ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 এপ্ৰিল পৃষ্ঠা ২৬-৩১
  • ডেকা ভাইসকল, মাৰ্ক আৰু তীমথিয়ৰ দৰে হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডেকা ভাইসকল, মাৰ্ক আৰু তীমথিয়ৰ দৰে হওক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মাৰ্কৰ দৰে সেৱা কৰিবলৈ সাজু থাকক
  • তীমথিয়ৰ দৰে আনৰ বিষয়ে চিন্তা কৰক
  • পৌলৰ পৰামৰ্শৰ পৰা লাভৱান হওক
  • আনক সহায় কৰিলে আশীৰ্বাদ পোৱা যায়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ভাইসকল—আপোনালোকে সহায়ক সেৱক হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 এপ্ৰিল পৃষ্ঠা ২৬-৩১

অধ্যয়নৰ লেখ ১৮

গীত নং ৬৫ আগবাঢ়ি গৈ থাকা

ডেকা ভাইসকল, মাৰ্ক আৰু তীমথিয়ৰ দৰে হওক

“মাৰ্কক নিজৰ লগত লৈ আনিবা, কিয়নো তেওঁ সেৱা কৰিবলৈ মোক বহুত সহায় কৰিব পাৰিব।”—২ তীম. ৪:১১.

কি শিকিম?

আমি মাৰ্ক আৰু তীমথিয়ৰ উদাহৰণলৈ মন কৰিম আৰু শিকিম যে ডেকা ভাইসকলে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ আৰু ভাই-ভনীসকলক সহায় কৰিবলৈ কি কি গুণ বঢ়াব পাৰে।

১-২. মাৰ্ক আৰু তীমথিয়ই কিয় উৎসাহেৰে যিহোৱাৰ সেৱা কৰাৰ পৰা পিচ হুঁহকিব পাৰিলেহেঁতেন?

ডেকা ভাইসকল, আপোনালোকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ আৰু ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব বিচাৰে নে? আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে এইদৰে কৰিব বিচাৰে। আজি বহুতো ডেকা ভাইসকলে আনন্দেৰে আনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকক চাই আমি বৰ আনন্দিত হওঁ! (গীত. ১১০:৩) কিন্তু আপুনি হয়তো কিবা কাৰণৰ বাবে আগবাঢ়ি অহা নাই। যেনে, আপুনি হয়তো এয়া ভাবি ভয় কৰিছে যে নাজানোঁ মোক সেৱা কৰিবলৈ কʼত পঠিওৱা হʼব আৰু তাত সকলোবোৰ কেনেকুৱা হʼব। অথবা আপুনি হয়তো এয়া ভাবি আগবাঢ়ি অহা নাই যে আপোনাক যি দায়িত্ব দিয়া হʼব, সেয়া আপুনি ভালদৰে কৰিব নোৱাৰিব। যদি আপুনি এইদৰে ভাবিছে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়।

২ হয়তো মাৰ্ক আৰু তীমথিয়ো এইদৰেই অনুভৱ কৰিছিল। কিন্তু তেওঁলোকক কʼত সেৱা কৰিবলৈ পঠিওৱা হʼব বা তেওঁলোকক যি দায়িত্ব দিয়া হʼব, সেয়া পূৰ কৰিব পাৰিব নে নোৱাৰে, সেয়া ভাবি তেওঁলোকে পিচ হুঁহকি যোৱা নাছিল। যেতিয়া পৌল আৰু বাৰ্ণব্বাই মাৰ্কক নিজৰ প্ৰথম মিচনেৰী যাত্ৰাত যাবলৈ লগ ধৰিছিল, তেতিয়া তেওঁ হয়তো নিজৰ মাৰ লগত আৰামেৰে জীৱন-যাপন কৰিছিল আৰু তেওঁলোকৰ ঘৰত বহুতো সা-সুবিধা আছিল। (পাঁচ. ১২:১২, ১৩, ২৫) কিন্তু উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ এই সকলোবোৰ তেওঁ এৰি দিলে। তেওঁ প্ৰথমে আন্তিয়খিয়ালৈ গʼল। ইয়াৰ পাছত পৌল আৰু বাৰ্ণব্বাৰ লগত তেওঁ দূৰ-দূৰণিৰ এলেকাতো সেৱা কৰিলে। (পাঁচ. ১৩:১-৫) যেতিয়া পৌলে তীমথিয়ক নিজৰ লগত মিচনেৰী যাত্ৰাত যাবলৈ মাতিছিল, তেতিয়া এনে লাগে যেন তীমথিয় নিজৰ মা-দেউতাৰ লগত থাকিছিল। তীমথিয় এজন ডেকা আছিল আৰু তেওঁৰ ইমান অভিজ্ঞতাও নাছিল। সেইবাবে, তেওঁ ইমান ডাঙৰ দায়িত্ব পূৰ কৰিব নোৱাৰিব বুলি ভাবি তেওঁ হয়তো পিচ হুঁহকিব পাৰিলেহেঁতেন। (১ কৰিন্থীয়া ১৬:১০, ১১ আৰু ১ তীমথিয় ৪:১২ পদৰ লগত তুলনা কৰক।) কিন্তু তেওঁ এইদৰে নকৰিলে। তেওঁ পৌলৰ লগত গʼল আৰু ইয়াৰ বাবে তেওঁ বহুতো আশীৰ্বাদ পালে।—পাঁচ. ১৬:৩-৫.

৩. (ক) মাৰ্ক আৰু তীমথিয়ৰ পৌলৰ লগত গভীৰ সম্পৰ্ক আছিল বুলি আমি কিয় কʼব পাৰোঁ? (২ তীমথিয় ৪:৬, ৯, ১১) (ছবিখনো চাওক।) (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৩ মাৰ্ক আৰু তীমথিয়ই ডেকা কালতে ডাঙৰ ডাঙৰ দায়িত্ববোৰ পালন কৰিবলৈ শিকিছিল। সেইবাবে, পৌলে তেওঁলোকক বহুত মূল্যাংকন কৰিছিল। এই দুয়োজন ডেকাৰে পৌলৰ লগত গভীৰ সম্পৰ্ক আছিল। সেইবাবে, পৌলৰ যেতিয়া মৃত্যু হʼবলগীয়া আছিল, তেতিয়া পৌলে তেওঁলোকক নিজৰ ওচৰলৈ মাতিছিল। (২ তীমথিয় ৪:৬, ৯, ১১ পঢ়ক।) মাৰ্ক আৰু তীমথিয়ৰ কি কি গুণ আছিল, যাৰ বাবে পৌলে তেওঁলোকক ইমান প্ৰেম কৰিছিল? আজি ডেকা ভাইসকলে তেওঁলোকৰ দৰে কেনেকৈ হʼব পাৰে? পৌলে এজন দেউতাৰ দৰে যি ভাল ভাল পৰামৰ্শ দিছিল, সেইবোৰ পালন কৰিলে আজি ডেকা ভাইসকলৰ কি কি লাভ হʼব?

ছবি: ১. মাৰ্কে পৌল আৰু বাৰ্ণব্বাৰ কাৰণে খোৱা-বোৱাৰ ব্যৱস্থা কৰিছে। ২. তীমথিয়ই কিছুমান প্ৰাচীনৰ আগত এখন চিঠি পঢ়িছে আৰু সকলোৱে তেওঁৰ কথা মনোযোগেৰে শুনি আছে।

মাৰ্ক আৰু তীমথিয় ডেকা বয়সতে ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰিবলৈ শিকিছিল, সেইবাবে পৌলে তেওঁলোকক বহুত মূল্যাংকন কৰিছিল (অনুচ্ছেদ ৩ চাওক)b


মাৰ্কৰ দৰে সেৱা কৰিবলৈ সাজু থাকক

৪-৫. আনৰ সেৱা কৰাৰ মাৰ্কৰ বহুত উৎসাহ আছিল বুলি কেনেকৈ জানিব পাৰি?

৪ বাইবেলৰ বিষয়ে উল্লেখ থকা এখন কিতাপৰ অনুসৰি আনৰ সেৱা কৰাৰ অৰ্থ হৈছে, ‘তেওঁক সহায় কৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰা আৰু সেইদৰে কৰি থাকা।’ মাৰ্কৰো এনেধৰণৰ উৎসাহ আছিল। যেতিয়া পৌলে তেওঁক দ্বিতীয় মিচনেৰী যাত্ৰাত নিবলৈ মানা কৰিছিল, তেতিয়া মাৰ্কৰ হয়তো বহুতো দুখ লাগিছিল। (পাঁচ. ১৫:৩৭, ৩৮) কিন্তু ইয়াৰ বাবে তেওঁ ভাই-ভনীসকলক সহায় কৰাৰ পৰা পিচ হুঁহকি গৈছিল নে? নহয়।

৫ মাৰ্কে নিজৰ সম্বন্ধীয় ভাই বাৰ্ণব্বাৰ লগত আন ঠাইলৈ গৈ সেৱা কৰিবলৈ ধৰিলে। ইয়াৰ উপৰিও, প্ৰায় ১১ বছৰৰ পাছত তেওঁ পৌলকো সহায় কৰিলে। পৌল যেতিয়া প্ৰথমবাৰ ৰোমত বন্দী হৈ আছিল, তেতিয়া তেওঁ পৌলক লগ কৰিবলৈ গʼল আৰু তেওঁক উৎসাহিত কৰিলে। (ফিলী. ২৩, ২৪) ইয়াৰ বাবে পৌল তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ আছিল, সেইবাবে তেওঁ কʼলে যে মাৰ্কৰ পৰা তেওঁ ‘বহুত শান্ত্বনা পালোঁ।’—কল. ৪:১০, ১১.

৬. পৰিপক্ক খ্ৰীষ্টানসকলৰ লগত সময় কটোৱাৰ বাবে মাৰ্কে কি কি আশীৰ্বাদ পালে? (ফুটনোটো চাওক।)

৬ পৰিপক্ক খ্ৰীষ্টানসকলৰ লগত সময় কটোৱাৰ বাবে মাৰ্কে বহুতো আশীৰ্বাদ পালে। ৰোমত পৌলৰ লগত কিছু সময় কটোৱাৰ পাছত তেওঁ পিতৰৰ ওচৰত বাবিললৈ গʼল। মাৰ্ক আৰু পিতৰৰ সম্পৰ্ক ইমানেই মজবুত হৈ গৈছিল যে পিতৰে তেওঁক নিজৰ “লʼৰা” বুলি কʼলে। (১ পিত. ৫:১৩) পিতৰে নিশ্চয় নিজৰ এই ডেকা বন্ধু মাৰ্কক যীচুৰ জীৱন আৰু তেওঁৰ সেৱাৰ বিষয়ে হয়তো বহুতো উৎসাহজনক কথা জনাইছিল, যিবোৰ আগলৈ গৈ তেওঁ শুভবাৰ্তাৰ কিতাপত লিখিছিল।a

৭. যেতিয়া ভাই চেগ-বু ডেকা আছিল, তেতিয়া তেওঁ কেনেকৈ মাৰ্কৰ দৰে উৎসাহ দেখুৱালে? (ছবিখনো চাওক।)

৭ মাৰ্কে পৰিপক্ক ভাইসকলৰ লগত মিলি সেৱা কৰি থাকিল আৰু নিজৰ উৎসাহ কম হʼবলৈ নিদিলে। আপুনিও মাৰ্কৰ দৰে হʼব বিচাৰে নে? আপুনি হয়তো মণ্ডলীত কিবা দায়িত্ব পাব বিচাৰে। যেনে, আপুনি সহায়ক সেৱক বা প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে। কিন্তু এতিয়ালৈকে আপুনি সেই দায়িত্ব পোৱা নাই। এনে পৰিস্থিতিত নিৰাশ হোৱাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ আৰু ভাই-ভনীসকলক সহায় কৰি থাকিবলৈ সুযোগ বিচাৰি থাকক। ক্ষন্তেকৰ বাবে চেগ-বু নামৰ এজন প্ৰাচীনৰ অনুভৱলৈ মন কৰক। যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া তেওঁৰ বয়সৰে আন ভাইসকলৰ লগত নিজকে তুলনা কৰিছিল। তেওঁলোকে মণ্ডলীত কিছুমান দায়িত্ব পাইছিল, ভাই চেগ-বুয়ে কোনো দায়িত্ব পোৱা নাছিল। সেইবাবে, তেওঁ ভাবিবলৈ ধৰিলে যে প্ৰাচীনসকলে তেওঁৰ ওপৰত ধ্যান দিয়া নাই। কিন্তু পাছত তেওঁ এই বিষয়ে কিছুমান পৰিপক্ক ভাইৰ লগত কথা পাতিলে। যদিও কোনোবাই মন কৰক বা নকৰক, তথাপি ভাই-ভনীসকলক সহায় কৰি থাকিবলৈ এজন প্ৰাচীনে তেওঁক পৰামৰ্শ দিলে। ভাই চেগ-বুয়ে এই পৰামৰ্শ পালন কৰিলে আৰু বৃদ্ধ ভাই-ভনীসকলক আৰু আন ভাই-ভনীসকলক সভাত অহা-যোৱা কৰিবলৈ সহায় কৰিব ধৰিলে। সেই সময়তো মনত পেলাই ভায়ে কৈছে, “তেতিয়া মই বুজি পালোঁ যে আনৰ সেৱা কৰাৰ অৰ্থ কি! মই সেই আনন্দ পালোঁ যি আনক সহায় কৰিলে পোৱা যায়।”

ডেকা ভাইজনে বৃদ্ধ ভাইক নিজৰ গাড়ীত সভালৈ লৈ আহিছে।

পৰিপক্ক ভাইসকলৰ লগত সময় অতিবাহিত কৰিলে ডেকা ভাইসকলৰ কি লাভ হʼব পাৰে? (অনুচ্ছেদ ৭ চাওক)


তীমথিয়ৰ দৰে আনৰ বিষয়ে চিন্তা কৰক

৮. পৌলে তীমথিয়ক নিজৰ লগত কিয় লৈ গʼল? (ফিলিপীয়া ২:১৯-২২)

৮ যিবোৰ চহৰত পৌলৰ বিৰোধ কৰা হৈছিল, সেই ঠাইবোৰত যেতিয়া তেওঁক আকৌ যাবলগীয়া আছিল, তেতিয়া তেওঁ নিজৰ লগত এনে ভাইসকলক লৈ যাব বিচাৰিছিল, যিসকল সাহসী আছিল। প্ৰথমে তেওঁ চীল নামৰ এজন ভাইক তেওঁৰ লগত নিবলৈ বাছনি কৰিলে, যাৰ বহুত অভিজ্ঞতা আছিল। (পাঁচ. ১৫:২২, ৪০) পাছত তেওঁ তীমথিয়কো নিজৰ লগত নিলে। তেওঁ তীমথিয়ৰ কি বিশেষ কথাৰ ওপৰত মন কৰিছিল? এটা হৈছে, ভাই-ভনীসকলৰ মাজত তেওঁৰ ভাল নাম আছিল। (পাঁচ. ১৬:১, ২) ইয়াৰ উপৰিও, তেওঁ লোকসকলৰ বিষয়ে বহুত চিন্তা কৰিছিল।—ফিলিপীয়া ২:১৯-২২ পঢ়ক।

৯. তীমথিয়ই ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

৯ যেতিয়া পৌলে তীমথিয়ৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ মন কৰিলে যে তীমথিয়ই নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰে। সেইবাবে, যেতিয়া পৌলে হঠাতে বিৰিয়া এৰি যাবলগীয়া হৈছিল, তেতিয়া তেওঁ তীমথিয়ৰ ওপৰত ভৰসা কৰি তেওঁক তাতে থাকিবলৈ কʼলে। তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে অলপতে যীচুৰ শিষ্য হোৱা ভাই-ভনীসকলক তেওঁ উৎসাহিত কৰি থাকিব। (পাঁচ. ১৭:১৩, ১৪) তীমথিয়ৰ লগত চীলো বিৰিয়াতে থাকি গʼল। এই সময়ছোৱাত তীমথিয়ই হয়তো চীলৰ পৰা বহুতো কথা শিকিছিল। তাৰ পাছত পৌলে তীমথিয়ক অকলে থিচলনীকীলৈ পঠিয়ালে, যাতে তেওঁ তাত থকা ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰে। (১ থিচ. ৩:২) তাৰ পাছত তীমথিয়ই ১৫ বছৰলৈকে ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ শিকিলে। ‘যিসকলে কান্দে, তেওঁলোকৰ লগত কান্দাৰ’ অৰ্থ কি, সেয়া তেওঁ শিকিলে। (ৰোম. ১২:১৫; ২ তীম. ১:৪) আজি ডেকা ভাইসকলে তীমথিয়ৰ দৰে কেনেকৈ হʼব পাৰে?

১০. ভাই বু-জে আনৰ বিষয়ে চিন্তা কৰিবলৈ কেনেকৈ শিকিলে?

১০ ভাই বু-জেৰ অনুভৱলৈ মন কৰক, তেওঁ আনৰ বিষয়ে চিন্তা কৰিবলৈ শিকিলে। যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতিবলৈ তেওঁ বৰ টান পাইছিল। তেওঁ ৰাজ্যগৃহত তেওঁলোকক কেৱল নমস্কাৰ কৈ গুচি গৈছিল। তাৰ পাছত এজন প্ৰাচীনে তেওঁক পৰামৰ্শ দিলে। ভাই-ভনীসকলৰ লগত কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি, তাৰ বিষয়ে তেওঁ ভাই বু-জেক জনালে। যেনে, তেওঁ ভাই-ভনীসকলক প্ৰশংসা কৰিব পাৰে আৰু কʼব পাৰে যে তেওঁক তেওঁলোকৰ কি কথা ভাল লাগে। সেই প্ৰাচীনজনে তেওঁক আনে কি বিষয়ত কথা পাতিলে ভাল পাব তাৰ বিষয়েও চিন্তা কৰিবলৈ কʼলে। ভাই বু-জে প্ৰাচীনজনৰ কথা পালন কৰিলে। তেওঁ এতিয়া নিজে এজন প্ৰাচীন হয়। তেওঁ কৈছে, “এতিয়া মই বেলেগ বেলেগ বয়সৰ ভাই-ভনীসকলৰ লগত সহজে কথা পাতিব পাৰোঁ আৰু আমাৰ ভালদৰে কথা-বতৰা হয়। মই আনন্দিত যে মই তেওঁলোকৰ পৰিস্থিতি আৰু চিন্তাৰ বিষয়ে বুজিব পাৰোঁ আৰু ইয়াৰ বাবে মই তেওঁলোকক ভালদৰে সহায় কৰিব পাৰোঁ।”

১১. ডেকা ভাইসকলে মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে কেনেকৈ চিন্তা কৰিব পাৰে? (ছবিখনো চাওক।)

১১ ডেকা ভাইসকল, আপোনালোকে মণ্ডলীৰ সকলো ভাই-ভনীক জানিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি তেওঁলোকৰ বিষয়ে চিন্তা কৰিব পাৰিব। যেতিয়া আপুনি সভালৈ আহে, তেতিয়া সকলো বয়স বা বেলেগ বেলেগ ঠাইৰ ভাই-ভনীসকলৰ লগত কথা পাতক। তেওঁলোকৰ খা-খবৰ সোধক আৰু তাৰ পাছত মনোযোগেৰে তেওঁলোকৰ কথা শুনক। তেতিয়া আপুনি বুজি পাব যে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰি। আপুনি হয়তো গʼম পাইছে যে কোনো এজন বৃদ্ধ ভাই বা ভনীৰ JW লাইব্ৰেৰী এপ চলাবলৈ কঠিন হৈছে। এনে পৰিস্থিতিত আপুনি তেওঁক সহায় কৰিব পাৰিব নে? বা আপুনি গʼম পাইছে যে তেওঁলোকৰ লগত প্ৰচাৰলৈ যাবলৈ কোনো নাই, তেনেহʼলে আপুনি তেওঁলোকৰ লগত যাব পাৰিব নে? যেতিয়া আপুনি আগবাঢ়ি আহি আনক এইদৰে সহায় কৰিব, তেতিয়া আপুনি সকলোৰে বাবে এক ভাল উদাহৰণ হʼব।

এজন ডেকা আৰু বৃদ্ধ ভায়ে একেলগে ঘৰে ঘৰে প্ৰচাৰ কৰি আছে। বৃদ্ধ ভাইজনে এজন ব্যক্তিৰ লগত কথা পাতি আছে আৰু ডেকা ভাইজনে তেওঁক টেবলেটত এখন ভিডিঅʼ দেখাই আছে।

ডেকা ভাইসকলে বহুতো উপায়েৰে মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰিব পাৰে (অনুচ্ছেদ ১১ চাওক)


পৌলৰ পৰামৰ্শৰ পৰা লাভৱান হওক

১২. পৌলে তীমথিয়ক যি পৰামৰ্শ দিছিল, তাৰ পৰা আজি ডেকা ভাইসকলে কেনেকৈ লাভৱান হʼব পাৰে?

১২ পৌলৰ বাবে তীমথিয় তেওঁৰ লʼৰাৰ দৰে আছিল। তেওঁ তীমথিয়ক বহুতো ভাল পৰামৰ্শ দিছিল, যিবোৰ পালন কৰি তেওঁ আনন্দত থাকিব পাৰিলে আৰু যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰিলে। (১ তীম. ১:১৮; ২ তীম. ৪:৫) ডেকা ভাইসকল, আপোনালোকেও পৌলৰ এই পৰামৰ্শৰ পৰা বহুতো কথা শিকিব পাৰে। ইয়াৰ বাবে আপুনি কি কৰিব পাৰে? পৌলে তীমথিয়লৈ যি দুখন চিঠি লিখিছিল, সেইবোৰ এনেদৰে পঢ়ক যেন সেয়া আপোনাৰ বাবে লিখা হৈছে। তাৰ পাছত চিন্তা কৰক যে তাত দিয়া পৰামৰ্শ আপুনি কেনেকৈ পালন কৰিব পাৰে। এতিয়া আহক পৌলৰ কিছুমান পৰামৰ্শৰ ওপৰত মন কৰোঁ।

১৩. যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আমি কি কৰা উচিত?

১৩ “ঈশ্বৰৰ ভক্তি কৰিবলৈ লক্ষ্য ৰাখা আৰু সেই লক্ষ্যত উপনীত হʼবলৈ নিজকে প্ৰশিক্ষণ দি থাকা।” (১ তীম. ৪:৭খ) ‘ঈশ্বৰৰ ভক্তিৰ’ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে যিহোৱাৰ বিশ্বাসী হৈ থকা আৰু সেই কামবোৰ কৰিবলৈ ইচ্ছা থকা যাৰ পৰা যিহোৱা আনন্দিত হয়। এই গুণ জন্মৰে পৰা আমাৰ ওচৰত নাথাকে। আমি ইয়াক বঢ়াবলগীয়া হয়। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? যি গ্ৰীক শব্দৰ অনুবাদ “নিজকে প্ৰশিক্ষণ দি থাকা” বুলি কৰা হৈছে, সেয়া প্ৰায়ে সেই খেলুৱৈসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিসকলে প্ৰতিযোগিতাত ভাগ লʼবলৈ বহুত পৰিশ্ৰম কৰিছিল আৰু নিজকে নিয়ন্ত্ৰণত ৰাখিছিল। আমিও নিজকে নিয়ন্ত্ৰণত ৰাখিব লাগিব। এইদৰে কৰিলে আমি ভাল অভ্যাসবোৰ গঢ়ি তুলিব পাৰিম আৰু যিহোৱাৰ কাষ চাপিব পাৰিম।

১৪. (ক) আমি কিয় বাইবেল পঢ়া উচিত? (খ) এটা উদাহৰণৰ যোগেদি বুজাওক যে এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

১৪ প্ৰতিদিনে বাইবেল পঢ়াটো ভাল অভ্যাস হয়। কিন্তু আমি এয়া কিয় পঢ়া উচিত? কাৰণ এইদৰে কৰিলে আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ। এয়া আমি কেনেকৈ কৰিব পাৰোঁ, আহক ইয়াৰ বিষয়ে এটা ঘটনালৈ মন কৰোঁ। চিন্তা কৰক যে আপুনি ধনী মানুহৰ ঘটনাৰ বিষয়ে পঢ়ি আছে, যিজনে যীচুক লগ কৰিবলৈ আহিছিল। (মাৰ্ক ১০:১৭-২২) তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচুৱেই মচীহ হয়। কিন্তু তেওঁৰ ইমানো বিশ্বাস নাছিল যে নিজৰ সকলোবোৰ এৰি যীচুৰ শিষ্য হʼব পাৰে। তথাপি যীচুৱে ‘মৰমেৰে তেওঁলৈ চালে’ আৰু তেওঁৰ লগত ভালদৰে কথা পাতিলে। এই কথাই আপোনাৰ হৃদয় স্পৰ্শ নকৰে নে? সেই মানুহজনে ভাল নিৰ্ণয় লোৱাটো যীচুৱে বিচাৰিছিল। যীচুৰ কথাৰ পৰা জানিব পাৰি যে যিহোৱাই সেই মানুহজনক বহুত প্ৰেম কৰিছিল। (যোহ. ১৪:৯) এই ঘটনা পঢ়াৰ পাছত নিজৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰক আৰু নিজকে সোধক, ‘মই যিহোৱাৰ কাষ চাপিবলৈ আৰু ভাই-ভনীসকলক বেছিকৈ সহায় কৰিবলৈ কি কৰিব পাৰোঁ?’

১৫. ডেকা ভাইসকলে আনৰ বাবে কিয় এক ভাল উদাহৰণ হোৱা উচিত? এটা উদাহৰণ দিয়ক। (১ তীমথিয় ৪:১২, ১৩)

১৫ “বিশ্বাসযোগ্য লোকসকলৰ কাৰণে এক উদাহৰণ হোৱা।” (১ তীমথিয় ৪:১২, ১৩ পঢ়ক।) পৌলে তীমথিয়ক পঢ়া আৰু শিকোৱাৰ দক্ষতা বঢ়াবলৈ কৈছিল। ইয়াৰ লগতে তেওঁ তীমথিয়ক প্ৰেম আৰু বিশ্বাসৰ দৰে গুণবোৰ বঢ়োৱাৰ লগতে ভাল আচাৰ-ব্যৱহাৰো বজাই ৰাখিব কৈছিল। তেওঁ এয়া কিয় কৈছিল। কাৰণ লোকসকলৰ ওপৰত আমাৰ কথাতকৈ বেছি কামৰ প্ৰভাৱ পৰে। চিন্তা কৰক, আপুনি এটা ভাষণত ভাই-ভনীসকলক প্ৰচাৰৰ বাবে উৎসাহিত কৰিবলগীয়া আছে। যদি আপুনি উৎসাহেৰে প্ৰচাৰ কৰে, তেনেহʼলে আপুনি সম্পূৰ্ণ বিশ্বাসেৰে আনকো এইদৰে কৰিবলৈ উৎসাহিত কৰিব পাৰিব। যেতিয়া ভাই-ভনীসকলে চাব যে এই ক্ষেত্ৰত আপুনি নিজেই এক ভাল উদাহৰণ হয়, তেতিয়া আপোনাৰ কথাই তেওঁলোকৰ ওপৰত ভাল প্ৰভাৱ পেলাব।—১ তীম. ৩:১৩.

১৬. (ক) এজন ডেকা খ্ৰীষ্টানে কি কি পাঁচটা বিষয়ত এক ভাল উদাহৰণ ৰাখিব পাৰে? (খ) এজন ডেকা ভায়ে কথা কোৱাত কেনেকৈ এক ভাল উদাহৰণ ৰাখিব পাৰে?

১৬ প্ৰথম তীমথিয় ৪:১২ পদত পৌলে এনে পাঁচটা কথাৰ বিষয়ে উল্লেখ কৰিছে, যʼত এজন ডেকা ভায়ে আনৰ বাবে ভাল উদাহৰণ হʼব পাৰে। ইয়াক আপুনি নিজৰ ব্যক্তিগত অধ্যয়নত অনুসন্ধান কৰিব পাৰে। ধৰি লওক, আপুনি “কথা কোৱাত” এক ভাল উদাহৰণ হʼব বিচাৰে। তেনেহʼলে ইয়াৰ বাবে আপুনি কি কৰিব পাৰে? চিন্তা কৰক যে আপুনি নিজৰ কথাৰে আনক কেনেকৈ উৎসাহিত কৰিব পাৰে। যেনে, যদি আপুনি নিজৰ মা-দেউতাৰ লগত থাকে, তেনেহʼলে তেওঁলোকে নিশ্চয় আপোনাৰ বাবে বহুত কিছু কৰে। ইয়াৰ বাবে আপুনি প্ৰতিবাৰে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ বুলি কʼব পাৰে নে? বা সভাত ভাই-ভনীসকলে নিজৰ ভাগ আগবঢ়ায়, তেতিয়া আপুনি তেওঁলোকক কʼব পাৰে নে যে তেওঁলোকৰ ভাগত কি কথা আপোনাৰ ভাল লাগিল? ইয়াৰ উপৰিও আপুনি সভাত নিজৰ শব্দত উত্তৰ দিবলৈ চেষ্টা কৰিব পাৰিব নে? এইদৰে যেতিয়া আপুনি কথা কোৱাত এক ভাল উদাহৰণ হʼবলৈ চেষ্টা কৰিব, তেতিয়া লোকসকলে আপোনাৰ উন্নতি চাব পাৰিব।—১ তীম. ৪:১৫.

১৭. এজন ডেকা ভায়ে যিহোৱাৰ সেৱাৰ লগত জড়িত থকা লক্ষ্যত উপনীত হʼবলৈ কি কৰিব পাৰে? (২ তীমথিয় ২:২২)

১৭ ‘ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা আৰু সঠিক কাম কৰাত লাগি থাকা।’ (২ তীমথিয় ২:২২ পঢ়ক।) পৌলে তীমথিয়ক ডেকা কালত উঠা ইচ্ছাবোৰৰ বিৰোধে যুঁজিবলৈ কৈছিল। কিয় বাৰু? কাৰণ এই ইচ্ছাবোৰে উৎসাহেৰে যিহোৱাৰ সেৱা কৰাৰ পৰা তেওঁৰ ধ্যান বিচলিত কৰিব পাৰিলেহেঁতেন আৰু যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼলহেঁতেন। ক্ষন্তেকৰ বাবে নিজৰ বিষয়ে চিন্তা কৰক। আপোনাৰো হয়তো এনে কিছুমান ইচ্ছা আছে, যিবোৰ ভুল নহয়। কিন্তু তাত আপোনাৰ ইমানেই সময় গুচি যায় যে যিহোৱাৰ সেৱা উৎসাহেৰে কৰিবলৈ আপোনাৰ ওচৰত সময়ে নাথাকে। যেনে, আপুনি কোনো খেল খেলি, ইন্টাৰনেট চলায় বা ভিডিঅʼ গেম খেলি ভাল পায়। কিন্তু এইবোৰৰ পৰা অলপ সময় উলিয়াই ঈশ্বৰৰ সেৱাত লগাব পাৰিব নে? যেনে, ৰাজ্যগৃহ চাফ চিকুণ কৰা কামত সহযোগ কৰিব পাৰিব নে? বা কাৰ্ট লগাই প্ৰচাৰ কৰিব পাৰিব নে? যদি আপুনি এইদৰে কৰে, তেনেহʼলে আপুনি নতুন বন্ধু বনাব পাৰিব, এনে বন্ধু যিসকলে যিহোৱাৰ সেৱাত লক্ষ্য ৰাখিবলৈ আৰু তাত উপনীত হʼবলৈ আপোনাক সহায় কৰিব পাৰে।

আনক সহায় কৰিলে আশীৰ্বাদ পোৱা যায়

১৮. উৎসাহেৰে যিহোৱাৰ সেৱা কৰাৰ বাবে মাৰ্ক আৰু তীমথিয়ই কি কি আশীৰ্বাদ পালে?

১৮ উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ মাৰ্ক আৰু তীমথিয়ই বহুতো ত্যাগ কৰিলে আৰু ইয়াৰ বাবে তেওঁলোকে বহুতো আশীৰ্বাদ পালে। (পাঁচ. ২০:৩৫) মাৰ্ক দূৰ-দূৰণি এলেকাত গৈ ভাই-ভনীসকলক সহায় কৰাৰ সুযোগ পালে। তেওঁ যীচুৰ জীৱন আৰু সেৱাৰ বিষয়ে ৰোমাঞ্চকৰ ঘটনা লিখিলে। আনহাতে, তীমথিয়ই নতুন মণ্ডলী আৰম্ভ কৰিবলৈ আৰু ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ সহায় কৰিব পাৰিলে। সঁচাকৈ, এই দুয়োজন ভায়ে যি ত্যাগ কৰিলে, তাৰ পৰা যিহোৱা বহুত আনন্দিত হʼল।

১৯. ডেকা ভাইসকলে পৌলৰ পৰামৰ্শ কিয় পালন কৰা উচিত আৰু ইয়াৰ পৰা তেওঁলোকে কি কি আশীৰ্বাদ পাব?

১৯ পৌলে নিজৰ ডেকা বন্ধু তীমথিয়লৈ যি দুখন চিঠি লিখিছিল, তাৰ পৰা জানিব পাৰি যে পৌলে তীমথিয়ক কিমান প্ৰেম কৰিছিল। কিন্তু এই চিঠি যিহোৱাই আমাৰ বাবেও লিখাইছিল। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই আপোনালোক সকলো ডেকা ভাইক বহুত প্ৰেম কৰে। আপুনি যিহোৱাৰ সেৱা কৰি বহুতো আশীৰ্বাদ পোৱাটো তেওঁ বিচাৰে। সেইবাবে, পৌলে এজন পিতৃৰ দৰে চিঠিবোৰত যি পৰামৰ্শ দিছে, সেয়া পালন কৰক। যিহোৱাৰ সেৱা কৰিবলৈ আৰু ভাই-ভনীসকলক সহায় কৰিবলৈ ইচ্ছা বঢ়াই থাকক। যদি আপুনি এইদৰে কৰিব, তেনেহʼলে আপুনি ভাল জীৱন-যাপন কৰিব পাৰিব আৰু আহিবলগীয়া “প্ৰকৃত জীৱনক দৃঢ়তাৰে ধৰি ৰাখিব” পাৰিব।—১ তীম. ৬:১৮, ১৯.

আপুনি কেনেকৈ উত্তৰ দিব?

  • আপুনি মাৰ্কৰ পৰা কি শিকিলে?

  • আপুনি তীমথিয়ৰ দৰে আনৰ বিষয়ে কেনেকৈ চিন্তা কৰিব পাৰে?

  • উৎসাহেৰে যিহোৱাৰ সেৱা কৰিবলৈ পৌলে ডেকা ভাইসকলক কি পৰামৰ্শ দিছিল?

গীত নং ৮০ ‘যিহোৱা যে মঙ্গলময়, তাক আস্বাদন কৰি চোৱা’

a পিতৰে আনৰ ভাৱনা ভালদৰে প্ৰকাশ কৰিব পাৰিছিল। সেইবাবে, তেওঁ মাৰ্কক সকলো কথা ভালদৰে জনাব পাৰিলে যে যীচুৱে বেলেগ বেলেগ সময়ত যি কৰিলে, সেয়া কিয় কৰিলে আৰু সেই সময়ত তেওঁৰ কেনে অনুভৱ হৈছিল। সেইবাবে, মাৰ্কে যীচুৰ জীৱনৰ যি ঘটনা লিখিলে, তাত প্ৰায়ে তেওঁ যীচুৰ ভাৱনা আৰু কামৰ বিষয়ে কৈছিল।—মাৰ্ক ৩:৫; ৭:৩৪; ৮:১২.

b ছবিৰ বিষয়ে: মাৰ্কে পৌল আৰু বাৰ্ণব্বাক সহায় কৰি আছে। তীমথিয়ই এখন মণ্ডলীক সাক্ষাৎ কৰি আছে আৰু ভাই-ভনীসকলক উৎসাহিত কৰি আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক