অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
শিকাৰ উদ্দেশ্যেৰে অধ্যয়ন কৰক
অধ্যয়ন কৰাৰ সময়ত এইদৰে চিন্তা কৰক, ‘মই যি পঢ়িবলৈ গৈ আছোঁ, তাত কি শিকিবলৈ পাম?’ এইদৰে চিন্তা কৰাটো ভাল, কিন্তু এই বিষয়ে এই কথা জনোৱা হʼব বুলি ভবা উচিত নহয়। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱাই আমাক কি শিকাব বিচাৰিছে সেয়া আমি বুজি নাপাম। গতিকে, আমি শিকাৰ উদ্দেশ্যেৰে কেনেকৈ অধ্যয়ন কৰিব পাৰোঁ? ইয়াৰ বাবে আমি কি কৰিব লাগিব?
যিহোৱাৰ পৰা বুদ্ধি বিচাৰক। প্ৰাৰ্থনা কৰিলে আপুনি জানিব পাৰিব যে যিহোৱাই আপোনাক কি শিকাব বিচাৰে। (যাকো. ১:৫) কিবা বিষয়ত আপুনি যি জানে, তাতে সন্তুষ্ট হৈ নাথাকিব।—হিতো. ৩:৫, ৬.
বাইবেলৰ কথাবোৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ দিয়ক। “ঈশ্বৰৰ বাক্য জীয়া।” (ইব্ৰী ৪:১২) প্ৰতিবাৰে যেতিয়া আমি বাইবেল পঢ়োঁ, তেতিয়া আমি কিবা নতুন শিকিবলৈ পাওঁ আৰু এয়া আমাৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায়। যেতিয়া আমি শিকাৰ উদ্দেশ্যেৰে অধ্যয়ন কৰোঁ, তেতিয়া এইদৰে হয়।
যিহোৱাৰ টেবুলত ৰখা প্ৰতিটো বস্তুৰ আনন্দ লওক। যিহোৱাই আমাক যি বেলেগ বেলেগ বিষয়বোৰ শিকাই আছে, সেয়া ‘ভোজৰ’ দৰে হয়। (যিচ. ২৫:৬) গতিকে প্ৰতিটো বস্তুৰ আনন্দ লওক, কেৱল নিজৰ পছন্দৰ বস্তুবোৰ নাখাব। তেতিয়া আপোনাক অধ্যয়ন কৰি ভাল লাগিব আৰু আপুনি এনে ব্যক্তি হʼব পাৰিব যাৰ পৰা যিহোৱাই আনন্দিত হয়।