পাঠ ৬৬
ইজ্ৰাই ঈশ্বৰৰ নিয়ম শিকালে
বহুতো ইস্ৰায়েলীয়ে যিৰূচালেমলৈ উভতি অহা প্ৰায় ৭০ বছৰ হৈ গৈছিল। কিন্তু এতিয়াও কিছুমান ইস্ৰায়েলী পাৰস্য সাম্ৰাজ্যৰ বেলেগে বেলেগ ঠাইত থাকিছিল। তেওঁলোকৰ মাজৰ এজন আছিল ইজ্ৰা। তেওঁ পুৰোহিত আছিল আৰু যিহোৱাৰ নিয়মৰ বিষয়ে লোকসকলক শিকাইছিল। তেওঁ শুনিলে যে যিৰূচালেমত লোকসকলে যিহোৱাৰ নিয়ম পালন কৰা নাই। সেইবাবে, তেওঁ তাত গৈ লোকসকলক সহায় কৰিব বিচাৰিছিল। পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰই তেওঁক কʼলে, ‘ঈশ্বৰে তোমাক বুদ্ধি দিছে যাতে তুমি তেওঁৰ নিয়মৰ বিষয়ে শিকাব পাৰা। তুমি যিৰূচালেমলৈ যোৱা আৰু যিসকলে তোমাৰ লগত যাব বিচাৰে, তেওঁলোককো তোমাৰ লগত লৈ যোৱা।’ ইজ্ৰাই সেই সকলোকে লগ কৰিলে, যিসকলে যিৰূচালেমলৈ উভতি যাব বিচাৰিছিল। তেওঁলোকে একেলগে মিলি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে যাতে ঈশ্বৰে তেওঁলোকক এই দীঘলীয়া যাত্ৰাত সুৰক্ষা দিয়ে, তাৰ পাছত তেওঁলোকে ওলাই গʼল।
চাৰি মাহৰ পাছত তেওঁলোকে যিৰূচালেম পালেগৈ। তাৰ অধ্যক্ষসকলে ইজ্ৰাক কʼলে, ‘ইস্ৰায়েলীসকলে যিহোৱাৰ নিয়ম পালন কৰা নাই। আৰু তেওঁলোকে এনে তিৰোতাবিলাকক বিয়া কৰিছে, যিসকলে মিছা দেৱতাবোৰক পূজা কৰে।’ তেতিয়া ইজ্ৰাই কি কৰিলে? তেওঁ লোকসকলৰ আগত আঁঠুকাঢ়ি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, তুমি আমাৰ কাৰণে বহু কিছু কৰিলা, তথাপি আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।’ লোকসকলে অনুতাপ কৰিলে। কিন্তু এতিয়াও তেওঁলোকে সঠিক কাম কৰা নাছিল। সেইবাবে, ইজ্ৰাই বৃদ্ধ আৰু ন্যায়ীসকলক বাছনি কৰিলে যাতে তেওঁলোকে এই বিষয়ে কিবা কৰিব পাৰে। অহা তিনি মাহৰ সময়ছোৱাত সেই সকলোকে পঠাই দিয়া হʼল, যিসকলে যিহোৱাৰ উপাসনা কৰা নাছিল।
বাৰ বছৰ পাৰ হʼল। সেই সময়ছোৱাত যিৰূচালেমৰ দেৱাল আকৌ বনোৱা হʼল। ইজ্ৰাই চহৰৰ মুকলি ঠাইত একগোট হʼবলৈ লোকসকলক কʼলে যাতে ঈশ্বৰৰ নিয়ম পঢ়ি শুনাব পাৰে। যেতিয়া ইজ্ৰাই কিতাপখন খুলিলে, তেতিয়া লোকসকলে থিয় হʼল। ইজ্ৰাই ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু লোকসকলে নিজৰ হাত ওপৰলৈ উঠাই দেখুৱালে যে তেওঁলোকে তেওঁৰ কথাত মান্তি হৈছে। তাৰ পাছত ইজ্ৰাই লোকসকলক ঈশ্বৰৰ নিয়ম পঢ়ি বুজালে আৰু লোকসকলে ধ্যান দি শুনিলে। তেওঁলোকে মানি লʼলে যে তেওঁলোকে আকৌ যিহোৱাৰ পৰা আঁতৰি গৈছিল আৰু তাৰ কাৰণে তেওঁলোকে বহুত দুখ কৰিলে আৰু কান্দিলে। পাছ দিনাখন ইজ্ৰাই তেওঁলোকক নিয়মৰ আৰু কিছুমান কথা পঢ়ি শুনালে। তেওঁলোকে গʼম পালে যে অতি সোনকালে তেওঁলোকে পঁজা-পৰ্ব পালন কৰিব লাগিব। তাৰ পাছত তেওঁলোকে লগে লগে তাৰ কাৰণে তৈয়াৰী কৰিবলৈ ধৰিলে।
উৎসৱ সাত দিনৰ আছিল। সেই সময়ছোৱাত লোকসকলে বহুত আনন্দ-ফূৰ্তি কৰিলে আৰু ভাল শস্যৰ কাৰণে যিহোৱাক ধন্যবাদ দিলে। যিহোচূৱাৰ সময়ৰ পৰা তেতিয়ালৈকে এনেধৰণৰ পঁজা-পৰ্ব পালন কৰা হোৱা নাছিল। উৎসৱৰ পাছত লোকসকলে একগোট হৈ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, তুমি আমাক দাসত্বৰ পৰা মুকলি কৰিলা, অৰণ্যত আমাৰ যত্ন লʼলা আৰু এই সুন্দৰ দেশ দিলা। কিন্তু আমি বাৰে বাৰে তোমাৰ আজ্ঞা পালন কৰা নাই। তুমি আমাক সাৱধান কৰিবলৈ ভৱিষ্যবক্তাক পঠালা। কিন্তু আমি তেওঁলোকৰ কথা নুশুনিলোঁ। তথাপি তুমি ধৈৰ্য ধৰিলা। তুমি অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞা পূৰ কৰিলা। এতিয়া আমি তোমাৰ আজ্ঞা পালন কৰিম বুলি প্ৰতিজ্ঞা কৰিছোঁ।’ তেওঁলোকে নিজৰ প্ৰতিজ্ঞা লিখিলে আৰু অধ্যক্ষ, লেবী আৰু পুৰোহিতসকলে তাত মোহৰ মাৰিলে।
“তেওঁলোকহে সুখী, যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে!”—লূক ১১:২৮