ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 অক্টোবৰ পৃষ্ঠা ১২-১৭
  • যীচুৱে শেষৰ ৪০ দিনত বহুতো কথা শিকালে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে শেষৰ ৪০ দিনত বহুতো কথা শিকালে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আনক উৎসাহিত কৰক
  • শাস্ত্ৰৰ কথা বুজিবলৈ আনক সহায় কৰক
  • ভাইসকলক ট্ৰেইনিং দিয়ক যাতে তেওঁলোকে “মানুহৰ ৰূপত উপহাৰ” হʼব পাৰে
  • যীচুৰ দৰে উৎসাহেৰে প্ৰচাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আনক দিলে বহুত আনন্দ পোৱা যায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ভাইসকল—আপোনালোকে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 অক্টোবৰ পৃষ্ঠা ১২-১৭

অধ্যয়নৰ লেখ ৪১

গীত নং ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

যীচুৱে শেষৰ ৪০ দিনত বহুতো কথা শিকালে

‘যীচুৱে ৪০ দিনলৈকে পাঁচনিসকলৰ আগত দেখা দিলে আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁলোকক কৈ থাকিল।’ —পাঁচ. ১:৩.

কি শিকিম?

যীচুৱে পৃথিৱীত শেষৰ ৪০ দিনত যি কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ, তাৰ বিষয়ে আমি এই লেখত শিকিম।

১-২. যীচুৰ দুজন শিষ্য ইন্মায়ূলৈ গৈ থকাৰ সময়ত তেওঁলোকৰ লগত কি হʼল?

এয়া ৩৩ খ্ৰীষ্টাব্দৰ নিচান ১৬-ৰ কথা। যীচুৰ দুজন শিষ্যই যিৰূচালেমৰ পৰা ইন্মায়ূৰ ফালে গৈ আছে, যি তাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ (৭ মাইল) দূৰত আছে। যীচুৰ আন শিষ্যসকলৰ দৰে তেওঁলোকেও দুখত ভাঙি পৰিছে আৰু বহুত ভয়ত আছে। কাৰণ কিছু সময়ৰ আগতে তেওঁলোকৰ গুৰুক মাৰি পেলোৱা হʼল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ খ্ৰীষ্টই তেওঁলোকৰ বাবে বহুত কিছু কৰিব। কিন্তু সেইদৰে নহʼল, তেওঁলোকৰ আশাত চেঁচা পানী পৰিল। কিন্তু এতিয়া এনে কিবা হʼবলগীয়া আছিল, যাৰ বাবে তেওঁলোকে নিজৰ দুখ পাহৰি গʼলহেঁতেন।

২ ৰাস্তাত এজন অচিনাকী ব্যক্তি তেওঁলোকৰ লগত যাবলৈ ধৰিলে। তেওঁলোকে সেই ব্যক্তিজনক জনালে যে তেওঁলোকে বহুত চিন্তিত আছে, কাৰণ তেওঁলোকৰ গুৰুৰ লগত বহুত বেয়া ঘটনা ঘটিল। তেওঁলোকৰ কথা শুনি সেই ব্যক্তিজনে তেওঁলোকক এনে কথা কʼলে, যাৰ পৰা তেওঁলোকৰ দৃষ্টিভংগী সলনি হʼল। ‘মোচিৰ কিতাপৰ পৰা আৰু সকলো ভৱিষ্যবক্তাসকলৰ কিতাপৰ’ পৰা তেওঁলোকক বুজালে যে খ্ৰীষ্টই দুখ সহন কৰা আৰু মৃত্যু হোৱাটো গুৰুত্বপূৰ্ণ আছিল। ইন্মায়ূ গৈ পোৱাৰ পাছত তেওঁলোকে গʼম পালে যে সেই অচিনাকী ব্যক্তিজন তেওঁলোকৰ গুৰু যীচু হয়, যাক ঈশ্বৰে আকৌ জীয়াই তুলিছে। চিন্তা কৰক, এয়া জানি তেওঁলোকে কিমান আনন্দিত হʼল যে খ্ৰীষ্টক আকৌ জীয়াই তোলা হৈছে!—লূক ২৪:১৩-৩৫.

৩-৪. (ক) যেতিয়া যীচুৱে নিজৰ শিষ্যসকলক লগ কৰিলে, তেতিয়া তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰিল? (পাঁচনিৰ কৰ্ম্ম ১:৩) (খ) এই লেখত আমি কি শিকিম?

৩ যীচুৱে পৃথিৱীত শেষৰ ৪০ দিনত নিজৰ শিষ্যসকলক বহুবাৰ লগ কৰিছিল।a (পাঁচনিৰ কৰ্ম্ম ১:৩ পঢ়ক।) তেওঁৰ শিষ্যসকলে বহুত নিৰাশ আৰু চিন্তিত হৈ পৰিছিল। সেইবাবে, তেওঁ নিজৰ শিষ্যসকলৰ সাহস বঢ়ালে। ইয়াৰ বাবে তেওঁলোকে উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ ধৰিলে।

৪ যীচুৱে সেই ৪০ দিনত যি কৰিলে, তাৰ ওপৰত ধ্যান দিলে আমি বহুত কিছু শিকিব পাৰোঁ। এই লেখত আমি আলোচনা কৰিম যে শেষৰ দিনবোৰত যীচুৱে কেনেকৈ (১) নিজৰ শিষ্যসকলক উৎসাহিত কৰিলে, (২) তেওঁলোকক শাস্ত্ৰৰ গভীৰ কথাবোৰ বুজিবলৈ সহায় কৰিলে আৰু (৩) তেওঁলোকক ট্ৰেইনিং দিলে, যাতে তেওঁলোকে আৰু দায়িত্ব চম্ভালিব পাৰে। আমি এয়াও শিকিম যে আমি কেনেকৈ যীচুৰ দৰে হʼব পাৰোঁ।

আনক উৎসাহিত কৰক

৫. যীচুৰ শিষ্যসকলক কিয় সাহসৰ প্ৰয়োজন আছিল?

৫ যীচুৰ শিষ্যসকলক সাহসৰ প্ৰয়োজন আছিল। কাৰণ তেওঁলোকৰ মাজৰ কিছুমানে নিজৰ ঘৰ, ব্যৱসায়, সকলোবোৰ এৰি যীচুৰ পিছে পিছে চলিছিল। (মথি ১৯:২৭) এনে কিছুমান লোকো আছিল, যিসকলক লোকসকলে তল চকুৰে চাইছিল। কিয়নো তেওঁলোকে যীচু শিষ্য হৈছিল। (যোহ. ৯:২২) তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচু প্ৰতিজ্ঞা কৰা খ্ৰীষ্ট হয়। সেইবাবে, তেওঁলোকে এই সকলোবোৰ সহন কৰিব পাৰিলে। (মথি ১৬:১৬) কিন্তু যেতিয়া যীচুৰ মৃত্যু হʼল, তেতিয়া তেওঁলোকৰ আশা চুৰমাৰ হৈ গʼল আৰু তেওঁলোকে একেবাৰে ভাঙি পৰিল।

৬. আকৌ জীৱিত হোৱাৰ পাছত যীচুৱে কি কৰিলে?

৬ যীচুৱে জানিছিল যে তেওঁৰ শিষ্যসকলে নিজৰ গুৰুক হেৰুৱাৰ বাবে দুখ কৰি আছে, তেওঁলোকৰ বিশ্বাস কমি যোৱাৰ বাবে নহয়। সেইবাবে, যিদিনা তেওঁক আকৌ জীয়াই তোলা হʼল, সেইদিনাখন তেওঁ নিজৰ বন্ধুসকলক লগ কৰি তেওঁলোকৰ সাহস বঢ়ালে। যেনে, যেতিয়া মৰিয়ম মগ্দলীনী তেওঁৰ কবৰৰ বাহিৰত কান্দি আছিল, তেতিয়া যীচুৱে তাইৰ ওচৰত দেখা দিলে। (যোহ. ২০:১১, ১৬) তেওঁ সেই দুজন শিষ্যকো দেখা দিলে, যিসকলৰ বিষয়ে আমি লেখৰ আৰম্ভণিত চাইছিলোঁ। ইয়াৰ উপৰিও তেওঁ পাঁচনি পিতৰকো লগ কৰিলে। (লূক ২৪:৩৪) আহক প্ৰথমে আমি চাওঁ যে যীচুৱে যেতিয়া মৰিয়ম মগ্দলীনীক লগ কৰিলে, তেতিয়া কি হʼল আৰু আমি তাৰ পৰা কি শিকিব পাৰোঁ।

৭. যীচুৱে মৰিয়মৰ বিষয়ে কি লক্ষ্য কৰে আৰু তাৰ পাছত তাইৰ বাবে কি কৰে? (যোহন ২০:১১-১৬) (ছবিখনো চাওক।)

৭ যোহন ২০:১১-১৬ পঢ়ক। নিচান ১৬-ৰ দিনাখন কিছুমান বিশ্বাসী তিৰোতাই যীচুৰ কবৰত আহে। (লূক ২৪:১, ১০) তেওঁলোকৰ মাজত মৰিয়ম মগ্দলীনীও আছিল। আহক তাইৰ বিষয়ে মন কৰোঁ। যেতিয়া মৰিয়ম কবৰলৈ আহে, তেতিয়া তাই কবৰখন খালী দেখে। তাই দৌৰি পিতৰ আৰু যোহনৰ ওচৰলৈ যায় আৰু তেওঁলোকক ইয়াৰ বিষয়ে জনায়। পাছত তেওঁলোকে দৌৰি কবৰলৈ আহে আৰু মৰিয়মো তেওঁলোকৰ পিছে পিছে আহে। যেতিয়া তেওঁলোকে দেখে যে সঁচাকৈ কবৰখন খালী আছে, তেতিয়া তেওঁলোকে নিৰাশ হয় আৰু ঘৰলৈ উভটি যায়। কিন্তু মৰিয়মে তাতে থিয় হৈ কান্দি থাকে। তাই এয়া জনা নাছিল যে এই সকলোবোৰ হৈ থকাটো যীচুৱে চাই আছে। মৰিয়মক কান্দি থকা দেখি যীচুৰ বৰ দুখ লাগিল। সেইবাবে, যীচুৱে তাইক দেখা দিলে। যীচুৱে মৰমেৰে তাইৰ লগত কথা পাতে আৰু তাইক উৎসাহিত কৰে। পাছত যীচুৱে মৰিয়মক এটা গুৰুত্বপূৰ্ণ কাম দিয়ে। যীচুক জীৱিত কৰা হʼল বুলি বাকী শিষ্যসকলক জনাবলৈ কʼলে।—যোহ. ২০:১৭, ১৮.

আকৌ জীয়াই তোলাৰ পাছত যীচু মৰিয়ম মগ্দলীনীৰ লগত কথা পতি আছে। তেওঁলোকে খালী কবৰৰ ওচৰত থিয় হৈ আছে।

লোকসকলে কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈছে, তালৈ যীচুৰ দৰে ধ্যান দিয়ক, তেওঁলোকক সহানুভূতি দেখুৱাওক আৰু মৰমেৰে কথা পাতক (অনুচ্ছেদ ৭ চাওক)


৮. যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৮ আমি কেনেকৈ যীচুৰ দৰে হʼব পাৰোঁ? আমি নিজৰ ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰোঁ যাতে তেওঁলোকে যিহোৱাৰ সেৱা কৰিব পাৰে। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? যীচুৰ দৰে আমি এয়া বুজিবলৈ চেষ্টা কৰা উচিত যে আমাৰ ভাই-ভনীসকলে কি কি সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেওঁলোকে কেনে অনুভৱ কৰি আছে আৰু তাৰ পাছত আমি নিজৰ কথাৰে তেওঁলোকক শান্ত্বনা দিয়া উচিত। ভনী জʼচলিনৰ উদাহৰণলৈ মন কৰক। এটা দুৰ্ঘটনাত তাই নিজৰ ভন্টিক মৃত্যুত হেৰুৱাইছিল। তাই এইদৰে কৈছে “মই কেইবামাহ ধৰি দুখত আছিলোঁ। বাৰে বাৰে মোক ভন্টিলৈ মনত পৰিছিল।” পাছত যেতিয়া এহাল দম্পতীয়ে ভনীৰ পৰিস্থিতিৰ বিষয়ে গʼম পালে, তেতিয়া তেওঁলোকে তাইক নিজৰ ঘৰলৈ মাতিলে। তেওঁলোকে মন দি ভনীৰ কথা শুনিলে আৰু যিহোৱাই তাইক বহুত প্ৰেম কৰে বুলি আশ্বাস দিলে। ভনীয়ে এইদৰে কৈছে, “মোৰ এনে লাগিছিল যেন মই এখন গভীৰ সমুদ্ৰত ডুবি আছোঁ। কিন্তু যিহোৱাই সেই ভাই-ভনীৰ যোগেদি সঠিক সময়ত মোক তাৰ পৰা উলিয়াই আনিলে। তেওঁলোকৰ কথা শুনাৰ পাছত মই পুনৰ উৎসাহেৰে যিহোৱাৰ সেৱাত লাগি থাকিব পাৰিলোঁ। আমিও ঠিক সেইদৰে ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ। যেতিয়া ভাই-ভনীসকলে নিজৰ মনৰ কথা কয়, তেতিয়া আমি তেওঁলোকৰ কথা মন দি শুনিব পাৰোঁ, সহানুভূতি দেখুৱাব পাৰোঁ আৰু মৰমেৰে কথা পাতিব পাৰোঁ। এইদৰে কৰিলে তেওঁলোকে উৎসাহিত হʼব আৰু যিহোৱাৰ সেৱাত লাগি থাকিব পাৰিব।—ৰোম. ১২:১৫.

শাস্ত্ৰৰ কথা বুজিবলৈ আনক সহায় কৰক

৯. যীচুৰ শিষ্যসকলৰ মনত কি খেলি-মেলি লাগিছিল আৰু যীচুৱে তেওঁলোকক কেনেকৈ সহায় কৰিলে?

৯ যীচুৰ শিষ্যসকলে শাস্ত্ৰক ঈশ্বৰৰ বাক্য বুলি মানিছিল আৰু সেই অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰিছিল। (যোহ. ১৭:৬) কিন্তু যীচুক যেতিয়া কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হʼল, তেতিয়া তেওঁলোকে বুজি পোৱা নাছিল যে এইদৰে কিয় হʼল আৰু তেওঁলোকৰ মনত বহুতো প্ৰশ্ন আছিল। যীচুৱে জানিছিল যে তেওঁলোকৰ বিশ্বাস কম হোৱাৰ বাবে এই খেলি-মেলি হোৱা নাই, তাৰ পৰিৱৰ্তে তেওঁলোকে শাস্ত্ৰৰ কথা ভালদৰে বুজি পোৱা নাছিল। (লূক ৯:৪৪, ৪৫; যোহ. ২০:৯) সেইবাবে, যীচুৱে তেওঁলোকক শাস্ত্ৰৰ কথা বুজিবলৈ সহায় কৰিলে। ইন্মায়ূলৈ গৈ থকা দুজন শিষ্যৰ লগত যীচুৱে যি কথা পাতিলে, এতিয়া আহক তালৈ মন কৰোঁ।

১০. যীচুৱেই খ্ৰীষ্ট হয়, এয়া বুজিবলৈ তেওঁ নিজৰ শিষ্যসকলক কেনেকৈ সহায় কৰিলে? (লূক ২৪:১৮-২৭)

১০ লূক ২৪:১৮-২৭ পঢ়ক। মন কৰক যেতিয়া যীচুৱে সেই দুজন শিষ্যক লগ পালে, তেতিয়া তেওঁ কোন হয় বুলি লগে লগে নজনালে। তাৰ পৰিৱৰ্তে তেওঁলোকক কিছুমান প্ৰশ্ন সুধিলে। কাৰণ শিষ্যসকলে মনৰ সকলো কথা খুলি কোৱাটো হয়তো তেওঁ বিচাৰিছিল। শিষ্যসকলে তেওঁক জনালে যে যীচুৱে তেওঁলোকক ৰোমী সাম্ৰাজ্যৰ পৰা মুকলি কৰিব বুলি তেওঁলোকে ভাবিছিল। যীচুৱে তেওঁলোকৰ কথা মন দি শুনিলে তাৰ পাছত শাস্ত্ৰৰ পৰা বুজালে যে মচিহৰ লগত যি হʼল সেয়া ভৱিষ্যবাণী পূৰ হোৱাৰ বাবে হʼল।b পাছত সেই সন্ধ্যা তেওঁ আন শিষ্যসকলকো লগ কৰিলে আৰু ইয়াৰ বিষয়ে বুজালে। (লূক ২৪:৩৩-৪৮) এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ?

১১-১২. (ক) যীচুৱে লোকসকলক শাস্ত্ৰৰ পৰা যিদৰে শিকালে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।) (খ) নʼৰ্টেক বাইবেল অধ্যয়ন কৰা ভাইজনে কেনেকৈ তেওঁক সহায় কৰিলে?

১১ আমি কেনেকৈ যীচুৰ দৰে হʼব পাৰোঁ? নিজৰ বাইবেল বিদ্যাৰ্থীক শিকোৱাৰ সময়ত ভাবি-চিন্তি প্ৰশ্ন সোধক যাতে তেওঁ নিজৰ মনৰ সকলো কথা খুলি কʼব পাৰে। (হিতো. ২০:৫) এনে পদবোৰ বিচাৰিবলৈ তেওঁক সহায় কৰক, যি তেওঁক সহায় কৰিব পাৰে। তেওঁ কি কৰা উচিত বা কি কৰা উচিত নহয়, তাৰ বিষয়ে জনোৱাৰ পৰিৱৰ্তে সেই পদৰ ওপৰত তেওঁক প্ৰশ্ন সোধক। তেওঁক এয়া বুজিবলৈ সহায় কৰক যে সেই পদত লিখা কথাবোৰ তেওঁ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰে। এতিয়া ঘানাত থকা ভাই নʼৰ্টেৰ উদাহৰণলৈ মন কৰক।

১২ ভাই নʼৰ্টে ১৬ বছৰ বয়সত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁৰ পৰিয়ালে তেওঁক বিৰোধ কৰিবলৈ ধৰিলে। তথাপিও ভাই নʼৰ্টে অধ্যয়ন কৰি থাকিলে। তেওঁ কিয় এইদৰে কৰি থাকিব পাৰিলে? কাৰণ যিজন ভায়ে তেওঁৰ অধ্যয়ন কৰি আছিল, তেওঁ ভাই নʼৰ্টেৰ লগত মথি ১০ অধ্যায় আলোচনা কৰিছিল আৰু এয়া বুজিবলৈ সহায় কৰিছিল যে সত্য খ্ৰীষ্টানসকলে বিৰোধৰ সন্মুখীন হʼবলগীয়া হয়। ভাই নʼৰ্টে এইদৰে কৈছে, “যেতিয়া মোৰ বিৰোধ কৰা হʼল, তেতিয়া মই বুজি পালোঁ যে এয়াই সত্য হয়।” যিজন ভায়ে তেওঁৰ অধ্যয়ন কৰিছিল, তেওঁ মথি ১০:১৬ পদৰ ওপৰতো আলোচনা কৰিছিল। ইয়াৰ পৰা ভাই নʼৰ্টে বুজি পালে যে পৰিয়ালৰ লগত ধৰ্মৰ বিষয়ে কথা পতাৰ সময়ত তেওঁ আদৰেৰে আৰু ভাবি-চিন্তি কথা পতা উচিত। বাপ্তিষ্মাৰ পাছত ভাই নʼৰ্টে অগ্ৰগামী সেৱা কৰিব বিচাৰিছিল। কিন্তু নʼৰ্টে ইউনিভাৰচিটিত পঢ়াটো তেওঁৰ দেউতাকে বিচাৰিছিল। সেইবাবে, নʼৰ্টে তেওঁৰ অধ্যয়ন কৰোৱা ভাইজনৰ লগত ইয়াৰ বিষয়ে কথা পাতিলে। ভায়ে তেওঁক এয়া নজনালে যে তেওঁ কি কৰা উচিত। তাৰ পৰিৱৰ্তে কিছুমান প্ৰশ্ন সুধিলে আৰু বাইবেলৰ সিদ্ধান্তৰ ওপৰত মনন কৰিবলৈ কʼলে যাতে তেওঁ সঠিক নিৰ্ণয় লʼব পাৰে। এইদৰে কৰাৰ বাবে ভায়ে পূৰ্ণ সময়ৰ সেৱা কৰাৰ নিৰ্ণয় লʼলে। তেতিয়া দেউতাকে তেওঁক ঘৰৰ পৰা উলিয়াই দিলে। সেই সময়ত নʼৰ্টে কেনে অনুভৱ কৰিলে? তেওঁ এইদৰে কৈছে, “মই সঠিক নিৰ্ণয় লʼলোঁ বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।” আমিও আনক বাইবেলৰ পদবোৰৰ ওপৰত গভীৰভাৱে চিন্তা কৰিবলৈ সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকৰ বিশ্বাস মজবুত হয় আৰু সমস্যাৰ সময়তো যিহোৱাৰ সেৱা কৰি থাকিব পাৰে।—ইফি. ৩:১৬-১৯.

ছবি: ১. বাইবেল অধ্যয়ন কৰোৱা ব্যক্তিজনে শাস্ত্ৰৰ কথা বুজিবলৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰিলে। ২. এতিয়া বিদ্যাৰ্থীয়ে খ্ৰীষ্টমাছত সজোৱা বস্তুবোৰ পেলাই আছে।

যীচুৰ দৰে আনক শাস্ত্ৰৰ কথা বুজি পাবলৈ সহায় কৰক (অনুচ্ছেদ ১১ চাওক)e


ভাইসকলক ট্ৰেইনিং দিয়ক যাতে তেওঁলোকে “মানুহৰ ৰূপত উপহাৰ” হʼব পাৰে

১৩. যীচু স্বৰ্গলৈ যোৱাৰ পাছতো যাতে প্ৰচাৰ কাম হৈ থাকে, তাৰ বাবে তেওঁ কি কৰিলে? (ইফিচীয়া ৪:৮)

১৩ যিহোৱাই যীচুক পৃথিৱীত যি কাম দিছিল, সেয়া তেওঁ ভালদৰে পূৰ কৰিলে। (যোহ. ১৭:৪) কোনো এটা কাম ভালদৰে কৰিবলৈ হʼলে যীচুৱে নিজেই সেই কামটো কৰিব লাগিব বুলি তেওঁ কেতিয়াও ভবা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নিজৰ শিষ্যসকলৰ ওপৰত ভৰসা কৰিছিল। সেইবাবে, চাৰে তিনি বছৰৰ সেৱাৰ সময়ছোৱাত তেওঁ নিজৰ শিষ্যসকলক ট্ৰেইনিং দিলে। ইয়াৰ উপৰিও পৃথিৱীত শেষৰ ৪০ দিনতো তেওঁ নিজৰ শিষ্যসকলক শিকালে আৰু যিহোৱাৰ ভেড়াবোৰৰ চোৱা-চিতা কৰিবলৈ, প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ দায়িত্ব দিলে। (ইফিচীয়া ৪:৮ পঢ়ক।) যেতিয়া যীচুৱে তেওঁলোকক এই দায়িত্ব দিছিল, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমান শিষ্যৰ বয়স হয়তো ৩০-তকৈও কম আছিল। তেওঁলোকে বহুত পৰিশ্ৰমী আৰু যীচুৰ বিশ্বাসী আছিল। সেইবাবে, যীচুৱে তেওঁলোকক ট্ৰেইনিং দিলে যাতে তেওঁলোকে “মানুহৰ ৰূপত উপহাৰ” হʼব পাৰে। যীচুৱে এয়া কেনেকৈ কৰিলে?

১৪. যীচুৱে পৃথিৱীত শেষৰ ৪০ দিনত নিজৰ শিষ্যসকলক কেনেকৈ ট্ৰেইনিং দিলে? (ছবিখনো চাওক।)

১৪ যীচুৱে স্পষ্টকৈ কিন্তু মৰমেৰে নিজৰ শিষ্যসকলক পৰামৰ্শ দিলে। যেনে, যেতিয়া যীচুৱে লক্ষ্য কৰিলে যে তেওঁক আকৌ জীয়াই তোলা হৈছে বুলি কিছুমান শিষ্যই বিশ্বাস কৰা নাই, তেতিয়া তেওঁলোকক পৰামৰ্শ দিলে আৰু শুধৰণি কৰিলে। (লূক ২৪:২৫-২৭; যোহ. ২০:২৭) যীচুৱে তেওঁলোকক এয়াও বুজালে যে তেওঁলোক ব্যৱসায় কৰা বা টকা-পইচা গোটোৱাত বেছিকৈ ধ্যান দিয়াৰ পৰিৱৰ্তে যিহোৱাৰ ভেড়াবোৰক চোৱা-চিতা কৰাত বেছিকৈ ধ্যান দিয়া উচিত। (যোহ. ২১:১৫) যীচুৱে এয়াও মনত পেলাই দিছিল যে আনে যিহোৱাৰ সেৱাত কি দায়িত্ব পাইছে, তাৰ বিষয়ে ভাবি বেছিকৈ চিন্তিত হোৱা উচিত নহয়। (যোহ. ২১:২০-২২) ইয়াৰ উপৰিও ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁলোকৰ যি ভুল চিন্তাধাৰা আছিল, তাক শুধৰণি কৰিলে আৰু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিলে। (পাঁচ. ১:৬-৮) প্ৰাচীনসকলে যীচুৰ পৰা কি শিকিব পাৰে?

যীচু সমুদ্ৰৰ কাষত বহি নিজৰ শিষ্যসকলৰ লগত কথা পাতি আছে আৰু জুইত মাছ পুৰি আছে।

যীচুৰ দৰে ভাইসকলক ট্ৰেইনিং দিয়ক যাতে তেওঁলোকে আৰু দায়িত্ব লোৱাৰ যোগ্য হʼব পাৰে (অনুচ্ছেদ ১৪ চাওক)


১৫-১৬. (ক) প্ৰাচীনসকলে যীচুৰ দৰে কি কৰিব পাৰে? বুজাওক। (খ) ভাই পেট্ৰিকক যেতিয়া পৰামৰ্শ দিয়া হʼল, তেতিয়া তেওঁৰ কি লাভ হʼল?

১৫ প্ৰাচীনসকলে যীচুৰ পৰা কি শিকিব পাৰে? তেওঁলোকে সেই ভাইসকলকো ট্ৰেইনিং দিব পাৰে, যিসকলৰ বয়স কম যাতে তেওঁলোকে আৰু বেছিকৈ দায়িত্ব লোৱাৰ যোগ্য হʼব পাৰে।c তেওঁলোকে এবাৰতে সকলোবোৰ শিকিব পাৰিব আৰু তেওঁলোকৰ পৰা একো ভুল নহʼব বুলি প্ৰাচীনসকলে আশা কৰা উচিত নহয়। কিন্তু যেতিয়া প্ৰয়োজন হয়, তেতিয়া তেওঁলোকক স্পষ্টকৈ কিন্তু মৰমেৰে পৰামৰ্শ দিয়া উচিত যাতে তেওঁলোকে নম্ৰ হʼবলৈ, ভৰসাযোগ্য হʼবলৈ আৰু আনন্দেৰে আনক সহায় কৰিবলৈ শিকিব পাৰে।—১ তীম. ৩:১; ২ তীম. ২:২; ১ পিত. ৫:৫.

১৬ ভাই পেট্ৰিকক পৰামৰ্শ দিয়াৰ পাছত তেওঁৰ কি লাভ হʼল, এতিয়া তালৈ মন কৰক। তেওঁ আনৰ লগত আনকি ভনীসকলৰ লগতো ভালদৰে ব্যৱহাৰ কৰা নাছিল। এজন প্ৰাচীনে ভাই পেট্ৰিকৰ এই দুৰ্বলতাক লক্ষ্য কৰিলে আৰু তেওঁক স্পষ্টকৈ কিন্তু মৰমেৰে পৰামৰ্শ দিলে। ভাই পেট্ৰিকে কৈছে, “মই কʼত শুধৰণি কৰাৰ প্ৰয়োজন আছে, তাৰ বিষয়ে মোক ভাইজনে স্পষ্টকৈ জনোৱাৰ বাবে মই বৰ আনন্দিত। মই মণ্ডলীত দায়িত্ব পাব বিচাৰিছিলোঁ, কিন্তু সেই দায়িত্ব আনে পোৱাটো চাই মোৰ বহুত দুখ লাগিছিল। প্ৰাচীনে দিয়া পৰামৰ্শ পালন কৰি মোৰ বহুতো লাভ হʼল। মই ভালদৰে বুজিব পাৰিলোঁ যে মণ্ডলীত দায়িত্ব পোৱাতকৈ বেছি মই নম্ৰ হৈ ভাই-ভনীসকলক সহায় কৰা আৰু তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।” ইয়াৰ পৰিণাম কি হʼল? ভাই পেট্ৰিকক ২৩ বছৰ বয়সতে প্ৰাচীন নিযুক্ত কৰা হʼল।—হিতো. ২৭:৯.

১৭. যীচুৱে নিজৰ শিষ্যসকলৰ ওপৰত ভৰসা কৰে বুলি কেনেকৈ দেখুৱালে?

১৭ যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কৰাৰ লগতে শিকোৱাৰ দায়িত্ব দিছিল। (মথি ২৮:২০) শিষ্যসকলে হয়তো ভাবিছিল যে তেওঁলোকে এই দায়িত্ব পূৰ কৰিব নোৱাৰিব। কিন্তু যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁলোকে এই দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিব। সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “যিদৰে পিতৃয়ে মোক পঠাইছে, ময়ো তোমালোকক পঠাইছোঁ।”—যোহ. ২০:২১.

১৮. যীচুৰ দৰে প্ৰাচীনসকলে কি কৰিব পাৰে?

১৮ প্ৰাচীনসকলে যীচুৰ পৰা কি শিকিব পাৰে? অভিজ্ঞতা থকা প্ৰাচীনসকলে আনক দায়িত্ব দিয়ে। (ফিলি. ২:১৯-২২) যেনে, তেওঁলোকে ডেকা ভাইসকলৰ লগত মিলি ৰাজ্যগৃহ চাফ চিকুণ কৰে আৰু তাৰ চোৱা-চিতা কৰে। প্ৰাচীনসকলে তেওঁলোকক কাম দিয়াৰ লগতে তেওঁলোকক ট্ৰেইনিঙো দিয়ে আৰু আশ্বাস দিয়ে যে তেওঁলোকে এই কাম ভালদৰে পূৰ কৰিব পাৰিব। ভাই মেথিউৰ উদাহৰণলৈ মন কৰক। অলপতে তেওঁক প্ৰাচীন নিযুক্ত কৰা হৈছে। তেওঁ কৈছে যে অভিজ্ঞ প্ৰাচীনসকলে তেওঁক দায়িত্ব দিয়াৰ লগতে ট্ৰেইনিঙো দিলে আৰু ভৰসা ৰাখিলে যে তেওঁ সেই কাম ভালদৰে পূৰ কৰিব পাৰে। ইয়াৰ বাবে তেওঁ বহুত কৃতজ্ঞ। ভাই মেথিউৱে কৈছে, “মোৰ পৰা ভুল হʼল, কিন্তু প্ৰাচীনসকলে মোক সদায় সহায় কৰিছিল। সেইবাবে, মই নিজৰ ভুলবোৰৰ পৰা শিকিব পাৰিলোঁ আৰু নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিলোঁ।”d

১৯. আমি কি থিৰাং কৰা উচিত?

১৯ পৃথিৱীত শেষৰ ৪০ দিনত যীচুৱে নিজৰ শিষ্যসকলৰ সাহস বঢ়ালে, শিকালে আৰু ট্ৰেইনিং দিলে। সেইবাবে, আহক আমিও যীচুৰ দৰে হʼবলৈ থিৰাং কৰোঁ আৰু তেওঁৰ উদাহৰণত চলোঁ। (১ পিত. ২:২১) এইদৰে কৰিবলৈ তেওঁ নিশ্চয় আমাক সহায় কৰিব। কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছে যে “জগতৰ ব্যৱস্থাৰ শেষ সময়লৈকে মই সদায় তোমালোকৰ লগত থাকিম।”—মথি ২৮:২০.

পৃথিৱীত শেষৰ ৪০ দিনত . . .

  • যীচুৱে কেনেকৈ নিজৰ শিষ্যসকলৰ সাহস বঢ়ালে

  • যীচুৱে কেনেকৈ তেওঁলোকক শাস্ত্ৰৰ কথা বুজিবলৈ সহায় কৰিলে?

  • যীচুৱে কেনেকৈ তেওঁলোকক আৰু দায়িত্ব চম্ভালিবলৈ ট্ৰেইনং দিলে?

গীত নং ১৫ যিহোৱাৰ প্ৰথমে জন্মা জনৰ প্ৰশংসা কৰক!

a শুভবাৰ্তাৰ কিতাপবোৰত আৰু বাইবেলৰ আন কিতাপবোৰত কোৱা হৈছে যে যীচুৱে আকৌ জীয়াই উঠাৰ পাছত কোন লোকসকলক দেখা দিছিল। তেওঁলোক হৈছে মৰিয়ম মগ্দলীনী (যোহ. ২০:১১-১৮); আন কিছুমান তিৰোতা (মথি ২৮:৮-১০; লূক ২৪:৮-১১); দুজন শিষ্য (লূক ২৪:১৩-১৫); পিতৰ (লূক ২৪:৩৪); পাঁচনিসকলৰ ওচৰত, যেতিয়া থোমা নাছিল (যোহ. ২০:১৯-২৪); পাঁচনিসকলৰ ওচৰত, যেতিয়া থোমা আছিল (যোহ. ২০:২৬); সাত জন শিষ্য (যোহ. ২১:১, ২); ৫০০-তকৈ বেছি শিষ্য (মথি ২৮:১৬; ১ কৰি. ১৫:৬); নিজৰ ভাই যাকোবৰ ওচৰত (১ কৰি. ১৫:৭); সকলো পাঁচনিৰ ওচৰত (পাঁচ. ১:৪); আৰু বৈথনিয়াৰ কাষত পাঁচনিসকলৰ ওচৰত (লূক ২৪:৫০-৫২) যীচুৱে হয়তো আন সময়তো নিজৰ শিষ্যসকলক দেখা দিছিল, যাৰ বিষয়ে বাইবেলত উল্লেখ নাই।—যোহ. ২১:২৫.

b খ্ৰীষ্টৰ বিষয়ে কৰা ভৱিষ্যবাণীবোৰৰ বিষয়ে জানিবলৈ jw.org-ত দিয়া এই হিন্দী লেখখন পঢ়ক, “খ্ৰীষ্টৰ বিষয়ে কৰা ভৱিষ্যবাণীবোৰৰ পৰা যীচুৱেই খ্ৰীষ্ট বুলি প্ৰমাণ হয় নে?”

c কিছুমান যোগ্য ভাইক ২৫-৩০ বছৰ বয়সতে চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰিব পাৰি। কিন্তু ইয়াৰ আগতে তেওঁলোকৰ কিছু সময়লৈকে প্ৰাচীন হিচাপে সেৱা কৰাৰ অভিজ্ঞতা থকা উচিত।

d ডেকা ভাইসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ যাতে তেওঁলোকে দায়িত্ব লোৱাৰ যোগ্য হʼব পাৰে। ইয়াৰ কিছুমান উপায়ৰ বিষয়ে জানিবলৈ আগষ্ট ২০১৮ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) পৃষ্ঠা ১১-১২, অনু. ১৫-১৭ আৰু এপ্ৰিল ১৫, ২০১৫ চনৰ খণ্ডৰ পৃষ্ঠা ৩-১৩ (হিন্দী) পঢ়ক।

e ছবিৰ বিষয়ে: বাইবেল অধ্যয়ন কৰোৱা ব্যক্তিজনে শাস্ত্ৰৰ কথা বুজিবলৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰিলে। এতিয়া বিদ্যাৰ্থীয়ে খ্ৰীষ্টমাছত সজোৱা বস্তুবোৰ পেলাই আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক