অধ্যয়নৰ লেখ ৩৫
গীত নং ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়েৰে পালন কৰক
মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলক সহায় কৰক
“অনুতাপ কৰাৰ প্ৰয়োজন নোহোৱা ৯৯ জন ভাল ব্যক্তিৰ কাৰণে স্বৰ্গত যিমান আনন্দ কৰা হয়, এজন পাপীয়ে অনুতাপ কৰিলে স্বৰ্গত তাতকৈ বেছি আনন্দ কৰা হয়।”—লূক ১৫:৭.
কি শিকিম?
কিছুমান লোকক কিয় মণ্ডলীৰ পৰা বাহিৰ কৰা হয় আৰু প্ৰাচীনসকলে অনুতাপ কৰিবলৈ আৰু যিহোৱাৰ লগত থকা সম্পৰ্ক পুনৰ মজবুত কৰিবলৈ তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে।
১-২. (ক) যেতিয়া কোনোবাই গভীৰ পাপ কৰে আৰু অনুতাপ নকৰে, তেতিয়া যিহোৱাৰ কেনে লাগে? (খ) যিহোৱাই পাপ কৰা লোকসকলৰ পৰা কি বিচাৰে?
যিহোৱাই পাপক বহুত ঘিণ কৰে আৰু বেয়া কামবোৰক একেবাৰে সহ্য নকৰে। (গীত. ৫:৪-৬) বাইবেলত তেওঁ যিবোৰ নৈতিক মানদণ্ডৰ বিষয়ে লিখুৱাইছে, সেইবোৰ আমি পালন কৰাটো তেওঁ বিচাৰে। কিন্তু আমি অসিদ্ধ হওঁ বুলি যিহোৱাই জানে। সেইবাবে, আমাৰ পৰা কেতিয়াও কোনো ভুল নহʼব বুলি তেওঁ আশা নকৰে। (গীত. ১৩০:৩, ৪) কিন্তু তেওঁ সেই “ভক্তিহীন” লোকসকলক একেবাৰে সহ্য নকৰে, যিসকলে “ঈশ্বৰৰ অনুগ্ৰহক লম্পট-আচৰণত পৰিণত কৰে।” (যিহূ. ৪) বাইবেলত কোৱা হৈছে যে যিহোৱাই আহিবলগীয়া হৰমাগিদোন যুদ্ধত ‘ভক্তিহীন মানুহবিলাকৰ বিনাশ’ কৰিব।—২ পিত. ৩:৭; প্ৰকা. ১৬:১৬.
২ কিন্তু কোনোৱে নাশ হোৱাটো যিহোৱাই নিবিচাৰে। এই খণ্ডৰ আন লেখবোৰত আমি আলোচনা কৰিলোঁ যে ‘সকলোৱে মন-পালটন’ কৰিবলৈ সুযোগ পোৱাটো যিহোৱাই বিচাৰে। তেওঁ এই কথা বাইবেলত স্পষ্টকৈ লিখুৱাইছে। (২ পিত. ৩:৯) সেইবাবে, প্ৰাচীনসকলে যিহোৱাৰ দৰে পাপ কৰা ব্যক্তিজনৰ লগত ধৈৰ্য্য ধৰে। তেওঁলোকে সেই ব্যক্তিজনক মৰমেৰে অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে আৰু যিহোৱাৰ লগত পুনৰ তেওঁৰ সম্পৰ্ক মজবুত হোৱাটো প্ৰাচীনসকলে বিচাৰে। কিন্তু দুখৰ বিষয়ে যে বহুতো লোকে অনুতাপ নকৰে। (যিচ. ৬:৯) প্ৰাচীনসকলে বাৰে বাৰে সহায় কৰাৰ সত্ত্বেও তেওঁলোকে নিজকে সলনি নকৰে আৰু বেয়া কামত লাগি থাকে। এনে পৰিস্থিতিত প্ৰাচীনসকলে কি কৰে?
“সেই দুষ্ট মানুহজনক নিজৰ মাজৰ পৰা বাহিৰ কৰা”
৩. (ক) বাইবেলত কোৱাৰ দৰে অনুতাপ নকৰা লোকসকলক লগত কি কৰা উচিত? (খ) মণ্ডলীৰ পৰা বাহিৰ কৰাৰ বাবে পাপ কৰা ব্যক্তিজন নিজে দায়ী বুলি আমি কিয় কʼব পাৰোঁ?
৩ পাপ কৰা ব্যক্তিজনে যেতিয়া অনুতাপ নকৰে, তেতিয়া প্ৰাচীনসকলে ১ কৰিন্থীয়া ৫:১৩ পদত দিয়া নিৰ্দেশনা পালন কৰে। তাত এইদৰে লিখা আছে, “সেই দুষ্ট মানুহজনক নিজৰ মাজৰ পৰা বাহিৰ কৰা।” মণ্ডলীৰ পৰা বাহিৰ কৰাৰ বাবে সেই মানুহজন নিজেই দায়ী। কাৰণ তেওঁ যি বইছিল, তাকেই দাইছে। (গালা. ৬:৭) আমি এইদৰে কিয় কʼব পাৰোঁ? কাৰণ তেওঁক অনুতাপৰ ফালে লৈ যাবলৈ প্ৰাচীনসকলে বাৰে বাৰে চেষ্টা কৰিছিল, কিন্তু তেওঁ প্ৰাচীনসকলৰ কথা নুশুনিলে। (২ ৰাজা. ১৭:১২-১৫) তেওঁ বেয়া কামবোৰ কৰি থাকিল আৰু এইদৰে তেওঁ যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিব নিবিচাৰে বুলি দেখুৱালে।—দ্বিতী. ৩০:১৯, ২০.
৪. যেতিয়া কাৰোবাক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া ইয়াৰ বিষয়ে কিয় ঘোষণা কৰা হয়?
৪ যেতিয়া এজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া ইয়াৰ বিষয়ে ভাই-ভনীসকলক জনাবলৈ মণ্ডলীত এটা ঘোষণা কৰা হয়। তাত কোৱা হয় যে এতিয়াৰে পৰা সেই ব্যক্তিজন যিহোৱাৰ সাক্ষী নহয়।a সকলোৰে আগত পাপ কৰা ব্যক্তিজনক লাজত পেলাবলৈ এই ঘোষণা কৰা নহয়। তাৰ পৰিৱৰ্তে ভাই-ভনীসকলে যাতে বাইবেলত দিয়া নিৰ্দেশনা পালন কৰি সেই ব্যক্তিজনৰ লগত “সংগতি কৰিবলৈ বন্ধ” কৰি দিয়ে আৰু তেওঁৰ লগত ‘খোৱা-বোৱাও নকৰে।’ (১ কৰি. ৫:৯-১১) যিহোৱাই এই নিৰ্দেশনা দিয়াৰ এটা ভাল কাৰণ আছে। পাঁচনি পৌলে কʼলে, “অলপ খমিৰে সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে।” (১ কৰি. ৫:৬) অনুতাপ নকৰা ব্যক্তিজনক যদি মণ্ডলীতে থাকিবলৈ দিয়া হয়, তেনেহʼলে আন ভাই-ভনীসকলৰ ওপৰত তেওঁৰ বেয়া প্ৰভাৱ পৰিব আৰু যিসকল ভাই-ভনীয়ে যিহোৱাৰ মানদণ্ড পালন কৰিবলৈ কঠিন পৰিশ্ৰম কৰি আছে, তেওঁলোকৰ ইচ্ছাও দুৰ্বল কৰি দিব।—হিতো. ১৩:২০; ১ কৰি. ১৫:৩৩.
৫. যেতিয়া কাৰোবাক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া আমি তেওঁক কেনে দৃষ্টিৰে চোৱা উচিত?
৫ যদি কোনো ভাই বা ভনীক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেনেহʼলে আমি তেওঁক কেনে দৃষ্টিৰে চোৱা উচিত? এয়া সঁচা যে আমি তেওঁৰ লগত সংগতি নকৰিম, কিন্তু তেওঁৰ উভতি অহাৰ কোনো আশা নাই বুলিও নাভাবিম। ইয়াৰ পৰিৱৰ্তে আমি তেওঁক যিহোৱাৰ হেৰাই যোৱা ভেড়া বুলি ভাবিম, যি এদিন নহয় এদিন উভতি আহিব পাৰে। মনত ৰাখক তেওঁ নিজকে যিহোৱালৈ সমৰ্পণ কৰিছে। কিন্তু এতিয়া তেওঁ নিজৰ সমৰ্পণৰ অনুসৰি জীৱন-যাপন কৰা নাই আৰু ইয়াৰ বাবে তেওঁ অনন্ত জীৱন হেৰুৱাব পাৰে। (যিহি. ১৮:৩১) কিন্তু যেতিয়ালৈকে সময় আছে আৰু যিহোৱাই লোকসকলক দয়া দেখুৱাই আছে, তেতিয়ালৈকে আমি আশা ৰাখিম যে তেওঁ সলনি কৰিব পাৰে আৰু যিহোৱাৰ ওচৰলৈ উভতি আহিব পাৰে। কিন্তু এতিয়া প্ৰশ্ন হৈছে যেতিয়া কাৰোবাক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া প্ৰাচীনসকলে তেওঁক কেনেকৈ সহায় কৰে?
মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলক প্ৰাচীনসকলে কেনেকৈ সহায় কৰে?
৬. যিসকল লোকক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেওঁলোকক প্ৰাচীনসকলে কেনেকৈ সহায় কৰে?
৬ যেতিয়া এজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া তেওঁক এনেই এৰি দিয়া হয় নে? যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ প্ৰাচীনসকলে একো সহায় নকৰে নে? এনে নহয়। যেতিয়া পাপ কৰা ব্যক্তিজনক জনোৱা হয় যে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে, তেতিয়া প্ৰাচীনসকলৰ সমিতিয়ে তেওঁক জনাই যে মণ্ডলীলৈ উভিত আহিবলৈ তেওঁ কি কি পদক্ষেপ লʼব পাৰে। ইয়াৰ উপৰিও বেছিভাগ ক্ষেত্ৰত প্ৰাচীনসকলে তেওঁক জনাই যে কিছু মাহৰ পাছতে তেওঁলোকে তেওঁক আকৌ লগ কৰিব আৰু চাব যে তেওঁ নিজক সলনি কৰিছে নে নাই। যদি ব্যক্তিজনে লগ কৰিবলৈ সাজু হয়, তেনেহʼলে প্ৰাচীনে তেওঁক লগ কৰিব আৰু অনুতাপ কৰিবলৈ আৰু যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ মৰমেৰে অনুৰোধ কৰিব। কিন্তু প্ৰাচীনসকলে যদি চাই যে তেওঁ নিজকে সলনি কৰা নাই, তেতিয়াও তেওঁলোকে হাৰ নামানিব আৰু সময়ে সময়ে তেওঁক লগ কৰি থাকিব আৰু তেওঁক অনুতাপ কৰিবলৈ উৎসাহিত কৰিব।
৭. যিহোৱাৰ দৰে প্ৰাচীনসকলেও মণ্ডলীৰ পৰা বাহিৰ কৰা ব্যক্তিজনৰ প্ৰতি কৰুণা আছে বুলি কেনেকৈ দেখুৱায়? (যিৰিমিয়া ৩:১২)
৭ যিহোৱাৰ দৰে প্ৰাচীনসকলেও মণ্ডলীৰ পৰা বাহিৰ কৰা ব্যক্তিজনক কৰুণা দেখুৱাই আৰু তেওঁক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। খন্তেকৰ বাবে যিহোৱালৈ মন কৰক। ইস্ৰায়েলীসকলে বাৰে বাৰে ভুল কৰিছিল, তথাপিও যিহোৱাই তেওঁলোকক সহায় কৰি থাকিল। তেওঁ এইদৰে ভবা নাছিল যে যেতিয়া তেওঁলোকে অনুতাপ কৰিব, তেতিয়াহে তেওঁলোকক সহায় কৰিব। আপোনাৰ হয়তো মনত আছে যে এই খণ্ডৰ দ্বিতীয় লেখত কি শিকিছিলোঁ। যিহোৱাই ভৱিষ্যবক্তা হোচেয়াক তেওঁৰ পত্নীয়ে বেয়া কামত লাগি থকাৰ সত্ত্বেও তাইক উভতাই আনিবলৈ কৈছিল। এইদৰে যিহোৱাই দেখুৱালে যে পাপ কৰা লোকসকলৰ প্ৰতি তেওঁৰ অন্তৰত কিমান কৰুণা আছে। (হোচে. ৩:১; মলা. ৩:৭) পাপ কৰা ব্যক্তিজনে অনুতাপ কৰা আৰু মণ্ডলীলৈ উভতি অহাটো যিহোৱাৰ দৰে প্ৰাচীনসকলেও অন্তৰৰ পৰা বিচাৰে। সেইবাবে, প্ৰাচীনসকলে তেওঁৰ লগত মৰমেৰে ব্যৱহাৰ কৰে আৰু এনে একো কথা নকয় বা কাম নকৰে, যাৰ বাবে উভতি আহিবলৈ তেওঁৰ বাবে কঠিন হʼব পাৰে।—যিৰিমিয়া ৩:১২ পঢ়ক।
৮. যীচুৱে হেৰাই যোৱা লʼৰাৰ বিষয়ে যি উদাহৰণ দিছিল, তাৰ পৰা আমি যিহোৱাৰ কৰুণাৰ বিষয়ে কেনেকৈ আৰু ভালদৰে বুজি পাওঁ? (লূক ১৫:৭)
৮ এই খণ্ডৰ দ্বিতীয় লেখত আমি হেৰাই যোৱা লʼৰাৰ উদাহৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনাৰ মনত আছে নে দেউতাকে তেওঁৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল? যেতিয়া দেউতাকে দেখিলে যে তেওঁ ঘৰলৈ উভতি আহিছে, তেতিয়া “তেওঁ দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে।” (লূক ১৫:২০) মন কৰিবলগীয়া কথা যে দেউতাকে এনে ভবা নাছিল যে লʼৰাজনে প্ৰথমে আহি তেওঁক ক্ষমা খুজিব, তাৰ পাছতহে তেওঁক গ্ৰহণ কৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ লʼৰাজনৰ ওচৰলৈ দৌৰি গʼল, কাৰণ দেউতাকে তেওঁক বহুত মৰম কৰিছিল। প্ৰাচীনসকলেও সেই লোকসকলক প্ৰেম কৰে, যিসকলে যিহোৱাক এৰি গুচি গৈছে আৰু এই হেৰাই যোৱা ভেড়াবোৰ যিহোৱাৰ ওচৰলৈ উভতি অহাটো তেওঁলোকে বিচাৰে। (লূক ১৫:২২-২৪, ৩২) যেতিয়া তেওঁ উভতি আহে, তেতিয়া যিহোৱা, যীচু, স্বৰ্গদূত আৰু মণ্ডলীত সকলো ভাই-ভনীয়ে আনন্দ কৰে!—লূক ১৫:৭ পঢ়ক।
৯. পাপ কৰা লোকসকলৰ পৰা যিহোৱাই কি বিচাৰে?
৯ এতিয়ালৈকে আমি যি আলোচনা কৰিলোঁ তাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যিসকল লোকে অনুতাপ নকৰে, যিহোৱাই তেওঁলোকক নিজৰ লোকসকলৰ মাজত থাকিবলৈ নিদিয়ে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই তেওঁৰ প্ৰতি একেবাৰে ধ্যান নিদিয়ে, ইয়াৰ পৰিৱৰ্তে সেই ব্যক্তিজনে উভতি অহাটো তেওঁ বিচাৰে। যেতিয়া কোনোবাই অনুতাপ কৰে, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰে? হোচেয়া ১৪:৪, RIV পদত এইদৰে লিখা আছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চৰ্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।” এই পদৰ পৰা প্ৰাচীনসকলে কি কৰিবলৈ উৎসাহিত হয়? যদি তেওঁলোকে চাই যে পাপ কৰা ব্যক্তিজনে অলপ হʼলেও সাল-সলনি কৰিছে আৰু অনুতাপৰ ফালে গৈছে, তেনেহʼলে তেওঁলোকে লগে লগে তেওঁক সহায় কৰা উচিত। যিসকল লোকে যিহোৱাক এৰি গৈছে, তেওঁলোকে এই পদৰ পৰা কি কৰিবলৈ উৎসাহিত হয়? তেওঁলোকে যিমান পাৰে সিমান সোনকালে যিহোৱাৰ ওচৰলৈ উভতি উৎসাহিত হয়, কিয়নো যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে।
১০-১১. যিসকল লোকক হয়তো বহু বছৰৰ আগতেই মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছিল, প্ৰাচীনসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে?
১০ এনে কিছুমান লোক আছে, যিসকলক বহু বছৰৰ আগতেই মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছিল। প্ৰাচীনসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? হয়তো সেই লোকসকলে যি পাপ কৰাৰ বাবে তেওঁলোকক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছিল, তেওঁলোকে বহু সময়ৰ আগতেই সেই পাপ কৰিবলৈ এৰি দিলে। অথবা কিছুমান ক্ষেত্ৰত তেওঁলোকে কি পাপ কৰাৰ বাবে তেওঁলোকক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছিল, তাৰ বিষয়ে তেওঁলোকৰ মনতে নাই। যিয়েই নহওক কিয় প্ৰাচীনসকলে এয়া জানিবলৈ চেষ্টা কৰিব যে এতিয়া সেই ব্যক্তিজন কʼত থাকে আৰু তেওঁক লগ কৰিব। তেওঁক লগ কৰাৰ সময়ত প্ৰাচীনসকলে তেওঁৰ লগত প্ৰাৰ্থনা কৰিব আৰু মণ্ডলীলৈ উভতি আহিবলৈ মৰমেৰে অনুৰোধ কৰিব। হয়তো বহু বছৰলৈকে মণ্ডলীৰ পৰা আঁতৰি থকাৰ বাবে সেই ব্যক্তিজনৰ যিহোৱাৰ লগত থকা সম্পৰ্ক দুৰ্বল হৈ পৰিছে। যদি সেই ব্যক্তিজনে কয় যে তেওঁ উভতি আহিব বিচাৰে, তেনেহʼলে প্ৰাচীনসকলে তেওঁৰ লগত বাইবেল অধ্যয়ন কৰাৰ ব্যৱস্থা কৰিব। এই ব্যৱস্থা তেওঁক বাহাল কৰাৰ আগতেও কৰিব পাৰি। কিন্তু প্ৰতিটো ক্ষেত্ৰত প্ৰাচীনসকলে নিৰ্ণয় লʼব যে সেই ব্যক্তিজনৰ লগত কোনে অধ্যয়ন কৰিব।
১১ প্ৰাচীনসকলৰ মনতো যিহোৱাৰ দৰে লোকসকলৰ প্ৰতি কৰুণা আছে। সেইবাবে, তেওঁলোকে এনে লোকসকলক বিচাৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে, যিসকলে যিহোৱাক এৰি গুচি গৈছে আৰু তেওঁলোকক যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ অনুৰোধ কৰে। যেতিয়া পাপ কৰা ব্যক্তিজনে অনুতাপ কৰে আৰু বেয়া কাম কৰিবলৈ এৰি দিয়ে, তেতিয়া প্ৰাচীনসকলে যিমান সোনকালে পাৰে সিমান সোনকালে তেওঁক বাহাল কৰিব পাৰে।—২ কৰি. ২:৬-৮.
১২. (ক) প্ৰাচীনসকলে কি কি ক্ষেত্ৰত আৰু বেছিকৈ সাৱধান হʼবলগীয়া হয়? (খ) পাপ কৰা কিছুমান লোকে যিহোৱাৰ পৰা দয়া নাপাব বুলি আমি কিয় ভবা উচিত নহয়? (ফুটনোটো চাওক।)
১২ কিছুমান ক্ষেত্ৰত প্ৰাচীনসকলে এজন ব্যক্তিক বাহাল কৰাৰ সময়ত আৰু বেছিকৈ সাৱধান হʼবলগীয়া হয়। যদি এজন ব্যক্তিয়ে শিশু নিৰ্যাতন কৰিছিল, ধৰ্মত্যাগী হৈ পৰিছিল বা নিজৰ বিবাহ-বিচ্ছেদ কৰিবলৈ কু-আঁচনি কৰিছিল, তেনেহʼলে তেওঁক বাহাল কৰাৰ আগতে প্ৰাচীনসকলে নিশ্চিত কৰাৰ প্ৰয়োজন যে তেওঁ সঁচাকৈ অনুতাপ কৰিছে নে নাই। (মলা. ২:১৪; ২ তীম. ৩:৬) মণ্ডলীৰ ভাই-ভনীসকলক সুৰক্ষিত কৰি ৰখাটো প্ৰাচীনসকলৰ দায়িত্ব হয়। কিন্তু তেওঁলোকে এয়াও মনত ৰাখে যে যদি কোনোবাই সঁচাকৈ অন্তৰৰ পৰা অনুতাপ কৰিছে আৰু বেয়া কামবোৰ কৰিবলৈ এৰি দিছে, তেনেহʼলে যিহোৱাই তেওঁক আকৌ গ্ৰহণ কৰিবলৈ সাজু থাকে। সেইবাবে, প্ৰাচীনসকলে এয়া চোৱা উচিত যে যিজন ব্যক্তিয়ে কু-কল্পনা কৰি কাৰোবাক বিশ্বাসঘাত কৰিছে, তেওঁ সঁচাকৈ অনুতাপ কৰিছে নে নাই। কিন্তু তেওঁ কেতিয়াও যিহোৱাৰ পৰা দয়া নাপাব বুলি ভবা উচিত নহয়।b—১ পিত. ২:১০.
মণ্ডলীয়ে কি কৰিব পাৰে?
১৩. যিজন ব্যক্তিক শুধৰণি কৰা হয় আৰু যিজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেওঁলোকৰ লগত আমি কেনেদৰে ব্যৱহাৰ কৰা উচিত?
১৩ ইয়াৰ আগৰ লেখত আমি দেখিলোঁ যে কেতিয়াবা কেতিয়াবা ঘোষণা কৰা হয় যে এজন ব্যক্তিক শুধৰণি কৰা হৈছে। এনে পৰিস্থিতিত আমি আগলৈও তেওঁৰ লগত সংগতি কৰি থাকিব পাৰোঁ। কাৰণ তেওঁ অনুতাপ কৰিলে আৰু বেয়া কাম কৰিবলৈ এৰি দিলে। (১ তীম. ৫:২০) তেওঁ এতিয়াও মণ্ডলীৰ ভাগ হয় আৰু তেওঁক ভাই-ভনীসকলৰ উৎসাহৰ প্ৰয়োজন আছে যাতে তেওঁ সঠিক পথত চলি থাকিব পাৰে। (ইব্ৰী ১০:২৪, ২৫) কিন্তু যেতিয়া এজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া আমি কি কৰিম? আমি তেওঁৰ লগত “সংগতি কৰিবলৈ বন্ধ” কৰিম আৰু ‘তেওঁৰ লগত খোৱা-বোৱাও নকৰিম।’—১ কৰি. ৫:১১.
১৪. যিজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে, তেওঁৰ বিষয়ে প্ৰতিজন খ্ৰীষ্টানে নিজৰ বিবেকৰ অনুসৰি কি নিৰ্ণয় লʼব পাৰে? (ছবিখনো চাওক।)
১৪ ইয়াৰ অৰ্থ এয়া নে যিজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে, আমি তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰা উচিত? নহয়। এয়া সঁচা যে আমি সেই ব্যক্তিজনৰ লগত সংগতি কৰিবলৈ বন্ধ কৰিম। কিন্তু আমি বাইবেলৰ পৰা প্ৰশিক্ষণ পোৱা বিবেকৰ অনুসৰি নিৰ্ণয় লʼম যে আমি তেওঁক সভালৈ মাতিম নে নামাতিম। সেই ব্যক্তিজন আমাৰ সম্বন্ধীয় লোক, ভাল বন্ধু বা আমাৰ চিনাকী লোকো হʼব পাৰে। যদি আমি তেওঁক সভালৈ মাতোঁ আৰু তেওঁ আহে, তেনেহʼলে আমি কি কৰিম? আগতে আমি এনে লোকসকলক নমস্কাৰো কোৱা নাছিলোঁ। কিন্তু এতিয়া প্ৰতিজন খ্ৰীষ্টানে নিজৰ বিবেকৰ অনুসৰি নিৰ্ণয় লʼব পাৰে যে তেওঁ কি কৰিব। আমাৰ মাজৰ কিছুমান ভাই-ভনীয়ে হয়তো এনে ব্যক্তিক সভাত আদৰণি জনাব আৰু নমস্কাৰ কʼব। কিন্তু আমি মনত ৰখা উচিত যে আমি তেওঁৰ লগত দীঘলীয়া কথা-বতৰা নকৰিম আৰু তেওঁৰ লগত সংগতি নকৰিম।
এজন খ্ৰীষ্টানে নিজৰ বিবেকৰ অনুসৰি নিৰ্ণয় লʼব যে যিজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে, তেওঁক সভালৈ মাতিব নে নাই আৰু সভাত তেওঁক নমস্কাৰ কʼব নে নাই (অনুচ্ছেদ ১৪ চাওক)
১৫. দ্বিতীয় যোহন ৯-১১ পদত কেনেধৰণৰ পাপ কৰা লোকসকলৰ বিষয়ে কোৱা হৈছে? (“যোহন আৰু পৌলে একেধৰণৰ পাপ কৰা লোকসকলৰ বিষয়ে কৈছিল নে?” নামৰ বক্সখনো চাওক।)
১৫ কিছুমান লোকে এইদৰে ভাবিব পাৰে, ‘কিন্তু বাইবেলত লিখা আছে যে যদি এজন খ্ৰীষ্টান এনে ব্যক্তিক মঙ্গল হওক বা নমস্কাৰ বুলি কয়, তেনেহʼলে তেওঁ তেওঁৰ দুষ্কৰ্ম্মৰ সহভাগী হয়।’ (২ যোহন ৯-১১ পঢ়ক।) কিন্তু ইয়াৰ আশ-পাশে থকা পদবোৰৰ পৰা জানিব পাৰি যে এই কথাষাৰ ধৰ্মত্যাগী আৰু সেই লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকলে বেয়া কামবোৰ কৰিবলৈ উৎসাহিত কৰে। (প্ৰকা. ২:২০) সেইবাবে, যদি এজন ব্যক্তি ধৰ্মত্যাগী হয় আৰু মিছা কথা বিয়পাই বা বেয়া কাম কৰিবলৈ উৎসাহিত কৰে, তেনেহʼলে প্ৰাচীনসকলে তেওঁক লগ নকৰিব। কিন্তু ইয়াৰ অৰ্থ এয়াও নহয় যে সেই ব্যক্তিজনৰ কোনো আশা নাই। তেওঁ হয়তো এদিন অনুতাপ কৰিব। কিন্তু যেতিয়ালৈকে তেওঁ অনুতাপ নকৰে, তেতিয়ালৈকে আমি তেওঁক নমস্কাৰ নকʼম আৰু সভালৈও নামাতিম।
যিহোৱাৰ দৰে কৰুণা আৰু দয়া দেখুৱাওক
১৬-১৭. (ক) যিহিষ্কেল ১৮:৩২ পদৰ অনুসৰি যিহোৱাই পাপ কৰা লোকসকলৰ পৰা কি বিচাৰে? (খ) যিহোৱাৰ সহকৰ্মী হোৱাৰ বাবে প্ৰাচীনসকলে কি চেষ্টা কৰে?
১৬ এই খণ্ডত দিয়া পাঁচটা অধ্যয়ন লেখৰ পৰা আমি কি শিকিলোঁ? আমি শিকিলোঁ যে কোনোৱে নাশ হোৱাটো যিহোৱাই নিবিচাৰে। (যিহিষ্কেল ১৮:৩২ পঢ়ক।) পাপ কৰা লোকসকলে তেওঁৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটো তেওঁ বিচাৰে। (২ কৰি. ৫:২০) সেইবাবে, প্ৰাচীন সময়ত যেতিয়া ঈশ্বৰৰ সেৱকসকলে তেওঁক এৰি দিছিল, তেতিয়া তেওঁ বাৰে বাৰে তেওঁলোকক অনুতাপ কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ উভতি আহিবলৈ অনুৰোধ কৰিছিল। আজি মণ্ডলীত যিসকল প্ৰাচীন আছে, তেওঁলোক যিহোৱাৰ সহকৰ্মী হয়। তেওঁলোকেও যিহোৱাৰ দৰে পাপ কৰা লোকসকলক অনুতাপৰ ফালে লৈ যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে।—ৰোম. ২:৪; ১ কৰি. ৩:৯.
১৭ খন্তেকৰ বাবে চিন্তা কৰক, যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া স্বৰ্গত কিমান আনন্দ কৰা হয়! যেতিয়া এটা হেৰাই যোৱা ভেড়া মণ্ডলীলৈ ঘূৰি আহে, তেতিয়া যিহোৱা বৰ আনন্দিত হয়। যেতিয়া আমি চিন্তা কৰোঁ যে যিহোৱাৰ হৃদয়ত আমাৰ বাবে কিমান কৰুণা আছে, তেওঁ আমাক কিমান দয়া দেখুৱাই আৰু মহা-কৃপা কৰে, তেতিয়া তেওঁক আমি আৰু বেছিকৈ প্ৰেম কৰিবলৈ ধৰোঁ।—লূক ১:৭৮.
গীত নং ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ
a এতিয়াৰে পৰা আমি এনে লোকসকলক বহিষ্কাৰ কৰা হৈছে বুলি নকʼম। ইয়াৰ পৰিৱৰ্তে ১ কৰিন্থীয়া ৫:১৩ পদৰ অনুসৰি তেওঁলোকক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে বুলি কʼম।
b বাইবেলত কোৱা হৈছে যে কিছুমান লোকে নিজৰ পাপৰ ক্ষমা নাপাব। ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁৰ পাপ ক্ষমা পোৱাৰ যোগ্য নহয়, তাৰ পৰিৱৰ্তে তেওঁলোকৰ আচাৰ-ব্যৱহাৰহে ভাল নহয়। তেওঁলোকে সদায় যিহোৱাৰ বিৰুদ্ধে কাম কৰে আৰু নিজকে সলনি কৰিব নিবিচাৰে। কেৱল যিহোৱা আৰু যীচুৱে নিৰ্ণয় লʼব পাৰে যে এজন ব্যক্তিয়ে নিজৰ পাপৰ ক্ষমা পাব নে নাই।—মাৰ্ক ৩:২৯; ইব্ৰী ১০:২৬, ২৭.