অধ্যয়নৰ লেখ ১৭
গীত ৯৯ হাজাৰ হাজাৰ আমাৰ ভাইসকল
আমি কেতিয়াও অকলশৰীয়া নহওঁ!
“মই তোমাক সহায়ো দিম।” —যিচ. ৪১:১০.
কি শিকিম?
যিহোৱাই আমাৰ কেনেকৈ যত্ন লয়, তাৰ বিষয়ে আমি চাৰিটা উপায়ৰ ওপৰত মন কৰিম।
১-২. (ক)আমি সমস্যাৰ সময়ত কেতিয়াও অকলশৰীয়া নহওঁ বুলি কিয় আশ্বাস ৰাখিব পাৰোঁ? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
যেতিয়া আমাৰ জীৱন সমস্যাৰে ভৰি পৰে, তেতিয়া হয়তো আমি অকলশৰীয়া যেন অনুভৱ কৰিব পাৰোঁ। কিন্তু সঁচা কথা কʼবলৈ গʼলে আমি কেতিয়াও অকলশৰীয়া নহওঁ। আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ যিহোৱা সদায় আমাৰ লগত থাকে। আমি কি কি সমস্যাৰ মাজেদি পাৰ হৈ আছোঁ, সেয়া তেওঁ ভালদৰে জানে আৰু তেওঁ আমাক সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰিছে। বাইবেলত তেওঁ নিজৰ সকলো বিশ্বাসী সেৱকক আশ্বাস দিছে যে ‘মই তোমাক সহায়ো দিম।’—যিচ. ৪১:১০.
২ যিহোৱাই আমাক কেনেকৈ সহায় কৰে, তাৰ চাৰিটা উপায়ৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। (১) তেওঁ আমাক পথ দেখুৱায়, (২) তেওঁ আমাৰ প্ৰয়োজনীয়তা পূৰ কৰে, (৩) তেওঁ আমাক সুৰক্ষা দিয়ে আৰু (৪) তেওঁ আমাক শান্ত্বনা দিয়ে। আমি যিয়ে সমস্যাৰ মাজেদি পাৰ নহওঁ কিয়, তেওঁ আমাৰ পৰিস্থিতি ভালদৰে জানে। সেইবাবে, যিহোৱাই আমাক কেতিয়াও নেৰিম, কেতিয়াও নাপাহৰিম বুলি আশ্বাস দিছে। গতিকে, আমি কেতিয়াও অকলশৰীয়া নহওঁ।
যিহোৱাই আমাক পথ দেখুৱাই
৩-৪. যিহোৱাই আমাক কেনেকৈ পথ দেখুৱায়? (গীতমালা ৪৮:১৪)
৩ গীতমালা ৪৮:১৪ পঢ়ক। যিহোৱাই জানে যে আমি নিজকে নিজে পথ দেখুৱাব নোৱাৰোঁ। সেইবাবে, তেওঁ আমাক সহায় কৰে। যিহোৱাই নিজৰ সেৱকসকলক কেনেকৈ পথ দেখুৱায়? ইয়াৰ এটা উপায় হৈছে নিজৰ বাক্য বাইবেলৰ যোগেদি। (গীত.১১৯:১০৫) বাইবেলত যিহোৱাই যিবোৰ বুদ্ধিৰে ভৰা পৰামৰ্শ দিছে, তাক পালন কৰি আমি ভাল নিৰ্ণয় লʼব পাৰোঁ আৰু ভাল গুণবোৰ বঢ়াব পাৰোঁ। এইবোৰ পালন কৰিলে আমি বৰ্তমান সময়ত আনন্দত থাকিব পাৰোঁ আৰু ভৱিষ্যতো অনন্ত জীৱন পাব পাৰোঁ।a উদাহৰণস্বৰূপে, বাইবেলত কোৱা হৈছে যে আমি খং পুহি ৰখা উচিত নহয়, সকলো কথাতে বিশ্বাসী হৈ থকা উচিত আৰু সম্পূৰ্ণ হৃদয়েৰে এজনে-আনজনক প্ৰেম কৰা উচিত। (গীত. ৩৭:৮; ইব্ৰী ১৩:১৮; ১ পিত. ১:২২) যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি ভাল পিতৃ-মাতৃ, জীৱন সংগী আৰু বন্ধু হʼব পাৰোঁ।
৪ যিহোৱাই আমাক পথ দেখুৱাবলৈ বাইবেলত সেই লোকসকলৰ বিষয়ে লিখুৱালে, যিসকলে আমাৰ নিচিনা সমস্যাৰ সন্মুখীন হৈছিল আৰু যিসকলৰ আমাৰ দৰে ভাৱনা আছিল। (১ কৰি. ১০:১৩; যাকো. ৫:১৭) যেতিয়া আমি বাইবেলত তেওঁলোকৰ উদাহৰণবোৰ পঢ়োঁ আৰু শিকা কথাবোৰৰ ওপৰত মনন কৰোঁ, তেতিয়া আমাৰ কমেও দুটা লাভ হয়: (১) আমাৰ অনুভৱ হয় যে আমি অকলশৰীয়া নহয়। আমি যি সমস্যাবোৰ সন্মুখীন হৈছোঁ, আনেও এই সমস্যাৰ সন্মুখীন হৈছিল আৰু তাক পাৰ কৰিছিল। (১ পিত. ৫:৯) আৰু (২) আমি শিকিব পাৰোঁ যে আমি কেনেকৈ সমস্যাৰ সন্মুখীন হʼব পাৰিম।—ৰোম. ১৫:৪.
৫. যিহোৱাই আৰু কি উপায়েৰে আমাক পথ দেখুৱায়?
৫ যিহোৱাই ভাই-ভনীসকলৰ জৰিয়তেও আমাক পথ দেখুৱায়।b যেনে, মাজে-সময়ে চাৰ্কিট ওভাৰচিয়াৰসকলে আমাৰ মণ্ডলীবোৰত সাক্ষাৎ কৰিবলৈ আহে আৰু আমাক উৎসাহিত কৰে। তেওঁৰ ভাষণৰ পৰা আমাৰ বিশ্বাস মজবুত হয় আৰু আমি একতা বজাই ৰাখিবলৈ উৎসাহিত হওঁ। (পাঁচ. ১৫:৪০–১৬:৫) প্ৰাচীনসকলেও মণ্ডলীৰ প্ৰতিজন ভাই-ভনীক সহায় কৰে, যাতে তেওঁলোকে যিহোৱাৰ কাষ চাপি থাকিব পাৰে। (১ পিত. ৫:২, ৩) পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ, ভাল অভ্যাস গঢ়ি তুলিবলৈ, বুদ্ধিমত্তাৰে কাম কৰিবলৈ আৰু আধ্যাত্মিক তালিকা বজাই ৰাখিবলৈ শিকায়। (হিতো. ২২:৬) মণ্ডলীৰ পৰিপক্ক ভনীসকলে যুৱতী ভনীসকলৰ বাবে ভাল উদাহৰণ ৰাখে, তেওঁলোকক ভাল পৰামৰ্শ দিয়ে আৰু মৰমেৰে তেওঁলোকক উৎসাহিত কৰে।—তীত ২:৩-৫.
৬. যিহোৱাই আমাক যিবোৰ পৰামৰ্শ দিয়ে, তাৰ পৰা লাভৱান হʼবলৈ আমি কি কৰিব লাগিব?
৬ যিহোৱাই আমাক পথ দেখুৱাবলৈ বহুত কিছু কৰিছে। কিন্তু আমি তেওঁৰ পৰামৰ্শৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ কি কৰিব লাগিব? হিতোপদেশ ৩:৫, ৬ পদত লিখা আছে, “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।” এইদৰে কৰিলে কি হʼব? আগলৈ লিখা আছে, “তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” ইয়াৰ বাবে আমি বহুতো সমস্যাৰ পৰা বাচি থাকিব পাৰোঁ আৰু জীৱনত আনন্দিত থাকিব পাৰোঁ। চিন্তা কৰকচোন, যিহোৱা কিমান মৰমিয়াল ঈশ্বৰ হয়! তেওঁ আমাৰ মাজৰ প্ৰতিজনকে প্ৰেম কৰে আৰু আমাৰ প্ৰয়োজন অনুসৰি আমাক পৰামৰ্শ দিয়ে।—গীত. ৩২:৮.
যিহোৱাই আমাৰ প্ৰয়োজনীয়তা পূৰ কৰে
৭. যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ কেনেকৈ পূৰ কৰে? (ফিলিপীয়া ৪:১৯)
৭ ফিলিপীয়া ৪:১৯ পঢ়ক। যিহোৱাই আমাক পথ দেখুৱাৰ লগতে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈও সহায় কৰে। আমি আহাৰ, কাপোৰ আৰু ঘৰৰ নিচিনা প্ৰয়োজনীয় বস্তুবোৰৰ বাবে যি পৰিশ্ৰম কৰোঁ, তাৰ ওপৰত যিহোৱাই আশীৰ্বাদ দিয়ে। (মথি ৬:৩৩; ২ থিচ. ৩:১২) আমাৰ প্ৰয়োজনীয়তাবোৰ কেনেকৈ পূৰ হʼব, তাৰ বিষয়ে ভাবি আমি সকলোৱে চিন্তিত হওঁ। কিন্তু যিহোৱাই কৈছে যে আমি এইবোৰ বিষয়ত প্ৰয়োজনতকৈ বেছি চিন্তা কৰা উচিত নহয়। (মথি ৬:২৫ পদৰ অধ্যয়ন নোট (হিন্দী) চাওক।) কিয় বাৰু? কাৰণ আমাৰ পিতৃ যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক কেতিয়াও নেৰে। (মথি ৬:৮; ইব্ৰী ১৩:৫) তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব আৰু আমি তেওঁৰ এই প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ।
৮. যিহোৱাই দায়ূদৰ বাবে কি কৰিলে?
৮ যিহোৱাই দায়ূদৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিলে তালৈ মন কৰক। দায়ূদে যেতিয়া চৌলৰ পৰা নিজৰ জীৱন বচাই পলাই ফুৰিছিল, তেতিয়া যিহোৱাই তেওঁৰ আৰু তেওঁৰ লোকসকলৰ যত্ন লʼলে। যিহোৱাই বহু বছৰৰ পৰা দায়ূদৰ যিদৰে যত্ন লʼলে, তাৰ বিষয়ে যেতিয়া তেওঁ গভীৰভাৱে চিন্তা কৰিলে, তেতিয়া তেওঁ এইদৰে কʼলে, “মই লৰা আছিলোঁ, এতিয়া বুঢ়া হলোঁ; তথাপি ধাৰ্ম্মিকক পৰিত্যক্ত হোৱা, নাইবা তাৰ সন্তানক আহাৰ মগা মই দেখা নাই।” (গীত. ৩৭:২৫) আপুনিও হয়তো দায়ূদৰ দৰে লক্ষ্য কৰিছে যে যিহোৱাই আপোনাৰ আৰু আন সেৱকসকলৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিছে।
৯. যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগ হয়, তেতিয়া যিহোৱাই কেনেকৈ নিজৰ সেৱকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰে? (ছবিখনো চাওক।)
৯ যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগ হয়, তেতিয়াও যিহোৱাই নিজৰ সেৱকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰে। উদাহৰণস্বৰূপে, প্ৰথম শতিকাত এঠাইত যেতিয়া ডাঙৰ আকাল হৈছিল, তেতিয়া বেলেগ বেলেগ ঠাইৰ ভাই-ভনীসকলে সেই ঠাইৰ ভাই-ভনীসকলক সাহায্যৰ বস্তু দিছিল। (পাঁচ. ১১:২৭-৩০; ৰোম. ১৫:২৫, ২৬) আজিও যিহোৱাই ভাই-ভনীসকলক হৃদয়েৰে সহায় কৰিবলৈ নিজৰ লোকসকলক উৎসাহিত কৰে। সেইবাবে, যেতিয়া কোনো দুৰ্যোগ হয়, তেতিয়া তেওঁলোকে ভাই-ভনীসকলক আহাৰ, পানী, কাপোৰ আৰু দৰৱৰ নিচিনা প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰে। নিৰ্মাণ কামত ভাগ লোৱা ভাই-ভনীসকলে ৰাজ্যগৃহ আৰু ভাই-ভনীসকলৰ ঘৰ মেৰামতি কৰে। ইয়াৰ উপৰিও, যিসকল ভাই-ভনীৰ ঘৰ ভাঙি শেষ হৈ গৈছে বা যিসকলে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে, যিহোৱাৰ সেৱকসকলে তেওঁলোকক বাইবেলৰ পৰা শান্ত্বনা দিয়ে আৰু উৎসাহিত কৰে।c
দুৰ্যোগ অহাৰ সময়ত যিহোৱাই আমাক কেনেকৈ শান্ত্বনা দিয়ে? (অনুচ্ছেদ ৯ চাওক)e
১০-১১. আপুনি বʼৰিছৰ অনুভৱৰ পৰা কি শিকিলে?
১০ যিসকল লোকে যিহোৱাৰ উপাসনা নকৰে, তেওঁলোককো যিহোৱাই মন খুলি সহায় কৰে। আমিও তেওঁৰ দৰে হʼব বিচাৰোঁ। সেইবাবে, আমি এনে লোকসকলক সহায় কৰিবলৈ সুযোগ বিচাৰি থাকোঁ, যিসকলে যিহোৱাৰ উপাসনা নকৰে। (গালা. ৬:১০) এইদৰে কৰিলে প্ৰায়ে ইয়াৰ ভাল পৰিণাম পোৱা যায়। ক্ষন্তেকৰ বাবে বʼৰিছ নামৰ এজন ব্যক্তিৰ অনুভৱলৈ মন কৰক, তেওঁ ইউক্ৰেনৰ এখন স্কুলৰ প্ৰধান শিক্ষক হয়। কিন্তু তেওঁ যিহোৱাৰ সাক্ষী নহয়। তথাপিও তেওঁৰ স্কুলৰ যিসকল লʼৰা-ছোৱালী যিহোৱাৰ সাক্ষী আছিল, তেওঁলোকৰ লগত তেওঁ ভালদৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ বিশ্বাসক সন্মান কৰিছিল। যুদ্ধৰ বাবে যেতিয়া বʼৰিছে নিজৰ এলেকা এৰিবলগীয়া হৈছিল, তেতিয়া এখন সুৰক্ষিত ঠাইত গৈ পাবলৈ ভাইসকলে তেওঁক সহায় কৰিছিল। পাছত বʼৰিছে যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত উপস্থিত হৈছিল। ভাইসকলে তেওঁক যিদৰে সহায় কৰিছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “সাক্ষীসকলে মোক বহুত সহায় কৰিলে আৰু ভালদৰে মোৰ যত্ন লʼলে। তেওঁলোকে মোৰ বাবে যি কৰিলে, সেয়া মই কেতিয়াও নাপাহৰোঁ।”
১১ আমি আমাৰ দয়ালু পিতৃ যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ। সেইবাবে, আমি সেই লোকসকলকো প্ৰেম কৰোঁ, যিসকলে তেওঁৰ সেৱা নকৰে। (লূক ৬:৩১,৩৬) আমাৰ এই প্ৰেম চাই তেওঁলোকে যিহোৱাৰ বিষয়ে জানিবলৈ বিচাৰিব আৰু তেওঁৰ উপাসনা কৰিব বুলি আমি আশা কৰোঁ। (১ পিত. ২:১২) কিন্তু তেওঁলোকে যিহোৱাৰ সেৱা কৰক বা নকৰক যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সেই আনন্দ পাম যি দিয়াত পোৱা যায়।—পাঁচ. ২০:৩৫.
যিহোৱাই আমাক সুৰক্ষা দিয়ে
১২. যিহোৱাই কেনেকৈ এটা সমূহ হিচাপে নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞা কৰিছে? (গীতমালা ৯১:১, ২, ১৪)
১২ গীতমালা ৯১:১, ২, ১৪ পঢ়ক। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ নিজৰ লোকসকলক এনে সকলো বিপদৰ পৰা বচাব, যিয়ে যিহোৱাৰ লগত থকা তেওঁলোকৰ সম্পৰ্কক বেয়া কৰিব পাৰে। যিহোৱাই চয়তানক কেতিয়াও শুদ্ধ উপাসনাক অশুচি কৰিবলৈ নিদিব। (যোহ. ১৭:১৫) ইয়াৰ উপৰিও, “মহা-সংকটৰ” সময়ছোৱাতো যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু নিজৰ লোকসকলক ৰক্ষা কৰিব। কেনেকৈ বাৰু? যিহোৱাই তেওঁলোকৰ বিশ্বাস মজবুত কৰিব আৰু এটা সমূহ হিচাপে তেওঁলোকক বিনষ্ট হʼবলৈ নিদিব।—প্ৰকা. ৭:৯, ১৪.
১৩. যিহোৱাই কেনেকৈ নিজৰ প্ৰতিজন সেৱকক ৰক্ষা কৰে?
১৩ যিহোৱাই আমাৰ মাজৰ প্ৰতিজনকে ৰক্ষা কৰে। কেনেকৈ বাৰু? তেওঁ নিজৰ বাক্যৰ যোগেদি আমাক ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ শিকায়। (ইব্ৰী ৫:১৪) যেতিয়া আমি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া যিহোৱাৰ লগত আমাৰ যি সম্পৰ্ক আছে সেয়া ভাল হৈ থাকে, আমাৰ স্বাস্থ্য ভাল থাকে আৰু আমি জীৱনত আনন্দিত থাকোঁ। (গীত. ৯১:৪) ইয়াৰ উপৰিও, যিহোৱাই মণ্ডলীৰ যোগেদিও আমাক ৰক্ষা কৰে। (যিচ. ৩২:১, ২) আমাৰ ভাই-ভনীসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। সেইবাবে, যেতিয়া আমি তেওঁলোকৰ লগত সময় কটাওঁ, তেতিয়া আমি উৎসাহিত হওঁ আৰু বেয়া কামবোৰৰ পৰা আঁতৰি থকাৰ আমাৰ যি ইচ্ছা আছে, সেয়া দৃঢ় হয়।—হিতো. ১৩:২০.
১৪. (ক) যিহোৱাই আমাক প্ৰতিটো সমস্যাৰ পৰা কিয় নবচায়? (খ) গীতমালা ৯:১০ পদৰ কি কথাৰ প্ৰতি আমাৰ বিশ্বাস হয়? (ফুটনটখনো চাওক।)
১৪ প্ৰাচীন সময়ত যিহোৱাই বহুতো পৰিস্থিতিত নিজৰ সেৱকসকলৰ জীৱন বচাইছিল। কিন্তু তেওঁ সদায় এইদৰে কৰা নাছিল। বহুবাৰ যিহোৱাৰ সেৱকসকলে ‘আপদৰ’ সন্মুখীন হৈছে। (উপ. ৯:১১, ১২) তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে আৰু তেওঁলোকৰ মৃত্যুও হৈছে। যিহোৱাই কিয় এইদৰে হʼবলৈ দিলে? যাতে চয়তানে কৰা দাবী মিছা বুলি প্ৰমাণিত হয়। (ইয়ো. ২:৪-৬; মথি ২৩:৩৪) আজি আমাৰ ওপৰতো সমস্যা আহিব পাৰে। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিসকলে তেওঁক প্ৰেম কৰে, যিহোৱাই তেওঁলোকক কেতিয়াও নেৰিব।d—গীত. ৯:১০.
যিহোৱাই আমাক শান্ত্বনা দিয়ে
১৫. প্ৰাৰ্থনা, বাইবেল আৰু ভাই-ভনীসকলৰ পৰা আমি কেনেকৈ শান্ত্বনা পাওঁ? (২ কৰিন্থীয়া ১:৩, ৪)
১৫ দ্বিতীয় কৰিন্থীয়া ১:৩, ৪ পঢ়ক। হয়তো কেতিয়াবা কেতিয়াবা আমি দুখত থাকিব পাৰোঁ বা নিৰাশ বা চিন্তিত হৈ পৰিব পাৰোঁ। আপুনিও কোনো সমস্যাৰ মাজেদি পাৰ হৈ আছে নে বা অকলশৰীয়া অনুভৱ কৰি আছে নে? যদি অনুভৱ কৰি আছে, তেনেহʼলে এনে পৰিস্থিতিত আপুনি হয়তো ভাবিব পাৰে যে আপোনাৰ সমস্যাৰ বিষয়ে কোনেও বুজি নাপায়। কিন্তু যিহোৱাই আপোনাৰ সমস্যাৰ বিষয়ে ভালদৰে বুজি পায়। তেওঁ কেৱল আমাৰ দুখবোৰ বুজি পায়, এনে নহয়। কিন্তু ‘আমাৰ সকলো পৰীক্ষাত আমাক শান্ত্বনাও’ দিয়ে। কেনেকৈ বাৰু? যেতিয়া আমি যিহোৱালৈ মিনতি কৰোঁ, ‘তেতিয়া ঈশ্বৰে সেই শান্তি দিয়ে, যি মানুহে বুজিব নোৱাৰে।’ (ফিলি. ৪: ৬, ৭) বাইবেলত যিহোৱাই যিবোৰ কথা লিখাইছে, তাৰ পৰাও আমি শান্ত্বনা লাভ কৰোঁ। বাইবেলত লিখা আছে যে তেওঁ আমাক কিমান প্ৰেম কৰে! তেওঁ আমাক বুদ্ধিমান হʼবলৈ শিকায় আৰু আশা দিয়ে। এইবোৰ পঢ়ি আমি সাহস লাভ কৰোঁ। ইয়াৰ উপৰিও, যেতিয়া আমি সভাত বাইবেলৰ কথাবোৰ শুনোঁ আৰু ভাই-ভনীসকলক লগ কৰোঁ, তেতিয়াও আমি শান্ত্বনা লাভ কৰোঁ।
১৬. আপুনি নেথন আৰু প্ৰিচিলাৰ অনুভৱৰ পৰা কি শিকিলে?
১৬ যিহোৱাই নিজৰ বাক্যৰ জৰিয়তে আমাক শান্ত্বনা দিয়ে আৰু উৎসাহিত কৰে। ইয়াক বুজিবলৈ আমেৰিকাত থকা ভাই নেথন আৰু প্ৰিচিলাৰ অনুভৱলৈ মন কৰক। কিছু বছৰ আগতে তেওঁলোকে এনে এখন ঠাইলৈ গৈ সেৱা কৰাৰ নিৰ্ণয় লৈছিল, যʼত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছে। নেথনে কৈছে, “যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দিব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছিল।” কিন্তু যেতিয়া তেওঁলোকে নতুন ঠাইত গৈ সেৱা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া পৰিস্থিতি হঠাতে সলনি হʼল। তেওঁলোকৰ স্বাস্থ্য বেয়া হʼবলৈ ধৰিলে আৰু চাকৰি নোপোৱাৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈও কঠিন হৈছিল। সেইবাবে, কিছু সময়ৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গʼল। কিন্তু তাতো তেওঁলোকৰ টকা-পইচাৰ সমস্যা হʼল। সেই সময়ক মনত পেলাই নেথনে এইদৰে কৈছে, “আমি ভাবিছিলোঁ যে যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিব। কিন্তু আমি ভবাৰ দৰে একো নহʼল। পাছত মই ভাবিবলৈ ধৰিলোঁ মোৰ পৰা কিবা ভুলতো হোৱা নাই?” আগলৈ নেথন আৰু প্ৰিচিলাৰ অনুভৱ হʼল যে সেই সমস্যাৰ সময়ত যিহোৱাই তেওঁলোকক কেতিয়াও এৰি দিয়া নাছিল। নেথনে কৈছে, “সমস্যাৰ সময়ত যেনেকৈ এজন বন্ধুৱে আমাক উৎসাহিত কৰে আৰু সহায়ো কৰে, ঠিক সেইদৰে বাইবেলৰ পৰা আমি উৎসাহিত হʼলোঁ আৰু আমি কি কৰা উচিত সেয়া বুজি পালোঁ। আমি নিজৰ সমস্যাৰ ওপৰত বেছিকৈ ধ্যান দিয়াৰ পৰিৱৰ্তে সেই সমস্যাবোৰ সহন কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰি আছে তাৰ ওপৰত ধ্যান দিলোঁ। এইদৰে আমাৰ বিশ্বাস মজবুত হʼল আৰু আহিবলগীয়া যিকোনো সমস্যাৰ সন্মুখীন হʼবলৈ আমি সাজু আছিলোঁ।”
১৭. ভনী হেল্গাই কেনেকৈ শান্ত্বনা পালে? (ছবিখনো চাওক।)
১৭ ভাই-ভনীসকলৰ জৰিয়তেও আমি শান্ত্বনা পাব পাৰোঁ। ইয়াক বুজিবলৈ হাঙ্গেৰীত থকা ভনী হেল্গাৰ অনুভৱলৈ মন কৰক। কিছু বছৰ ধৰি তাই বেলেগ বেলেগ সমস্যাৰ মাজেদি পাৰ হৈ আছিল, যাৰ বাবে তাই চিন্তিত হৈ পৰিছিল। তাইৰ অনুভৱ হৈছিল যে তাই একেবাৰে অযোগ্য আৰু কোনো কাম কৰিব পৰা নাই। কিন্তু আজি যেতিয়া তাই সেই সময়ৰ বিষয়ে চিন্তা কৰে, তেতিয়া তাইৰ অনুভৱ হৈ যে যিহোৱাই ভাই-ভনীসকলৰ যোগেদি তাইক শান্ত্বনা দিলে। ভনীয়ে কৈছে, “মই চাকৰি কৰিছিলোঁ, নিজৰ অসুস্থ সন্তানৰ চোৱা-চিতা কৰিছিলোঁ আৰু আন সমস্যাবোৰৰ সন্মুখীন হৈছিলোঁ। ইয়াৰ বাবে মই সাহস হেৰুৱাই পেলাইছিলোঁ। তেতিয়া যিহোৱাই মোক শক্তি দিছিল। যোৱা ৩০ বছৰ ধৰি এনে এটাও দিন নগʼল যেতিয়া যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰা নাই আৰু মোক শান্ত্বনা দিয়া নাই। মই প্ৰায়ই লক্ষ্য কৰোঁ যে যেতিয়া মই বহুত নিৰাশ হওঁ, তেতিয়া কোনো ভাই বা ভনীয়ে মোক মেচেজ দিয়ে, কাৰ্ড লিখি দিয়ে বা মোৰ প্ৰশংসা কৰে। তেওঁলোকৰ উৎসাজনক কথা শুনি আৰু মৰম চাই, মই আকৌ সাহস লাভ কৰোঁ। মই জানোঁ যে এই সকলোবোৰৰ আঁৰত যিহোৱাৰ হাত আছে।”
যিহোৱাই আপোনাৰ যোগেদি আনক কেনেকৈ শান্ত্বনা দিব পাৰে? (অনুচ্ছেদ ১৭ চাওক)
১৮. আমি কেনেকৈ আনক শান্ত্বনা দিব পাৰোঁ?
১৮ চিন্তা কৰক আমিও যিহোৱাৰ দৰে আনক শান্ত্বনা দিব পাৰোঁ, এয়া কিমান সন্মানৰ কথা হয়। কিন্তু এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আমি আনৰ কথা মনযোগেৰে শুনিব পাৰোঁ, নিজৰ কথাৰে তেওঁলোকক আশ্বাস দিব পাৰোঁ আৰু আমি তেওঁলোকক সহায় কৰিবলৈ যি কৰিব পাৰোঁ সেয়া কৰা উচিত। (হিতো. ৩:২৭) আমি সকলোকে শান্ত্বনা দিবলৈ চেষ্টা কৰোঁ। যিহোৱাৰ সেৱা নকৰা লোকসকলকো। যেনে, যেতিয়া কাৰোৱাৰ বেমাৰ হয়, সমস্যাত থাকে বা বহুত চিন্তিত হৈ পৰে বা বহুত দুখত থাকে, তেওঁক আমি লগ কৰিবলৈ যাওঁ, তেওঁৰ কথা মনোযোগেৰে শুনোঁ আৰু বাইবেলৰ পৰা এনে কিছুমান কথা কওঁ, যাৰ পৰা তেওঁ সাহস লাভ কৰে। যেতিয়া আমি যিহোৱাৰ দৰে হওঁ, যি সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়, তেতিয়া আমি সমস্যাৰ সন্মুখীন হʼবলৈ ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ। ইয়াৰ উপৰিও, যি লোকসকলে যিহোৱাৰ উপাসনা নকৰে, তেওঁলোকৰ ওপৰতো হয়তো ইয়াৰ ভাল প্ৰভাৱ পৰিব পাৰে আৰু তেওঁলোকে আগলৈ গৈ যিহোৱাৰ বিষয়ে শিকিব পাৰে।—মথি ৫:১৬.
যিহোৱাই সদায় আমাক সহায় কৰে
১৯. যিহোৱাই আমাৰ বাবে কি কৰে আৰু আমি তেওঁৰ দৰে কেনেকৈ হʼব পাৰোঁ।
১৯ যিহোৱাই সেই লোকসকলৰ যত্ন লয়, যিসকলে তেওঁক প্ৰেম কৰে। যেতিয়া আমি সমস্যাত থাকোঁ, তেতিয়া তেওঁ আমাৰ লগতে থাকে। যিদৰে পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ যত্ন লৈ, ঠিক সেইদৰে যিহোৱাও নিজৰ বিশ্বাসী সেৱাকসকলৰ যত্ন লয়। যিহোৱাই তেওঁলোকক পথ দেখুৱায়, তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰে, সুৰক্ষা আৰু শান্ত্বনা দিয়ে। আমিও নিজৰ মৰমীয়াল পিতৃ যিহোৱাৰ দৰে হʼব পাৰোঁ। যেতিয়া লোকসকলে সমস্যাৰ মাজেদি পাৰ হয়, তেতিয়া আমি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ। হয়তো আমিও সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে বা কোনো এটা কথাক লৈ চিন্তিত হʼবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে যিহোৱা আমাৰ লগত আছে। তেওঁ নিজে প্ৰতিজ্ঞা কৰিছে, “তুমি ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ।” (যিচ. ৪১:১০) এই পদ পঢ়ি আমি বহুত সাহস পাওঁ। সঁচাকৈ, যিহোৱাই আমাক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিব।
গীত নং ১০০ অতিথি সৎকাৰ কৰক
a এপ্ৰিল ১৫, ২০১১ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া লেখ “এনে নিৰ্ণয় লওক যাৰ পৰা ঈশ্বৰৰ মহিমা হয়” পঢ়ক।
b ফেব্ৰুৱাৰী ২০২৪ চনৰ প্ৰহৰীদুৰ্গত দিয়া “যিহোৱাই দেখুৱা পথত চলি থাকক” নামৰ লেখখনৰ অনুচ্ছেদ ১১-১৪ পঢ়ক।
c এই বিষয়ে অলপতে অহা তথ্যৰ বিষয়ে পঢ়িবলৈ jw.org-ত চাৰ্চ বক্সত “সাহায্য কাম” টাইপ কৰক।
d ফেব্ৰুৱাৰী ২০১৭ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া লেখ “পাঠকসকলৰ প্ৰশ্ন” পঢ়ক।
e ছবিৰ বিষয়ে: মালাৱীত দুৰ্যোগ অহাৰ পাছত ভাই-ভনীসকলক আহাৰ আৰু আন প্ৰয়োজনীয় বস্তুবোৰ দিয়া হৈছে আৰু বাইবেলৰ পৰা শান্ত্বনাও দিয়া হৈছে।