ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 আগষ্ট পৃষ্ঠা ২-৭
  • যিহোৱাই ধৈৰ্য্য ধৰিবলৈ আমাক কেনেকৈ সহায় কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই ধৈৰ্য্য ধৰিবলৈ আমাক কেনেকৈ সহায় কৰে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰাৰ্থনা
  • ঈশ্বৰৰ বাক্য
  • খ্ৰীষ্টান ভাই-ভনীসকল
  • ভৱিষ্যতৰ আশা
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • শেষলৈকে ধৈৰ্য্য ধৰিবলৈ সহায় কৰা এখন চিঠি
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 আগষ্ট পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ৩২

গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব

যিহোৱাই ধৈৰ্য্য ধৰিবলৈ আমাক কেনেকৈ সহায় কৰে?

“ঈশ্বৰে, যিজনে সকলো ধৰণৰ মহা-কৃপা কৰে . . . তেওঁ তোমালোকক মজবুত কৰিব, শক্তিশালী কৰি তুলিব আৰু দৃঢ়তাৰে থিয় কৰাব।”—১ পিত. ৫:১০.

কি শিকিম?

আমি যাতে ধৈৰ্য্য ধৰিব পাৰোঁ, তাৰ বাবে যিহোৱাই কি কি ব্যৱস্থা কৰিছে আৰু সেই ব্যৱস্থাবোৰৰ পৰা আমি কেনেকৈ সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰোঁ, তাৰ বিষয়ে শিকিম।

১. আমি কিয় ধৈৰ্য্য ধৰিবলগীয়া হয় আৰু এইদৰে কৰিবলৈ কোনে আমাক সহায় কৰিব পাৰে? (১ পিতৰ ৫:১০)

যিহোৱাৰ সেৱকসকলে এই শেষ কালত বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকক ধৈৰ্য্য ধৰিবলৈ কঠিন হয়। কিছুমান ভাই-ভনীয়ে গভীৰ বেমাৰৰ সন্মুখীন হৈ আছে। আৰু কিছুমানে, নিজৰ আপোন লোকসকলক মৃত্যুত হেৰুৱাইছে। ইয়াৰ উপৰিও আন কিছুমানে নিজৰ পৰিয়াল বা অধিকাৰীসকলৰ বিৰোধ বা তাড়নাৰ সন্মুখীন হʼবলগীয়া হৈছে। (মথি ১০:১৮, ৩৬, ৩৭) আপুনি যিয়েই সমস্যাৰ সন্মুখীন নহওক কিয় আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব।—১ পিতৰ ৫:১০ পঢ়ক।

২. আমি কিয় ধৈৰ্য্য ধৰিব পাৰোঁ?

২ ধৈৰ্য্য ধৰাৰ অৰ্থ হৈছে সমস্যাৰ সময়ত, তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত আৰু পাপ কৰিবলৈ প্ৰলোভিত কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থকা, আনন্দেৰে তেওঁৰ সেৱা কৰা আৰু এক ভাল ভৱিষ্যতৰ আশা ৰখা। কিন্তু আমি নিজৰ শক্তিৰে ধৈৰ্য্য ধৰিব নোৱাৰোঁ। কেৱল যিহোৱাৰ সহায়তহে আমি এইদৰে কৰিব পাৰোঁ। তেওঁ আমাক এনে শক্তি দিব “যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ।”(২ কৰি. ৪:৭) এই লেখত আমি শিকিম যে ধৈৰ্য্য ধৰিবলৈ যিহোৱাই কি চাৰিটা ব্যৱস্থা কৰিছে। ইয়াৰ লগতে এই ব্যৱস্থাবোৰৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি কি কৰিব পাৰোঁ।

প্ৰাৰ্থনা

৩. প্ৰাৰ্থনা কৰাৰ ব্যৱস্থা কোনো চমৎকাৰতকৈ কম নহয় বুলি আমি কিয় কʼব পাৰোঁ?

৩ আমি ধৈৰ্য্য ধৰিব পাৰোঁ, ইয়াৰ বাবে যিহোৱাই এটা ভাল ব্যৱস্থা কৰিছে। সেয়া হৈছে, আমি অসিদ্ধ হোৱাৰ সত্ত্বেও তেওঁৰ লগত প্ৰাৰ্থনাত কথা পাতিব পাৰোঁ। (ইব্ৰী ৪:১৬) চিন্তা কৰক, আমি যিকোনো সময়ত আৰু যিকোনো বিষয়ত যিহোৱাক প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি অকলে থাকোঁ বা জেলত বা যিকোনো সময়ত, যিকোনো ভাষাত তেওঁৰ লগত কথা পাতিব পাৰোঁ আৰু তেওঁ আমাৰ কথা শুনিব। (যোনা ২:১, ২; পাঁচ. ১৬:২৫, ২৬) যেতিয়া চিন্তাই আমাক আগুৰি ধৰে আৰু আমি বুজি নাপাওঁ যে প্ৰাৰ্থনাত আমি যিহোৱাক কি কʼম, তেতিয়াও তেওঁ আমাৰ মনৰ কথা বুজি পায়। (ৰোম. ৮:২৬, ২৭) সঁচাকৈ, যিহোৱাৰ লগত কথা পতাৰ এই ব্যৱস্থা কোনো চমৎকাৰতকৈ কম নহয়।

৪. যেতিয়া আমি ধৈৰ্য্য ধৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আমাৰ শুনে বুলি আমি কিয় কʼব পাৰোঁ?

৪ যিহোৱাই নিজৰ বাক্য বাইবেলৰ যোগেদি আমাক আশ্বাস দিছে যে “আমি তেওঁৰ ইচ্ছাৰ অনুসৰি যিয়েই খোজোঁ, তেওঁ আমাৰ শুনে।” (১ যোহ. ৫:১৪) গতিকে আমি ধৈৰ্য্য ধৰিবলৈ তেওঁক সহায় বিচাৰিব পাৰোঁ নে? নিশ্চয়। কাৰণ এয়া তেওঁৰ ইচ্ছাৰ অনুসৰি হয়। আমি এইদৰে কিয় কʼব পাৰোঁ? কাৰণ যেতিয়া আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰোঁ, তেতিয়া যিহোৱাই চয়তানক উত্তৰ দিব পাৰে যিয়ে তেওঁক ঠাট্টা কৰি থাকে। (হিতো. ২৭:১১) ইয়াৰ উপৰিও বাইবেলত লিখা আছে, “যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে, তেওঁৰ [যিহোৱাৰ] চকু পৃথিবীৰ চাৰিওফালে ভ্ৰম্‌ণ কৰে।” (২ বং. ১৬:৯) গতিকে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব। কাৰণ এইদৰে কৰিবলৈ তেওঁৰ শক্তি আছে আৰু তেওঁ আমাক সহায়ো কৰিব বিচাৰে।—যিচ. ৩০:১৮; ৪১:১০; লূক ১১:১৩.

৫. প্ৰাৰ্থনা কৰিলে আমি কেনেকৈ মনৰ শান্তি লাভ কৰোঁ? (যিচয়া ২৬:৩)

৫ যেতিয়া আমি প্ৰাৰ্থনাত নিজৰ চিন্তা যিহোৱাক জনাওঁ, তেতিয়া তেওঁ কি কৰে? বাইবেলত কোৱা হৈছে যে, তেতিয়া ঈশ্বৰে সেই শান্তি দিয়ে, যি আমি বুজিব নোৱাৰে। ইয়ে আমাৰ হৃদয় আৰু মগজুক ৰক্ষা কৰে।’ (ফিলি. ৪:৭) খন্তেকৰ বাবে চিন্তা কৰক ইয়াৰ অৰ্থ কি? জগতৰ লোকসকলৰ ওপৰত যেতিয়া সমস্যা আহে, তেতিয়া মনৰ শান্তি লাভ কৰিবলৈ তেওঁলোকে বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰে। যেনে, কিছুমান লোকে বিশেষ ধৰণৰ মনন কৰে, য’ত তেওঁলোকে মগজুক একেবাৰে খালী কৰি দিয়ে আৰু নিজৰ সমস্যাৰ বিষয়ে একেবাৰে চিন্তা নকৰে। কিন্তু এইদৰে কৰাটো বিপদজনক হʼব পাৰে। (মথি ১২:৪৩-৪৫ পদৰ লগত তুলনা কৰক।) আনহাতে যিহোৱাই আমাৰ প্ৰকৃত শান্তি দিয়ে, যি জগতৰ উপায়েৰে মনন কৰিলে পাব নোৱাৰি। যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰোঁ আৰু তেওঁ আমাক ‘সকলো সময়ত শান্তি’ দিয়ে। (যিচয়া ২৬:৩ পঢ়ক।a) ইয়াৰ বাবে যিহোৱাই বহুবাৰ আমাক সেই সত্যতাবোৰ মনত পেলাই দিয়ে, যি আমি তেওঁৰ বাক্যৰ পৰা শিকিছিলোঁ। এই সত্যতাবোৰৰ বাবে আমাৰ বিশ্বাস হয় যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমাক সহায় কৰিব বিচাৰে। তেতিয়া আমাৰ হৃদয় আৰু মগজু শান্ত হৈ পৰে।—গীত. ৬১:১, ২.

৬. প্ৰাৰ্থনাৰ ব্যৱস্থাৰ পৰা আপুনি কেনেকৈ সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰে? (ছবিখনো চাওক।)

৬ আপুনি কি কৰিব পাৰে? যেতিয়া আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া যিহোৱাক জনাওক যে আপুনি কেনে অনুভৱ কৰি আছে। ‘যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰক’ আৰু প্ৰাৰ্থনাত তেওঁক শান্তি বিচাৰক। (গীত. ৫৫:২২) ইয়াৰ উপৰিও সেই সমস্যাৰ সন্মুখীন হʼবলৈ তেওঁক বুদ্ধি বিচাৰক। (হিতো. ২:১০, ১১) মিনতি কৰাৰ লগত তেওঁক ধন্যবাদ দিয়ক। (ফিলি. ৪:৬) চিন্তা কৰক প্ৰতিদিনে যিহোৱাই আপোনাক ধৈৰ্য্য ধৰিবলৈ কেনেকৈ সহায় কৰি আছে আৰু তাৰ বাবে তেওঁক ধন্যবাদ দিয়ক। এয়া সঁচা যে আপুনি সমস্যাৰ সন্মুখীন হʼবলগয়া হৈছে। কিন্তু নিজৰ সমস্যাত ইমানেই সোমাই নপৰিব যে আপুনি যিবোৰ আশীৰ্বাদ পাই আছে, সেয়া চাবই নোৱাৰে।—গীত. ১৬:৫, ৬.

এজন বৃদ্ধ ভায়ে ঠাণ্ডাৰ দিনত ঘৰত বহি প্ৰাৰ্থনা কি আছে। তেওঁৰ কোলাত এখন বাইবেল খোলা আছে আৰু ওচৰতে এখন টেবুলত দৰবৰ বটল আছে।

প্ৰাৰ্থনাত আপুনি যিহোৱাৰ লগত কথা পাতে আৰু বাইবেল পঢ়াৰ সময়ত যিহোৱাই আপোনাৰ লগত কথা পাতে (অনুচ্ছেদ ৬ চাওক)c


ঈশ্বৰৰ বাক্য

৭. বাইবেল পঢ়িলে আমি কেনেকৈ ধৈৰ্য্য ধৰিব পাৰোঁ?

৭ ধৈৰ্য্য ধৰিবলৈ ঈশ্বৰে আমাক নিজৰ বাক্য বাইবেলো দিছে। ইয়াত এনে বহুতো পদ আছে, যিবোৰ পঢ়ি আমাৰ বিশ্বাস হয় যে যিহোৱা সদায় আমাৰ লগত আছে। ইয়াৰ এটা উদাহৰণলৈ মন কৰক। মথি ৬:৮ পদত লিখা আছে, “খোজাৰ আগতে তোমালোকৰ পিতৃয়ে জানে যে তোমালোকৰ কি প্ৰয়োজন আছে।” এই কথা যীচুৱে কৈছিল। কাৰণ তেওঁ যিহোৱাক ভালদৰে জানে। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া যিহোৱাই আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে জানে আৰু তেওঁ আমাক নিশ্চয় সহায় কৰিব। বাইবেলত আৰু এনে বহুতো পদ দিয়া আছে, যিবোৰ পঢ়ি আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ শক্তি লাভ কৰিব পাৰোঁ।—গীত. ৯৪:১৯.

৮. (ক) বাইবেলৰ পৰামৰ্শই কেনেকৈ আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব পাৰে? উদাহৰণ দি বুজাওক। (খ) বাইবেলৰ সিদ্ধান্ত লগে লগে মনত পৰিবলৈ আমি কি কৰিব পাৰোঁ?

৮ বাইবেলত এনে বহুতো ভাল সিদ্ধান্ত বা পৰামৰ্শ দিয়া হৈছে, যাৰ বাবে আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিব পাৰোঁ। এইবোৰ পালন কৰিলে আমি বুদ্ধিমতাৰে কাম কৰিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ। (হিতো. ২:৬, ৭) যেনে, কালিলৈ কি হʼব তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আজিৰ বিষয়ে চিন্তা কৰিবলৈ বাইবেলে আমাক উৎসাহিত কৰে। (মথি ৬:৩৪) যদি আমি প্ৰতিদিনে বাইবেল পঢ়োঁ আৰু মনন কৰোঁ, তেনেহʼলে যেতিয়া সমস্যা হʼব বা আমি কোনো এটা নিৰ্ণয় লʼবলগীয়া হʼব, তেতিয়া আমি লগে লগে বাইবেলৰ পৰামৰ্শ মনত পেলাব পাৰোঁ।

৯. বাইবেলত উল্লেখ থকা জীৱন কাহিনী পঢ়ি যিহোৱাই আমাৰ সহায় কৰিব বুলি আমাৰ ভৰসা কেনেকৈ বাঢ়ে?

৯ বাইবেলত এনে লোকসকলৰ জীৱন কাহিনীও উল্লেখ আছে, যিসকলে যিহোৱাৰ ওপৰত ভৰসা কৰিছিল আৰু যিহোৱাই তেওঁলোকক সহায় কৰিছিল। (ইব্ৰী ১১:৩২-৩৪; যাকো. ৫:১৭) যেতিয়া আমি এনে লোকসকলৰ জীৱন কাহিনী পঢ়োঁ, তেতিয়া আমাৰ ভৰসা বাঢ়ে যে “ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ কালত তেওঁক বিচৰামাত্ৰে পাব পৰা ঈশ্বৰ।” (গীত. ৪৬:১) যেতিয়া আমি মনন কৰোঁ যে যিহোৱাৰ এই বিশ্বাসী সেৱকসকলে কেনেকৈ নিজৰ বিশ্বাস বজাই ৰাখিলে আৰু সমস্যাৰ সময়তো তেওঁৰ সেৱা কৰি থাকিলে, তেতিয়া আমিও তেওঁলোকৰ দৰে হʼবলৈ উৎসাহিত হʼম। —যাকো. ৫:১০, ১১.

১০. ঈশ্বৰৰ বাক্যৰ পৰা আপুনি কেনেকৈ সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰে?

১০ আপুনি কি কৰিব পাৰে? প্ৰতিদিনে বাইবেল পঢ়ক আৰু সেই পদবোৰ লিখি ৰাখক, যাৰ পৰা আপুনি সহায় লাভ কৰিছে। বহুতো ভাই-ভনীয়ে অনুভৱ কৰিছে যে প্ৰতিদিনে ৰাতিপুৱা দৈনিক পাঠ পঢ়িলে বহুতো লাভ হয়। ইয়াৰ বাবে তেওঁলোকে গোটেই দিন সেই বিষয়ৰ ওপৰত মনন কৰিব পাৰে। মাৰিয়াৰb উদাহৰণলৈ মন কৰক। যেতিয়া তাই গʼম পালে যে তাইৰ মা-দেউতাকৰ কেন্সাৰ হৈছে, তেতিয়া তাই কেনেকৈ সহায় পালে? তেওঁলোকৰ মৃত্যুৰ আগত তাই যেতিয়া তেওঁলোকৰ চোৱা-চিতা কৰি আছিল, সেই সময়ক মনত পেলাই তাই এইদৰে কৈছে, “মই প্ৰতিদিনে ৰাতিপুৱা দৈনিক পাঠ পঢ়িছিলোঁ আৰু তাৰ ওপৰত মনন কৰিছিলোঁ। এইদৰে কৰাৰ বাবে মই নিজৰ সমস্যা আৰু চিন্তাৰ বিষয়ে ভৱাৰ পৰিৱৰ্তে যিহোৱা আৰু বাইবেলত লিখা কথাবোৰৰ ওপৰত ধ্যান দিব পাৰিলোঁ।”—গীত. ৬১:২.

খ্ৰীষ্টান ভাই-ভনীসকল

১১. আমাৰ ভাই-ভনীসকলেও আমাৰ নিচিনা দুখ-কষ্টৰ সন্মুখীন হৈ আছে, এয়া জানি আমি কিয় শান্ত্বনা লাভ কৰোঁ?

১১ যিহোৱাই আমাক খ্ৰীষ্টান ভাই-ভনীসকলক দিছে, যিসকলৰ সহায়ত আমি ধৈৰ্য্য ধৰিব পাৰোঁ। “গোটেই পৃথিৱীত সিঁচৰিত হৈ থকা তোমালোকৰ ভাইসকলেও এনে ধৰণৰ দুখ-কষ্ট ভুগি আছে,” সেয়া জানি আমি শান্ত্বনা লাভ কৰোঁ। (১ পিত. ৫:৯) সেইবাবে, আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, আমি সেইবোৰ সহন কৰিব পাৰিম। আমি মনত ৰাখিব পাৰোঁ যে আমাৰ ভাই-ভনীসকলেও সমস্যাৰ সময়ত ধৈৰ্য্য ধৰি আছে আৰু আমিও এইদৰে কৰিব পাৰোঁ।—পাঁচ. ১৪:২২.

১২. আমাৰ ভাই-ভনীসকলে আমাক কেনেকৈ সহায় কৰে আৰু আমি তেওঁলোকৰ বাবে কি কৰিব পাৰোঁ? (২ কৰিন্থীয়া ১:৩, ৪)

১২ যেতিয়া আমি সমস্যাত থাকোঁ, তেতিয়া আমাৰ ভাই-ভনীসকলে আমাৰ উৎসাহ বঢ়াব পাৰে। পৌলৰ লগত কি হৈছিল, তালৈ মন কৰক। তেওঁ যেতিয়া এখন ঘৰত বন্দী হৈ আছিল, তেতিয়া ভাইসকলে পৌলক শান্ত্বনা দিলে, তেওঁৰ উৎসাহ বঢ়ালে আৰু প্ৰয়োজনীয় বস্তুবোৰ দিলে। পৌলে তেওঁলোকৰ প্ৰতি বহুত কৃতজ্ঞ আছিল। সেইবাবে, নিজৰ চিঠিত তেওঁলোকৰ নাম লৈ তেওঁলোকক ধন্যবাদ দিলে। (ফিলি. ২:২৫, ২৯, ৩০; কল. ৪:১০, ১১) আজি আমিও যেতিয়া কোনো এটা সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া ভাই-ভনীসকলে আমাক শান্ত্বনা দিয়ে আৰু সহায় কৰে। যেতিয়া তেওঁলোকে কিবা সমস্যাত থাকে, তেতিয়া আমিও তেওঁলোকক সহায় কৰিব পাৰোঁ।—২ কৰিন্থীয়া ১:৩, ৪ পঢ়ক।

১৩. ভনী মায়াক ধৈৰ্য্য ধৰিবলৈ কি কথাই সহায় কৰিলে?

১৩ ৰাছিয়াত থকা ভনী মায়াই ভাই-ভনীসকলৰ পৰা উৎসাহ লাভ কৰিলে। চন ২০২০-ত হঠাতে এদিন পুলিচে তাইৰ ঘৰলৈ সোমাই আহিল আৰু তালাচী লʼবলৈ ধৰিলে। পাছত তাইৰ ওপৰত মোকৰ্দ্দমা চলোৱা হʼল, কাৰণ তাই নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাইছিল। ভনীয়ে এইদৰে কৈছে, “সেই সময়ত মই একেবাৰে ভাগৰি পৰিছিলোঁ। কিন্তু ভাই-ভনীসকলে মোলৈ চিঠি লিখিলে, ফোন কৰিলে, মেছেজ দিলে আৰু তেওঁলোকে মোক বহুত প্ৰেম কৰে বুলি জনালে। সত্যত আমাৰ এটা ডাঙৰ পৰিয়াল আছে, যিসকলে আমাক বহুত প্ৰেম কৰে এয়া মই জানিছিলোঁ। কিন্তু ২০২০ চনত মই সেই প্ৰেম আৰু বেছিকৈ অনুভৱ কৰিলোঁ।”

১৪. যদি আমাৰ ভাই-ভনীসকলে সমস্যাৰ সময়ত আমাক সহায় কৰাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? (ছবিখনো চাওক।)

১৪ আপুনি কি কৰিব পাৰে? সমস্যাৰ সময়ত ভাই-ভনীসকলৰ কাষত থাকক। প্ৰাচীনসকলৰ সহায় লʼবলৈ সংকোচ নকৰিব। তেওঁলোক “বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই” যেন হয়। (যিচ. ৩২:২) মনত ৰাখক, আমাৰ দৰেই আমাৰ ভাই-ভনীসকলে সমস্যাৰ সন্মুখীন হৈ আছে। যদি সহায়ৰ প্ৰয়োজন হোৱা কোনো ভাই বা ভনীক আপুনি সহায় কৰে, তেনেহʼলে আপুনি আনন্দ লাভ কৰিব আৰু আপুনি নিজেও সমস্যাৰ সন্মুখীন হʼব পাৰিব।—পাঁচ. ২০:৩৫.

আগৰ ছবিখনত যিজন ভাইক দেখুৱা হৈছে তেওঁ নিজৰ ঘৰ বহি এহাল দম্পতী আৰু তেওঁলোকৰ দুজনী ছোৱালীৰ লগত কথা পাতি আছে। বসন্তৰ ঋতু হয়। ভাইৰ ওচৰত লাখুটি ৰখা আছে আৰু টেবুলত কিছুমান দৰবৰ বটল ৰখা হৈছে। এজনী ছোৱালীয়ে নতুন পৃথিৱীৰ ছবি দেখুৱাইছে যি তাই নিজে আঁকিছে।

খ্ৰীষ্টান ভাই-ভনীসকলৰ কাষত থাকক (অনুচ্ছেদ ১৪ চাওক)d


ভৱিষ্যতৰ আশা

১৫. (ক) ভৱিষ্যতৰ এটা আশা থকাৰ বাবে যীচুৱে কি কৰিব পাৰিলে? (খ) ভৱিষ্যতৰ এটা আশা থকাৰ বাবে আমি কি কৰিব পাৰোঁ? (ইব্ৰী ১২:২)

১৫ যিহোৱাই আমাক ভৱিষ্যতৰ এটা নিশ্চিত আশা দিছে, যাৰ বাবে আমি ধৈৰ্য্য ধৰিব পাৰোঁ। (ৰোম. ১৫:১৩) মন কৰক, যীচুৱে নিজৰ মৃত্যুৰ দিনাখন কিমান দুখ-কষ্ট সহ্য কৰিবলগীয়া হʼল। কিন্তু তেওঁৰ ওচৰত ভৱিষ্যতৰ এটা আশা আছিল, যাৰ বাবে তেওঁ সেই সকলো দুখ-কষ্ট সহ্য কৰিব পাৰিলে। (ইব্ৰী ১২:২ পঢ়ক।) তেওঁ জানিছিল যে যদি তেওঁ বিশ্বাসী হৈ থাকে, তেনেহʼলে তেওঁৰ পিতৃ যিহোৱাৰ নাম পবিত্ৰ হʼব আৰু তেওঁৰ ওপৰত লগোৱা অভিযোগ মিছা বুলি প্ৰমাণ হʼব। যীচুৰ নিজৰ পিতৃৰ ওচৰত আকৌ স্বৰ্গলৈ যোৱাৰ আৰু ভাইসকলৰ লগত মিলি শাসন কৰাৰ আশা আছিল। ঠিক সেইদৰে, আমাৰ ওচৰতো নতুন পৃথিৱীত সদায় জীয়াই থকাৰ আশা আছে। এই আশাৰ বিষয়ে চিন্তা কৰাৰ বাবে আমি চয়তানৰ এই জগতত অহা যিকোনো সমস্যা সহন কৰিব পাৰোঁ।

১৬. ভৱিষ্যতৰ আশা থকাৰ বাবে এজনী ভনীয়ে কেনেকৈ ধৈৰ্য্য ধৰিব পাৰিলে আৰু আমি তাইৰ কথাৰ পৰা কি শিকিব পাৰোঁ?

১৬ মন কৰক নতুন পৃথিৱীৰ আশা থকাৰ বাবে ৰাছিয়াৰ ভনী আলাই কেনেকৈ সহায় পালে। তাইৰ স্বামীক গ্ৰেপ্তাৰ কৰা হʼল আৰু শুনানি নোহোৱালৈকে তেওঁক জেলত ৰখা হʼল। যেতিয়া এই সকলোবোৰ চলি আছিল, তেতিয়া ভনীয়ে এইদৰে কৈছিল, “মই ভৱিষ্যতৰ আমাৰ আশাৰ বিষয়ে প্ৰাৰ্থনা কৰি আছিলোঁ আৰু তাৰ বিষয়ে মনন কৰিছিলোঁ। সেইবাবে, মই বেছি নিৰাশ নহʼলোঁ। মই জানিছিলোঁ যে মোৰ সমস্যাবোৰ সদায় নাথাকিব। অৱশেষত যিহোৱাৰ জয় হʼব আৰু তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক পুৰস্কাৰ দিব।”

১৭. যিহোৱাই আমাক যি আশা দিছে তাৰ প্ৰতি আমি কৃতজ্ঞ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (ছবিখনো ছাওক।)

১৭ আপুনি কি কৰিব পাৰে? যিহোৱাই যি ভাল ভৱিষ্যত দিয়াৰ প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে চিন্তা কৰক। কল্পনা কৰক, আপুনি নতুন পৃথিৱীত নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ লগত আছে আৰু তাত সকলোৱে বহুত আনন্দিত আছে। যেতিয়া আপুনি এইদৰে কল্পনা কৰিব, তেতিয়া আপোনাৰ দুখ-কষ্ট “অলপ সময়ৰ কাৰণে হয় আৰু সামান্য হয়” বুলি অনুভৱ হʼব। (২ কৰি. ৪:১৭) ইয়াৰ উপৰিও ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে আনক জনাব পাৰে। চিন্তা কৰক, চয়তানৰ জগতত লোকসকলে কিমান দুখ-কষ্ট সহ্য কৰি আছে আৰু ঈশ্বৰে তেওঁলোকক এক ভাল ভৱিষ্যত দিয়াৰ কথা ভাৱি থৈছে বুলি তেওঁলোকে নাজানে। গতিকে, আপুনি নিজৰ আশাৰ বিষয়ে তেওঁলোকক কিছুমান কথা জনাওক। এইদৰে কৰিলে তেওঁলোকে হয়তো আৰু বেছি জানিব বিচাৰিব।

সেই বৃদ্ধ ভায়ে শৰৎ ঋতুত নিজৰ ঘৰত বহিছে আৰু টেবলেটত নতুন পৃথিৱীৰ ছবি চাই কিবা ভাবি আছে। তেওঁ ওচৰত এখন ৱাকাৰ আছে আৰু টেবুলত বহুতো দৰবৰ বটল ৰখা হৈছে।

সময় উলিয়াই চিন্তা কৰক যে যিহোৱাই আমাৰ বাবে কিমান ভাল ভৱিষ্যত দিয়াৰ কথা ভাবি থৈছে (অনুচ্ছেদ ১৭ চাওক)e


১৮. যিহোৱাই নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব বুলি আমি কিয় ভৰসা ৰাখিব পাৰোঁ?

১৮ ইয়োবে বহুতো দুখ-কষ্ট সহ্য কৰিবলগীয়া হৈছিল, তথাপিও তেওঁ যিহোৱাৰ বিশ্বাসী হৈ আছিল। তেওঁ যিহোৱাক কʼলে, “মই জানো, যে, তুমি সকলোকেই কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।” (ইয়ো. ৪২:২) ইয়োবে বুজি পাইছিল যে যিহোৱাক নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ কোনো কথাই বাধা দিব নোৱাৰে। এই কথা মনত ৰাখিলে আমিও সমস্যা সহন কৰিবলৈ সাহস লাভ কৰিব পাৰোঁ। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। এগৰাকী তিৰোতাৰ বহুত বেমাৰ আছে। তাই বহুতো ডাক্তৰৰ পৰা চিকিৎসা কৰালে। কিন্তু বেমাৰ ভাল নহʼল। ইয়াৰ বাবে তাই বহুত নিৰাশ হৈ পৰে। তাৰ পাছত তাই এজন ভাল ডাক্তৰ বিচাৰি পালে, যাৰ বহু বছৰৰ অভিজ্ঞতা আছে। তেওঁ লগে লগে বুজি পাই যে এই বেমাৰৰ কাৰণ কি আৰু তেওঁ এই বেমাৰ কেনেকৈ চিকিৎসা কৰিব তাৰ বিষয়ে তাইক জনায়। এয়া শুনি তাই মনৰ শান্তি আৰু সাহস লাভ কৰে। যদিও সেই বেমাৰ ভাল হʼবলৈ সময় লাগিব, তথাপিও তাই আশা লাভ কৰে যে এদিন নহয় এদিন তাইৰ বেমাৰ নিশ্চয় ভাল হʼব। সেইবাবে, এতিয়া তাই নিজৰ সমস্যা সহজে সহন কৰিব পাৰে। ঠিক সেইদৰে, আমাৰ আশা আছে যে যিহোৱাই প্ৰমোদবনৰ যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ কৰিব। সেইবাবে, আজি আমি নিজৰ সমস্যাবোৰ সহন কৰিব পাৰোঁ।

১৯. ধৈৰ্য্য ধৰিবলৈ আমি কি কৰিব লাগিব?

১৯ এই লেখত আমি যিহোৱাই কৰা চাৰিটা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলোঁ, যাৰ সহায়ত আমি সমস্যা সহন কৰিব পাৰোঁ। সেইবোৰ হৈছে প্ৰাৰ্থনা, ঈশ্বৰৰ বাক্য বাইবেল, খ্ৰীষ্টান ভাই-ভনী আৰু ভৱিষ্যতৰ এক ভাল আশা। যদি আমি এই ব্যৱস্থাবোৰৰ ভাল ব্যৱহাৰ কৰোঁ, তেনেহʼলে আমি সাহস লাভ কৰিম আৰু চয়তানৰ এই জগতৰ অন্ত নোহোৱালৈকে সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হʼব পাৰিম।—ফিলি. ৪:১৩.

যিহোৱাই এই ব্যৱস্থাবোৰৰ জৰিয়তে কেনেকৈ আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰে . . .

  • প্ৰাৰ্থনা আৰু তেওঁৰ বাক্য বাইবেল?

  • খ্ৰীষ্টান ভাই-ভনীসকল?

  • ভৱিষ্যতৰ আশা?

গীত নং ৩৩ নিজৰ চিন্তাৰ ভাৰ যিহোৱাক দিয়া

a যিচয়া ২৬:৩ (NW): “যিসকলে তোমাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে, তুমি তেওঁলোকক সুৰক্ষিত ৰাখিবা। তুমি সকলো সময়তে তেওঁলোকক শান্তি দিবা। কিয়নো তেওঁলোকে তোমাৰ ওপৰত ভৰসা কৰে।”

b কিছুমান নাম সলনি কৰা হৈছে।

c ছবিৰ বিষয়ে: বেলেগ বেলেগ ঋতু আহিল, কিন্তু ইয়াত দেখুৱা বৃদ্ধ ভাইজনে ধৈৰ্য্য ধৰি আছে আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে।

d ছবিৰ বিষয়ে: বেলেগ বেলেগ ঋতু আহিল, কিন্তু ইয়াত দেখুৱা বৃদ্ধ ভাইজনে ধৈৰ্য্য ধৰি আছে আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে।

e ছবিৰ বিষয়ে: বেলেগ বেলেগ ঋতু আহিল, কিন্তু ইয়াত দেখুৱা বৃদ্ধ ভাইজনে ধৈৰ্য্য ধৰি আছে আৰু বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক