ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ২-৩
  • প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • ভাগ ২-ত আপুনি কি শিকিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাগ ৩-ত আপুনি কি শিকিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাগ ১-ত আপুনি কি শিকিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ছবিবোৰৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ২-৩
এটা পৰিয়ালে বাইবেলৰ পৰা শিকোঁ আহা কিতাপখন পঢ়াৰ লগতে বাইবেলৰ পদবোৰ চাই আছে

প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি

মৰমৰ ভাই-ভনীসকল:

আমি যিহোৱাৰ উপাসনা কৰোঁ। সেইবাবে, তেওঁৰ বাক্যৰ প্ৰতি আমাৰ গভীৰ প্ৰেম আছে, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে ইয়াত দিয়া ইতিহাসবোৰ একেবাৰে সঠিক হয়, ইয়ে জীৱনৰ কাৰণে সঠিক নিৰ্দ্দেশনা দিয়ে আৰু এই কথাৰ প্ৰমাণ দিয়ে যে যিহোৱাই সকলো মানুহক বহুত প্ৰেম কৰে। (গীতমালা ১১৯:১০৫; লূক ১:৩; ১ যোহন ৪:১৯) আমাৰ এয়াই ইচ্ছা যে আমি আনকো বাইবেলৰ গুৰুত্বপূৰ্ণ সত্যতা জানিবলৈ সহায় কৰোঁ। সেইবাবে, “বাইবেলৰ পৰা শিকোঁ আহা” এই কিতাপখন আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিবলৈ পাই আমি বহুত আনন্দিত। আহক চাওঁ, এই কিতাপখনত কি আছে।

এই কিতাপখন বিশেষকৈ লʼৰা-ছোৱালীৰ কাৰণে তৈয়াৰ কৰা হৈছে। কিন্তু যি ডাঙৰ লোকসকলে বাইবেলৰ বিষয়ে জানিব বিচাৰে, তেওঁলোকেও এই কিতাপখনৰ পৰা শিকিব পাৰে। বাইবেল সকলোৰে কাৰণে হয়। সেইবাবে, এই কিতাপত দিয়া শিক্ষাৰ ওপৰত ধ্যান দিলে আমি সকলোৱে লাভৱান হʼব পাৰিম। আমি শিকিব পাৰিম যে প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰোঁ।

এই কিতাপত মানুহৰ সৃষ্টিৰ সময়ৰ পৰা হোৱা ঘটনাবোৰ উল্লেখ কৰা হৈছে। বাইবেলত কোৱা এই ঘটনাবোৰ সৰল আৰু স্পষ্টকৈ লিখিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ উপৰিও, এই ঘটনাবোৰ যি ক্ৰমত ঘটিছিল, সেই ক্ৰমত লিখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা হৈছে।

কিন্তু এই কিতাপে বাইবেলৰ ঘটনাবোৰৰ কেৱল তথ্য তুলি ধৰা নাই। এয়া এনেদৰে লিখা হৈছে আৰু ইয়াত এনে ছবিবোৰ আছে, যাৰ বাবে সেই ঘটনাবোৰৰ জীৱন্ত ছবি আমাৰ সন্মুখত ভাহি আহে আৰু আমি বাইবেলৰ চৰিত্ৰবোৰৰ ভাৱনাবোৰ অনুভৱ কৰিব পাৰোঁ।

এই কিতাপৰ পৰা আমি বুজিব পাৰিম যে বাইবেলে এনে লোকসকলৰ বিষয়ে কয়, যিসকলৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। ইয়াত আমি দুই ধৰণৰ লোকৰ বিষয়ে পঢ়িবলৈ পাওঁ অৰ্থাৎ সেই লোক, যিসকলে যিহোৱাৰ আজ্ঞা মানিছিল আৰু সেই লোক, যিসকলে যিহোৱাৰ আজ্ঞা মনা নাছিল। (ৰোমীয়া ১৫:৪; ১ কৰিন্থীয়া ১০:৬) এই কিতাপত ১৪ টা ভাগ আছে। প্ৰতিটো ভাগৰ আৰম্ভণিত চমুকৈ কোৱা হৈছে যে সেই ভাগত আমি কি শিকিবলৈ পাম।

যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক ইয়াত দিয়া পাঠবোৰ পঢ়ি শুনাব পাৰে আৰু ছবিবোৰৰ ওপৰত আলোচনা কৰিব পাৰে। তাৰ পাছত তেওঁলোকৰ লগত বাইবেলৰ পৰা সেই পদবোৰ পঢ়িব পাৰে, যাৰ পৰা সেই কাহিনী লোৱা হৈছে। এই কিতাপত দিয়া সকলো শিক্ষা বাইবেলৰ পৰা হয় বুলি বুজিবলৈ নিজৰ লʼৰা-ছোৱালীক সহায় কৰক। যেতিয়া আপুনি কোনো ডাঙৰ ব্যক্তিৰ লগত এই কিতাপৰ পৰা বুজায়, তেতিয়াও এইদৰে কৰাটো ভাল হʼব।

আমি আশা কৰোঁ যে এই কিতাপৰ যোগেদি সৰু-ডাঙৰ সকলো ভাল লোকে ঈশ্বৰৰ বাক্যৰ পৰা শিকিবলৈ আৰু শিকা কথাবোৰ নিজৰ জীৱনত পালন কৰিবলৈ সহায় পাব। তেতিয়া তেওঁলোকেও ঈশ্বৰৰ পৰিয়ালৰ ভাগ হৈ তেওঁৰ উপাসনা কৰিব পাৰিব।

আপোনাৰ ভাই,

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক