অধ্যয়নৰ উপায়
নিজৰ হৃদয় তৈয়াৰ কৰক
যিহোৱাৰ বিষয়ে আমি যি শিকোঁ, সেইবোৰে আমাৰ অন্তৰত অৰ্থাৎ আমাৰ চিন্তাধাৰা আৰু ভাৱনাৰ ওপৰত প্ৰভাৱ পেলোৱাটো আমি বিচাৰোঁ। এই ক্ষেত্ৰত আমি ইজ্ৰাৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তেওঁ ‘যিহোৱাৰ ব্যৱস্থা’ ভালদৰে অধ্যয়ন কৰি নিজৰ “মন থিৰ কৰিছিল।” (ইজ্ৰা ৭:১০) আমি নিজৰ মন বা হৃদয় কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ?
প্ৰাৰ্থনা কৰক। প্ৰতিবাৰে অধ্যয়ন কৰাৰ আগতে প্ৰাৰ্থনা কৰক। বাইবেলত লিখা কথাবোৰ ভালদৰে বুজিবলৈ আৰু সেই অনুসৰি চলিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক।—গীত. ১১৯:১৮, ৩৪.
নম্ৰ হওক। অহংকাৰী লোকে নিজৰ বুদ্ধিৰ ওপৰত ভৰসা কৰে। সেইবাবে, যিহোৱাই তেওঁলোকৰ পৰা সত্যতা লুকুৱাই ৰাখে। (লূক ১০:২১) অনুসন্ধান কৰাৰ সময়ত এই কথাৰ পৰা আনক কেনেকৈ আনন্দিত কৰিব পাৰিম, তাৰ বিষয়ে নাভাবিব। যদি আপোনাৰ অনুভৱ হয় যে কোনো এটা বিষয়ত আপোনাৰ চিন্তাধাৰা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে সেয়া কৰক।
ৰাজ্য গীত শুনক। ৰাজ্য গীত শুনিলে আমাৰ মন ভাল লাগে আৰু যিহোৱাৰ সেৱা কৰিবলৈ আমাৰ হৃদয় তৈয়াৰ হয়। গতিকে, প্ৰতিবাৰে বাইবেল পঢ়াৰ আগতে ৰাজ্য গীত শুনিব পাৰে।