ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 ডিচেম্বৰ পৃষ্ঠা ৩১
  • আপোনাৰ মনত আছে নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ মনত আছে নে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যীচুৱে দিয়া উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ভাগ ১
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 ডিচেম্বৰ পৃষ্ঠা ৩১

আপোনাৰ মনত আছে নে?

আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছে নে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:

তিৰোতাসকলৰ লগত কিদৰে ব্যৱহাৰ কৰা উচিত, এই বিষয়ে আমি যিহোৱাৰ পৰা কি শিকোঁ?

যিহোৱাই তিৰোতাসকলৰ লগত পক্ষপাত নকৰে। তেওঁ পুৰুষসকলক তিৰোতাসকলৰ তুলনাত বেছি পছন্দ কৰে এনে নহয়। যিহোৱাই তিৰোতাসকলৰ কথা শুনে আৰু এই কথাৰ ওপৰতো ধ্যান দিয়ে যে তেওঁলোক কেনে অনুভৱ কৰে আৰু কি সমস্যাৰ মাজেদি পাৰ হৈ আছে। যিহোৱাই তেওঁলোকৰ ওপৰত ভৰসা কৰে। সেইবাবে, তেওঁলোকক বেলেগ বেলেগ দায়িত্ব দিয়ে।—w২৪.০১, পৃষ্ঠা ১৫-১৬.

আমি ইফিচীয়া ৫:৭ পদত দিয়া পৰামৰ্শ কেনেকৈ মানিব পাৰোঁ যʼত লিখা আছে, “তেওঁলোকৰ সহভাগী নহʼবা”?

পাঁচনি পৌলে আমাক সতৰ্ক কৰিছিল যে আমি এনে লোকসকলৰ লগত সংগতি নকৰিম, যিসকলৰ বাবে যিহোৱাৰ মানদণ্ড পালন কৰাটো আমাৰ বাবে কঠিন হʼব পাৰে। এয়া এনে লোকসকল হʼব পাৰে, যাৰ লগত আমি সংগতি কৰোঁ বা যিসকলৰ লগত চচিয়েল মিডিয়াত কথা পাতোঁ।—w২৪.০৩, পৃষ্ঠা ২২-২৩.

আমি মিছা কথাবোৰৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিম?

হয়তো আমাৰ কোনো বন্ধুৱে আমাক এনে খবৰ দিয়ে যাৰ বিষয়ে তেওঁলোকে নাজানে যে সেয়া সঠিক হয় নে নহয় বা আমি অচিনাকি ব্যক্তিৰ পৰা ই-মেইল পাওঁ নাইবা কোনো ধৰ্মত্যাগীয়ে সত্য শিকাৰ ভাও ধৰি আছে। এইবোৰৰ পৰা আমি আঁতৰি থকা উচিত। —w২৪.০৪, পৃষ্ঠা ১২.

ৰজা চলোমন, চদোম আৰু ঘমোৰাৰ লোকসকল আৰু জলপ্লাৱনত নাশ হোৱা লোকসকলৰ যিহোৱাই যিদৰে ন্যায় কৰিব, এই বিষয়ে আমি কি জানোঁ আৰু কি নাজানোঁ?

যিহোৱাই তেওঁলোকক সদায় কালৰ বাবে নাশ কৰিলে বুলি আমি সঠিকভাৱে কʼব নোৱাৰোঁ। কিন্তু আমি জানোঁ যে যিহোৱা দয়ালু ঈশ্বৰ হয় আৰু সকলো কথা জানে।—w২৪.০৫, পৃষ্ঠা ৩-৪.

যিহোৱা আমাৰ “শিলা” হয় বুলি জানি আমাৰ কি কথাৰ ওপৰত বিশ্বাস হয়? (দ্বিতী. ৩২:৪)

আমি যিহোৱাত আশ্ৰয় লʼব পাৰোঁ। তেওঁ ভৰসাৰ যোগ্য আৰু নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰে। তেওঁ শিলাৰ দৰে স্থিৰ, তেওঁৰ স্বভাৱ আৰু উদ্দেশ্য কেতিয়াও সলনি নহয়।—w২৪.০৬, পৃষ্ঠা ২৬-২৮

আপুনি নতুন মণ্ডলীৰ লগত কেনেকৈ নিজকে খাপ খোৱাব পাৰে?

যিহোৱাৰ ওপৰত ভৰসা ৰাখক। যিদৰে তেওঁ প্ৰাচীন সময়ত নিজৰ লোকসকলৰ সহায় কৰিছিল, ঠিক সেইদৰে তেওঁ আপোনাৰো সহায় কৰিব। নতুন মণ্ডলীৰ তুলনা পুৰণি মণ্ডলীৰ লগত নকৰিব। ভাই-ভনীসকলৰ লগত থাকক আৰু মণ্ডলীৰ কামত তেওঁলোকক সহযোগ কৰক। ইয়াৰ উপৰিও, নতুন বন্ধু বনাবলৈ চেষ্টা কৰক।—w২৪.০৭, পৃষ্ঠা ২৬-২৮

মথি ২৫ অধ্যায়ত দিয়া তিনিটা উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

ভেড়া আৰু ছাগলীৰ উদাহৰণৰ পৰা শিকোঁ যে আমি যিহোৱাৰ বিশ্বাসী হৈ থকা উচিত। বুদ্ধিমান আৰু মুৰ্খ কন্যাৰ উদাহৰণৰ পৰা শিকোঁ যে আমি সতৰ্ক হৈ অপেক্ষা কৰিবলৈ সাজু হৈ থকা উচিত। গাগৰিৰ উদাহৰণৰ পৰা শিকোঁ যে আমি পৰিশ্ৰমী হোৱা উচিত আৰু মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি গৈ থকা উচিত।—w২৪.০৯, পৃষ্ঠা ২০-২৪.

চলোমনৰ মন্দিৰৰ বাৰাণ্ডা কিমান ওখ আছিল?

কিছুমান পুৰণি হস্তলিপিবোৰত ২ বংশাৱলি ৩:৪ পদত বাৰাণ্ডাৰ ওখ “১২০” লিখা আছে, অৰ্থাৎ ১৭৫ ফুট (৫৩ মিটাৰ) আছিল। কিন্তু কিছুমান ভৰসাযোগ্য হস্তলিপিবোৰত “২০ হাত” লিখা আছে, অৰ্থাৎ ৩০ ফুট (৯ মিটাৰ) আছিল। মন্দিৰৰ দেৱালবোৰৰ ডাঠ চাই এয়াই লাগে যে বাৰাণ্ডা ইমানেই ওখ হʼব পাৰে।—w২৪.১০, পৃষ্ঠা ৩১.

এজন সহায়ক সেৱকৰ “এজনীয়েই পত্নী হোৱা উচিত” ইয়াৰ অৰ্থ কি?

ইয়াৰ অৰ্থ হৈছে, তেওঁ কেৱল এজনী তিৰোতাকহে বিয়া পতা উচিত। তেওঁ কোনো তিৰোতাৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখা উচিত নহয়। ইয়াৰ উপৰিও, তেওঁ কেতিয়াও আন তিৰোতাক বেয়া দৃষ্টিৰে চোৱা উচিত নহয় আৰু তাইৰ কাষ চপা উচিত নহয়।—w২৪.১১, পৃষ্ঠা ১৯.

যোহন ৬:৫৩ পদত যীচুৱে প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ পালন কৰা হয়, তাৰ বিষয়ে কোৱা নাছিল বুলি আমি কিয় কʼব পাৰোঁ?

যোহন ৬:৫৩ পদত মানুহৰ পুত্ৰৰ মাংস আৰু তেজ পান কৰাৰ বিষয়ে কোৱা হৈছে। যীচুৱে এই কথা ৩২ খ্ৰীষ্টাব্দত গালীলৰ সেই যিহূদীসকলক কৈছিল, যিসকলে তেওঁৰ ওপৰত সম্পূৰ্ণকৈ বিশ্বাস কৰা নাছিল। কিন্তু প্ৰভুৰ সন্ধ্যা ভোজৰ আৰম্ভণি যীচুৱে ইয়াৰ এক বছৰৰ পাছত যিৰূচালেমত কৰিছিল আৰু সেই সময়ত তেওঁ সেই লোকসকলৰ লগত কথা পাতিছিল, যিসকলে তেওঁৰ লগত স্বৰ্গত ৰাজত্ব কৰিলেহেঁতেন।—w২৪.১২, পৃষ্ঠা ১০-১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক