ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুলাই পৃষ্ঠা ২৬-৩০
  • “যুদ্ধ যিহোৱাৰেই”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যুদ্ধ যিহোৱাৰেই”
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মিচনেৰীৰ উৎসাহেৰে ডাঙৰ-দীঘল হʼলোঁ
  • মুখ্য কাৰ্য্যালয়লৈ গʼলোঁ
  • আইনৰ যুঁজ যুঁজিবলৈ আৰম্ভ হʼল
  • শুভবাৰ্তাৰ পক্ষত থিয় হৈ থকা আৰু তাক আইনৰ মান্যতা দিয়া
  • ধন্যবাদ যিহোৱা
  • মোৰ যি কৰ্তব্য, তাকেহে কৰিলোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুলাই পৃষ্ঠা ২৬-৩০
ফিলিপ ব্ৰমলী।

জীৱন কাহিনী

“যুদ্ধ যিহোৱাৰেই”

ফিলিপ ব্ৰমলীৰ বাক্য

মই ২০১০ চনৰ ২৮ জানুৱাৰীত ফ্ৰান্সৰ এখন ধুনীয়া চহৰ ষ্ট্ৰাছবাৰ্গত আছিলোঁ। তেতিয়া ঠাণ্ডাৰ সময় আছিল, কিন্তু মই তাত ফুৰিবলৈ যোৱা নাছিলোঁ। মই আইন বিভাগৰ আন কিছুমান ভাইৰ লগত মিলি ইউৰোপীয়া মানৱ অধিকাৰ আদালতত যিহোৱাৰ সাক্ষীসকলৰ ফলীয়া হৈ মোকৰ্দ্দমা যুঁজিবলৈ আহিছিলোঁ। কাৰণ ফ্ৰান্সৰ চৰকাৰে আমাৰ ভাইসকলক প্ৰায় ৮ কোটি ৯০ লাখ ডলাৰ টেক্স দিবলৈ দাবী কৰিছিল। এয়া বহুত বেছি টকা আছিল আৰু আমি প্ৰমাণ কৰিব লাগিছিল যে এই দাবী বে-আইনী হয়। আমাৰ বাবে এই কেচ জিকাটো বহুত গুৰুত্বপূৰ্ণ আছিল। কাৰণ এই কেচ জিকিলে যিহোৱাৰ নাম মহিমা হʼলহেঁতেন, সেই এলেকাত যিহোৱাৰ লোকসকলৰ নাম ভাল হৈ থাকিলেহেঁতেনে আৰু আমি ফ্ৰান্সত মুকলিভাৱে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিলোঁহেঁতেন। শুনানিৰ দিনাখন যি হʼল, তাৰ পৰা প্ৰমাণ হʼল যে “যুদ্ধ যিহোৱাৰেই।” (১ চমূ. ১৭:৪৭) আহক মই আপোনালোকক সম্পূৰ্ণ কাহিনীটো জনাওঁ।

ফ্ৰান্সৰ চৰকাৰে ১৯৯৯ চনত ফ্ৰান্সৰ শাখা কাৰ্য্যালয়ক কʼলে যে তেওঁলোকে ১৯৯৩ চনৰ পৰা ১৯৯৬ চনৰ মাজৰ সময়ছোৱাত দানৰ যি টকা পাইছিল, তাৰ বাবে তেওঁলোকে টেক্স দিব লাগিব। এই দাবী বে-আইনী আছিল। আমি ফ্ৰান্সৰ বহুতো আদালতত গʼলোঁ, কিন্তু কোনো লাভ নহʼল। যেতিয়া আমি আদালতত আপীল কৰিলোঁ আৰু আমি হাৰি গʼলোঁ, তেতিয়া ফ্ৰান্সৰ চৰকাৰে আমাৰ শাখা কাৰ্য্যালয়ৰ একাউন্টৰ পৰা ৬৩ লাখতকৈ বেছি ডলাৰ জব্দ কৰি লʼলে। আমাৰ শেষ আশা ইউৰোপীয়া আদালত আছিল। কিন্তু বিষয়টো শুনানি হোৱাৰ আগতে এই আদালতে আমাক ফ্ৰান্স চৰকাৰৰ উকিল আৰু এই আদালতৰ অধিকাৰীসকলক লগ কৰিবলৈ কʼলে যাতে যদি সম্ভৱ হয়, তেনেহʼলে দুয়োটা পক্ষৰ মাজত শুনানিৰ আগতে বিষয়টো সমাধান হৈ যাব পাৰে।

আমি ভাবিছিলোঁ আদালতৰ অধিকাৰীসকলে ফ্ৰান্সৰ চৰকাৰক সম্পূৰ্ণ টকা নিদিলেও অলপ টকা দি হʼলেও সমস্যাটো সমাধান কৰিবলৈ হেঁচা দিব। কিন্তু আমি জানিছিলোঁ যে যদি আমি তেওঁলোকক এটকাও দিওঁ, তেনেহʼলে এয়া বাইবেলৰ সিদ্ধান্তৰ অনুসৰি ভুল হʼব। কাৰণ ভাই-ভনীসকলে এই টকা ৰাজ্যৰ কামৰ বাবে দিছিল। সেইবাবে, এই টকাৰ ওপৰত চৰকাৰৰ কোনো অধিকাৰ নাছিল। (মথি ২২:২১) তথাপিও আমি তেওঁলোকক লগ কৰিবলৈ সাজু আছিলোঁ, কাৰণ আমি আদালতৰ কথা মানিব বিচাৰিছিলোঁ।

২০১০ চনত ইউৰোপীয় আদালতৰ ওচৰত উকিলৰ আমাৰ টিম

আমি কথা পাতিবলৈ আদালতৰ এখন ধুনীয়া কনফাৰেন্স হল পালোঁ। কথা-বতৰা আৰম্ভ হৈছিলহে আদালতৰ এগৰাকী অধিকাৰীয়ে কʼলে যে যিহোৱাৰ সাক্ষীসকলে ফ্ৰান্সৰ চৰকাৰক কিবা নহয় কিবা টেক্স নিশ্চয় দিব লাগিব। কিন্তু হঠাতে আমাৰ এনে লাগিল যেন পবিত্ৰ শক্তিয়ে আমাক তেওঁক এইদৰে সুধিবলৈ উৎসাহিত কৰিছে, “আপুনি জানেনে ফ্ৰান্সৰ চৰকাৰে আমাৰ বেংক একাউন্টৰ পৰা আগতেই ৬৩ লাখ ডলাৰ জব্দ কৰি লৈছে?”

এই কথা শুনি অধিকাৰীগৰাকীয়ে বহুত আচৰিত হʼল। যেতিয়া চৰকাৰী উকীলে তেওঁক জনালে যে তেওঁলোকে কি কি কৰিছিল, তেতিয়া তাইৰ ব্যৱহাৰ একেবাৰে সলনি হৈ গʼল। তেওঁ তেওঁলোকক গালি পাৰিলে আৰু কথা-বতৰা তাতেই শেষ হʼল। আমি স্পষ্টকৈ দেখা পালোঁ যে যিহোৱাই পৰিস্থিতি এনেদৰে সলনি কৰিলে, যিদৰে আমি ভাবিবও নোৱাৰোঁ। আমি বহুত আনন্দিত আছিলোঁ আৰু যি হʼল তাৰ ওপৰত বিশ্বাসেই কৰিব পৰা নাছিলোঁ!

ইউৰোপীয়া আদালতে ২০১১ চনৰ ৩০ জুনত আমাৰ পক্ষত নিৰ্ণয় লʼলে। আদালতে কʼলে যে টেক্সৰ নামত এই দাবী বে-আইনী হয় আৰু আমাৰ পৰা যি টকা জব্দ কৰি লোৱা হৈছিল, সেয়া সুতে-মূলে ঘূৰাই দিবলৈ চৰকাৰক আদেশ দিলে। এয়া এক ঐতিহাসিক নিৰ্ণয় আছিল। ইয়াৰ বাবেই আজিলৈকে আমি ফ্ৰান্সত কোনো সমস্যা নোহোৱাকৈ শুদ্ধ উপাসনা কৰিব পাৰিছোঁ। আমি আগতেই এই প্ৰশ্নৰ বিষয়ে ভাবি যোৱা নাছিলোঁ। কিন্তু সেই এটাই প্ৰশ্ন গলিয়াথৰ মূৰত লগা শিলৰ দৰে আছিল, যিয়ে পৰিস্থিতি একেবাৰে সলনি কৰি দিছিল। সেই কেচ আমি নিজৰ বুদ্ধিৰে জিকা নাছিলোঁ, ইয়াৰ পৰিৱৰ্তে যেনেকৈ দায়ূদে গলিয়াথক কৈছিল, আচলতে “যুদ্ধ যিহোৱাৰেই।”—১ চমূ. ১৭:৪৫-৪৭.

আমি কেৱল এই মোকৰ্দ্দমাই জিকিছোঁ এনে নহয়। ৰাজনৈতিক আৰু ধাৰ্মিক সংগঠনৰ বিৰোধৰ সত্ত্বেও আজিলৈকে আমি ৭০ খন দেশৰ উচ্চ ন্যায়লয় আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় আদালতত ১,২২৫ মোকৰ্দ্দমা জিকিছোঁ। এই মোকৰ্দ্দমাবোৰ জিকাৰ বাবে আমাৰ অধিকাৰবোৰৰ ৰক্ষা হৈছে। যেনে, আইনৰ দৃষ্টিত আমি এটা ধৰ্ম হিচাপে জনাজাত, আমি মুকলিভাৱে প্ৰচাৰ কৰিব পাৰোঁ, আমি দেশভক্তিমূলক কাৰ্য্যক্ৰমত ভাগ লʼবলৈ মানা কৰিব পাৰোঁ আৰু তেজ লʼবলৈ মানা কৰিব পাৰোঁ।

মই আমেৰিকাত যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়ত সেৱা কৰি আছিলোঁ। তাৰ পাছত এটা আইনৰ বিষয়ৰ বাবে মই কেনেকৈ ইউৰোপলৈ আহিবলগীয়া হʼল?

মিচনেৰীৰ উৎসাহেৰে ডাঙৰ-দীঘল হʼলোঁ

মোৰ মা-দেউতাৰ নাম জৰ্জ আৰু লুছীল আছিল। তেওঁলোকে গিলিয়াডৰ ১২তম ক্লাছৰ পৰা গ্ৰেজুৱেট হৈছিল আৰু ইথিউপিয়াত সেৱা কৰিছিল। তাতেই ১৯৫৬ চনত মোৰ জন্ম হʼল। তেওঁলোকে মোৰ নাম প্ৰথম শতিকাৰ প্ৰচাৰক ফিলিপৰ নামত ৰাখিছিল। (পাঁচ. ২১:৮) তাৰ পাছৰ বছৰতে চৰকাৰে আমাৰ কামক নিষেধ কৰিছিল। মই সৰুৱে আছিলোঁ, কিন্তু মোৰ এতিয়াও মনত আছে আমাৰ পৰিয়ালে লুকাই লুকাই উপাসনা কৰিছিল। মই ইমান বুজি পোৱা নাছিলোঁ কিন্তু এইদৰে লুকাই লুকাই উপাসনা কৰিবলৈ মোৰ বহুত ভাল লাগিছিল। পাছত ১৯৬০ চনত অধিকাৰীসকলে আমাক দেশৰ পৰা উলিয়াই দিলে।

১৯৫৯ চনত ইথিওপিয়াত আদ্দিচ আবাবা চহৰত ভাই নেথনে (বাওঁফালে) আমাৰ পৰিয়ালক লগ কৰাৰ সময়ত

তাৰ পাছত আমাৰ পৰিয়ালে কন্ছাছ ৰাজ্যৰ বিচিটা চহৰত থাকিবলৈ লʼলে। এই চহৰ আমেৰিকাত আছে। মোৰ মা-দেউতাই এটা বিশেষ বস্তু নিজৰ লগত লৈ আহিছিল, সেয়া হৈছে মিচনেৰীৰ উৎসাহ। তেওঁলোকে সত্যক বহুত প্ৰেম কৰিছিল। তেওঁলোকে মোৰ, মোৰ বাইদেউ জুডি আৰু ভাইটি লেচলীক ভালদৰে ডাঙৰ-দীঘল কৰিছিল। তেওঁলোকৰো জন্ম ইথিউপিয়াতে হৈছিল। পাছত ১৩ বছৰ বয়সতে মই বাপ্তিষ্মা লʼলোঁ আৰু তিনি বছৰৰ পাছত আমাৰ পৰিয়ালে পেৰুৰ অৰেকিপা চহৰলৈ গুচি গʼল যʼত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছিল।

মই ১৯৭৪ চনত যেতিয়া কেৱল ১৮ বছৰৰ আছিলোঁ, তেতিয়া পেৰু শাখা কাৰ্য্যালয়ে মোক আৰু আন চাৰিজন ভাইক বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰিলে। আমি এণ্ডিজ পৰ্বতমালাৰ সেই এলেকাবোৰলৈ গʼলোঁ যʼত কেতিয়াও প্ৰচাৰ হোৱা নাছিল। আমি কেচুয়া আৰু এমাৰা ভাষা কোৱা লোকসকলক প্ৰচাৰ কৰিলোঁ। আমি চাৰিটা চকা থকা ঘৰত থাকিছিলোঁ, যাক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পৰা গৈছিল। সেইটো দেখাত বাকচৰ দৰে আছিল, সেইবাবে আমি তাক “নোহৰ জাহাজ” বুলি কৈছিলোঁ। যেতিয়া মই সেই লোকসকলক শিকাইছিলোঁ যে অতি সোনকালে যিহোৱাই দৰিদ্ৰতা, বেমাৰ আৰু মৃত্যু একেবাৰে শেষ কৰি দিব, সেই দিনবোৰ মনত পেলাই মই এতিয়াও বহুত আনন্দিত হওঁ। (প্ৰকা. ২১:৩, ৪) আনন্দৰ বিষয় যে তাৰ বহুতো লোকে সত্য গ্ৰহণ কৰিলে।

পানীৰ মাজেদি গৈ থকা চাৰিচকীয়া ঘৰ।

১৯৭৪ চনত আমাৰ “নোহৰ জাহাজ”

মুখ্য কাৰ্য্যালয়লৈ গʼলোঁ

ভাই এলবাৰ্ট শ্ৰোডাৰে ১৯৭৭ চনত পেৰুলৈ আহিছিল, তেওঁ প্ৰশাসন গোষ্ঠীৰ সদস্য আছিল। তেওঁ মোক মুখ্য কাৰ্য্যালয়ত বেথেল সেৱা কৰাৰ বাবে ফৰ্ম পূৰ কৰিবলৈ উৎসাহিত কৰিছিল। সেইবাবে, মই ফৰ্ম পূৰ কৰিলোঁ আৰু মই ১৯৭৭ চনৰ ১৭ জুনৰ পৰা ব্ৰুকলিন বেথেলত সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ পাছত চাৰি বছৰলৈকে মই চাফ-চিকূণ বিভাগ আৰু মেৰামতি বিভাগত কাম কৰিলোঁ।

১৯৭৯ চনত আমাৰ বিয়াৰ দিন

জুন ১৯৭৮ চনত নিউ অৰলীঞ্জ চহৰত হোৱা আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত মই এলিজাবেথ এবালোন নামৰ এজনী ভনীক লগ পালোঁ। মোৰ দৰে তায়ো সত্যত ডাঙৰ-দীঘল হৈছিল। তাই চাৰি বছৰৰ পৰা অগ্ৰগামী সেৱা কৰি আছিল আৰু গোটেই জীৱন পূৰ্ণ সময়ৰ সেৱা কৰিব বিচাৰিছিল। আমি যিমানেই এজনে-আনজনক জানিবলৈ ধৰিলোঁ, সিমানেই এজনে-আনজনক ভাল পাবলৈ ধৰিলোঁ। তাৰ পাছত ১৯৭৯ চনৰ ২০ অক্টোবৰত আমি বিয়া পাতিলোঁ আৰু একেলগে বেথেল সেৱা কৰিবলৈ ধৰিলোঁ।

আমি প্ৰথমতে ব্ৰুকলিন স্পেনিছ মণ্ডলীত আছিলোঁ। তাৰ ভাই-ভনীসকলে আমাক বহুত মৰম কৰিছিল। তাৰ পাছৰ কিছু বছৰলৈকে আমি আৰু তিনিখন মণ্ডলীত সেৱা কৰিবলৈ সুযোগ পালোঁ। তাৰ ভাই-ভনীসকলেও আমাক অন্তৰৰ পৰা আদৰণি জনালে আৰু বেথেল সেৱা কৰি থাকিবলৈ আমাক সহায় কৰিলে। আমি সেই ভাই-ভনীসকলৰ প্ৰতি বহুত কৃতজ্ঞ। ইয়াৰ লগতে আমি সেই বন্ধু আৰু সম্বন্ধীয় লোকসকলৰ প্ৰতিও কৃতজ্ঞ, যিসকলে আমাৰ বৃদ্ধ মা-দেউতাৰ যত্ন লʼবলৈ আমাক সহায় কৰিলে।

মণ্ডলীৰ সভাত ভাই ফিলিপ আৰু বেথেলৰ আন কিছুমান সদস্য।

১৯৮৬ চনত ব্ৰুকলিনৰ স্পেনিচ মণ্ডলীৰ সেই ভাই-ভনিসকল যিসকলে বেথেলত সেৱা কৰি আছে।

আইনৰ যুঁজ যুঁজিবলৈ আৰম্ভ হʼল

যেতিয়া ১৯৮২ চনৰ জানুৱাৰীত মোক বেথেলৰ আইন বিভাগত সেৱা কৰিবলৈ কোৱা হʼল, তেতিয়া মই বহুত আচৰিত হʼলোঁ। তিনি বছৰৰ পাছত মোক ইউনিভাৰচিটিত আইন পঢ়িবলৈ কোৱা হʼল যাতে মই এজন উকিল হʼব পাৰোঁ। পঢ়ি থকাৰ সময়ত মই এটা আচৰিত কথা গʼম পালোঁ। আমেৰিকা আৰু আন বহুতো দেশৰ ওচৰত কিছুমান কাম কৰাৰ যি স্বাধীনতা আছে, সেইবোৰ যিহোৱাৰ সাক্ষীসকলে কিছুমান বিশেষ মোকৰ্দ্দমা জিকাৰ বাবেহে তেওঁলোকে পাইছে। এই বিশেষ মোকৰ্দ্দমাৰ বিষয়ে আমি ক্লাছত বহুবাৰ আলোচনা কৰিলোঁ।

যেতিয়া মই ১৯৮৬ চনত ৩০ বছৰৰ আছিলোঁ, তেতিয়া মোক আইন বিভাগৰ ওভাৰচিয়াৰ নিযুক্ত কৰা হʼল। মই আনন্দিত আছিলোঁ যে সংগঠনে ইমান সৰু বয়সতে মোৰ ওপৰত ভৰসা দেখুৱালে। কিন্তু মোৰ বহুত ভয়ো লাগিছিল। কাৰণ মই বহুতো কথা নাজানিছিলোঁ আৰু এই দায়িত্ব পালন কৰাটোও ইমান সহজ নহয় বুলি জানিছিলোঁ।

মই ১৯৮৮ চনত উকিল হʼলোঁ। কিন্তু এই লক্ষ্য পোৱাৰ বাবে যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কৰ ওপৰত কি প্ৰভাৱ পৰিব তাৰ বিষয়ে মই গʼম পোৱা নাছিলোঁ। উচ্চ শিক্ষা লʼলে এজন ব্যক্তি অহংকাৰী হৈ পৰিব পাৰে আৰু আনতকৈ নিজকে ডাঙৰ বুলি ভাবিব পাৰে। এই ক্ষেত্ৰত মোৰ পত্নী এলিজাবেথে মোক বহুত সহায় কৰিলে। তাইৰ সহায়তে মই এনে কামবোৰ কৰিব পাৰিলোঁ, যাৰ সহায়ত যিহোৱাৰ লগত মোৰ সম্পৰ্ক মজবুত হʼলহেঁতেন। ইয়াৰ বাবে অলপ সময়ৰ প্ৰয়োজন হʼল, কিন্তু মই আকৌ যিহোৱাৰ কাষ চাপিব পাৰিলোঁ। মই নিজৰ অনুভৱৰ পৰা কʼব পাৰোঁ যে জগতৰ জ্ঞান লোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ নহয়। ইয়াৰ পৰিৱৰ্তে যদি যিহোৱাৰ লগত আমাৰ ভাল সম্পৰ্ক থাকে আৰু আমি তেওঁক আৰু তেওঁৰ লোকসকলক অন্তৰৰ পৰা প্ৰেম কৰোঁ, তেতিয়াহে আমি প্ৰকৃত অৰ্থত আনন্দিত থাকিব পাৰোঁ।

শুভবাৰ্তাৰ পক্ষত থিয় হৈ থকা আৰু তাক আইনৰ মান্যতা দিয়া

আইনৰ পঢ়া শেষ হোৱাৰ পাছত মই বেথেলত আইন বিভাগত কাম কৰিবলৈ ধৰিলোঁ আৰু আমাৰ প্ৰচাৰ কৰাৰ অধিকাৰৰ বাবে আদালতবোৰত যুঁজিবলৈ আৰম্ভ কৰিলোঁ। সেই সময়ত আমাৰ সংগঠনত বহুত কিছু সলনি হৈছিল। বহুত নতুন ব্যৱস্থা কৰা হৈছিল সেইবাবে, কেতিয়াবা কেতিয়াবা কিছুমান সমস্যাও হৈছিল। কিন্তু আমাৰ কাম বহুত আনন্দময় আছিল। যেনে: ১৯৯১ চনত আমি এতিয়াৰে পৰা লোকসকলক কিতাপ-পত্ৰিকা দিয়াৰ পাছত দানৰ বাবে এক নিৰ্ধাৰিত টকা-পইচা নিবিচাৰিম বুলি ভাই-ভনীসকলক এটা নতুন নিৰ্দেশনা দিবলৈ আইন বিভাগক কোৱা হʼল। তাৰ পাছৰ পৰা যিহোৱাৰ সাক্ষীসকলে বিনামূলীয়াকৈ লোকসকলক কিতাপ-পত্ৰিকা দিবলৈ ধৰিলে। ইয়াৰ বাবে বেথেল আৰু প্ৰচাৰত আমাৰ কাম সহজ হৈ পৰিল আৰু আমি বিনা কাৰণত টেক্স দিয়াৰ পৰা আঁতৰি থাকিব পাৰিছোঁ। কিছুমান লোকে ভাবিছিল যে ইয়াৰ বাবে আমাৰ সংগঠনৰ বহুত লোকচান হʼব আৰু প্ৰচাৰ কাম কম হৈ পৰিব। কিন্তু ইয়াৰ একেবাৰে বিপৰীত হʼল। যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা ১৯৯০ চনৰ পৰা এতিয়ালৈকে বহুগুণে বাঢ়ি গʼল আৰু এতিয়া যিকোনো লোকে বিনামূলীয়াকৈ বাইবেলৰ লগত জড়িত তথ্য লʼব পাৰে। মই দেখিলোঁ যে যিহোৱাই আমাক সহায় কৰি আছে আৰু তেৱেঁই বিশ্বাসী আৰু বুদ্ধিমান দাসক নিৰ্দেশনা দি আছে। সেইবাবে, আমাৰ সংগঠনত ইমানবোৰ সাল-সলনি হʼব পাৰিছে।—যাত্ৰা. ১৫:২; মথি ২৪:৪৫.

এয়া সঁচা যে আমাৰ সংগঠনত বহুত ভাল ভাল উকিল আছে, কিন্তু বেছিভাগ বিষয়ত আমি ইয়াৰ বাবে মোকৰ্দমা নিজিকো। তাৰ পৰিৱৰ্তে যেতিয়া অধিকাৰীসকলে চাই যে যিহোৱাৰ সাক্ষীসকলৰ ব্যৱহাৰ কিমান ভাল, তেতিয়া তেওঁলোকেও আমাৰ লগত ভালদৰে ব্যৱহাৰ কৰে। যেতিয়া ১৯৯৮ চনত কিউবাত বিশেষ অধিৱেশন ৰখা হৈছিল, তেতিয়া মই ইয়াৰ এটা উদাহৰণ দেখিলোঁ। সেই অধিৱেশনবোৰত প্ৰশাসন গোষ্ঠীৰ তিনিজন সদস্য আৰু তেওঁলোকৰ পত্নীসকল আহিছিল। যদিও আমি অধিকাৰীসকলৰ লগত কথা পাতি আগতে বুজাইছিলোঁ যে আমি ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থাকোঁ। কিন্তু তেওঁলোকে যেতিয়া নিজেই চালে যে প্ৰশাসন গোষ্ঠীৰ এই ভাই আৰু তেওঁলোকৰ পত্নীসকলে কিমান ভালদৰে ব্যৱহাৰ কৰে আৰু আনক সন্মান কৰে, তেতিয়া তেওঁলোকৰ ইয়াৰ ওপৰত আৰু বেছিকৈ বিশ্বাস হʼল।

কিন্তু কেতিয়াবা কেতিয়াবা যেতিয়া আমি কোনো ৰাস্তা দেখা নাপাওঁ, তেতিয়া শুভবাৰ্তাৰ পক্ষত থিয় হৈ তাক আইনৰ মান্যতা দিবলৈ আমি আদালতত যাবলগীয়া হয়। (ফিলি. ১:৭) যেনে, সেনাত ভৰ্তী হʼবলৈ মানা কৰাৰ আমাৰ আধিকাৰক ইউৰোপ আৰু দক্ষিণ কোৰিয়াৰ অধিকাৰীসকলে বহু বছৰৰ পৰা কাঢ়ি আছিল। ইয়াৰ বাবে ইউৰোপত প্ৰায় ১৮ হাজাৰ ভাই আৰু দক্ষিণ কোৰিয়াত ১৯ হাজাৰতকৈ বেছি ভাই সেনাত ভৰ্তী হʼবলৈ মানা কৰাৰ বাবে জেলত যাবলগীয়া হৈছিল।

অৱশেষত ৭ জুলাই ২০১১ চনত ইউৰোপীয় আদালতে বায়াতিয়ান বনাম আৰ্মীনিয়া বিষয়ত এটা ঐতিহাসিক নিৰ্ণয় শুনালে। গোটেই ইউৰোপত যদি কোনোবাই সেনাত ভৰ্তী হʼব নিবিছাৰে, তেনেহলে তেওঁ অসামৰিক লোকৰ জনসাধাৰণৰ সেৱা কৰাৰ অধিকাৰ পালে। তাৰ পাছত ২৮ জুন ২০১৮ চনত দক্ষিণ কোৰিয়াৰ সাংবিধানিক আদালতেও এনেধৰণৰে নিৰ্ণয় শুনালে। এই দেশবোৰত আমাৰ প্ৰতিজন ভায়ে নিৰপেক্ষ হৈ থাকিল সেইবাবে, আমি এই মোকৰ্দমাবোৰ জিকিব পাৰিলোঁ।

শাখা কাৰ্য্যালয়ৰ আইন বিভাগে ৰাজ্যৰ কামৰ পক্ষত যুঁজিবলৈ কঠিন পৰিশ্ৰম কৰি আছে। যেতিয়া চৰকাৰে আমাৰ ভাই-ভনীসকলৰ বিৰোধ কৰে, তেতিয়া ভাই-ভনীসকলৰ ফলীয়া হৈ যুঁজাটো আমাৰ বাবে এক সন্মানৰ বিষয়। যদিও আমি কেতিয়াবা কেতিয়াবা কোনো এটা মোকৰ্দমা নিজিকো তথাপি ইয়াৰ পৰা ৰাজ্যপাল, ৰজা আৰু ৰাষ্ট্ৰই এটা ভাল সাক্ষ্য পায়। (মথি ১০:১৮) যেতিয়া আমি আদালতত নিজৰ পক্ষত কওঁ বা কিবা নথি-পত্ৰ দিওঁ, তেতিয়া তাত বাইবেলৰ পদবোৰ উল্লেখ কৰোঁ। যেতিয়া বিষয়টোৰ শুনানি হয় তেতিয়া ন্যায়ী, চৰকাৰী উকিল, মিডিয়াৰ লোকসকল আৰু সাধাৰণ লোকসকলেও এই পদবোৰৰ বিষয়ে গʼম পায়। ইয়াৰ বাবে ভাল মনৰ লোকসকলে জানিব পাৰে যে যিহোৱাৰ সাক্ষীসকল কোন হয় আৰু তেওঁলোকে যি বিশ্বাস কৰে, সেয়া বাইবেলৰ ওপৰত আধাৰিত। ইয়াৰ বাবে কিছুমান লোকে সত্য গ্ৰহণ কৰিছে।

ধন্যবাদ যিহোৱা

যোৱা ৪০ বছৰৰ সময়ছোৱাত মই গোটেই পৃথিৱীৰ শাখা কাৰ্য্যালয়ৰ লগত আইনৰ বিষয়বোৰত কাম কৰাৰ সুযোগ পাইছোঁ। এই বিষয়বোৰৰ বাবে মই বহুতো উচ্চতম ন্যায়ালয়ত উচ্চ অধিকাৰীসকলৰ লগত কথা পতাৰ সুযোগ পাইছোঁ। মই শাখা কাৰ্য্যালয়ৰ আইন বিভাগত কাম কৰা সকলো ভাই-ভনীক বহুত সন্মান কৰোঁ। যেতিয়া মই পিছলৈ ঘূৰি চাওঁ, তেতিয়া মই কʼব পাৰোঁ যে যিহোৱাই মোক বহুতো আশীৰ্বাদ দিছে আৰু তেওঁৰ কাম কৰাৰ বাবে মই বহুত আনন্দ পাইছো।

ফিলিপ আৰু এলীজাবেথ ব্ৰমলী

যোৱা ৪৫ বছৰ ধৰি এলীজাবেথে ভাল বেয়া দুয়োটা পৰিস্থিতিতে মোক বহুত সহায় কৰিলে। ইয়াৰ বাবে মই তাইৰ প্ৰতি বহুত কৃতজ্ঞ। কিয়নো তাই নিজেও এনে এটা বেমাৰৰ লগত যুঁজি আছে, যাৰ বাবে তাই বহুত দুৰ্বল হৈ পৰিছে।

আমি দেখিলোঁ যে আমি নিজৰ শক্তি বা দক্ষতাৰে কোনো যুদ্ধ জিকিব নোৱাৰোঁ। কিয়নো দায়ূদে যিদৰে কৈছিল, “যিহোৱা তেওঁৰ লোকবিলাকৰ বলস্বৰূপ।” (গীত. ২৮:৮) সঁচাকৈ “যুদ্ধ যিহোৱাৰেই।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক