ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুন পৃষ্ঠা ২০-২৫
  • যিহোৱাৰ সেৱক হোৱাৰ নিৰ্ণয় লʼবলৈ বিদ্যাৰ্থীক সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সেৱক হোৱাৰ নিৰ্ণয় লʼবলৈ বিদ্যাৰ্থীক সহায় কৰক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কি কথাই বিদ্যাৰ্থীক আগবাঢ়িবলৈ বাধা দি আছে, সেয়া বুজাওক
  • যিহোৱাৰ বাবে তেওঁৰ অন্তৰত প্ৰেম বঢ়াওক
  • যিহোৱাক জীৱনত প্ৰথম স্থান দিবলৈ শিকাওক
  • সমস্যাৰ সন্মুখীন হʼবলৈ শিকাওক
  • বিদ্যাৰ্থীৰ ওপৰত আপোনাৰ বিশ্বাস আছে বুলি দেখুৱাওক
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুন পৃষ্ঠা ২০-২৫

অধ্যয়নৰ লেখ ২৭

গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব

যিহোৱাৰ সেৱক হʼবলৈ বিদ্যাৰ্থীক সহায় কৰক

“বিশ্বাসত দৃঢ়তাৰে থিয় হোৱা . . . শক্তিশালী হৈ গৈ থাকা।”—১ কৰি. ১৬:১৩.

কি শিকিম?

ঈশ্বৰৰ সেৱা কৰাৰ নিৰ্ণয় লʼবলৈ বাইবেল বিদ্যাৰ্থীক বিশ্বাস আৰু সাহসৰ প্ৰয়োজন হয়। তেওঁৰ বিশ্বাস বঢ়াবলৈ আৰু সাহসেৰে কাম কৰিবলৈ আমি কেনেকৈ তেওঁক শিকাব পাৰোঁ?

১-২. (ক) কিছুমান বাইবেল বিদ্যাৰ্থীয়ে ঈশ্বৰৰ সেৱা কৰাৰ নিৰ্ণয় লʼবলৈ কিয় সংকোচ কৰে? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

খন্তেকৰ বাবে চিন্তা কৰক, যেতিয়া আপুনি সত্য শিকিছিল আৰু যিহোৱাৰ সাক্ষী হোৱাৰ সময় আহিছিল, তেতিয়া কি হৈছিল। আপুনি এই পদক্ষেপ লʼবলৈ সংকোচ কৰিছিল নে? বা আপোনাৰ লগত কাম কৰা লোক, আপোনাৰ বন্ধু বা পৰিয়ালৰ লোকসকলে বিৰোধ কৰিব বুলি ভাবি আপুনি ভয় খাইছিল নে? অথবা এয়া ভাবিছিল নে যে যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাটো বহুত কঠিন, এয়া আপোনাৰ দ্বাৰা নহʼব? যদি আপুনি এইদৰে ভাবিছিল, তেনেহʼলে আপুনি সেই বাইবেল বিদ্যাৰ্থীসকলৰ চিন্তাৰ বিষয়ে ভালদৰে বুজি পাব, যিসকলে যিহোৱাৰ সাক্ষী হʼবলৈ সংকোচ কৰে।

২ যীচুৱে জানিছিল যে এনেধৰণৰ ভয়ে এজন ব্যক্তিক বাধা দিব পাৰে। (মথি ১৩:২০-২২) কিন্তু এনে লোকসকলক যীচুৱে সহায় কৰি থাকিল। তেওঁ যিদৰে লোকসকলক শিকালে, তাৰ পৰা আমি শিকিব পাৰোঁ যে আমি কেনেকৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰিব পাৰোঁ। যীচুৱে এই চাৰিটা উপায় ব্যৱহাৰ কৰিলে: (১) তেওঁলোকক কʼলে যে কি কথাই তেওঁলোকক বাধা দি আছে, (২) তেওঁলোকৰ অন্তৰত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়ালে, (৩) তেওঁলোকক যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ শিকালে আৰু (৪) তেওঁলোকক নিজৰ সমস্যাৰ কেনেকৈ সন্মুখীন হʼব পাৰি, তাৰ বিষয়ে শিকালে। এই লেখত আমি শিকিম যে দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পৰা অধ্যয়ন কৰাৰ সময়ত আমি কেনেকৈ যীচুৰ দৰে নিজৰ বিদ্যাৰ্থীক সহায় কৰিব পাৰোঁ যাতে তেওঁ যিহোৱাৰ সেৱা কৰাৰ নিৰ্ণয় লʼব পাৰে।

কি কথাই বিদ্যাৰ্থীক আগবাঢ়িবলৈ বাধা দি আছে, সেয়া বুজাওক

৩. নীকদীমক কি কথাই যীচুৰ শিষ্য হʼবলৈ বাধা দিছিল?

৩ নীকদীম যিহূদীসকলৰ এজন ডাঙৰ অধিকাৰী আছিল। তেওঁ যীচুৰ কাম চাই বুজিব পাৰিছিল যে তেওঁক ঈশ্বৰে পঠিয়াইছে। (যোহ. ৩:১, ২) সেই সময়ত যীচুৱে নিজৰ সেৱা আৰম্ভ কৰাৰ কেৱল ছমাহে হৈছিল, কিন্তু এটা কথাই নীকদীমক যীচুৰ শিষ্য হʼবলৈ বাধা দিছিল। তেওঁ ‘যিহূদীসকলক ভয় কৰিছিল।’ সেইবাবে, তেওঁ যীচুক ৰাতি লুকাই লুকাই লগ কৰিছিল। (যোহ. ৭:১৩; ১২:৪২) তেওঁ হয়তো এয়া ভাবি ভয় কৰিছিল যে যদি তেওঁ যীচুৰ শিষ্য হয়, তেনেহʼলে সকলোবোৰ হেৰুৱাব লাগিব।a

৪. যীচুৱে নীকদীমক এয়া বুজিবলৈ কেনেকৈ সহায় কৰিলে যে ঈশ্বৰে তেওঁৰ পৰা কি বিচাৰে?

৪ নীকদীমে নিয়ম ভালদৰে জানিছিল। কিন্তু যিহোৱাই তেওঁৰ পৰা কি বিচাৰে, সেয়া বুজি পাবলৈ তেওঁক সহায়ৰ প্ৰয়োজন আছিল। যীচুৱে তেওঁক কেনেকৈ সহায় কৰিলে? যীচুৱে নীকদীমৰ লগত বহুত সময় অতিবাহিত কৰিলে আৰু তেওঁক ৰাতি গৈ লগ কৰিলে। তেওঁ নীকদীমক স্পষ্টকৈ বুজিবলৈ সহায় কৰিলে যে তেওঁৰ শিষ্য হʼবলৈ নীকদীমে কি কৰিব লাগিব। তেওঁ নিজৰ পাপৰ অনুতাপ কৰিব লাগিব, পানীত বাপ্তিষ্মা লʼব লাগিব আৰু ঈশ্বৰৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰিব লাগিব।—যোহ. ৩:৫, ১৪-২১.

৫. আপুনি নিজৰ বিদ্যাৰ্থীক কেনেকৈ বুজিবলৈ সহায় কৰিব যে কি কথাই তেওঁক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দি আছে?

৫ আপোনাৰ বিদ্যাৰ্থীয়ে হয়তো বাইবেলৰ বিষয়ে ভালদৰে জানে। কিন্তু তেওঁক হয়তো এয়া বুজি পোৱাৰ প্ৰয়োজন আছে যে কি কথাই তেওঁক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিছে। তেওঁৰ সকলো সময় হয়তো চাকৰিত গৈছে বা এজন যিহোৱাৰ সাক্ষী হোৱাটো তেওঁৰ পৰিয়ালৰ লোকসকলে নিবিচাৰে। যদি এইদৰে হয়, তেনেহʼলে আপুনি নিজৰ বিদ্যাৰ্থীৰ লগত সময় অতিবাহিত কৰক। আপুনি যদি বিচাৰে তেওঁক চাহৰ বাবে মাতিব পাৰে বা তেওঁৰ লগত কʼৰবাত ফুৰিবলৈ যাব পাৰে। এইদৰে যেতিয়া আপুনি তেওঁৰ লগত সময় অতিবাহিত কৰিব, তেতিয়া তেওঁ হয়তো নিজৰ মনৰ সকলো কথা আপোনাক খুলি কʼব। আপুনি বুজিব পাৰিব যে কি কথাই তেওঁক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দি আছে। তাৰ পাছত আপুনি তেওঁক কʼব পাৰিব যে তেওঁক কি কি ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে। তেওঁক এয়াও জনাওক যে তেওঁ যাতে এই সাল-সলনি আপোনাক আনন্দিত কৰিবলৈ নহয়, যিহোৱাক আনন্দিত কৰিবলৈ কৰে।

৬. আপুনি কেনেকৈ নিজৰ বাইবেল বিদ্যাৰ্থীক উৎসাহিত কৰিব পাৰে যাতে তেওঁ ঈশ্বৰৰ উপাসনা কৰাৰ নিৰ্ণয় লʼব পাৰে? (১ কৰিন্থীয়া ১৬:১৩)

৬ যেতিয়া বাইবেল বিদ্যাৰ্থীৰ সম্পূৰ্ণ বিশ্বাস হʼব যে বাইবেলৰ মাণদণ্ডবোৰ মানি চলিবলৈ যিহোৱাই তেওঁক সহায় কৰিব, তেতিয়া তেওঁ সাহস পাব আৰু সেইবোৰ মানি চলিব। (১ কৰিন্থীয়া ১৬:১৩ পঢ়ক।) মন কৰক, যেতিয়া আপুনি স্কুল গৈছিল, তেতিয়া কোনজন শিক্ষকক আপুনি বহুত ভাল পাইছিল? আপুনি নিশ্চয় সেই শিক্ষকজনক ভাল পাইছিল, যিজনে ধৈৰ্য্য ধৰি আপোনাক শিকাইছিল আৰু আপোনাক উৎসাহিত কৰিছিল। আপুনিও এইদৰেই কৰিব পাৰে। আপুনি নিজৰ বাইবেল বিদ্যাৰ্থীক কেৱল এয়া নিশিকাব যে ঈশ্বৰে তেওঁৰ পৰা কি বিচাৰে। ইয়াৰ পৰিৱৰ্তে ধৈৰ্য্য ধৰক আৰু আশ্বাস দিয়ক যে তেওঁ যি সাল-সলনি কৰিবলগীয়া আছে, সেয়া কৰিবলৈ যিহোৱাই তেওঁক সহায় কৰিব। আমি বিদ্যাৰ্থীক সহায় কৰিবলৈ আৰু কি কৰিব পাৰোঁ?

যিহোৱাৰ বাবে তেওঁৰ অন্তৰত প্ৰেম বঢ়াওক

৭. যীচুৱে লোকসকলৰ অন্তৰত যিহোৱাৰ প্ৰতি কেনেকৈ প্ৰেম বঢ়ালে?

৭ যীচুৱে জানিছিল যে যদি তেওঁৰ শিষ্যসকলে যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁলোকে তেওঁৰ কথা মানিব। সেইবাবে, যীচুৱে তেওঁলোকক এনে কথাবোৰ শিকালে যাৰ পৰা তেওঁলোকৰ অন্তৰত যিহোৱাৰ প্ৰতি প্ৰেম বাঢ়ে। যেনে, তেওঁ নিজৰ শিষ্যসকলক কʼলে যে যিহোৱা এনে এজন পিতৃৰ দৰে হয়, যিজনে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তুবোৰ দিয়ে। (মথি ৭:৯-১১) যীচুৰ শুনোঁতাসকলৰ মাজত হয়তো এনে কিছুমান লোক আছিল, যিসকলৰ দেউতাকে তেওঁলোকক প্ৰেম কৰা নাছিল। মন কৰক, যেতিয়া যীচুৱে তেওঁলোকক হেৰাই যোৱা লʼৰাৰ বিষয়ে উদাহৰণ দিলে, তেতিয়া তেওঁলোকৰ হয়তো কেনে লাগিল? সেই লʼৰাজনে বেয়াতকৈ বেয়া কাম কৰি ঘৰলৈ উভতি আহে, কিন্তু দেউতাকে মৰমেৰে তেওঁক আদৰণি জনায়। এই উদাহৰণৰ পৰা তেওঁলোকে হয়তো বুজি পাইছিল যে যিহোৱাই নিজৰ লʼৰা-ছোৱালীক অৰ্থাৎ আমাক কিমান প্ৰেম কৰে।—লূক ১৫:২০-২৪.

৮. আপুনি নিজৰ বিদ্যাৰ্থীৰ অন্তৰত যিহোৱাৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰে?

৮ আপুনিও নিজৰ বিদ্যাৰ্থীৰ অন্তৰত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াব পাৰে। কেনেকৈ বাৰু? তেওঁক যিহোৱাৰ গুণবোৰৰ বিষয়ে শিকাওক। প্ৰতিবাৰে অধ্যয়ন কৰাৰ সময়ত তেওঁক এয়া বুজিবলৈ সহায় কৰক যে তেওঁ যি শিকি আছে তাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই তেওঁক প্ৰেম কৰে। যেনে, মুক্তিৰ মূল্যৰ বিষয়ে আলোচনা কৰাৰ সময়ত আপুনি তেওঁক এয়া বুজিবলৈ সহায় কৰিব পাৰে যে যিহোৱাই তেওঁৰ বাবেও মুক্তিৰ মূল্য দিছে। কাৰণ যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। (ৰোম. ৫:৮; ১ যোহ. ৪:১০) যেতিয়া বিদ্যাৰ্থীয়ে এই বিষয়ে চিন্তা কৰিব যে যিহোৱাই তেওঁক কিমান প্ৰেম কৰে, তেতিয়া তেওঁৰ অন্তৰত যিহোৱাৰ প্ৰতি প্ৰেম বাঢ়িবলৈ ধৰিব।—গালা. ২:২০.

৯. মাইকেলে কেনেকৈ নিজৰ জীৱনত সাল-সলনি কৰিব পাৰিলে?

৯ ইণ্ডোনেচিয়াত থকা মাইকেলৰ উদাহৰণলৈ মন কৰক। তেওঁ সত্যত ডাঙৰ-দীঘল হৈছিল, কিন্তু তেওঁ বাপ্তিষ্মা নলʼলে। তেওঁ ১৮ বছৰ বয়সতে বিদেশলৈ গৈ ট্ৰাক ড্ৰাইভাৰৰ চাকৰি কৰিবলৈ ধৰিলে। পাছত তেওঁ বিয়া পাতিলে। কিন্তু তেওঁ নিজৰ পৰিয়ালক ইণ্ডোনেচিয়াতে এৰি বিদেশত চাকৰি কৰি থাকিল। সেই সময়ছোৱাত তেওঁৰ পত্নী আৰু ছোৱালীয়ে বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে আৰু যি শিকিছিল তাৰ মতে জীৱন-যাপন কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত মাইকেলৰ মাকৰ মৃত্যু হʼল আৰু তেওঁ নিজৰ দেউতাকৰ চোৱা-চিতা কৰিবলৈ ঘৰলৈ উভতি আহিল। উভতি অহাৰ পাছত মাইকেলেও দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পৰা বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে। যেতিয়া পাঠ ২৭-ৰ “গভীৰভাৱে ধ্যান কৰক” ভাগ আলোচনা হৈ আছিল, তেতিয়া এটা কথাই তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। যেতিয়া তেওঁ চিন্তা কৰিলে যে নিজৰ লʼৰাক কষ্টত ভুগি থকা দেখিযিহোৱাৰ কিমান দুখ লাগিছিল, তেতিয়া মাইকেলৰ চকু সেমেকি গʼল। তেওঁৰ হৃদয় মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি গʼল। পাছত তেওঁ ভাবি লʼলে যে তেওঁ জীৱনত সাল-সলনি কৰিব আৰু বাপ্তিষ্মা লʼব।

যিহোৱাক জীৱনত প্ৰথম স্থান দিবলৈ শিকাওক

১০. যীচুৱে নিজৰ কিছুমান শিষ্যক কেনেকৈ বুজালে যে তেওঁলোকে প্ৰচাৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিব লাগিব? (লূক ৫:৫-১১) (ছবিখনো চাওক।)

১০ যীচুৰ কিছুমান শিষ্যই লগে লগে বুজি পাইছিল যে যীচুৱেই প্ৰতিজ্ঞা কৰা মচীহ হয়, কিন্তু তেওঁলোকে এয়া বুজি পোৱা নাছিল যে তেওঁলোকে প্ৰচাৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিব লাগিব। যেনে, পিতৰ আৰু আন্দ্ৰিয়ই যীচুৰ শিষ্য হোৱাৰ পাছতো মাছ ধৰাৰ কাম কৰিছিল। তেওঁলোকে হয়তো যাকোব আৰু যোহনৰ লগত মিলি মাছৰ ব্যৱসায় কৰিছিল আৰু বহুত টকা-পইচা অৰ্জন কৰিছিল। (মাৰ্ক ১:১৬-২০) কিন্তু পাছত যীচুৱে তেওঁলোকক নিজৰ লগত পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ মাতিলে। (মথি ৪:১৮, ১৯) তেতিয়া পিতৰ আৰু আন্দ্ৰিয়ই “নিজৰ জাল এৰি” তেওঁৰ পিছে পিছে গʼল। তেওঁলোকে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা যাতে পূৰ হয় তাৰ বাবে নিশ্চয় কিবা ব্যৱস্থা কৰিছিল। কিন্তু এতিয়া প্ৰশ্ন হৈছে তেওঁলোকে নিজৰ ব্যৱসায় এৰি যীচুৰ পিছে পিছে কিয় গʼল? লূক কিতাপত কোৱা হৈছে যে যিহোৱাৰ ওপৰত তেওঁলোকৰ ভৰসা বঢ়াবলৈ যীচুৱে এটা চমৎকাৰ কৰিলে। এই চমৎকাৰ চাই তেওঁলোকে বুজি পালে যে যদি তেওঁলোকে যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেনেহʼলে যিহোৱাই তেওঁলোকৰ চোৱা-চিতা কৰিব।—লূক ৫:৫-১১ পঢ়ক।

যীচুৱে দুজন মাছৰীয়াক তেওঁৰ পিছে পিছে আহিবলৈ মাতিছে আৰু তেওঁলোকে নিজৰ নাৱ এৰি তেওঁৰ পিছে পিছে গৈছে। আন মাছমৰীয়াসকল নাৱতে আছে আৰু জাল ঠিক কৰি আছে।

যীচুৱে নিজৰ শিষ্যসকলক কেনেকৈ শিকালে যে তেওঁলোকে যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত আৰু আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ? (অনুচ্ছেদ ১০-১১ চাওক)c


১১. আমি নিজৰ অনুভৱ জনাই কেনেকৈ নিজৰ বিদ্যাৰ্থীৰ বিশ্বাস মজবুত কৰিব পাৰোঁ?

১১ আমি যীচুৰ দৰে চমৎকাৰ কৰিব নোৱাৰোঁ, কিন্তু আমি নিজৰ বিদ্যাৰ্থীক এনে অনুভৱবোৰ জনাব পাৰোঁ, যাৰ পৰা তেওঁলোকে বুজিব পাৰিব যে যদি আমি যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে তেওঁ আমাক চম্ভালিব। যেনে, আপুনি তেওঁক কʼব পাৰে যে যেতিয়া আপুনি প্ৰথমবাৰ সভাত আহিবলৈ আৰম্ভ কৰিছিল, তেতিয়া যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছিল। আপুনি হয়তো নিজৰ মালিকক কৈছিল যে যিদিনা সভা হয়, সেইদিনা আপুনি বেছি দেৰিলৈকে কাম কৰিব নোৱাৰে। আপুনি নিজৰ বিদ্যাৰ্থীক এয়াও জনাওক যে যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ আপুনি যি নিৰ্ণয় লʼলে, তাৰ ওপৰত যিহোৱাই কেনেকৈ আশীৰ্বাদ দিলে আৰু ইয়াৰ পৰা আপোনাৰ বিশ্বাস কেনেকৈ মজবুত হʼল।

১২. (ক) আমি কিয় বেলেগে বেলেগ ভাই-ভনীক নিজৰ বাইবেল অধ্যয়নত লৈ যোৱা উচিত? (খ) আমি ভিডিঅʼ দেখুৱাই নিজৰ বিদ্যাৰ্থীক কেনেকৈ শিকাব পাৰোঁ যে তেওঁ যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত? এটা উদাহৰণ দিয়ক।

১২ আন ভাই-ভনীসকলৰ অনুভৱ শুনিও আপোনাৰ বিদ্যাৰ্থীৰ বিশ্বাস মজবুত হʼব পাৰে। যেতিয়া আন ভাই-ভনীসকলে কʼব যে তেওঁলোকে কেনেকৈ যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিলে, তেতিয়া ইয়াৰ পৰা আপোনাৰ বিদ্যাৰ্থীয়েও লাভৱান হʼব। সেইবাবে, বেলেগ বেলেগ ভাই-ভনীক নিজৰ বাইবেল অধ্যয়নত লৈ যাওক আৰু তেওঁলোকক নিজৰ অনুভৱৰ বিষয়ে জনাবলৈ কʼব পাৰে যে তেওঁলোকে কেনেকৈ সত্যত আহিলে আৰু যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ তেওঁলোকে কি কি কৰিলে। ইয়াৰ উপৰিও আপুনি নিজৰ বিদ্যাৰ্থীৰ লগত মিলি দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ “গভীৰভাৱে ধ্যান কৰক” ভাগত দিয়া ভিডিঅʼবোৰ চাওক আৰু যদি বিচাৰে “বেছিকৈ জানক” ভাগত দিয়া আন কিছুমান ভিডিঅʼও চাব পাৰে। যেনে, আপুনি ৩৭ পাঠটো আলোচনা কৰাৰ সময়ত যিহোৱাই আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব নামৰ ভিডিঅʼখন চাব পাৰে আৰু তাত দিয়া সিদ্ধান্তবোৰৰ বিষয়ে আলোচনা কৰিব পাৰে।

সমস্যাৰ সন্মুখীন হʼবলৈ শিকাওক

১৩. যীচুৱে নিজৰ শিষ্যসকলক বিৰোধৰ সন্মুখীন হʼবলৈ কেনেকৈ সাজু কৰিলে?

১৩ যীচুৱে নিজৰ শিষ্যসকলক বাৰে বাৰে কৈছিল যে লোকসকলে আনকি তেওঁলোকৰ পৰিয়ালৰ লোকসকলেও তেওঁলোকৰ বিৰোধ কৰিব। (মথি ৫:১১; ১০:২২, ৩৬) তেওঁ নিজৰ সেৱাৰ শেষত শিষ্যসকলক কৈছিল যে লোকসকলে তেওঁলোকক ইমানেই হিংসা কৰিব যে তেওঁলোকে তেওঁলোকক মাৰি পেলাব পাৰে। (মথি ২৪:৯; যোহ. ১৫:২০; ১৬:২) তেওঁ নিজৰ শিষ্যসকলক প্ৰচাৰ কৰাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ কৈছিল। যদি কোনোবাই বিৰোধ কৰে, তেনেহʼলে তেওঁলোকৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে সেই ঠাই এৰি আন ঠাইলৈ গৈ প্ৰচাৰ কৰিবলৈ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল।

১৪. আমি নিজৰ বিদ্যাৰ্থীক বিৰোধৰ সন্মুখীন হʼবলৈ কেনেকৈ সাজু কৰিব পাৰোঁ? (২ তীমথিয় ৩:১২)

১৪ আমিও বাইবেল বিদ্যাৰ্থীক বিৰোধৰ সন্মুখীন হʼবলৈ সাজু কৰিব পাৰোঁ। আমি তেওঁক কʼব পাৰোঁ যে লগত কাম কৰা লোক, বন্ধু বা পৰিয়ালৰ লোকসকলে তেওঁক কি কʼব পাৰে। (২ তীমথিয় ৩:১২ পঢ়ক।) আমি তেওঁক কʼব পাৰোঁ যে বাইবেলৰ ওপৰত বিশ্বাস কৰাৰ বাবে হয়তো লগত কাম কৰা লোক বা সম্বন্ধীয়া লোকসকলে তেওঁৰ ঠাট্টা কৰিব পাৰে। এই বিষয়ে যিমান পাৰোঁ সিমান সোনকালে বাইবেল বিদ্যাৰ্থীসকলৰ লগত কথা পাতিলে ভাল হʼব যাতে যেতিয়া তেওঁলোকৰ বিৰোধ কৰা হʼব, তেতিয়া তেওঁলোকে তাৰ ভালদৰে সন্মুখীন হʼব পাৰিব।

১৫. যেতিয়া বাইবেল বিদ্যাৰ্থীৰ পৰিয়ালৰ লোকসকলে তেওঁৰ বিৰোধ কৰে, তেতিয়া আপুনি তেওঁক কেনেকৈ সহায় কৰিব পাৰে?

১৫ যদি বিদ্যাৰ্থীৰ পৰিয়ালৰ লোকসকলে বিৰোধ কৰিছে, তেনেহʼলে এয়া কোনো নতুন কথা নহয় বুলি তেওঁক জনাওক। যীচুৰ সম্বন্ধীয় লোকসকলেও তেওঁক বেয়া পাইছিল আৰু তেওঁক পগলা বুলি কৈছিল। (মাৰ্ক ৩:২১; যোহ. ৭:৫) গতিকে এই বিষয়ে চিন্তা কৰিবলৈ কওক যে তেওঁলোকে কিয় বেয়া পাইছে। তেওঁলোকে হয়তো এয়া ভাবিছে যে সাক্ষীসকলে তেওঁক ভুলাইছে বা এয়াও হʼব পাৰে যে তেওঁলোকে শুনিছে যে যিহোৱাৰ সাক্ষীসকল ভাল মানুহ নহয়। সেইবাবে, নিজৰ বাইবেল বিদ্যাৰ্থীক আনৰ লগত বিশেষকৈ নিজৰ পৰিয়ালৰ লগত ধৈৰ্য্য ধৰিবলৈ আৰু ভাবি-চিন্তি কথা পাতিবলৈ শিকাওক।

১৬. সম্বন্ধীয় লোকসকলৰ লগত কথা পাতোঁতে বুদ্ধিমত্তাৰে কাম লʼবলৈ আমি নিজৰ বিদ্যাৰ্থীক কেনেকৈ শিকাব পাৰোঁ?

১৬ আপুনি বিদ্যাৰ্থীক জনাওক যে যদি তেওঁৰ সম্বন্ধীয় লোকসকলে বাইবেলৰ বিষয়ে জানিব বিচাৰে, তেনেহʼলে তেওঁ যাতে সকলো কথা এবাৰতে নজনায়। যদি তেওঁ সকলো কথা এবাৰতে জনায়, তেনেহʼলে তেওঁলোকে হয়তো আমনি পাব আৰু দ্বিতীয়বাৰ তেওঁৰ কথা শুনিবলৈ সংকোচ কৰিব পাৰে। সেইবাবে, বিদ্যাৰ্থীক নিজৰ সম্বন্ধীয় লোকসকলক অলপ অলপকৈ কʼবলৈ কওক। তেতিয়া তেওঁলোকে আগলৈও তেওঁৰ কথা শুনিব বিচাৰিব। (কল. ৪:৬) তেওঁলোকক jw.org ৱেবছাইটৰ বিষয়েও জনাবলৈ বিদ্যাৰ্থীক কওক। এইদৰে তেওঁৰ সম্বন্ধীয় লোকসকলে সাক্ষীসকলৰ বিষয়ে যি জানিব বিচাৰে, সেয়া তাৰ পৰা জানিব পাৰে।

১৭. সাক্ষীসকলৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি বিদ্যাৰ্থীক কেনেকৈ শিকাব পাৰে? (ছবিখনো চাওক।)

১৭ যদি আপুনি বিচাৰে বিদ্যাৰ্থীক jw.org ৱেবছাইটত “যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন” শৃংখলা দেখুৱাব পাৰে। এইদৰে তেওঁ জানিব পাৰিব যে লগত কাম কৰা আৰু সম্বন্ধীয় লোকসকলৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব পাৰে। (২ তীম. ২:২৪, ২৫) আপুনি দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ প্ৰতিটো পাঠৰ শেষত দিয়া “কিছুমান লোকে কয়” বা “কোনোবাই সুধিব পাৰে” ভাগটো আলোচনা কৰিব পাৰে। আপুনি বিদ্যাৰ্থীৰ লগত প্ৰেক্টিচ কৰিব পাৰে যে তেওঁ কেনেকৈ নিজৰ বিশ্বাসৰ বিষয়ে আনক বুজাব পাৰে। তেওঁক এয়া কʼবলৈ সংকোচ নকৰিব যে তেওঁ আৰু ভালকৈ কেনেকৈ উত্তৰ দিব পাৰে। এইদৰে প্ৰেক্টিচ কৰিলে তেওঁ নিজৰ বিশ্বাসৰ বিষয়ে সম্পূৰ্ণ বিশ্বাসেৰে আনক জনাব পাৰিব।

এজনী ভনীয়ে নিজৰ বিদ্যাৰ্থীৰ লগত অধ্যয়ন কৰি থকাৰ সময়ত তাই আনক কেনেকৈ প্ৰচাৰ কৰিব পাৰে, তাৰ প্ৰেক্টিচ কৰি আছে। বিদ্যাৰ্থীয়ে “জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?” ট্ৰেক্টখন দেখুৱাই ভনীক প্ৰচাৰ কৰি আছে।

নিজৰ বাইবেল বিদ্যাৰ্থীৰ লগত প্ৰেক্টিচ কৰক যে তেওঁ কেনেকৈ আনক প্ৰচাৰ কৰিব (অনুচ্ছেদ ১৭-১৮ চাওক)d


১৮. আপুনি নিজৰ বিদ্যাৰ্থীক প্ৰচাৰক হʼবলৈ কেনেকৈ উৎসাহিত কৰিব পাৰে? (মথি ১০:২৭)

১৮ যীচুৱে নিজৰ শিষ্যসকলক শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ কৈছিল। (মথি ১০:২৭ পঢ়ক।) আপোনাৰ বিদ্যাৰ্থীয়েও যেতিয়া আনক নিজৰ বিশ্বাসৰ বিষয়ে কʼব, তেতিয়া তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিব। সেইবাবে, যিমান পাৰে সিমান সোনকালে নিজৰ বিদ্যাৰ্থীক এইদৰে কৰিবলৈ উৎসাহিত কৰক। ইয়াৰ বাবে আপুনি কি কৰিব পাৰে? যেতিয়া মণ্ডলীত ঘোষণা কৰা হয় যে কিছু সময়ৰ পাছত প্ৰচাৰ অভিযান আৰম্ভ কৰা হʼব, তেতিয়া নিজৰ বিদ্যাৰ্থীক প্ৰচাৰক হোৱাৰ বিষয়ে ভাবিলৈ কওক। বহুতো ভাই-ভনীয়ে অভিযানৰ সময়ত প্ৰচাৰ কাম আৰম্ভ কৰিছিল আৰু এই সময়ত প্ৰচাৰ কৰিবলৈ বহুত সহজ হয় বুলি নিজৰ বিদ্যাৰ্থীক জনাওক। আপুনি তেওঁক সপ্তাহৰ মাজত হোৱা সভাত বিদ্যাৰ্থীৰ ভাগত ভাগ লোৱাৰ বিষয়ে ভাবিবলৈ উৎসাহিত কৰিব পাৰে। এইদৰে তেওঁ লোকসকলৰ লগত ভালদৰে কথা পাতিবলৈ ট্ৰেইনিং পাব।

বিদ্যাৰ্থীৰ ওপৰত আপোনাৰ বিশ্বাস আছে বুলি দেখুৱাওক

১৯. যীচুৱে নিজৰ শিষ্যসকলৰ ওপৰত ভৰসা কৰে বুলি কেনেকৈ দেখুৱালে?

১৯ যীচুৱে স্বৰ্গলৈ যোৱাৰ আগতে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁ তেওঁলোকক পুনৰ লগ কৰিব আৰু একেলগে থাকিব। কিন্তু শিষ্যসকলে তেওঁৰ কথা বুজি নাপালে যে তেওঁলোকেও এদিন স্বৰ্গলৈ যাব আৰু তেওঁৰ লগত থাকিব। তেওঁলোকে যীচুৰ ওপৰত সন্দেহ কৰিবলৈ ধৰিলে। কিন্তু যীচুৱে তেওঁলোকৰ এই দুৰ্বলতাৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে এই কথাৰ প্ৰতি ধ্যান দিলে যে তেওঁলোকে তেওঁৰ বিশ্বাসী হৈ আছে। (যোহ. ১৪:১-৫, ৮) যীচুৱে জানিছিল যে তেওঁৰ শিষ্যসকলক কিছুমান কথা বুজি পাবলৈ অলপ সময় লাগিব, যেনে তেওঁলোকৰ স্বৰ্গত যোৱাৰ আশা আছে। (যোহ. ১৬:১২) আমিও যীচুৰ দৰে হʼব পাৰোঁ। আমাৰ বিদ্যাৰ্থীয়ে যিহোৱাক আনন্দিত কৰিব বিচাৰে আৰু এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে বুলি আমি দেখুৱাব পাৰোঁ।

নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক, এইদৰে তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিব

২০. নিজৰ বাইবেল বিদ্যাৰ্থীৰ ওপৰত ভৰসা আছে বুলি মালাৱীৰ এগৰাকী ভনীয়ে কেনেকৈ দেখুৱালে?

২০ আমি বিশ্বাস ৰখা উচিত যে আমাৰ বাইবেল বিদ্যাৰ্থীয়ে সঠিক পদক্ষেপ লʼব বিচাৰে। খন্তেকৰ বাবে মালাৱীত থকা ভনী গ্ৰেচৰb উদাহৰণলৈ মন কৰক। তাই এলিনা নামৰ এজনী কেথলিক ছোৱালীৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন কিতাপৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিলে। পাঠ ১৪ শেষ হোৱাৰ পাছত তাই এলিনাক সুধিলে যে ঈশ্বৰক উপাসনা কৰিবলৈ মূৰ্তিৰ সহায় লোৱাটো সঠিক হʼব নে? ইয়াৰ বিষয়ে তাই কি ভাবে? এলিনাক এই কথা ভাল নালাগিল আৰু তাই কʼলে “এয়া সকলোৰে নিজৰ নিৰ্ণয় হয়।” ভনীয়ে ভাবিলে এলিনাই এতিয়া বাইবেল অধ্যয়ন কৰিবলৈ বন্ধ কৰি দিব। কিন্তু ভনীয়ে ধৈৰ্য্য ধৰিলে আৰু তাইৰ লগত অধ্যয়ন কৰি থাকিল। তাইৰ ভৰসা আছিল যে এদিন নহয় এদিন এলিনাই বুজি পাব যে মূৰ্তিৰ সহায় লোৱাটো ভুল হয়। ইয়াৰ কিছু মাহৰ পাছত, ভনীয়ে এলিনাক পাঠ ৩৪-ত দিয়া এই প্ৰশ্ন সুধিলে, “এতিয়ালৈকে আপুনি বাইবেল আৰু যিহোৱাৰ বিষয়ে যি শিকিলে, তাৰপৰা আপোনাৰ কি লাভ হৈছে?” তেতিয়া এলিনাই যি উত্তৰ দিলে তাৰ বিষয়ে ভনীয়ে কৈছে, “তাই বহুতো ভাল কথা কʼলে কিন্তু তাৰে মাজৰ এটা হৈছে, যিহোৱাৰ সাক্ষীসকলে এনে কোনো কাম নকৰে যাক বাইবেলত ভুল বুলি কোৱা হৈছে।” ইয়াৰ কিছু সময়ৰ পাছত এলিনাই মূৰ্তিৰ উপাসনা কৰিবলৈ এৰি দিলে আৰু বাপ্তিষ্মা লʼলে।

২১. আমি নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ সেৱা কৰাৰ নিৰ্ণয় লʼবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ?

২১ এয়া সঁচা যে এজন ব্যক্তিৰ অন্তৰত সত্যৰ বীজ যিহোৱাই “বঢ়ায়,” কিন্তু বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰাত আমাৰো পৰিশ্ৰম থাকে। (১ কৰি. ৩:৭) আমি তেওঁক কেৱল এয়া নিশিকাও যে ঈশ্বৰে তেওঁৰ পৰা কি বিচাৰে, কিন্তু আমি যিহোৱাৰ প্ৰতি তেওঁৰ অন্তৰত প্ৰেম বঢ়াবলৈ সহায় কৰোঁ। আমি তেওঁক যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ আৰু যিহোৱাক কিমান প্ৰেম কৰে সেয়া দেখুৱাবলৈ উৎসাহিত কৰোঁ। আমি তেওঁক সমস্যাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈও শিকাওঁ। যেতিয়া আমি দেখুৱাওঁ যে আমাৰ সম্পূৰ্ণ ভৰসা আছে যে বিদ্যাৰ্থীয়ে যিহোৱাক আনন্দিত কৰিব বিচাৰে, তেতিয়া ইয়াৰ পৰা তেওঁ উৎসাহিত হʼব আৰু তেওঁ হয়তো যিহোৱাৰ নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰু তেওঁৰ সেৱা কৰাৰ নিৰ্ণয় লʼব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আপুনি বিদ্যাৰ্থীক কেনেকৈ বুজাব পাৰে যে কি কথাই তেওঁক আগবাঢ়িবলৈ বাধা দিছে?

  • আপুনি তেওঁৰ অন্তৰত যিহোৱাৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰে?

  • আপুনি তেওঁক যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ কেনেকৈ শিকাব পাৰে?

গীত নং ৭৩ সাক্ষ্য দিবলৈ সাহস দিয়া

a যীচুক লগ পোৱাৰ প্ৰায় আঢ়ৈ বছৰৰ পাছতো নীকদীমে যিহূদী মহা-সভাৰ সদস্য আছিল। (যোহ. ৭:৪৫-৫২) কিছুমান ইতিহাসবিদৰ অনুসৰি যীচুৰ মৃত্যুৰ পাছতহে নীকদীমে যীচুৰ শিষ্য হʼল।—যোহ. ১৯:৩৮-৪০.

b কিছুমান নাম সলনি কৰা হৈছে।

c ছবিৰ বিষয়ে: পিতৰ আৰু আন মাছমৰীয়াসকলে যীচুৰ পিছে পিছে যাবলৈ সাজু আছে।

d ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে নিজৰ বাইবেল বিদ্যাৰ্থীৰ লগত প্ৰেক্টিচ কৰি আছে যে তাই কেনেকৈ আনক প্ৰচাৰ কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক