ বাবে যি কৰোঁ, যিহোৱাই তাক কেতিয়াও নাপাহৰিব।—ইব্ৰী ৬:১০.
২১. ভৱিষ্যতে সমস্যাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ আমি এতিয়া কি কৰিব লাগিব?
২১ এই শেষ কালত আমি কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব আৰু ভৱিষ্যতে পৰিস্থিতি হয়তো আৰু বেয়ালৈ ঢাল খাব। (২ তীম. ৩:১, ১৩) কিন্তু আমি বহুত চিন্তিত হোৱাৰ প্ৰয়োজন নাই। মন কৰক যিহোৱাই হগ্গয়ৰ দিনত নিজৰ লোকসকলক কি কৈছিল, “মই তোমালোকৰ লগত আছোঁ . . . তোমালোকে ভয় নকৰিবা।” (হগ্. ২:৪, ৫) যদি আমি যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ, তেনেহʼলে যিহোৱাই আমাক সহায় কৰিব বুলি আমি বিশ্বাস ৰাখিব পাৰোঁ। ইয়াৰ লগতে আমি হগ্গয় আৰু জখৰিয়াৰ ভৱিষ্যবাণী আৰু ইজ্ৰাৰ উদাহৰণৰ পৰা যিবোৰ কথা শিকিলোঁ, তাক পালন কৰিলে আমাৰ বহুত লাভ হʼব। ভৱিষ্যতে আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, যিহোৱাই আমাক চম্ভালিব বুলি আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰিম।
গীত ১২২ থিৰে থাকক!
a যেতিয়া আমি টকা-পইচাৰ অভাৱ, ৰাজনৈতিক হূলস্থূল বা প্ৰচাৰ কৰাৰ সময়ত বিৰোধৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাৰ ওপৰত ভৰসা ৰখাটো অতি প্ৰয়োজন। এই লেখত শিকিম যে আমি তেওঁৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বঢ়াব পাৰোঁ।
b ‘বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা’ এই শব্দটো হগ্গয় কিতাপত ১৪ বাৰ আহে। যিহূদীসকলে যেতিয়া এই শব্দ শুনিছিল, তেতিয়া তেওঁলোকৰ হয়তো মনত পৰিছিল যে যিহোৱাৰ ওচৰত কিমান শক্তি আছে আৰু তেওঁৰ ওচৰত স্বৰ্গদূতসকলৰ এটা বিশাল সেনা বাহিনী আছে। এই শব্দ শুনি আজি আমাৰো একেই কথা মনত পৰে।—গীত. ১০৩:২০, ২১.
c এই লেখত কিছুমান নাম সলনি কৰা হৈছে।
d ইজ্ৰা ঈশ্বৰৰ বাক্যৰ নকল বনোৱাত পাৰ্গত আছিল। সেইবাবে, যিৰূচালেমলৈ যোৱাৰ আগতেও তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই যিবোৰ ভৱিষ্যবাণী কৰিছে, সেইবোৰ নিশ্চয় পূৰ হʼব।—২ বং. ৩৬:২২, ২৩; ইজ্ৰা ৭:৬, ৯, ১০; যিৰি. ২৯:১৪.
e ছবিৰ বিষয়ে: এজন ভায়ে অধিৱেশনত যাবলৈ কামৰ ঠাইত বʼছৰ পৰা ছুটি বিচাৰিছে কিন্তু তেওঁ মানা কৰিলে। তাৰ পাছত ভাইজনে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে আৰু পুনৰ বʼছৰ লগত কথা পাতিবলৈ তৈয়াৰী কৰে। তেওঁ বʼছক অধিৱেশনৰ নিমন্ত্ৰণখন দেখুৱাইছে আৰু বাইবেলৰ কথাবোৰ মানিলে আমি কেনেকৈ আৰু ভাল মানুহ হʼব পাৰোঁ তাৰ বিষয়ে জনাইছে। বʼছক এই কথা ভাল লাগিল আৰু তেওঁ ভাইক ছুটি দি দিলে।