অধ্যয়নৰ উপায়
ছবিবোৰৰ পৰা শিকক
আমাৰ প্ৰকাশনবোৰত বহুতো ছবি দিয়া হয়। এই ছবিবোৰৰ পৰা আমাক কিছুমান গুৰুত্বপূৰ্ণ কথা শিকোৱা হয়। আমি এই কথাবোৰ কেনেকৈ শিকিব পাৰোঁ?
কোনো এটা লেখ পঢ়াৰ আগতে তাত দিয়া ছবিবোৰলৈ মন কৰক। কিয় বাৰু? যেতিয়া আমাৰ ওচৰত সোৱাদ লগা আহাৰ থাকে, তেতিয়া আমি লগে লগে সেয়া খাই চাব বিচাৰোঁ। ঠিক সেইদৰে, যেতিয়া আমি কোনো এটা লেখত ছবি চাওঁ, তেতিয়া লগে লগে সেই লেখটো পঢ়িবলৈ আমাৰ মন যায়। গতিকে যিকোনো লেখ পঢ়াৰ আগতে তাত দিয়া ছবিবোৰ চাওক আৰু নিজকে সোধক, ‘ইয়াত কি দেখুৱা হৈছে?’—আমো. ৭:৭, ৮.
লেখ পঢ়াৰ সময়ত চিন্তা কৰক যে এই ছবি কিয় দিয়া হৈছে। ছবিৰ বিষয়ে আৰু আন কিছুমান তথ্য দিয়া হৈছে, সেয়াও পঢ়ক। মন কৰক, এই ছবিবোৰ লেখৰ বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে। চিন্তা কৰক যে শিকা কথাবোৰ কেনেকৈ মানি চলিব পাৰি।
লেখ পঢ়াৰ পাছত পুনৰ ছবিখন চাওক আৰু চিন্তা কৰক যে লেখৰ মুখ্য বিষয় কি আছিল। তাৰ পাছত চকু বন্ধ কৰি প্ৰতিটো ছবি আৰু তাৰ পৰা কি শিকিলে সেয়া মনত পেলাবলৈ চেষ্টা কৰক।
এই প্ৰহৰীদুৰ্গৰ সংখ্যাত দিয়া ছবিবোৰলৈ আকৌ এবাৰ মন কৰক আৰু তাত কি শিকোৱা হৈছে, সেয়াও মনত পেলাবলৈ চেষ্টা কৰক।