ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৪০
  • বাইবেলখন ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখন ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
    বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
  • যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৪০
এগৰাকী তিৰোতাই বাইবেল পঢ়িছে।

বাইবেলখন ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

পবিত্ৰ শাস্ত্ৰ বাইবেলে নিজেই বৰ্ণনা কৰিছে যে ইয়াক ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন। আপোনাৰ পৃষ্ঠভূমি যিয়ে নহওঁক কিয়, বাইবেলত লিপিবদ্ধ থকা ঈশ্বৰৰ বাক্য “তোমাৰ জ্ঞানে ঢুকি পাব নোৱৰা নহয়, আৰু সেয়ে তোমাৰ পৰা দূৰো নহয়।”—দ্বিতীয় বিবৰণ ৩০:১১.

বাইবেলখন ভালদৰে বুজিবলৈ কেইটামান উপায়

  1. ১. উচিত মনোবৃত্তি ৰাখক। বাইবেলখন ঈশ্বৰৰ বাক্য হয় বুলি বিশ্বাস কৰক। লগতে নম্ৰ হোৱাৰ প্ৰয়োজন, কিয়নো ঈশ্বৰে অহংকাৰী লোকৰপৰা দূৰে থাকে। (১ থিচলনীকীয়া ২:১৩; যাকোব ৪:৬) আপুনি যি পঢ়িছে বা শুনিছে তাৰ কোনো প্ৰমাণ নোহোৱাকৈ সহজে বিশ্বাস নকৰিব। আপুনি আপোনাৰ ‘যুক্তি’ কৰা ক্ষমতাক ব্যৱহাৰ কৰাটো ঈশ্বৰে বিচাৰে।—ৰোমীয়া ১২:১, ২.

  2. ২. প্ৰজ্ঞাৰ বাবে প্ৰাৰ্থনা কৰক। হিতোপদেশ ৩:৫ পদে এইদৰে বৰ্ণনা কৰিছে, “তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।” আপুনি বাইবেলখন ভালদৰে বুজিবলৈ ঈশ্বৰক প্ৰজ্ঞাৰ বাবে “যাচনা কৰক।”—যাকোব ১:৫.

  3. ৩. নিয়মিয়াকৈ অধ্যয়ন কৰক। বাইবেলখন মাজে-সময়ে অধ্যয়ন কৰাৰ পৰিৱৰ্তে, যদি আপুনি নিয়মিয়াকৈ অধ্যয়ন কৰে, তেনেহʼলে আপুনি ইয়াৰপৰা বেছিকৈ লাভৱান হʼব পাৰিব।—যিহোচূৱা ১:৮.

  4. ৪. কোনো এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰক। যেতিয়া আপুনি কোনো এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব, তেতিয়া আপুনি ভালদৰে বুজিবলৈ সক্ষম হʼব যে আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত বাইবেলে কি বৰ্ণনা কৰিছে। উদাহৰণস্বৰূপে, আপুনি বাইবেলৰ ‘আদিকথাৰপৰা’ আৰম্ভ কৰি লাহে লাহে “সিদ্ধিৰ” অৰ্থাৎ গভীৰ বিষয়বোৰ অধ্যয়ন কৰাৰ বাবে আগবাঢ়ি যাব পাৰে। (ইব্ৰী ৬:১, ২) আপুনি এটা পদৰ লগত আন এটা পদ তুলনা কৰিব পাৰিব আৰু যদিও কিছুমান অংশ “বুজিবলৈ টান” হয়, কিন্তু শিকিব পাৰিব যে বাইবেলৰ বিভিন্ন অংশই, এটাই আনটো পদৰ বিষয়ে বৰ্ণনা কৰিছে।—২ পিতৰ ৩:১৬.

  5. ৫. আনৰ সহায় লওক। যিসকল লোকে বাইবেলখন ভালদৰে বুজি পায়, তেওঁলোকৰপৰা সহায় গ্ৰহণ কৰিবলৈ বাইবেলে আমাক উৎসাহিত কৰে। (পাঁচনিৰ কৰ্ম্ম ৮:৩০, ৩১) যিহোৱাৰ সাক্ষীসকলে বাইবেলৰপৰা শিক্ষা দিয়াৰ বাবে এক বিনামূলীয়া ব্যৱস্থা কৰিছে। আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ দৰে তেওঁলোকেও বাইবেলৰ পদ ব্যৱহাৰ কৰি, বাইবেলে প্ৰকৃততে কি শিকায় তাৰ বিষয়ে জানিবলৈ লোকসকলক সহায় কৰে।—পাঁচনিৰ কৰ্ম্ম ১৭:২, ৩.

আপোনাক প্ৰয়োজন নাই

  1. ১. জ্ঞানী অথবা শিক্ষিত। যদিও কিছুমান লোকে, যীচুৰ ১২ জন পাঁচনিক “অপণ্ডিত সামান্য মানুহ” বুলি কৈছিল, কিন্তু তেওঁলোকে শাস্ত্ৰৰ পদবোৰ ভালদৰে বুজি পাইছিল আৰু আনকো ইয়াৰ বিষয়ে বুজাবলৈ সক্ষম হৈছিল।—পাঁচনিৰ কৰ্ম্ম ৪:১৩.

  2. ২. টকা-পইচা। আপুনি বাইবেলৰ শিক্ষা বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰে। যীচুৱে নিজৰ শিষ্যসকলক কৈছিল: “বিনামূল্যে তোমালোকে পালা, বিনামূল্যেই দান কৰিবা।”—মথি ১০:৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক