অধ্যয়নৰ লেখ ৪০
গীত নং ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু
যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
“তেওঁ ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে, তেওঁ সিবিলাকৰ ঘা বান্ধে।”—গীত. ১৪৭:৩.
কি শিকিম?
যিহোৱাই নিৰাশাত থকা আৰু অন্তৰৰ পৰা ভাঙি পৰা লোকসকলৰ বহুত যত্ন লয়। এই লেখত আমি শিকিম যে যিহোৱাই কেনেকৈ তেওঁলোকক শান্ত্বনা দিয়ে আৰু আমি কেনেকৈ আনক শান্ত্বনা দিব পাৰোঁ।
১. নিজৰ উপাসকসকলক চাই যিহোৱাৰ কেনে লাগে আৰু তেওঁ তেওঁলোকৰ বাবে কি কৰে?
যিহোৱাই ভালদৰে জানে যে তেওঁৰ প্ৰতিজন সেৱকে কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে। তেওঁ এয়াও জানে যে আমি কি কথাৰ পৰা আনন্দিত হওঁ আৰু কি কথাৰ পৰা আমাৰ দুখ লাগে। (গীত. ৩৭:১৮) যেতিয়া তেওঁ চাই যে আমি সমস্যাৰ সত্ত্বেও তেওঁৰ সেৱা বেছিকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয়। ইয়াৰ উপৰিও তেওঁ আমাক সহায় কৰিবলৈ আৰু শান্ত্বনা দিবলৈ সদায় সাজু থাকে।
২. (ক) ভগ্ন-চিত্তীয়াবিলাকৰ বাবে যিহোৱাই কি কৰে? (খ) যিহোৱাৰ পৰা শান্ত্বনা পাবলৈ আমি কি কৰিব লাগিব?
২ যিদৰে এজন ভাল ডাক্তৰে আঘাত পোৱা ব্যক্তিৰ যত্ন লয়, ঠিক সেইদৰে গীতমালা ১৪৭:৩ পদত কোৱাৰ দৰে যিহোৱাই ভগ্ন-চিত্তীয়াবিলাকৰ যত্ন লয়। সঁচাকৈ, আমাৰ ঈশ্বৰ কিমান মৰমিয়াল। তেওঁ মৰমেৰে আমাৰ মনত লগা আঘাতৰ ওপৰত মলম লগায়। যদি আমি যিহোৱাৰ পৰা শান্ত্বনা পাব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? খন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক। এজন ভাল ডাক্তৰে আঘাত পোৱা ব্যক্তিক সহায় কৰিব পাৰে। কিন্তু সেই ব্যক্তিজনেও কিছুমান কাম কৰিব লাগিব। তেওঁ ডাক্তৰৰ সকলো কথা মানিব লাগিব, তেতিয়াহে তেওঁ সুস্থ হʼব। ঠিক সেইদৰে, আমি যিহোৱাৰ সকলো নিৰ্দেশনা পালন কৰিলেহে সুস্থ হʼব পাৰিম। যিসকল লোকে মনত আঘাত পাইছে আৰু দুখত আছে, যিহোৱাই তেওঁলোকৰ বাবে নিজৰ বাক্যত কি পৰামৰ্শ দিছে, তাৰ বিষয়ে এই লেখত শিকিম। আমি এয়াও শিকিম যে আমি সেই কথাবোৰ কেনেকৈ পালন কৰিব পাৰোঁ।
যিহোৱাই আমাক আশ্বাস দিয়ে যে তেওঁৰ বাবে আমি বহুত মূল্যৱান
৩. কিছুমান লোকে কিয় নিজকে অযোগ্য বুলি ভাবে?
৩ আমি এনে এখন পৃথিৱীত জীয়াই আছোঁ, যʼত প্ৰেম একেবাৰে কমি গৈছে। দুখৰ বিষয় যে বহুতো লোকৰ লগত বেয়া ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ বাবে তেওঁলোকে নিজকে অযোগ্য বুলি ভাবে। এনে লাগে যেন তেওঁলোকে জীয়াই থাকক বা মৰক কাৰো একো নাযায়। হেলেনa নামৰ এজনী ভনীয়ে এইদৰে কৈছে, “মই এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিলোঁ, যʼত মই কেতিয়াও মৰম পোৱা নাছিলোঁ। দেউতাই সদায় কাজিয়া কৰিছিল আৰু আমি কোনো কামৰ যোগ্য নহয় বুলি দিনে-ৰাতিয়ে কৈছিল।” ভনী হেলেনৰ দৰে আপোনাৰ লগতো হয়তো বেয়া ব্যৱহাৰ কৰা হৈছে। প্ৰতিটো কথাতে আপোনাক দুখী অনুভৱ কৰোৱা হৈছে বা আপুনি কোনো কামৰ যোগ্য নহয় বুলি অনুভৱ কৰোৱা হৈছে। যদি আপোনাৰ লগতো এইদৰে হৈছে, তেনেহʼলে আপোনাক এই কথা মানিবলৈ কঠিন লাগিব পাৰে যে কোনোবাই আপোনাৰ বিষয়ে চিন্তা কৰে।
৪. গীতমালা ৩৪:১৮ পদত যিহোৱাই আমাক কি কথাৰ বিশ্বাস দিছে?
৪ যদিও আনে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, কিন্তু আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপুনি তেওঁৰ দৃষ্টিত মূল্যৱান। বাইবেলত লিখা আছে যে “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ।” (গীতমালা ৩৪:১৮ পঢ়ক।) যদি আপুনি “খেদিত” অনুভৱ কৰিছে, তেনেহʼলে মনত ৰাখক যিহোৱাই নিশ্চয় আপোনাৰ কিবা ভাল গুণ দেখিছে, সেইবাবে আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিছে। (যোহ. ৬:৪৪) তেওঁ আপোনাক বহুত প্ৰেম কৰে আৰু আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে।
৫. যীচুৱে লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা আমি কি বুজি পাওঁ?
৫ যীচুৱে লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা আমি বুজিব পাৰোঁ যে যিহোৱাই আমাক কিমান মূল্যৱান বুলি ভাবে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া এনে কিছুমান লোক আছিল, যাক আন লোকসকলে তল চকুৰে চাইছিল আৰু তেওঁলোকৰ বিষয়ে বেয়াকৈ কৈছিল। কিন্তু যীচুৱে তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকক দয়া দেখুৱালে। (মথি ৯:৯-১২) যেনে, এবাৰ এগৰাকী তিৰোতা যীচুৰ ওচৰলৈ আহিল, যাৰ এটা ডাঙৰ বেমাৰ আছিল। তাই সুস্থ হʼব বিচাৰিছিল। সেইবাবে, তাই যীচুৰ কাপোৰ চুলে আৰু তাই সুস্থ হʼল। তেতিয়া যীচুৱে তাইক গালি পৰাৰ পৰিৱৰ্তে শান্ত্বনা দিলে আৰু তাইৰ বিশ্বাসৰ বাবে প্ৰশংসা কৰিলে। (মাৰ্ক ৫:২৫-৩৪) যীচু নিজৰ পিতৃৰ দৰেই হয়। (যোহ. ১৪:৯) সেইবাবে, আমি যেতিয়া তেওঁৰ বিষয়ে পঢ়োঁ, তেতিয়া আমি বুজি পাওঁ যে যিহোৱাই আমাৰ বিষয়ে কেনে অনুভৱ কৰে। আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাৰ দৃষ্টিত আমি বহুত মূল্যৱান আৰু তেওঁ আমাৰ ভাল গুণবোৰলৈ চায়। আমাৰ বিশ্বাস কিমান মজবুত আছে আৰু আমি তেওঁক কিমান প্ৰেম কৰোঁ, তেওঁ সেয়াও চায়।
৬. যদি আপুনি নিজকে অযোগ্য বুলি ভাবে, তেনেহʼলে আপুনি কি কৰিব পাৰে?
৬ যদি আপুনি ভাবে যে আপুনি কোনো কামৰ নহয়, তেনেহʼলে আপুনি কি কৰিব পাৰে? সেই পদবোৰ পঢ়ক, যʼত আশ্বাস দিয়া হৈছে যে আপুনি যিহোৱাৰ দৃষ্টিত মূল্যৱান হয় আৰু সেইবোৰৰ ওপৰত মনন কৰক।b (গীত. ৯৪:১৯) যদি আপুনি এয়া ভাবি নিৰাশ হয় যে আপুনি নিজৰ লক্ষ্যত উপনীত হʼব পৰা নাই বা আনে যিমান কৰিব পাৰিছে আপুনি সিমান কৰিব পৰা নাই, তেনেহʼলে নিজকে দোষ নিদিব। আপুনি যি কৰিব নোৱাৰে, সেয়া কৰাটো যিহোৱাই নিবিচাৰে। (গীত. ১০৩:১৩, ১৪) যদি আপোনাৰ লগত কোনোবাই বেয়া ব্যৱহাৰ কৰিছে আৰু ইয়াৰ বাবে আপুনি নিজকে অযোগ্য বুলি ভাবিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? নিজকে দোষ নিদিব! মনত ৰাখক, ইয়াত আপোনাৰ ভুল নাই, সেই ব্যক্তিজনৰহে। যিহোৱাই সেই ব্যক্তিজনৰ পৰা ইয়াৰ হিচাপ নিশ্চয় লʼব, কিন্তু তেওঁ আপোনাক সহায় কৰিব। (১ পিত. ৩:১২) ভনী ছেন্দ্ৰাক সৰুতে তাইৰ মা-দেউতাই বহুত মাৰ-পিট কৰিছিল। তাই এইদৰে কৈছে, “মই সদায় যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰোঁ যে যিহোৱাই মোক যি দৃষ্টিৰে চাই, ঠিক সেইদৰে যাতে মই নিজকে চাব পাৰোঁ আৰু নিজৰ ভাল গুণবোৰলৈ ধ্যান দিব পাৰোঁ।”
৭. আপুনি জীৱনত যিবোৰ সমস্যাৰ সন্মুখীন হʼল, তাৰ বাবে আপুনি কি কৰিব পাৰে?
৭ যিহোৱাই আপোনাৰ জৰিয়তে আনক সহায় কৰিব নোৱাৰে বুলি কেতিয়াও নাভাবিব। তেওঁ প্ৰচাৰ কামত আপোনাক সহকৰ্মী বনাইছে আৰু আপোনাক ইমান ডাঙৰ সন্মান দিছে। (১ কৰি. ৩:৯) আপুনি জীৱনত যিবোৰ সমস্যাৰ সন্মুখীন হʼল, তাৰ বাবে আপুনি আনৰ দুখ ভালদৰে বুজিব পাৰিব, সহানুভুতি দেখুৱাব পাৰিব আৰু তেওঁলোকক যি সহায়ৰ প্ৰয়োজন আছে, সেই সহায় দিব পাৰিব। ভনী হেলেন, যাৰ বিষয়ে আমি ওপৰত আলোচনা কৰিছিলোঁ, তাই যিহোৱা আৰু ভাই-ভনীসকলৰ পৰা সহায় পালে আৰু এতিয়া তাই আনক সহায় কৰি আছে। তাই এইদৰে কৈছে, “মই কোনো কামৰ যোগ্য নহওঁ বুলি ভাবিছিলোঁ। কিন্তু যিহোৱাই মোক অনুভৱ কৰালে যে তেওঁ মোক বহুত প্ৰেম কৰে আৰু তেওঁ মোক আনক সহায় কৰাৰ যোগ্য কৰি তুলিলে।” এতিয়া ভনী হেলেনে অগ্ৰগামী সেৱা কৰি আছে।
যিহোৱাই আশ্বাস দিয়ে যে তেওঁ আমাক ক্ষমা কৰিলে
৮. যিচয়া ১:১৮ পদত যিহোৱাই আমাক কি কথাৰ আশ্বাস দিছে?
৮ যিহোৱাৰ কিছুমান সেৱকে নিজৰ ভুলবোৰৰ বিষয়ে মনত পেলাই দুখ অনুভৱ কৰে। হয়তো তেওঁলোকে সেই ভুলবোৰৰ বিষয়ে ভাবি আজিও নিজকে দোষ দিয়ে, যিবোৰ তেওঁলোকে বাপ্তিষ্মা লোৱাৰ আগতে বা পাছত কৰিছিল। কিন্তু আমি এয়া কেতিয়াও পাহৰা উচিত নহয় যে যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে বলিদান দিলে। আমি এই বলিদানৰ পৰা লাভৱান হোৱাটো তেওঁ বিচাৰে। তেওঁ আমাক আশ্বাস দিছে যে যেতিয়া আমি তেওঁৰ লগত নিজৰ সমস্যা “তৰ্কবিতৰ্ক”c অৰ্থাৎ সমাধান কৰি লওঁ, তেতিয়া তেওঁ আমাৰ পাপবোৰৰ বাবে আমাক কেতিয়াও দোষী অনুভৱ নকৰায়। (যিচয়া ১:১৮ পঢ়ক।) সঁচাকৈ, যিহোৱা বহুত মৰমিয়াল ঈশ্বৰ। তেওঁ আমাৰ পাপবোৰ মনত নাৰাখে, কিন্তু আমি যি ভাল কামবোৰ কৰিলোঁ, সেয়া সদায় মনত ৰাখে।—গীত. ১০৩:৯, ১২; ইব্ৰী ৬:১০.
৯. অতীতৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে এতিয়া আৰু ভৱিষ্যতে কি কৰিব পাৰিম, তাৰ বিষয়ে কিয় চিন্তা কৰা উচিত?
৯ যদি আপুনি আগতে কৰা ভুলৰ বিষয়ে ভাবি চিন্তিত হৈ পৰিছে, তেনেহʼলে আপুনি অতীতৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে ভৱিষ্যতৰ বিষয়ে চিন্তা কৰক। চিন্তা কৰক, আপুনি এতিয়া আৰু আগলৈ যিহোৱাৰ বাবে কি কৰিব পাৰে। পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। তেওঁ খ্ৰীষ্টানসকলক বহুত তাড়না দিছিল আৰু ইয়াৰ বাবে তেওঁ দুখ অনুভৱ কৰিছিল আৰু তেওঁ জানিছিল যে যিহোৱাই তেওঁৰ পাপ ক্ষমা কৰিলে। (১ তীম. ১:১২-১৫) কিন্তু ইয়াৰ পাছতো তেওঁ নিজৰ ভুলবোৰৰ বিষয়ে চিন্তা কৰি দোষ অনুভৱ কৰিছিল নে? নহয়। যিদৰে খ্ৰীষ্টান হোৱাৰ পাছত তেওঁ নিজৰ সফলতাৰ বিষয়ে ভাবি নাথাকিলে, ঠিক সেইদৰে তেওঁ নিজৰ ভুলবোৰৰ বিষয়েও ভাবি নাথাকিম বুলি থিৰাং কৰিছিল। (ফিলি. ৩:৪-৮, ১৩-১৫) পৌলে অতীতৰ কথা মনত পেলোৱাৰ পৰিৱৰ্তে ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিলে আৰু যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিলে। আমিও এয়া মনত ৰখা উচিত যে যি হʼল তাক আমি সলনি কৰিব নোৱাৰোঁ। কিন্তু পৌলৰ দৰে যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিব পাৰোঁ আৰু এই বিষয়ে চিন্তা কৰিব পাৰোঁ যে যিহোৱাই আমাক কিমান সুন্দৰ ভৱিষ্য দিয়াৰ প্ৰতিজ্ঞা কৰিছে।
১০. যদি আমাৰ বাবে আনে আঘাত পাইছে, তেনেহʼলে আমি কি কৰিব পাৰোঁ?
১০ হয়তো আপুনি এয়া ভাবি চিন্তিত হয় যে আগতে আপোনাৰ পৰা যি ভুল হৈছিল, তাৰ বাবে আনে বহুত আঘাত পাইছে। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? আপুনি অন্তৰেৰে তেওঁৰ পৰা ক্ষমা বিচাৰক আৰু তেওঁৰ লগত পুনৰ ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক। (২ কৰি. ৭:১১) আপোনাৰ বাবে যিসকলে আঘাত পাইছে, তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক। যিহোৱাই আপোনাক আৰু তেওঁকো সহায় কৰিব পাৰে, যাতে আপোনালোকে মনৰ শান্তি পাব পাৰে আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰে।
১১. আমি যোনাৰ পৰা কি শিকিব পাৰোঁ? (বেটুপাতত দিয়া ছবিখন চাওক।)
১১ নিজৰ ভুলৰ পৰা শিকক আৰু যিহোৱাই আপোনাক যি কাম বা দায়িত্ব দিছে, তাক আনন্দেৰে কৰক। খন্তেকৰ বাবে ভৱিষ্যবক্তা যোনাৰ উদাহৰণলৈ মন কৰক। যিহোৱাই তেওঁক নীনবিলৈ যাবলৈ কৈছিল। কিন্তু তেওঁ যিহোৱাৰ কথা নুশুনিলে আৰু বিপৰীত দিশে পলাই গʼল। তেতিয়া যিহোৱাই যোনাৰ চিন্তাধাৰা শুধৰণি কৰিলে। তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু তাৰ পৰা শিকিলে। (যোনা ১:১-৪, ১৫-১৭; ২:৭-১০) ইয়াৰ পাছত যিহোৱাই এইদৰে ভবা নাছিল যে এতিয়া যোনা তেওঁৰ সেৱা কৰাৰ যোগ্য নহয়। যিহোৱাই তেওঁক আৰু এটা সুযোগ দিলে। এইবাৰ যোনাই লগে লগে তেওঁৰ কথা মানিলে আৰু নীনবিলৈ গʼল। যোনাই নিজৰ ভুলৰ বিষয়ে চিন্তা কৰি থকাৰ পৰিৱৰ্তে, যিহোৱাই তেওঁক যি কাম দিলে তাক পূৰ কৰিলে।—যোনা ৩:১-৩.
এটা ডাঙৰ মাছৰ পেটৰ পৰা ওলোৱাৰ পাছত যিহোৱাই ভৱিষ্যবক্তা যোনাক আকৌ এবাৰ নীনবি চহৰলৈ গৈ তেওঁৰ বাৰ্তাৰ বিষয়ে শুনাবলৈ কʼলে। (অনুচ্ছেদ ১১ চাওক)
যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ জৰিয়তে আমাক শান্ত্বনা দিয়ে
১২. যেতিয়া আমি মনত আঘাত পাওঁ, তেতিয়া যিহোৱাই আমাক কেনেকৈ শান্তি দিয়ে? (ফিলিপীয়া ৪:৬, ৭)
১২ যেতিয়া আমি মনত বহুত আঘাত পাওঁ, তেতিয়া যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ জৰিয়তে আমাক শান্ত্বনা দিয়ে। ভাই ৰʼন আৰু ভনী কেৰলৰ উদাহৰণলৈ মন কৰক, তেওঁলোকৰ লʼৰাই আত্মহত্যা কৰিছিল। তেওঁলোকে এইদৰে কৈছে, “আমি জীৱনত বহুতো সমস্যা সহন কৰিছোঁ। কিন্তু নিজৰ লʼৰাক হেৰুৱাৰ দুখ সহ্য কৰাটো বৰ কঠিন আছিল। আমি গোটেই ৰাতি শুব পৰা নাছিলোঁ। কেৱল যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। তেতিয়া আমি সেই শান্তি পালোঁ যাৰ বিষয়ে ফিলিপীয়া ৪:৬, ৭ পদত কোৱা হৈছে।” (পঢ়ক।) যদি আপুনিও কিবা সমস্যাৰ মাজেদি পাৰ হৈছে, যাৰ বাবে আপুনি একেবাৰে ভাঙি পৰিছে, তেনেহʼলে যিহোৱাক মনৰ সকলো কথা খুলি কওক। আপোনাৰ মন যেতিয়ালৈকে শান্ত নহয়, তেতিয়ালৈকে তেওঁলৈ প্ৰাৰ্থনা কৰি থাকক। (গীত. ৮৬:৩; ৮৮:১) যিহোৱাৰ পৰা বাৰে বাৰে পবিত্ৰ শক্তি বিচাৰক। তেওঁ নিশ্চয় আপোনাৰ প্ৰাৰ্থনা শুনিব।—লূক ১১:৯-১৩.
১৩. যিহোৱাৰ সেৱা কৰি থাকিবলৈ পবিত্ৰ শক্তিয়ে আমাক কেনেকৈ সহায় কৰে? (ইফিচীয়া ৩:১৬)
১৩ আপুনি কিবা ডাঙৰ সমস্যাৰ মাজেদি পাৰ হৈ আছে নে আৰু একেবাৰে ভাগৰি পৰিছে নে? এনে পৰিস্থিতিত যিহোৱাৰ পবিত্ৰ শক্তিয়ে আপোনাক শক্তি দিব পাৰে, যাতে আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰে আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰে। (ইফিচীয়া ৩:১৬ পঢ়ক।) খন্তেকৰ বাবে ভনী ফ্লʼৰাৰ উদাহৰণলৈ মন কৰক। তাই নিজৰ স্বামীৰ লগত মিচনেৰী সেৱা কৰিছিল। কিন্তু পাছত তাইৰ স্বমীয়ে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকৰ বিবাহ-বিচ্ছেদ হʼল। ভনীয়ে এইদৰে কৈছে, “তেওঁ মোৰ লগত এইদৰে কিয় কৰিলে, তাৰ বিষয়ে ভাবি ভাবি মই চিন্তিত হৈ পৰিছিলোঁ। এই সকলো সহন কৰিবলৈ মই যিহোৱাৰ পৰা তেওঁৰ পবিত্ৰ শক্তি বিচাৰিলোঁ। সেইবাবে, মই এই দুখৰ পৰা ওলাই আহিব পাৰিলোঁ।” যেতিয়া ভনীয়ে দেখিলে যে যিহোৱাই তাইক কেনেকৈ সহায় কৰিলে, তেতিয়া যিহোৱাৰ ওপৰত তাইৰ ভৰসা আৰু বাঢ়িল। তাইৰ বিশ্বাস হʼল যে যিহোৱাই তাইক সকলো সমস্যাৰ সময়ত চম্ভালিব। ভনী ফ্লʼৰাই এইদৰে কৈছে, “গীতমালা ১১৯:৩২ (IRV) পদত লিখা কথাটো একেবাৰে সঁচা হয় বুলি মোৰ ক্ষেত্ৰত প্ৰমাণিত হʼল, ‘তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।’”
১৪. যিহোৱাৰ পৰা পবিত্ৰ শক্তি পাবলৈ আমি কি কৰিব লাগিব?
১৪ যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচৰাৰ পাছত আমি কি কৰিব পাৰোঁ? এনে কামবোৰ কৰক যাৰ পৰা আপুনি আৰু পবিত্ৰ শক্তি পাব পাৰে। যেনে, সভালৈ যাওক, প্ৰচাৰ কৰক, প্ৰতিদিনে বাইবেল পঢ়ক আৰু তাৰ বিষয়ে মনন কৰক। (ফিলি. ৪:৮, ৯) বাইবেলত উল্লেখ থকা সেই লোকসকলৰ বিষয়ে মনন কৰক, যিসকলে সমস্যা সহিছিল আৰু চিন্তা কৰক যে যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিছিল। ভনী ছেন্দ্ৰা যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছিল, তাই জীৱনত বহুতো দুখ সহন কৰিছিল। তাই এইদৰে কৈছে, “যোচেফৰ কাহিনীয়ে মোক বহুত সাহস দিয়ে। তেওঁৰ লগত বহুত অন্যায় হৈছিল আৰু তেওঁ বহু কিছু সহ্য কৰিছিল। তথাপি তেওঁ যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক দুৰ্বল হʼবলৈ নিদিলে।”—আদি. ৩৯:২১-২৩.
যিহোৱাই ভাই-ভনীসকলৰ জৰিয়তে আমাক শান্ত্বনা দিয়ে
১৫. আমি কাৰ পৰা শান্ত্বনা পাব পাৰোঁ আৰু তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে? (ছবিখনো চাওক।)
১৫ যেতিয়া আমি সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া আমি ভাই-ভনীসকলৰ যোগেদি ‘শান্তি’ পাওঁ। (কল. ৪:১১) যিহোৱাই তেওঁলোকৰ যোগেদি আমাক প্ৰেম দেখুৱায়। ভাই-ভনীসকলে বেলেগ বেলেগ উপায়েৰে আমাক শান্ত্বনা দিব পাৰে। হয়তো তেওঁলোকে আমাৰ কথা মনোযোগেৰে শুনে বা আমাৰ লগত সময় অতিবাহিত কৰে বা আমাক উৎসাহিত কৰিবলৈ বাইবেলৰ কোনো এটা পদ দেখুৱাই অথবা আমাৰ লগত প্ৰাৰ্থনা কৰিব পাৰে।d (ৰোম. ১৫:৪) ইয়াৰ উপৰিও কোনো ভাই বা ভনীয়ে আমাক নিজৰ পৰিস্থিতি যিহোৱাৰ দৃষ্টিৰে চাবলৈ সহায় কৰিব পাৰে আৰু ইয়াৰ বাবে আমি নিজকে চম্ভালিব পাৰিম। বহুবাৰ তেওঁলোকে প্ৰয়োজনীয় বস্তুবোৰ দি আমাক সহায় কৰে। যেনে, তেওঁলোকে আমাৰ বাবে আহাৰ আনি দিয়ে।
ভাল আৰু ভৰসাযোগ্য বন্ধুৱে আপোনাক শান্ত্বনা দিব পাৰে আৰু আপোনাক চম্ভালিব পাৰে (অনুচ্ছেদ ১৫ চাওক)
১৬. ভাই-ভনীসকলৰ পৰা সহায় পাবলৈ আমি কি কৰিব লাগিব?
১৬ আনৰ পৰা সহায় পাবলৈ আমি সহায় বিচাৰিব লাগিব। ভাই-ভনীসকলে আমাক বহুত প্ৰেম কৰে আৰু আমাক সহায় কৰিব বিচাৰে। (হিতো. ১৭:১৭) কিন্তু আমি কেনে অনুভৱ কৰিছোঁ আৰু আমাক কিহৰ প্ৰয়োজন আছে, তাৰ বিষয়ে তেওঁলোকে যদি গʼমেই নাপায়, তেনেহʼলে আমাক কেনেকৈ সহায় কৰিব! (হিতো. ১৪:১০) সেইবাবে, যদি কোনো কথাক লৈ আপুনি চিন্তিত হৈ আছে বা দুখত আছে, তেনেহʼলে আপুনি এনে বন্ধুৰ লগত কথা পাতিব পাৰে, যিজনে আপোনাৰ কথা ভালদৰে বুজি পায় আৰু বাইবেলৰ পৰা ভাল পৰামৰ্শ দিব পাৰে। তেওঁলোকক খুলি নিজৰ সমস্যাৰ বিষয়ে কওক আৰু আপোনাক কি সহায়ৰ প্ৰয়োজন আছে, তাৰ বিষয়ে জনাওক। আপুনি যদি বিচাৰে, তেনেহʼলে সেই প্ৰাচীনৰ লগত কথা পাতিব পাৰে, যি আপোনাৰ ভাল বন্ধু হয়। এজনী ভনীয়ে যদি বিচাৰে, তেনেহʼলে পৰিপক্ক ভনীৰ লগত কথা পাতিব পাৰে।
১৭. আনৰ পৰা শান্ত্বনা পাবলৈ কি কথাই আমাক বাধা দিব পাৰে আৰু আমি এয়া কেনেকৈ পাৰ কৰিব পাৰোঁ?
১৭ ভাই-ভনীসকলৰ পৰা আঁতৰি নাথাকিব। হয়তো আপুনি কোনো এটা কথাক লৈ ইমানেই চিন্তিত আছে বা দুখত আছে যে কাকো লগ কৰিবলৈ বা তেওঁলোকৰ লগত কথা পাতিবলৈ আপোনাৰ মন নাযাব পাৰে আৰু অকলশৰীয়াকৈ থাকিবলৈ মন যাব পাৰে। কেতিয়াবা কেতিয়াবা ভাই-ভনীসকলে হয়তো আপোনাক ভুল বুজিব পাৰে বা এনে কিবা কয় যাৰ বাবে আপোনাক দুখ লাগিব পাৰে। (যাকো. ৩:২) কিন্তু ভাই-ভনীসকলৰ পৰা শান্ত্বনা পাবলৈ এই কথাবোৰক বাধা দিবলৈ নিদিব। খন্তেকৰ বাবে গেবিন নামৰ এজন প্ৰাচীনলৈ মন কৰক, যাৰ ডিপ্ৰেচন আছে। তেওঁ এইদৰে কৈছে, “বহুবাৰ মোক নিজৰ বন্ধুসকলক লগ কৰিবলৈ আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ মোৰ একেবাৰে মন নাযায়।” কিন্তু সেই সময়তো তেওঁ ভাই-ভনীসকলক লগ কৰে। এইদৰে কৰাৰ বাবে তেওঁৰ ভাল লাগে। ভনী এমীৰ উদাহৰণলৈ মন কৰক। তাই এইদৰে কৈছে “মোৰ জীৱনত এনে এটা ঘটনা ঘটিল, যাৰ বাবে কাৰোবাৰ ওপৰত ভৰসা কৰিবলৈ মোৰ বৰ কঠিন হয়। কিন্তু মই ভাই-ভনীসকলৰ ওপৰত ভৰসা কৰিবলৈ শিকিলোঁ। কিয়নো তেওঁলোকৰ ওপৰত ভৰসা কৰাটো যিহোৱাই বিচাৰে। যেতিয়া আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰ ওপৰত ভৰসা কৰোঁ, তেতিয়া যিহোৱাৰ মন আনন্দিত হয় আৰু ময়ো আনন্দ লাভ কৰোঁ।”
যিহোৱাৰ প্ৰতিজ্ঞাৰ পৰা শান্ত্বনা লাভ কৰক
১৮. অতি সোনকালে যিহোৱাই কি কৰিব আৰু আজি আমি কি কৰিব পাৰোঁ?
১৮ যিহোৱাই অতি সোনকালে আমাৰ সকলো দুখ-কষ্ট আৰু চিন্তা দূৰ কৰিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ। (প্ৰকা. ২১:৩, ৪) আজি আমি যিবোৰ কথাৰ বিষয়ে ভাবি নিৰাশ হৈ পৰোঁ, সেইবোৰ “সোঁৱৰণ কৰা বা মনত কৰাও নহব।” (যিচ. ৬৫:১৭) কিন্তু এই লেখত আমি শিকিলোঁ যে যিহোৱাই আজিও আমাৰ “ঘা বান্ধে।” তেওঁ আমাক শান্ত্বনা দিবলৈ বহুতো ব্যৱস্থা কৰিছে। তাৰ সম্পূৰ্ণ লাভ উঠাওক। ভৰসা ৰাখক, ‘আপোনালোকৰ কাৰণে যিহোৱাই চিন্তা কৰে।’—১ পিত. ৫:৭.
গীত নং ৭ যিহোৱা আমাৰ বল!
a কিছুমান নাম সলনি কৰা হৈছে।
b “যিহোৱাই আপোনাক মূল্যৱান বুলি ভাবে” নামৰ বক্সখন চাওক।
c যিহোৱাৰ লগত “তৰ্কবিতৰ্ক” অৰ্থাৎ সমস্যা সমাধান কৰিবলৈ আমি অন্তৰৰ পৰা অনুতাপ কৰিব লাগিব। আমি নিজৰ পাপৰ বাবে যিহোৱাৰ পৰা ক্ষমা বিচাৰিব লাগিব আৰু নিজকে শুধৰণি কৰিব লাগিব। যদি আমি কিবা গভীৰ পাপ কৰিছোঁ, তেনেহʼলে আমি মণ্ডলীৰ প্ৰাচীনসকলৰ পৰাও সহায় লʼব লাগিব।—যাকো. ৫:১৪, ১৫.
d যেনে, বাক্য যি পথ দেখুৱাই (হিন্দী) কিতাপত “চিন্তা” আৰু “শান্ত্বনা, উৎসাহ” নামৰ বিষয়বোৰত দিয়া পদবোৰ চাওক।