ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 আগষ্ট পৃষ্ঠা ৮-১৩
  • যিহোৱাই আপোনাক প্ৰেম কৰে বুলি বিশ্বাস ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আপোনাক প্ৰেম কৰে বুলি বিশ্বাস ৰাখক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি কিয় বিশ্বাস কৰা উচিত?
  • যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?
  • যিহোৱাই আমাক প্ৰেম কৰে বুলি যীচুৱে আমাক কেনেকৈ বিশ্বাস দিলে?
  • নিজৰ বিশ্বাস বঢ়াই থাকক
  • যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মুক্তিৰ মূল্যৰ বলিদানৰ পৰা আমি কি শিকিব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • প্ৰেমৰ বাবে আমি প্ৰচাৰ কৰোঁ!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 আগষ্ট পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ৩৩

গীত নং ৪ যিহোৱা মোৰ ৰক্ষক

যিহোৱাই আপোনাক প্ৰেম কৰে বুলি বিশ্বাস ৰাখক

“মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ।”—যিৰি. ৩১:৩.

কি শিকিম?

আমি শিকিম যে যিহোৱাই আমাক প্ৰেম কৰে বুলি আমাৰ কিয় বিশ্বাস কৰা উচিত আৰু আমি এই বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ।

১. আপুনি নিজৰ জীৱন যিহোৱালৈ কিয় সমৰ্পণ কৰিলে? (ছবিখনো চাওক।)

যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছিল, সেই দিনটো আপোনাৰ হয়তো নিশ্চয় মনত আছে। আপুনি যিমানেই যিহোৱাৰ বিষয়ে শিকিছিল, সিমানেই তেওঁক প্ৰেম কৰিবলৈ ধৰিছিল আৰু নিজৰ জীৱন তেওঁলৈ সমৰ্পণ কৰিছিল। আপুনি তেওঁক প্ৰতিজ্ঞা কৰিলে যে এতিয়াৰে পৰা আপুনি তেওঁৰ ইচ্ছা পূৰ কৰিব আৰু নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে তেওঁক প্ৰেম কৰিব। (মাৰ্ক ১২:৩০) তেতিয়াৰে পৰা যিহোৱাৰ প্ৰতি আপোনাৰ হৃদয়ত প্ৰেম বাঢ়ি গʼল। যদি কোনোবাই আপোনাক সোধে, “আপুনি সঁচাকৈ যিহোৱাক প্ৰেম কৰে নে?” তেতিয়া আপুনি কি কʼব? আপুনি কোনো সংকোচ নকৰাকৈ তেওঁক কʼব, “হয়, মই যিহোৱাক বহুত প্ৰেম কৰোঁ, ইমান প্ৰেম যিমান মই আন কাকো নকৰোঁ।”

ছবি: এজনী ভনীয়ে নিজৰ বাপ্তিষ্মা আৰু সমৰ্পণৰ বিষয়ে ভাবি আছে। ১. তাই গছৰ তলত বহি প্ৰাৰ্থনা কৰি আছে। ২. তাই নদীত বাপ্তিষ্মা লৈ আছে।

মনত পেলাওক যে যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছিল আৰু বাপ্তিষ্মা লৈছিল, তেতিয়া আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি কিমান প্ৰেম আছিল (অনুচ্ছেদ ১ চাওক)


২-৩. (ক) আমাৰ কি কথাৰ ওপৰত বিশ্বাস থকাটো যিহোৱাই বিচাৰে? (যিৰিমিয়া ৩১:৩) (খ) এই লেখত আমি কি শিকিম?

২ যদি কোনোবাই আপোনাক সোধে,“যিহোৱাই আপোনাক প্ৰেম কৰে বুলি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে নে?” তেতিয়া আপুনি কি কʼব? আপুনি সংকোচ কৰিবনে আৰু ভাবিবনে যে মই যিহোৱাৰ প্ৰেমৰ যোগ্য হওঁ নে? এজনী ভনীয়ে সৰুতে নিজৰ পৰিয়ালৰ পৰা মৰম পোৱা নাছিল, তাই এইদৰে কৈছে, “মই যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু এই কথাত মোৰ অলপো সন্দেহ নাই। কিন্তু যিহোৱাই যে মোক প্ৰেম কৰে, এই কথা বিশ্বাস কৰিবলৈ কেতিয়াবা কেতিয়াবা মোৰ বাবে কঠিন হয়।” গতিকে যিহোৱাই আপোনাৰ বিষয়ে কেনে অনুভৱ কৰে, তাৰ বিষয়ে আপুনি কেনেকৈ জানিব পাৰে?

৩ যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত আপুনি সম্পূৰ্ণৰূপে বিশ্বাস কৰাটো তেওঁ বিচাৰে। (যিৰিমিয়া ৩১:৩ পঢ়ক।) যিহোৱাই আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিছে। যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে, তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে যে তেওঁ আপোনাক অটুট প্ৰেম কৰিব। তেওঁ আপোনাক কোমল স্নেহ কৰিব আৰু সদায় সহায় কৰিব। যিহোৱাই নিজৰ সকলো সেৱকক অটুট প্ৰেম কৰে। সেইবাবে, সকলোৱে আৰু আপুনিও তেওঁৰ “বিশেষ সম্পত্তি” হয়। (মলা. ৩:১৭) পাঁচনি পৌলৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে। সেইবাবে, তেওঁ এইদৰে লিখিলে, “মোৰ বিশ্বাস আছে যে মৃত্যু বা জীৱন বা স্বৰ্গদূত বা চৰকাৰ বা আজিৰ বস্তু বা আহিবলগীয়া বস্তু বা কোনো শক্তি বা ওখ বা গভীৰ বা আন কোনো সৃষ্টিয়ে আমাক ঈশ্বৰৰ সেই প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰে।” (ৰোম. ৮:৩৮, ৩৯) পৌলৰ দৰে আমিও যিহোৱাৰ প্ৰেমৰ ওপৰত বিশ্বাস কৰাটো যিহোৱাই বিচাৰে। এই লেখত আমি শিকিম যে যিহোৱাই আমাক প্ৰেম কৰে, এই কথাৰ ওপৰত আমি কিয় বিশ্বাস কৰা উচিত আৰু আমি এই বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ।

যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি কিয় বিশ্বাস কৰা উচিত?

৪. (ক) চয়তানে কোনটো মিছা কথাৰ ওপৰত আমাক বিশ্বাস দিব বিচাৰে? (খ) আমি কেনেকৈ তাৰ ভালদৰে সন্মুখীন হʼব পাৰিম?

৪ ইয়াৰ সহায়ত আমি চয়তানৰ “চতুৰালিৰ” ভালদৰে সন্মুখীন হʼব পাৰোঁ। (ইফি. ৬:১১) আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়াটো চয়তানে বিচাৰে আৰু ইয়াৰ বাবে সি সম্পূৰ্ণৰূপে চেষ্টা কৰে। চয়তানৰ ফান্দবোৰৰ মাজৰ এটা ফান্দ হৈছে সি আমাক আশ্বাস দিব বিচাৰে যে যিহোৱাই আমাক প্ৰেম নকৰে। কিন্তু এয়া একেবাৰে মিছা। বাইবেলত চয়তানৰ তুলনা সিংহৰ লগত কৰা হৈছে। সিংহই সুযোগ বিচাৰি থাকে, সি এনে জন্তুৰ ওপৰত আক্ৰমণ কৰে, যি বহুত দুৰ্বল আৰু নিজকে ৰক্ষা কৰিব নোৱাৰে। ঠিক সেইদৰে চয়তানে আমাৰ ওপৰত সেই সময়ত আক্ৰমণ কৰে, যেতিয়া আমি বহুত দুৰ্বল হৈ পৰোঁ। যেনে, অতীতৰ বেয়া স্মৃতিয়ে হয়তো আমাক আমনি কৰি আছে বা এতিয়া আমি কোনো এটা সমস্যাৰ মাজেদি পাৰ হৈ আছোঁ অথবা ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে ভাবি আমি চিন্তিত হৈ আছোঁ। (হিতো. ২৪:১০) চয়তানে এনে পৰিস্থিতিৰ সুযোগ লয় আৰু আমাক নিৰাশ কৰিবলৈ চেষ্টা কৰে যাতে আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ। কিন্তু যিহোৱাই আমাক প্ৰেম কৰে বুলি যদি আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে, তেনেহʼলে আমি চয়তানৰ ভালদৰে সন্মুখীন হʼব পাৰিম আৰু তাৰ ফান্দত নপৰিম।—১ পিত. ৫:৮, ৯; যাকো. ৪:৭.

৫. যিহোৱাই আমাক প্ৰেম কৰে আৰু আমাৰ মূল্যাংকন কৰে বুলি আমি বিশ্বাস কৰাটো কিয় গুৰুত্বপূৰ্ণ?

৫ ইয়াৰ সহায়ত আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম। আমি এইদৰে কিয় কʼব পাৰোঁ? যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে আমি আনক প্ৰেম কৰিব পাৰোঁ আৰু আনৰ প্ৰেম অনুভৱ কৰিব পাৰোঁ। যেতিয়া কোনোবাই আমাৰ লগত প্ৰেমেৰ ব্যৱহাৰ কৰে, তেতিয়া আমিও তেওঁৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰোঁ। সেইবাবে, আমি যিমানেই যিহোৱাৰ প্ৰেমৰ ওপৰত নিজৰ বিশ্বাস বঢ়াম, সিমানেই বেছি আমি তেওঁক প্ৰেম কৰিবলৈ ধৰিম। (১ যোহ. ৪:১৯) যিমানেই বেছি আমি তেওঁক প্ৰেম কৰিম, সিমানেই তেওঁ আমাক প্ৰেম কৰিব। বাইবেলত লিখা আছে, “ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব।” (যাকো. ৪:৮) কিন্তু এতিয়া প্ৰশ্ন হৈছে যে যিহোৱাই আমাক প্ৰেম কৰে, এই কথাৰ ওপৰত আমি কেনেকৈ নিজৰ বিশ্বাস বঢ়াব পাৰোঁ?

যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?

৬. যিহোৱাই আপোনাক প্ৰেম কৰে বুলি যদি আপোনাৰ বিশ্বাস নহয়, তেনেহʼলে আপুনি কি কৰিব পাৰে?

৬ যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰক আৰু তেওঁ যে আপোনাক প্ৰেম কৰে, তাৰ আশ্বাস দিবলৈ কওক। (লূক ১৮:১; ৰোম. ১২:১২) প্ৰতিদিনে তেওঁলৈ বাৰে বাৰে প্ৰাৰ্থনা কৰক। তেওঁ আপোনাক যি দৃষ্টিৰে চাই, আপুনিও নিজকে সেই দৃষ্টিৰে চাব বিচাৰে বুলি তেওঁক জনাওক। যদি আপুনি নিজকে দোষী অনুভৱ কৰে, তেনেহʼলে যিহোৱাই যে আপোনাক প্ৰেম কৰে, সেয়া বিশ্বাস কৰিবলৈ আপোনাৰ বাবে হয়তো কঠিন হʼব পাৰে। কিন্তু মনত ৰাখক যিহোৱা আমাৰ হৃদয়তকৈ মহান। (১ যোহ. ৩:১৯, ২০) তেওঁ আপোনাক যিমান ভালদৰে জানে, সিমান আপুনিও নিজকে নাজানে। আপুনি নিজৰ মাজত যিবোৰ গুণ দেখা নাপায়, সেইবোৰলৈ তেওঁ লক্ষ্য কৰে। (১ চমূ. ১৬:৭; ২ বং. ৬:৩০) সেইবাবে, নিজৰ “সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি” কওক আৰু তেওঁ যে আপোনাক প্ৰেম কৰে তাৰ আশ্বাস দিবলৈ কওক। (গীত. ৬২:৮) তাৰ পাছত নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰক। এয়া আপুনি কেনেকৈ কৰিব পাৰে? আহক চাওঁ।

৭-৮. গীতমালাৰ পদবোৰৰ পৰা আমাৰ কেনেকৈ বিশ্বাস হয় যে যিহোৱাই আমাক প্ৰেম কৰে?

৭ যিহোৱাই যি কৈছে, তাৰ ওপৰত বিশ্বাস কৰক। যিহোৱাই বাইবেলৰ লেখকসকলৰ যোগেদি জনাইছে যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়। দায়ূদে এটা গীতত জনাইছিল যে যিহোৱাই আমাক কিমান প্ৰেম কৰে। তেওঁ এইদৰে লিখিছিল, “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।” (গীত. ৩৪:১৮) যেতিয়া আপুনি বহুত নিৰাশ হৈ পৰে, তেতিয়া আপুনি হয়তো অকলশৰীয়া অনুভৱ কৰে। কিন্তু এনে কঠিন পৰিস্থিতিত যিহোৱা আপোনাৰ আৰু কাষত থাকে। কাৰণ তেওঁ জানে যে আপোনাক তেওঁৰ প্ৰয়োজন আছে। দায়ূদে আৰু এটা গীতত লিখিছিল, “তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা।” (গীত. ৫৬:৮) যেতিয়া আপুনি সমস্যাত থাকে, তেতিয়া যিহোৱাই আপোনাৰ দুখ বুজি পায়। আপোনাৰ প্ৰতি টোপাল চকুপানী তেওঁৰ বাবে বহুত মূল্যৱান। তেওঁ যেন সেইবোৰ নিজৰ কূপাত বন্ধ কৰি ৰাখে। ঠিক যেনেকৈ প্ৰাচীন সময়ত যাত্ৰীসকলে কূপাত পানী ভৰাই নিছিল আৰু তাৰ প্ৰতি টোপাল পানী তেওঁলোকৰ বাবে বহুত মূল্যৱান আছিল। গীতমালা ১৩৯:৩ পদত যিহোৱাৰ বিষয়ে লিখা আছে, “মোৰ সকলো পথ চিনি পাইছা।” আপুনি যিয়ে কৰে, সেই সকলোবোৰ যিহোৱাই চাব পাৰে। কিন্তু তেওঁ আপোনাৰ ভাল কামবোৰলৈ ধ্যান দিয়ে। (ইব্ৰী ৬:১০) কিয় বাৰু? কিয়নো আপুনি তেওঁক আনন্দিত কৰিবলৈ যি পৰিশ্ৰম কৰে, তাক তেওঁ মূল্যৱান বুলি ভাবে।a

৮ বাইবেলৰ এনেধৰণৰ পদবোৰৰ পৰা আমি বহুত শান্ত্বনা লাভ কৰোঁ। এই পদবোৰৰ যোগেদি যিহোৱাই যেন আপোনাক কৈ আছে, “মই তোমাক বহুত প্ৰেম কৰোঁ আৰু তোমাৰ বিষয়ে চিন্তা কৰোঁ।” কিন্তু ওপৰত যেনেকৈ আমি আলোচনা কৰিছিলোঁ চয়তানে আমাক এই মিছা কথাৰ ওপৰত বিশ্বাস দিব বিচাৰে যে যিহোৱাই আমাক প্ৰেম নকৰে। সেইবাবে, যদি আপোনাৰ মনতো এনেধৰণৰ ভাৱনা আহে যে ‘জানোঁ যিহোৱাই মোক প্ৰেম কৰে নে নকৰে?’ তেনেহʼলে অলপ সময় ৰৈ চিন্তা কৰক, ‘মই কাৰ ওপৰত বিশ্বাস কৰিম, ‘মিছাৰ পিতৃৰ’ ওপৰত নে ‘সত্য ঈশ্বৰৰ’ ওপৰত?’—যোহ. ৮:৪৪; গীত. ৩১:৫.

৯. যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁলোকক তেওঁ কি প্ৰতিজ্ঞা কৰিছে? (যাত্ৰাপুস্তক ২০:৫, ৬)

৯ চিন্তা কৰক আমাৰ প্ৰেম চাই যিহোৱাই কি কৰে। যিহোৱাই মোচি আৰু ইস্ৰায়েলীসকলক কি কৈছিল তালৈ মন কৰক। (যাত্ৰাপুস্তক ২০:৫, ৬ পঢ়ক।) যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে যিসকলে তেওঁক প্ৰেম কৰে, তেওঁলোকক যিহোৱাই অটুট প্ৰেম কৰে। এই শব্দবোৰৰ পৰা আমাৰ বিশ্বাস বাঢ়ে যে যদি কোনোবাই যিহোৱাক প্ৰেম কৰে আৰু যিহোৱাই তেওঁক প্ৰেম নকৰিব, এইদৰে কেতিয়াও হʼব নোৱাৰে। (নহি. ১:৫) যদি আপোনাৰ মনতো এনেধৰণৰ ভাৱনা আহে যে ‘জানোঁ যিহোৱাই মোক প্ৰেম কৰে নে নকৰে,’ তেনেহʼলে অলপ সময় ৰৈ চিন্তা কৰক, ‘মই যিহোৱাক প্ৰেম কৰোঁ নে?’ যদি আপুনি তেওঁক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰে, তেনেহʼলে আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে যিহোৱাইয়ো আপোনাক প্ৰেম কৰে। (দানি. ৯:৪; ১ কৰি. ৮:৩) আন কথাত কʼবলৈ গʼলে আপুনি যিহোৱাক প্ৰেম কৰে এই কথাৰ ওপৰত যদি আপোনাৰ সন্দেহ নাই, তেনেহʼলে যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত সন্দেহ কৰাটো ভাল হʼব নে? মনত ৰাখক যিহোৱাৰ প্ৰেম অটুট আৰু তেওঁ আপোনাক প্ৰেম কৰিবলৈ কেতিয়াও নেৰিব।

১০-১১. আপুনি মুক্তিৰ মূল্যৰ বিষয়ে কি কথা মনত ৰখাটো যিহোৱাই বিচাৰে? (গালাতীয়া ২:২০)

১০ মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত মনন কৰক। যিহোৱাই মানুহৰ বাবে নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক মুক্তিৰ মূল্য হিচাপে বলিদান দিছে। এয়া আমাৰ বাবে আটাইতকৈ উত্তম উপহাৰ হয়। (যোহ. ৩:১৬) তেওঁ এই বলিদান আপোনাৰ বাবেও দিছে নে? হয়। এটা উদাহৰণলৈ মন কৰক, আপোনাৰ হয়তো মনত আছে যীচুৰ শিষ্য হোৱাৰ আগতে পাঁচনি পৌলে ডাঙৰ ডাঙৰ পাপ কৰিছিল আৰু খ্ৰীষ্টান হোৱাৰ পাছতো তেওঁ নিজৰ কিছুমান দুৰ্বলতাৰ লগত যুঁজিবলগীয়া হৈছিল। (ৰোম. ৭:২৪, ২৫; ১ তীম. ১:১২-১৪) তথাপিও তেওঁৰ বিশ্বাস আছিল যে যিহোৱাই তেওঁৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিছে। (গালাতীয়া ২:২০ পঢ়ক।) মনত ৰাখক যিহোৱাই পৌলৰ যোগেদি এই কথাবোৰ লিখুৱাইছিল। বাইবেলত যিবোৰ কথা লিখা আছে, সেইবোৰ আমাৰ শিক্ষাৰ বাবে লিখা আছে। (ৰোম. ১৫:৪) ইয়াৰ অৰ্থ হৈছে পৌলৰ দৰে আপুনিও এই কথাৰ ওপৰত বিশ্বাস কৰাটো যিহোৱাই বিচাৰে যে তেওঁ আপোনাৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিছে। যেতিয়া আপুনি এই কথাৰ ওপৰত চিন্তা কৰিব যে যিহোৱাই আপোনাৰ বাবে কিমান উত্তম উপহাৰ দিছে, তেতিয়া যিহোৱাই আপোনাক প্ৰেম কৰে বুলি আপোনাৰ বিশ্বাস বাঢ়িব।

১১ আমি যিহোৱাক ধন্যবাদ দিওঁ, কাৰণ তেওঁ নিজৰ পুত্ৰক পৃথিৱীলৈ পঠিয়ালে যাতে তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দিব পাৰে। কিন্তু তেওঁ আৰু এটা কাৰণৰ বাবে পৃথিৱীলৈ আহিছিল। সেয়া হৈছে ঈশ্বৰৰ বিষয়ে সত্যতা শিকাবলৈ। (যোহ. ১৮:৩৭) এই সত্যতাবোৰৰ মাজৰ এটা হৈছে যিহোৱাই নিজৰ লʼৰা-ছোৱালী অৰ্থাৎ আমাক বহুত প্ৰেম কৰে।

যিহোৱাই আমাক প্ৰেম কৰে বুলি যীচুৱে আমাক কেনেকৈ বিশ্বাস দিলে?

১২. যীচুৱে যিহোৱাৰ বিষয়ে যি কৈছিল, তাৰ ওপৰত আমি কিয় সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ?

১২ যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ লোকসকলক জনালে যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়। (লূক ১০:২২) যীচুৱে যিহোৱাৰ বিষয়ে যি কৈছিল, তাৰ ওপৰত আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ। কিয় বাৰু? কাৰণ যীচু পৃথিৱীলৈ অহাৰ আগতে কোটি কোটি বছৰ যিহোৱাৰ লগত স্বৰ্গত আছিল। (কল. ১:১৫) তেওঁ চাইছিল যে যিহোৱাই তেওঁক কিমান প্ৰেম কৰে। ইয়াৰ উপৰিও তেওঁ এয়াও চাইছিল যে যিহোৱাই নিজৰ বিশ্বাসী লʼৰা-ছোৱালীক কিমান প্ৰেম কৰে। তেওঁ লোকসকলক কেনেকৈ বিশ্বাস দিলে যে যিহোৱাই তেওঁলোকক প্ৰেম কৰে?

১৩. যীচুৱে যিহোৱাৰ বিষয়ে কেনে অনুভৱ কৰিছিল আৰু আমি কেনে অনুভৱ কৰা উচিত?

১৩ যীচুৱে যিহোৱাৰ বিষয়ে যিদৰে অনুভৱ কৰিছিল, ঠিক সেইদৰে আমিও অনুভৱ কৰাটো তেওঁ বিচাৰে। শুভবাৰ্তাৰ কিতাপত যীচুৱে যিহোৱাক ১৬০ বাৰতকৈও বেছি “পিতৃ” বুলি কৈছিল। তেওঁ নিজৰ শিষ্যসকলৰ লগত যিহোৱাৰ বিষয়ে কথা পতাৰ সময়ত প্ৰায়ে কৈছিল যে তেওঁ ‘স্বৰ্গত থকা তোমালোকৰ পিতৃ’ হয়। (মথি ৫:১৬; ৬:২৬) মথি ৫:১৬ পদৰ অধ্যয়ন নোটত (হিন্দী) লিখা আছে যে প্ৰাচীন সময়ত যিহোৱাৰ সেৱকসকলে তেওঁৰ বাবে ডাঙৰ ডাঙৰ উপাধি ব্যৱহাৰ কৰিছিল। যেনে, ‘সৰ্বশক্তিমান,’ ‘মহান ঈশ্বৰ’ আৰু ‘মহান সৃষ্টিকৰ্তা।’ কিন্তু যীচুৱে যিহোৱাৰ বাবে এটা সাধাৰণ উপাধি ব্যৱহাৰ কৰিলে, সেয়া হৈছে ‘পিতৃ।’ ইয়াৰ পৰা জানিব পাৰি যে ঈশ্বৰ আৰু তেওঁৰ লোকসকলৰ মাজত কিমান ঘনিষ্ঠ সম্পৰ্ক আছে। যীচুৰ দৰে আমিও যিহোৱাক নিজৰ পিতৃ বুলি ভবাটো যীচুৱে বিচাৰে, যিজনে নিজৰ লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে। আহক বাইবেলৰ দুটা ঘটনাৰ ওপৰত মন কৰোঁ, যʼত যীচুৱে যিহোৱাক “পিতৃ” বুলি কৈছিল।

১৪. যিহোৱাৰ প্ৰতিজন সেৱক তেওঁৰ দৃষ্টিত মূল্যৱান, এই কথা যীচুৱে কেনেকৈ বুজালে? (মথি ১০:২৯-৩১) (ছবিখনো চাওক।)

১৪ আহক প্ৰথমে আমি মথি ১০:২৯-৩১ পদত উল্লেখ থকা যীচুৰ শব্দবোৰলৈ মন কৰোঁ। (পঢ়ক।) এই পদবোৰত যীচুৱে ঘৰচিৰিকাৰ বিষয়ে উল্লেখ কৰিছে। ঘৰচিৰিকাবোৰে যিহোৱাক প্ৰেম নকৰে আৰু তেওঁৰ উপাসনাও নকৰে। তথাপি যিহোৱাই সিঁহতৰ সকলো কথা জানে। সিঁহতৰ মাজৰ এটাও যদি মাটিত পৰে, তেনেহʼলে যিহোৱাই তালৈ লক্ষ্য কৰে। যদি যিহোৱাই এই সৰু চৰাইবোৰক ইমান মূল্যৱান বুলি ভাবে, তেনেহʼলে চিন্তা কৰক তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক কিমান মূল্যৱান বুলি ভাবে, যিসকলে তেওঁৰ উপাসনা কৰে। ইয়াৰ ৩০ পদত কোৱা হৈছে যে “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।” এই পদৰ অধ্যয়ন নোটত (হিন্দী) লিখা আছে, “যিহোৱাই ইমান সৰু সৰু কথা মন কৰে, এই কথাই আশ্বাস দিয়ে যে তেওঁ মচীহৰ প্ৰতিজন শিষ্যৰ ওপৰত ধ্যান দিয়ে।” এই পদবোৰত যীচুৱে যি কৈছিল, তাৰ পৰা তেওঁ আমাক বিশ্বাস দিব বিচাৰিছিল যে আমাৰ পিতৃ যিহোৱাৰ দৃষ্টিত তেওঁৰ প্ৰতিজন সেৱক বহুত মূল্যৱান।

যীচুৱে তললৈ উৰি অহা এটি ঘৰচিৰিকাৰ ফালে দেখুৱাই আছে। তেওঁৰ শিষ্যসকলে মনোযোগেৰে তেওঁৰ কথা শুনি আছে।

যদি যিহোৱাই ঘৰচিৰিকাবোৰক ইমান মূল্যৱান বুলি ভাবে যে তাৰ মাজৰ এটাও মাটিত পৰিলে তেওঁ লক্ষ্য কৰে, তেনেহʼলে চিন্তা কৰক যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক আৰু আপোনাকো কিমান মূল্যৱান বুলি ভাবে (অনুচ্ছেদ ১৪ চাওক)


১৫. যোহন ৬:৪৪ পদত লিখা যীচুৰ শব্দবোৰৰ পৰা আপুনি স্বৰ্গত থকা নিজৰ পিতৃৰ বিষয়ে কি জানিব পাৰে?

১৫ এতিয়া আহক আন এটা ঘটনালৈ মন কৰোঁ, যেতিয়া যীচুৱে যিহোৱাক ‘পিতৃ’ বুলি কৈছিল। (যোহন ৬:৪৪ পঢ়ক।) এই পদত যীচুৱে কৈছিল যে স্বৰ্গত থকা আপোনাৰ পিতৃয়ে আপোনাক মৰমেৰে নিজৰ ফালে আকৰ্ষিত কৰিছে। তেওঁ এইদৰে কিয় কৰিলে? কাৰণ যিহোৱাই আপোনাৰ হৃদয় চালে আৰু আপুনি ভাল মনৰ ব্যক্তি হয় বুলি তেওঁ লক্ষ্য কৰিলে। (পাঁচ. ১৩:৪৮) যোহন ৬:৪৪ পদৰ অধ্যয়ন নোটত (ইংৰাজী) লিখা আছে যে যীচুৱে হয়তো ইয়াত যিৰিমিয়াৰ এই শব্দবোৰৰ উদ্ধৃতি দিছিল, “মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ [বা মই তোমাক নিজৰ অটুট প্ৰেমৰ প্ৰমাণ দি থাকিম।]” (যিৰি. ৩১:৩; হোচে. ১১:৪ পদৰ লগত তুলনা কৰক।) এই পদটো এই লেখৰ মুখ্য পদো হয়। যীচুৰ শব্দবোৰৰ পৰা জানিব পাৰি যে স্বৰ্গত থকা আমাৰ পিতৃয়ে সদায় আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে, যিবোৰ আমি নিজে দেখা নাপাওঁ।

১৬. (ক) যীচুৱে যিহোৱাৰ বিষয়ে কি শিকালে আৰু তাৰ ওপৰত আমি কিয় সম্পূৰ্ণ বিশ্বাস কৰা উচিত? (খ) আপুনি কেনেকৈ এই কথাৰ ওপৰত বিশ্বাস বঢ়াব পাৰে যে যিহোৱা সকলোতকৈ ভাল পিতৃ হয়? (‘এনে এজন পিতৃ যাৰ আমাৰ সকলোৰে প্ৰয়োজন আছে’ নামৰ বক্সখন চাওক।)

১৬ যেতিয়া যীচুৱে কৈছিল যে যিহোৱা আমাৰ পিতৃ হয়, তেতিয়া তেওঁ যেন আমাৰ মাজৰ প্ৰতিজনকে কৈ আছিল, “যিহোৱা কেৱল মোৰ পিতৃ নহয়, তোমাৰো পিতৃ হয়। তুমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰা যে যিহোৱাই তোমাক বহুত প্ৰেম কৰে আৰু তোমাৰ যত্ন লয়।” সেইবাবে, যেতিয়া আপোনাৰ মনলৈ এনেধৰণৰ প্ৰশ্ন আহে যে ‘জানোঁ যিহোৱাই মোক প্ৰেম কৰে নে নকৰে,’ তেনেহʼলে অলপ সময় ৰৈ চিন্তা কৰক, ‘মই যীচুৰ ওপৰত বিশ্বাস কৰা উচিত নহয় নে, যিজনে পিতৃক ভালদৰে জানে আৰু সদায় সঁচা কথা কয়?’—১ পিত. ২:২২.

‘এনে এজন পিতৃ যাৰ আমাৰ সকলোৰে প্ৰয়োজন আছে’

এই কথা যিহোৱাৰ কাষ চাপক কিতাপখনৰ (হিন্দী) পৰিচয় ভাগত দিয়া আছে। এই কিতাপ কিয় তৈয়াৰ কৰা হৈছিল, এই বিষয়ে তাত লিখা আছে, “আমি বুজিব পাৰিম যে যিহোৱা . . . এনে এজন পিতৃ হয় যাৰ আমাৰ সকলোৰে প্ৰয়োজন আছে। তেওঁ শক্তিশালী, ন্যায়ী, বুদ্ধিমান আৰু প্ৰেম কৰোঁতা ঈশ্বৰ হয় আৰু তেওঁ নিজৰ বিশ্বাসী লʼৰা-ছোৱালীসকলক কেতিয়াও নেৰে।”

এই কিতাপ পঢ়ি কেনেকুৱা লাগিল, তাৰ বিষয়ে এজনী ছোৱালীয়ে জনালে। তাই এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, যʼত দেউতাকে বহুত অত্যাচাৰ কৰিছিল। তাই এইদৰে কৈছে, “‘দেউতা’ শব্দ শুনাৰ লগে লগে মই ভয় খাইছিলোঁ। কিন্তু এই কিতাপৰ পৰা মই শিকিব পাৰিলোঁ যে এজন ভাল পিতৃ কেনেকুৱা হয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই মোক বহুত প্ৰেম কৰে আৰু ময়ো নিজৰ পিতৃ যিহোৱাক বহুত প্ৰেম কৰোঁ।” এই কিতাপ পঢ়াৰ পাছত আৰু এজন ব্যক্তিয়ে এইদৰে কৈছে, “যিহোৱা সকলোতকৈ ভাল পিতৃ হয়!”

যদি আপুনি এই কথাৰ ওপৰত বিশ্বাস বঢ়াব বিচাৰে যে যিহোৱা সকলোতকৈ ভাল পিতৃ হয়, যিজনে আপোনাক বহুত প্ৰেম কৰে, তেনেহʼলে এই কিতাপখন পঢ়ক। যদি আপুনি আগতে এইখন পঢ়িলে, তথাপিও আকৌ পঢ়িব পাৰে।

নিজৰ বিশ্বাস বঢ়াই থাকক

১৭. যিহোৱাই আমাক প্ৰেম কৰে, এই কথাৰ ওপৰত আমি কিয় নিজৰ বিশ্বাস বঢ়াই থকা উচিত?

১৭ যিহোৱাই আমাক বহুত প্ৰেম কৰে, এই কথাৰ ওপৰত আমি নিজৰ বিশ্বাস বঢ়াই থকা উচিত। এই লেখত আমি শিকিলোঁ যে চয়তান বহুত টেঙৰ আৰু সি সদায় চেষ্টা কৰি থাকে যাতে আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ। সি আমাৰ বিশ্বাস দুৰ্বল কৰিব বিচাৰে। যিহোৱাই আমাক প্ৰেম নকৰে, এই কথাৰ ওপৰত আমি বিশ্বাস কৰি লোৱাটো চয়তানে বিচাৰে আৰু ইয়াৰ বাবে সি সদায় চেষ্টা কৰি থাকে। কিন্তু চয়তানৰ এই মিছা কথাৰ ওপৰত আমি বিশ্বাস কৰা উচিত নহয়।—ইয়ো. ২৭:৫.

১৮. যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ আপুনি কি কৰিব পাৰে?

১৮ যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ তেওঁলৈ প্ৰাৰ্থনা কৰি থাকক। যিহোৱাই আপোনাক যি দৃষ্টিৰে চাই, আপুনিও নিজকে সেই দৃষ্টিৰে চাব বিচাৰে বুলি তেওঁক জনাওক। যিহোৱাই নিজৰ সেৱকসকলক কিমান প্ৰেম কৰে, সেই বিষয়ে বাইবেলৰ লেখকসকলে যি লিখিছিল, তাৰ বিষয়ে মনন কৰক। এই বিষয়ে চিন্তা কৰক যে যেতিয়া আমি যিহোৱাক প্ৰেম কৰোঁ, তেতিয়া তেৱোঁ আমাক প্ৰেম কৰে। এই বিষয়েও মনন কৰক যে যিহোৱাই আপোনাৰ বাবে নিজৰ পুত্ৰৰ বলিদান দিছে। যীচুৰ ওপৰতো বিশ্বাস কৰক, যিজনে যিহোৱাক আপোনাৰ পিতৃ বুলি কʼলে। এই সকলো কথা গভীৰভাৱে চিন্তা কৰি থাকক। তাৰ পাছত যেতিয়া কোনোবাই আপোনাক সুধিব, “যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে নে?” তেতিয়া আপুনি তেওঁক কʼব পাৰিব, “হয়, মোৰ সম্পূৰ্ণ বিশ্বাস আছে! আৰু মই তেওঁক কিমান প্ৰেম কৰোঁ, সেয়া প্ৰতিদিনে দেখুৱাবলৈ চেষ্টা কৰোঁ।”

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই আমাক প্ৰেম কৰে বুলি আমাৰ কিয় বিশ্বাস থকা উচিত?

  • যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি নিজকে কেনেকৈ বিশ্বাস দিব পাৰোঁ?

  • যিহোৱাই আমাক প্ৰেম কৰে বুলি যীচুৱে আমাক কেনেকৈ বিশ্বাস দিলে?

গীত নং ১৫৪ অলুপ্ত প্ৰেম

a জুন ২০২২ চনৰ প্ৰহৰীদুৰ্গৰ “যিহোৱা—ক্ষমা কৰাত মহান!” লেখৰ অনুচ্ছেদ ৪-৭ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক