অধ্যয়নৰ লেখ ১০
গীত নং ৩১ ঈশ্বৰৰ সৈতে চলক!
যিহোৱা আৰু যীচুৰ দৰে চিন্তাধাৰা ৰাখক
“খ্ৰীষ্টই যিহেতু দুখভোগ কৰিছিল, সেইবাবে তোমালোকেও তেওঁৰ দৰে সেই একেই চিন্তাধাৰা বজাই ৰাখিবলৈ সাজু থাকা।” —১ পিত. ৪:১.
কি শিকিম?
যীচুৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ পৰা পাঁচনি পিতৰে কি শিকিলে আৰু আমি কি শিকিব পাৰোঁ।
১-২. (ক) যিহোৱাক প্ৰেম কৰাৰ অৰ্থ কি? (খ) যীচুৱে সম্পূৰ্ণ মগজুৰে যিহোৱাক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱালে?
যীচুৱে স্পষ্টকৈ জনাইছিল যে মোচিৰ নিয়মৰ আটাইতকৈ ডাঙৰ আজ্ঞা কি হয়। তেওঁ কৈছিল, “তুমি নিজৰ ঈশ্বৰ যিহোৱাক নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰিবা।” (মাৰ্ক ১২:৩০) মন কৰক, আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰা উচিত। ইয়াত আমাৰ ভাৱনা আৰু ইচ্ছাও জড়িত হোৱা উচিত। আমি সম্পূৰ্ণ প্ৰাণেৰে আৰু সম্পূৰ্ণ শক্তিৰে তেওঁৰ সেৱা কৰা উচিত। ইয়াৰ লগতে আমি সম্পূৰ্ণ মগজুৰে যিহোৱাক প্ৰেম কৰা উচিত। ইয়াৰ অৰ্থ হৈছে আমি কোনো এটা বিষয়ত যিদৰে চিন্তা কৰোঁ, তাৰ পৰাও দেখুৱাব পাৰোঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ। এয়া সঁচা যে আমি কেতিয়াও যিহোৱাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে বুজি পাব নোৱাৰোঁ। কিন্তু আমি যদি ‘খ্ৰীষ্টৰ চিন্তাধাৰা’ জানিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ চিন্তাধাৰা ভালদৰে বুজি পাম। কাৰণ যীচুৰ চিন্তাধাৰা নিজৰ পিতৃৰ দৰেই আছিল।—১ কৰি. ২:১৬.
২ যীচুৱে নিজৰ সম্পূৰ্ণ মগজুৰে যিহোৱাক প্ৰেম কৰিছিল। তেওঁ জানিছিল যে তেওঁৰ বাবে ঈশ্বৰৰ ইচ্ছা কি আৰু এই ইচ্ছা পূৰ কৰিবলৈ তেওঁ বহুতো কষ্ট ভুগিবলগীয়া হʼব। তথাপিও তেওঁ এয়া পূৰ কৰিবলৈ সাজু আছিল। তেওঁ নিজৰ সম্পূৰ্ণ ধ্যান নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰাত লগাইছিল আৰু ইয়াক পূৰ কৰাত কোনো বস্তুক বাধা দিবলৈ নিদিলে।
৩. পিতৰে যীচুৰ পৰা কি শিকিলে আৰু তেওঁ আন খ্ৰীষ্টানসকলক কি কৰিবলৈ উৎসাহিত কৰিলে? (১ পিতৰ ৪:১)
৩ পিতৰ আৰু আন পাঁচনিসকলে যীচুৰ লগত সময় অতিবাহিত কৰাৰ ভাল সুযোগ পালে আৰু যীচুৱে কিদৰে চিন্তা কৰে, তাৰ বিষয়ে শিকিবলৈ পালে। যেতিয়া পিতৰে ঈশ্বৰৰ প্ৰেৰণাৰে প্ৰথম চিঠিখন লিখিলে, তেতিয়া তেওঁ খ্ৰীষ্টৰ দৰে চিন্তাধাৰা আৰু দৃষ্টিভংগী ৰাখিবলৈ খ্ৰীষ্টানসকলক উৎসাহিত কৰিলে। (১ পিতৰ ৪:১ পঢ়ক।) যি গ্ৰীক শব্দৰ অনুবাদ “সাজু থাকা” বুলি কৰা হৈছে, সেয়া এনে এজন সৈনিকৰ বাবে ব্যৱহাৰ হৈছিল, যিজনে নিজৰ অস্ত্ৰ-শস্ত্ৰ লৈ যুদ্ধত যাবলৈ সাজু আছে। ঠিক সেইদৰে যদি এজন খ্ৰীষ্টানে যীচুৰ দৰে চিন্তাধাৰা আৰু দৃষ্টিভংগী ৰাখে, তেতিয়া এয়া এনে হয় যেন তেওঁ অস্ত্ৰ-শস্ত্ৰ লৈ নিজৰ বেয়া ইচ্ছা আৰু জগতৰ ৰজা চয়তানৰ লগত যুদ্ধ কৰিবলৈ সাজু আছে।—২ কৰি. ১০:৩-৫; ইফি. ৬:১২.
৪. এই লেখত আমি কি শিকিম?
৪ এই লেখত আমি যীচুৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ ওপৰত মন কৰিম আৰু তেওঁৰ পৰা শিকিম। আমি এয়াও চাম: (১) আমি কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব পাৰোঁ, যাতে আমাৰ সকলোৰে চিন্তাধাৰা একে হয়? (২) আমি কেনেকৈ নম্ৰ হৈ থাকিব পাৰোঁ আৰু (৩) আমি কেনেকৈ যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ সঠিক চিন্তাধাৰা বজাই ৰাখিব পাৰোঁ?
যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখক
৫. এবাৰ পাঁচনি পিতৰে কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব নোৱাৰিলে?
৫ এতিয়া আহক চাওঁ যে এবাৰ পাঁচনি পিতৰে কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব নোৱাৰিলে। যীচুৱে নিজৰ পাঁচনিসকলক জনালে যে তেওঁক যিৰূচালেমলৈ যাব লাগিব, যʼত তেওঁক গ্ৰেপ্তাৰ কৰি ধৰ্মগুৰুসকলৰ হাতত গতাই দিয়া হʼব, তাড়না দিয়া হʼব আৰু তাৰ পাছত তেওঁক মাৰি পেলোৱা হʼব। (মথি ১৬:২১) কিন্তু যিহোৱাই যীচুক এইদৰে মৃত্যু হʼবলৈ দিব, এয়া বিশ্বাস কৰিবলৈ পিতৰৰ বাবে হয়তো কঠিন হৈছিল। কাৰণ তেওঁ জানিছিল যে যীচুৱেই প্ৰতিজ্ঞা কৰা খ্ৰীষ্ট হয়, যিজনে ঈশ্বৰৰ লোকসকলক বচাব। (মথি ১৬:১৬) সেইবাবে, পিতৰে তেওঁক অকলশৰীয়াকৈ নি কʼলে, “প্ৰভু, নিজৰ ওপৰত দয়া কৰক, আপোনাৰ লগত এইদৰে কেতিয়াও নহʼব।” (মথি ১৬:২২) এই বিষয়ত পিতৰৰ চিন্তাধাৰা যিহোৱাৰ দৰে নাছিল। সেইবাবে, যীচুৱে তেওঁৰ কথাত সন্মত নহʼল।
৬. যীচুৱে কেনেকৈ দেখুৱালে যে তেওঁৰ চিন্তাধাৰা যিহোৱাৰ দৰে হয়?
৬ যীচুৱে নিজৰ পিতৃৰ দৰে চিন্তাধাৰা ৰাখিছিল। সেইবাবে, তেওঁ পিতৰক কʼলে, “হে চয়তান, মোৰ ওচৰৰ পৰা গুচি যা! তই মোৰ উজুটি খোৱাৰ কাৰণ, কিয়নো তোৰ চিন্তাধাৰা ঈশ্বৰৰ দৰে নহয়, কিন্তু মানুহৰ দৰে হয়।” (মথি ১৬:২৩) পিতৰৰ উদ্দেশ্য হয়তো সঠিক আছিল, কিন্তু যীচুৱে তেওঁৰ পৰামৰ্শ নামানিলে। কাৰণ তেওঁ জানিছিল যে তেওঁ নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰিবলৈ দুখ-কষ্ট ভুগিব লাগিব আৰু মৰিবও লাগিব। এই ঘটনাৰ পৰা পিতৰে এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলে যে তেওঁৰ চিন্তাধাৰা যিহোৱাৰ দৰে কৰিব লাগিব। এয়া আমাৰ বাবেও ভাল শিক্ষা হয়।
৭. আগলৈ গৈ পিতৰে কেনেকৈ দেখুৱালে যে তেওঁ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব বিচাৰে? (ছবিখন চাওক।)
৭ আগলৈ গৈ পিতৰে দেখুৱালে যে তেওঁ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব বিচাৰে। যেতিয়া যিহোৱাই ইস্ৰায়েলী নোহোৱা লোকসকলক তেওঁৰ সেৱক হʼবলৈ সুযোগ দিলে, তেতিয়া কি হʼল তালৈ মন কৰক। কৰ্ণীলিয় নামৰ এজন ইস্ৰায়েলী নোহোৱা ব্যক্তিক শুভবাৰ্তা জনাবলৈ পিতৰক পঠিওৱা হৈছিল। ইস্ৰায়েলী নোহোৱা লোকসকলৰ মাজত কৰ্ণীলিয় প্ৰথম ব্যক্তি আছিল, যিজনে ঈশ্বৰৰ উপাসক হʼলহেঁতেন। কিন্তু যিহূদীসকলে সাধাৰণতে ইস্ৰায়েলী নোহোৱা লোকসকলৰ লগত কোনোধৰণৰ সংগতি কৰা নাছিল। সেইবাবে, পিতৰে কৰ্ণীলিয়ক প্ৰচাৰ কৰিবলৈ নিজৰ চিন্তাধাৰা সলনি কৰাৰ প্ৰয়োজন আছিল। যেতিয়া পিতৰে গʼম পালে যে ইস্ৰায়েলী নোহোৱা লোকসকলৰ বাবে ঈশ্বৰৰ ইচ্ছা কি, তেতিয়া তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰিলে। পাছত যেতিয়া কৰ্ণীলিয়ই তেওঁক নিজৰ ঘৰলৈ মাতিলে, তেতিয়া তেওঁ “কোনো আপত্তি নকৰাকৈ” তেওঁৰ ঘৰলৈ গʼল। (পাঁচ. ১০:২৮, ২৯) তেওঁ কৰ্ণীলিয় আৰু তেওঁৰ গোটেই পৰিয়ালক প্ৰচাৰ কৰিলে আৰু তেওঁলোকে বাপ্তিষ্মা লʼলে।—পাঁচ. ১০:২১-২৩, ৩৪, ৩৫, ৪৪-৪৮.
পিতৰ কৰ্ণীলিয়ৰ ঘৰলৈ আহিছে (অনুচ্ছেদ ৭ চাওক)
৮. আমাৰ চিন্তাধাৰা যিহোৱাৰ চিন্তাধাৰাৰ দৰে হয় বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (১ পিতৰ ৩:৮)
৮ বহু বছৰৰ পাছত পিতৰে খ্ৰীষ্টানসকলক ‘সকলোৰে চিন্তাধাৰা একেই’ ৰাখিবলৈ উৎসাহিত কৰিলে। (১ পিতৰ ৩:৮ পঢ়ক।) যেতিয়া আমি যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰিম, যি আমি বাইবেলৰ পৰা শিকিছোঁ, তেতিয়াহে যিহোৱাৰ লোকসকলৰ চিন্তাধাৰা একে হʼব পাৰে। উদাহৰণস্বৰূপে, যীচুৱে আমাক ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ উৎসাহিত কৰিছিল। (মথি ৬:৩৩) হয়তো এই কথা মনত ৰাখি এজন ভাই বা ভনীয়ে পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ ভাবিব পাৰে। এনে পৰিস্থিতিত আমি তেওঁক এনে কোনো কথা নকʼম, যাৰ বাবে তেওঁৰ উদ্দেশ্য দুৰ্বল হʼব পাৰে। তাৰ পৰিৱৰ্তে আমি তেওঁক উৎসাহিত আৰু সহায় কৰিম।
নম্ৰ হৈ থাকক
৯-১০. যীচু বহুত নম্ৰ হয় বুলি কেনেকৈ দেখুৱালে?
৯ যীচুৱে নিজৰ মৃত্যুৰ আগৰাতি নিজৰ শিষ্যসকলক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিলে। যীচুৱে তেওঁলোকক শিকালে যে তেওঁলোকে নম্ৰ হোৱা উচিত। যীচুৱে নিজৰ শিষ্যসকলৰ লগত শেষবাৰৰ বাবে নিস্তাৰ-পৰ্বৰ আহাৰ খাব বিচাৰিছিল। সেইবাবে, তেওঁ পিতৰ আৰু যোহনক ইয়াৰ তৈয়াৰী কৰিবলৈ পঠিয়ালে। তৈয়াৰী কৰাৰ সময়ত তেওঁলোকে নিশ্চয় এটা পাত্ৰ আৰু গামোচাৰ ব্যৱস্থা কৰিছিল। কাৰণ আহাৰ খোৱাৰ আগতে সাধাৰণতে আলহীসকলৰ ভৰি ধোৱা হৈছিল। কিন্তু যেতিয়া ভৰি ধোৱাৰ সময় আহিলে, তেতিয়া কোনে নম্ৰ হৈ এই সাধাৰণ কাম কৰিলে?
১০ যীচুৱে আগবাঢ়ি আহি নিজৰ শিষ্যসকলৰ ভৰি ধুলে। তেওঁ নিজৰ গাত লোৱা কাপোৰখন থৈ এখন গামোচা লৈ নিজৰ কঁকালত বান্ধিলে। ইয়াৰ পাছত তেওঁ এটা পাত্ৰত পানী ভৰালে আৰু নিজৰ শিষ্যসকলৰ ভৰি ধুৱাবলৈ ধৰিলে। (যোহ. ১৩:৪, ৫) যীচুক ১২ জন শিষ্যৰ ভৰি ধুবলৈ হয়তো বহুত সময় লাগিছিল। সেই শিষ্যসকলৰ মাজত যিহূদাও আছিল, যিজনে আগলৈ গৈ যীচুক বিশ্বাসঘাত কৰিলেহেঁতেন। সঁচাকৈ, যীচুৱে নম্ৰ হৈ থকাৰ ভাল উদাহৰণ ৰাখিলে। যীচুক চাই পাঁচনিসকলে হয়তো বহুত আচৰিত হৈছিল। কাৰণ ভৰি ধোৱাৰ কাম প্ৰায়ে চাকৰে কৰিছিল। ইয়াৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “মই তোমালোকৰ লগত কি কৰিলোঁ, তোমালোকে বুজি পালা নে? তোমালোকে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি কোৱা আৰু তোমালোকে ঠিকেই কোৱা, কিয়নো মই সেয়াই হওঁ। সেইবাবে, মই তোমালোকৰ প্ৰভু আৰু গুৰু হৈও যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহʼলে তোমালোকেও এজনে-আনজনৰ ভৰি ধুওৱা উচিত।”—যোহ. ১৩:১২-১৪.
এজন ব্যক্তি সঁচাকৈ নম্ৰ হয় নে নহয়, এয়া তেওঁৰ চিন্তাধাৰাৰ পৰাও জানিব পাৰি
১১. পিতৰে নম্ৰ হʼবলৈ শিকিলে বুলি কেনেকৈ দেখুৱালে? (১ পিতৰ ৫:৫ আৰু ফুটনোট) (ছবিখনো চাওক।)
১১ পিতৰে যীচুৰ পৰা নম্ৰ হৈ থাকিবলৈ শিকিলে। যীচু স্বৰ্গলৈ যোৱাৰ আগতে পিতৰে জন্মৰে পৰা খোজকাঢ়িব নোৱাৰা এজন ব্যক্তিক সুস্থ কৰিলে। (পাঁচ. ১:৮, ৯; ৩:২, ৬-৮) এই চমৎকাৰ চাই লোকসকলে পিতৰৰ ওচৰত গোট খাবলৈ ধৰিলে। (পাঁচ. ৩:১১) তেওঁলোকে হয়তো পিতৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। কিন্তু পিতৰে কি কৰিলে? তেওঁ সেই সময়ৰ যিহূদীসকলৰ দৰে নাছিল, যিসকলে নাম আৰু পদবীক বেছিকৈ গুৰুত্ব দিছিল। পিতৰ নম্ৰ আছিল, সেইবাবে তেওঁ নিজে প্ৰশংসা লোৱাৰ পৰিৱৰ্তে চমৎকাৰ কৰাৰ সকলো প্ৰশংসা যিহোৱা আৰু যীচুক দিলে। তেওঁ কʼলে, “আমি [যীচুৰ] নামৰ ওপৰত বিশ্বাস কৰোঁ আৰু তেওঁৰ নামৰ কাৰণেহে এই মানুহজন ঠিক হʼল, যিজনক তোমালোকে দেখি আছা আৰু চিনিও পোৱা।” (পাঁচ. ৩:১২-১৬) ইয়াৰ উপৰিও, পিতৰে খ্ৰীষ্টানসকললৈ যি চিঠি লিখিছিল, তাত তেওঁ নম্ৰতাক পিন্ধি লʼবলৈ উৎসাহিত কৰিছিল। তেওঁৰ এই কথাৰ পৰা আমাৰ যীচুৰ সেই ঘটনা মনত পৰে, যেতিয়া তেওঁ কঁকালত গামোচা বান্ধি শিষ্যসকলৰ ভৰি ধুইছিল।—১ পিতৰ ৫:৫ আৰু ফুটনোট পঢ়ক।
পিতৰ নম্ৰ আছিল, সেইবাবে চমৎকাৰ কৰাৰ সকলো প্ৰশংসা যিহোৱা আৰু যীচুক দিছিল; যদি আমি নম্ৰ হওঁ, তেনেহʼলে আমি সঠিক উদ্দেশ্যেৰে লোকসকলক সহায় কৰিম, প্ৰশংসা বা পুৰস্কাৰ পাবলৈ নহয় (অনুচ্ছেদ ১১-১২ চাওক)
১২. পিতৰৰ দৰে নম্ৰ হৈ থাকিবলৈ আমি কি কৰিব পাৰোঁ?
১২ আমিও পিতৰৰ দৰে নম্ৰ হʼবলৈ শিকিব পাৰোঁ। এজন ব্যক্তি সঁচাকৈ নম্ৰ হয় নে নহয়, এয়া কিছু পৰিমাণে তেওঁৰ কথাৰ পৰা জানিব পাৰি। কিন্তু পিতৰে নম্ৰতাৰ বাবে যি শব্দ ব্যৱহাৰ কৰিছিল, তাৰ পৰা জানিব পাৰি যে এজন ব্যক্তিৰ চিন্তাধাৰাৰ পৰাও নম্ৰতা প্ৰকাশ হয়। যেনে, তেওঁ নিজৰ বিষয়ে আৰু আনৰ বিষয়ে কি ভাবে। আমি যিহোৱা আৰু লোকসকলক প্ৰেম কৰোঁ। সেইবাবে, আমি আনক সহায় কৰোঁ, প্ৰশংসা পাবলৈ নহয়। আনে আমাৰ পৰিশ্ৰমৰ ওপৰত ধ্যান দিয়ক বা নিদিয়ক, যদি আমি আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰোঁ আৰু ভাই-ভনীসকলক সহায় কৰোঁ, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে আমি সঁচাকৈ নম্ৰ হওঁ।—মথি ৬:১-৪.
“সঠিক চিন্তাধাৰা” বজাই ৰাখক
১৩. “সঠিক চিন্তাধাৰা” বজাই ৰখাৰ অৰ্থ কি? বুজাওক।
১৩ “সঠিক চিন্তাধাৰা” বজাই ৰখাৰ অৰ্থ কি? (১ পিত. ৪:৭) যেতিয়া এজন খ্ৰীষ্টানে সঠিক চিন্তাধাৰা বজাই ৰাখে, তেতিয়া তেওঁ যিকোনো নিৰ্ণয় লোৱাৰ আগতে এয়া জানিবলৈ চেষ্টা কৰে যে এই বিষয়ে যিহোৱাই কি ভাবে। তেওঁ যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক বেছি গুৰুত্ব দিয়ে। তেওঁ নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখে আৰু তেওঁ সকলো জানে বুলি নাভাবে। তাৰ পৰিৱৰ্তে তেওঁ সদায় যিহোৱাৰ ওপৰত নিৰ্ভৰ থাকে আৰু প্ৰাৰ্থনাত তেওঁৰ পৰা সহায় বিচাৰে।
১৪. এবাৰ পিতৰে কেনেকৈ যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নোৱাৰিলে?
১৪ যীচুৱে নিজৰ মৃত্যুৰ আগৰাতি নিজৰ শিষ্যসকলক সতৰ্ক কৰিলে। তেওঁ কʼলে, “আজি ৰাতি মোৰ লগত যি হʼব, তাৰ কাৰণে তোমালোক সকলোৱে মোক এৰি যাবা।” কিন্তু পিতৰে সম্পূৰ্ণ বিশ্বাসেৰে কʼলে, “আপোনাৰ লগত যি হʼব, তাৰ কাৰণে আন সকলোৱে এৰি গʼলেও মই আপোনাক কেতিয়াও এৰি নাযাওঁ।” সেই ৰাতিয়ে যীচুৱে নিজৰ আন কিছুমান শিষ্যক কʼলে, “জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা।” (মথি ২৬:৩১, ৩৩, ৪১) পিতৰে যীচুৰ এই পৰামৰ্শ পালন কৰা হʼলে তেওঁ সাহসেৰে কʼব পাৰিলেহেঁতেন যে তেওঁ যীচুৰ শিষ্য হয়। কিন্তু তেওঁ নিজৰ প্ৰভু যীচুক চিনি পাওঁ বুলি কʼবলৈ অস্বীকাৰ কৰিলে, যাৰ বাবে পাছত তেওঁৰ বহুত দুখ লাগিল।—মথি ২৬:৬৯-৭৫.
১৫. মৃত্যুৰ আগৰাতি যীচুৱে কেনেকৈ সঠিক চিন্তাধাৰা বজাই ৰাখিলে?
১৫ যীচু সদায় যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকিছিল। তেওঁ সিদ্ধ আছিল, তথাপিও তেওঁ মৃত্যুৰ আগৰাতি বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকিল। সেইবাবে, তেওঁ সাহস পালে আৰু তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰিব পাৰিলে। (মথি ২৬:৩৯, ৪২, ৪৪; যোহ. ১৮:৪, ৫) যীচুৱে কেনেকৈ বাৰে বাৰে প্ৰাৰ্থনাত লাগি আছে, এই কথাৰ ওপৰত পিতৰে হয়তো ধ্যান দিছিল আৰু তেওঁ এয়া কেতিয়াও পাহৰা নাছিল।
১৬. পিতৰে সঠিক চিন্তাধাৰা বজাই ৰাখিবলৈ শিকিলে বুলি কেনেকৈ দেখুৱালে? (১ পিতৰ ৪:৭)
১৬ সময় পাৰ হোৱাৰ লগে লগে পিতৰে যিহোৱালৈ আৰু বেছিকৈ প্ৰাৰ্থনা কৰিবলৈ আৰু তেওঁৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ ধৰিলে। যীচু আকৌ জীয়াই উঠাৰ পাছত পিতৰ আৰু আন পাঁচনিসকলক বিশ্বাস দিলে যে তেওঁ তেওঁলোকক পবিত্ৰ শক্তি দিব, যাৰ সহায়ত তেওঁলোকে প্ৰচাৰ কৰিব পাৰিব। কিন্তু যীচুৱে তেওঁলোকক এয়াও কʼলে যে তেতিয়ালৈকে তেওঁলোকে যিৰূচালেমতে থাকি অপেক্ষা কৰিব লাগিব। (লূক ২৪:৪৯; পাঁচ. ১:৪, ৫) অপেক্ষা কৰাৰ সময়ত পিতৰে কি কৰিলে? পিতৰ আৰু আন শিষ্যসকলে “প্ৰাৰ্থনা কৰি আছিল।” (পাঁচ. ১:১৩, ১৪) পাছত তেওঁ নিজৰ প্ৰথম চিঠিখনতো খ্ৰীষ্টানসকলক সঠিক চিন্তাধাৰা বজাই ৰাখিবলৈ, প্ৰাৰ্থনাত লাগি থাকিবলৈ আৰু যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ উৎসাহিত কৰিলে। (১ পিতৰ ৪:৭ পঢ়ক।) এই সকলো কথাৰ পৰা জানিব পাৰি যে পিতৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ হʼবলৈ শিকিছিল আৰু মণ্ডলীৰ বাবে এটা মজবুত স্তম্ভ হৈ পৰিছিল।—গালা. ২:৯.
১৭. আমাৰ ওচৰত যিয়েই দক্ষতা নাথাকক কিয়, আমি কি কৰি থকা উচিত? (ছবিখনো চাওক।)
১৭ সঠিক চিন্তাধাৰা বজাই ৰাখিবলৈ আমি বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিব লাগিব। আমি বুজি পাব লাগিব যে আমাৰ ওচৰত যিয়ে দক্ষতা নাথাকক কিয়, আমি সদায় যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থকা উচিত। যেতিয়া আমি কিবা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আমি আৰু বেছিকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু সহায় বিচৰা উচিত। আমাৰ বাবে কি ভাল, এয়া যিহোৱাই জানে বুলি আমি ভৰসা ৰখা উচিত।
পিতৰে যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ শিকিলে আৰু তেওঁলৈ প্ৰাৰ্থনা কৰি থাকিল; যেতিয়া আমি কিবা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আমিও সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত, এইদৰে আমিও সঠিক চিন্তাধাৰা বজাই ৰাখিব পাৰিম (অনুচ্ছেদ ১৭ চাওক)a
১৮. যিহোৱাৰ দৰে চিন্তাধাৰা বজাই ৰাখিবলৈ আমি কি কৰিব লাগিব?
১৮ যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে আমি তেওঁৰ নিচিনা গুণবোৰ দেখুৱাব পাৰোঁ। সঁচাকৈ, আমি ইয়াৰ বাবে তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ। (আদি. ১:২৬) এয়া সঁচা যে আমি সম্পূৰ্ণৰূপে যিহোৱাৰ দৰে হʼব নোৱাৰোঁ। (যিচ. ৫৫:৯) কিন্তু পিতৰৰ দৰে আমি যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ। গতিকে, আহক আমি ঈশ্বৰৰ দৰে ভাবিবলৈ চেষ্টা কৰোঁ, নম্ৰ হৈ থাকোঁ আৰু সদায় সঠিক চিন্তাধাৰা বজাই ৰাখোঁ।
গীত নং ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু
a ছবিৰ বিষয়ে: এজনী ভনীয়ে চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ আহিছে। তাই ইণ্টাৰভিউ দিয়াৰ আগত মনতে প্ৰাৰ্থনা কৰি আছে।