ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 অক্টোবৰ পৃষ্ঠা ১২-১৭
  • যিহোৱাৰ প্ৰেম চিৰকাললৈকে থাকে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ প্ৰেম চিৰকাললৈকে থাকে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই আমাক প্ৰেম কৰে—এই সত্যতাক ধৰি ৰাখক
  • যিহোৱাই আপোনাক কিমান ‘প্ৰেম কৰে,’ তাৰ বিষয়ে চিন্তা কৰক
  • সন্দেহৰ কাৰণ বুজিবলৈ চেষ্টা কৰক
  • যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ থিৰাং কৰক
  • যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাই আপোনাক প্ৰেম কৰে বুলি বিশ্বাস ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিম?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাৰ প্ৰকৃত প্ৰেম
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 অক্টোবৰ পৃষ্ঠা ১২-১৭

অধ্যয়নৰ লেখ ৪১

গীত নং ১০৮ যিহোৱাৰ নিস্বাৰ্থ প্ৰেম

যিহোৱাৰ প্ৰেম চিৰকাললৈকে থাকে

“ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া [অটুট প্ৰেম] চিৰকাললৈকে থাকে।”—গীত. ১৩৬:১, IRV.

কি শিকিম?

যিহোৱাই আমাক প্ৰেম কৰে, এয়া বাইবেলৰ এটা প্ৰাথমিক শিক্ষা হয়। এই কথাটো মনত ৰাখিলে আমি সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত সাহস পাব পাৰোঁ।

১-২. সমস্যা আহিলে বহুতো ভাই-ভনীয়ে কেনে অনুভৱ কৰে?

কল্পনা কৰক, সাগৰত এটা ডাঙৰ ধুমুহা বলিছে। সাগৰৰ ঢৌবোৰে এখন নাৱক খুন্দিয়াই আছে আৰু নাৱখন ঢলং-পলং হʼবলৈ ধৰিছে। যদি কোনোবাই নাৱখনত লংগৰ নলগায়, তেনেহʼলে ঢৌৰ লগতে নাৱখন গুচি যাব। এই ধুমুহাৰ সময়ত কেৱল লংগৰেই নাৱখনক চম্ভালি ৰাখিব পাৰে।

২ যেতিয়া আপুনি ধুমুহাৰ দৰে সমস্যাবোৰৰ সন্মুখীন হয়, তেতিয়া আপোনাৰ পৰিস্থিতিও এই নাৱখনৰ দৰেই হʼব পাৰে। আপোনাৰ মনত উগুল-থুগুল লাগিব পাৰে। এদিনাখন হয়তো আপোনাৰ অনুভৱ হʼব পাৰে যে যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপোনাৰ লগত আছে। কিন্তু আন দিনাখন আপোনাৰ হয়তো অনুভৱ হʼব পাৰে যে জানোঁ যিহোৱাই মোৰ সমস্যালৈ মন কৰিছে নে নাই। (গীত. ১০:১; ১৩:১) এনে পৰিস্থিতিত আপুনি হয়তো কোনো এজন বন্ধুৰ কথাৰ পৰা সাহস আৰু শান্ত্বনা পাব পাৰে। (হিতো. ১৭:১৭; ২৫:১১) কিন্তু কিছু সময়ৰ পাছত আপোনাৰ আকৌ সন্দেহ হʼব পাৰে যে জানোঁ যিহোৱাই মোৰ লগত আছে নে নাই। আপুনি এয়াও ভাবিব পাৰে যে আপুনি কোনো কামৰ যোগ্য নহয় আৰু যিহোৱাই আপোনাক প্ৰেম নকৰে। এনে ধুমুহাত কোনটো লংগৰে আপোনাক চম্ভালি ৰাখিব পাৰে অথবা আপুনি নিজকে কেনেকৈ বিশ্বাস দি থাকিব যে যিহোৱাই আপোনাক প্ৰেম কৰে আৰু কেতিয়াও নেৰিব?

৩. গীতমালা ৩১:৭ আৰু ১৩৬:১ পদত যি ‘অটুট প্ৰেমৰ’ বিষয়ে কোৱা হৈছে, তাৰ অৰ্থ কি? (খ) যিহোৱাই অটুট প্ৰেম কৰাৰ আটাইতকৈ ভাল উদাহৰণ হয় বুলি আমি কিয় কʼব পাৰোঁ? (ছবিখনো চাওক।)

৩ যদি আপুনি এই কথা মনত ৰাখে যে যিহোৱাই নিজৰ সেৱকসকলক অটুট প্ৰেম কৰে, তেনেহʼলে এই কথাই আপোনাৰ কাৰণে লংগৰৰ দৰে কাম কৰিব। (গীতমালা ৩১:৭; ১৩৬:১, IRV পঢ়ক।) অটুট প্ৰেমৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে দুজন মানুহৰ মাজত এনে কোমল স্নেহ যি সদায় থাকে। যিহোৱাই অটুট প্ৰেম কৰাৰ আটাইতকৈ ভাল উদাহৰণ হয়। এই বিষয়ে বাইবেলত লিখা আছে, ‘তেওঁ দয়া a আৰু সত্যতাত মহান।’ (যাত্ৰা. ৩৪:৬, ৭) যিহোৱাৰ বিষয়ে এয়াও লিখা আছে, “তোমাৰ আগত প্ৰাৰ্থনা কৰোঁতাবিলাকলৈ তুমি দয়াত মহান।” (গীত. ৮৬:৫) ইয়াৰ অৰ্থ হৈছে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক কেতিয়াও নেৰে। যদি আপুনি এই কথা মনত ৰাখে, তেনেহʼলে ইয়ে আপোনাক ধুমুহাৰ নিচিনা সমস্যাৰ সময়ত চম্ভালি ৰাখিব।—গীত. ২৩:৪.

ধুমুহাৰ সময়ত এডাল লংগৰে নাৱখনক চম্ভালি ৰাখিছে।

ডাঙৰ ধুমুহাৰ সময়ত লংগৰে যেনেকৈ নাৱখনক চম্ভালি ৰাখে, ঠিক সেইদৰে যিহোৱাৰ প্ৰেমে আমাক ধুমুহাৰ নিচিনা সমস্যাৰ সময়ত চম্ভালি ৰাখিব (অনুচ্ছেদ ৩ চাওক)


যিহোৱাই আমাক প্ৰেম কৰে—এই সত্যতাক ধৰি ৰাখক

৪. (ক) বাইবেলৰ কিছুমান প্ৰাথমিক শিক্ষা কি? (খ) কাৰোবাৰ কথাত আহি আমি এইবোৰ মানিবলৈ কিয় এৰি নিদিম?

৪ যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথা বাইবেলৰ প্ৰাথমিক শিক্ষা হয়। এই কথাই আপোনাক সমস্যাৰ সময়ত লংগৰৰ দৰে চম্ভালি ৰাখিব। প্ৰাথমিক শিক্ষা বুলি কʼলে কি কি সত্যতা আপোনাৰ মনলৈ আহে? যেনে, ঈশ্বৰৰ নাম যিহোৱা হয়, যীচু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয়, মৃত লোকসকল টোপনিত আছে আৰু তেওঁলোকে একো নাজানে, ঈশ্বৰে পৃথিৱীখনক প্ৰমোদবন কৰি তুলিব আৰু মানৱজাতিয়ে সদায় কাল ইয়াত জীয়াই থাকিব। (গীত. ৮৩:১৮; উপ. ৯:৫; যোহ. ৩:১৬; প্ৰকা. ২১:৩, ৪) এই শিক্ষাবোৰ আপুনি সম্পূৰ্ণ হৃদয়েৰে পালন কৰে আৰু কাৰোবাৰ কথাত আহি আপুনি এইবোৰ মানিবলৈ এৰি নিদিয়ে। কিয় বাৰু? কাৰণ আপুনি বিশ্বাস কৰে যে এই শিক্ষাবোৰ সত্য হয় আৰু আমাৰ ওচৰত এই কথাৰ প্ৰমাণ আছে। যিহোৱাই আপোনাক প্ৰেম কৰে, এয়াও এটা সত্যতা হয়। এই কথা মনত ৰাখিলে আপোনাৰ কি লাভ হʼব? যেতিয়া আপুনি সমস্যাৰ মাজেদি পাৰ হʼব আৰু আপোনাৰ মনলৈ সন্দেহ আহিব পাৰে যে জানোঁ! যিহোৱাই মোৰ বিষয়ে চিন্তা কৰে নে নাই, তেতিয়া এই সত্যতাই আপোনাক লংগৰৰ দৰে চম্ভালি ৰাখিব। কেনেকৈ বাৰু? আহক চাওঁ।

৫. এজন ব্যক্তিয়ে মিছা শিক্ষা মানিবলৈ কেনেকৈ এৰি দিয়ে? বুজাওক।

৫ যেতিয়া আপুনি বাইবেলৰ পৰা শিকিবলৈ আৰম্ভ কৰিলে, তেতিয়া আপুনি মিছা শিক্ষাবোৰ কেনেকৈ এৰিব পাৰিলে? আপুনি ভাবিবলৈ ধৰিলে যে আপুনি যি বিশ্বাস কৰে আৰু বাইবেলত যি লিখা আছে, তাৰ মাজত কিমান পাৰ্থক্য আছে। যেনে, আপুনি হয়তো আগতে বিশ্বাস কৰিছিল যে মানুহৰ মৃত্যুৰ পাছত তেওঁৰ আত্মা জীয়াই থাকে। কিন্তু যেতিয়া আপুনি বাইবেল অধ্যয়ন আৰম্ভ কৰিলে, তেতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন আহিলে যে ‘মই যি বিশ্বাস কৰোঁ সেয়া সঠিক হয় নে?’ তাৰ পাছত আপুনি বাইবেলৰ প্ৰমাণবোৰৰ ওপৰত ধ্যান দিলে আৰু গʼম পালে যে আপুনি যি বিশ্বাস কৰে সেয়া ভুল হয়। তাৰ পাছত আপুনি এই মিছা শিক্ষাৰ ওপৰত বিশ্বাস কৰাৰ পৰিৱৰ্তে বাইবেলত লিখা এই সত্যতাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে যে “মৃত লোকবিলাকে একোকেই নাজানে” আৰু এনে এটা সময় আহিব যেতিয়া তেওঁলোকক “আকৌ জীয়াই তোলা হʼব।” (উপ. ৯:৫; পাঁচ. ২৪:১৫) মিছা শিক্ষাবোৰ “গভীৰতাত সোমাই” থাকে আৰু এইবোৰক অস্বীকাৰ কৰাটো বহুত কঠিন। (২ কৰি. ১০:৪, ৫) কিন্তু আপুনি যেতিয়া এইবোৰক এবাৰ অস্বীকাৰ কৰিলে, তেনেহʼলে আপুনি সেই মিছা শিক্ষাবোৰৰ ওপৰত আকৌ বিশ্বাস নকৰে।—ফিলি. ৩:১৩.

৬. ‘যিহোৱাৰ অটুট প্ৰেম চিৰকাললৈকে থাকে’ বুলি গীতমালা ১৩৬-ত কিয় বহুবাৰ কোৱা হৈছে?

৬ সমস্যা অহাৰ সময়ত যদি আপুনি ভাবে যে যিহোৱাই আপোনাক প্ৰেম নকৰে, তেনেহʼলে সত্য শিকি থকাৰ সময়ত আপুনি যি কৰিছিল, সেয়াই কৰক। নিজকে সোধক, ‘মই যি ভাবি আছোঁ, সেয়া সঠিক হয় নে?’ তাৰ পাছত বাইবেলত দিয়া প্ৰমাণবোৰৰ ওপৰত মন কৰক। যেনে, গীতমালা ১৩৬:১ পদলৈ ধ্যান দিয়ক, যি এই লেখৰ মুখ্য পদ হয়। চিন্তা কৰক, যিহোৱাই ইয়াত তেওঁৰ প্ৰেম অটুট হয় বুলি কিয় কৈছে। এয়াও চিন্তা কৰক যে এই গীতত ২৬ বাৰ ‘তেওঁৰ অটুট প্ৰেম চিৰকাললৈকে থাকে’ বুলি কিয় কোৱা হৈছে। আমি শিকিছিলোঁ যে যিহোৱাই নিজৰ বিশ্বাসী লোকসকলক অটুট প্ৰেম কৰে। বাইবেলৰ আন শিক্ষাবোৰৰ দৰে এয়াও এটা প্ৰাথমিক শিক্ষা হয় আৰু আপুনি ইয়াক গ্ৰহণ কৰিছিল। সেইবাবে, যদি কেতিয়াবা আপোনাৰ মনলৈ সন্দেহ আহে যে মই যিহোৱাৰ দৃষ্টিত কোনো কামৰ নহওঁ আৰু তেওঁৰ প্ৰেমৰ যোগ্য নহওঁ, তেনেহʼলে মনত ৰাখক যে এয়া একেবাৰে মিছা হয়। আন মিছা শিক্ষাবোৰৰ দৰে এই মিছা শিক্ষাকো অস্বীকাৰ কৰক।

৭. কিছুমান পদৰ বিষয়ে জনাওক, যাৰ পৰা আপোনাৰ বিশ্বাস হয় যে যিহোৱাই আপোনাক প্ৰেম কৰে?

৭ যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ বাইবেলত আৰু বহুতো প্ৰমাণ দিয়া আছে। যেনে, যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, “তোমালোক বহুতো ঘৰচিৰিকাতকৈ মূল্যৱান।” (মথি ১০:৩১) ইয়াৰ উপৰিও যিহোৱাই নিজেই কৈছে, “মই তোমাক শক্তি দিম, তোমাক সহায়ো দিম, এনে কি মোৰ ধাৰ্ম্মিকতাৰূপ সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।” (যিচ. ৪১:১০) মন কৰক যে এই কথাবোৰ কিমান বিশ্বাসেৰে কোৱা হৈছে। যীচুৱে এইদৰে কোৱা নাছিল যে ‘তোমালোক হয়তো বহুত মূল্যৱান।’ তেওঁ কৈছিল, ‘তোমালোক বহুত মূল্যৱান।’ যিহোৱাই এইদৰে কোৱা নাছিল যে ‘মই তোমাক হয়তো সহায় দিম।’ তেওঁ কৈছিল, ‘মই তোমাক সহায়ো দিম।’ যদি যিহোৱাৰ প্ৰেমৰ ওপৰত আপোনাৰ সন্দেহ হয়, তেনেহʼলে এনেধৰণৰ পদবোৰ পঢ়ি আপুনি শান্ত্বনা পাব। ইয়াতকৈও গুৰুত্বপূৰ্ণ যে যিহোৱাই আপোনাক প্ৰেম কৰে বুলি আপোনাৰ সম্পূৰ্ণৰূপে বিশ্বাস হʼব। যদি আপুনি প্ৰাৰ্থনাত যিহোৱাক জনাই আপোনাক তেওঁৰ প্ৰেমৰ ওপৰত বিশ্বাস কৰিবলৈ কঠিন হৈছে আৰু এনেধৰণৰ পদবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে, তেনেহʼলে ১ যোহন ৪:১৬ পদত যি লিখা আছে, আপুনিও ঠিক সেইদৰে অনুভৱ কৰিব। তাত লিখা আছে, “আমি জানিলোঁ যে ঈশ্বৰে আমাক কিমান প্ৰেম কৰে আৰু এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।”b

৮. কেতিয়াবা যদি আপোনাৰ লাগে যে যিহোৱাই আপোনাক প্ৰেম নকৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

৮ কিন্তু ইয়াৰ পাছতো আপোনাৰ মনত হয়তো লাগিব পাৰে যে যিহোৱাই আপোনাক প্ৰেম নকৰে। এনে পৰিস্থিতিত আপুনি কি কৰিব? মনত ৰাখক আপোনাৰ এনে অনুভৱ হৈ আছে। কিন্তু আমি যিদৰে ভাবোঁ, সেয়া সদায় সঁচা নহয়। নিজকে মনত পেলাই দিয়ক যে যিহোৱাই আপোনাক প্ৰেম কৰে, এয়া এক সত্যতা হয় আৰু ইয়াৰ বহুতো প্ৰমাণ আছে। যদি আমি এই সত্যতাৰ ওপৰত বিশ্বাস নকৰোঁ, তেনেহʼলে আমি যিহোৱাৰ প্ৰেমক আওকাণ কৰাৰ দৰে হʼব, যি তেওঁৰ বিশেষ গুণ হয়।—১ যোহ. ৪:৮.

যিহোৱাই আপোনাক কিমান ‘প্ৰেম কৰে,’ তাৰ বিষয়ে চিন্তা কৰক

৯-১০. যেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কৈ আছিল যে “পিতৃয়ে নিজে তোমালোকক প্ৰেম কৰে,” তেতিয়া তেওঁ শিষ্যসকলক কি শিকাই আছিল? (যোহন ১৬:২৬, ২৭) (ছবিখনো চাওক।)

৯ যিহোৱাই আপোনাক প্ৰেম কৰে, এই কথাৰ ওপৰত বিশ্বাস কৰিবলৈ হʼলে যীচুৱে নিজৰ শিষ্যসকলক কি কৈছিল তালৈ মন কৰক। তেওঁ কৈছিল, “পিতৃয়ে নিজে তোমালোকক প্ৰেম কৰে।” (যোহন ১৬:২৬, ২৭ পঢ়ক।) তেওঁ নিজৰ শিষ্যসকলৰ মন আনন্দিত কৰিবলৈ এইদৰে কোৱা নাছিল। ইয়াৰ আশে-পাশে থকা পদবোৰৰ পৰা জানিব পাৰি যে তেওঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতি আছিল। তেওঁ কৈ আছিল যে তেওঁলোকে প্ৰাৰ্থনা কৰাৰ সময়ত কি কথা মনত ৰখা উচিত।

১০ যীচুৱে নিজৰ শিষ্যসকলক অলপ আগতে তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, তেওঁক নহয়। (যোহ. ১৬:২৩, ২৪) এয়া জনাটো শিষ্যসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। যীচু আকৌ জীয়াই উঠাৰ পাছত তেওঁৰ শিষ্যসকলক তেওঁলৈ প্ৰাৰ্থনা কৰিবলৈ মন গʼলহেঁতেন। কাৰণ তেওঁলোকে যীচুক ভালদৰে জানিছিল আৰু যীচু তেওঁলোকৰ বন্ধু আছিল। তেওঁলোকে ভাবিব পাৰিলেহেঁতেন যে যীচুৱে তেওঁলোকক বহুত প্ৰেম কৰে, সেইবাবে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব আৰু পিতৃক তাৰ বিষয়ে জনাব। কিন্তু যীচুৱে তেওঁলোকক কʼলে যে তেওঁলোকে এইদৰে ভবা উচিত নহয়। কিয় বাৰু? তেওঁ কৈছিল, “পিতৃয়ে নিজে তোমালোকক প্ৰেম কৰে।” সেই সময়ত যীচুৱে তেওঁলোকক প্ৰাৰ্থনা কৰাৰ উপায়ৰ বিষয়ে শিকাই আছিল, কিন্তু এই কথা কৈ যীচুৱে তেওঁলোকক বিশ্বাস দিলে যে যিহোৱাই নিজেই নিজৰ লোকসকলৰ প্ৰাৰ্থনা শুনিব বিচাৰে আৰু তেওঁলোকে যিহোৱাকে প্ৰাৰ্থনা কৰা উচিত। এতিয়া নিজৰ বিষয়ে চিন্তা কৰক। বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি যীচুৰ বিষয়ে শিকিলে আৰু তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। (যোহ. ১৪:২১) কিন্তু আপুনি সম্পূৰ্ণ বিশ্বাসেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে। কাৰণ আপুনি জানে যে তেওঁ ‘নিজে আপোনাক প্ৰেম কৰে।’ সেইবাবে, প্ৰতিবাৰে যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেতিয়া আপুনি দেখুৱাই যে যীচুৰ এই কথাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে।—১ যোহ. ৫:১৪.

ছবি: এজন ভায়ে পাৰ্কত বহি আছে আৰু তিনিটা গুৰুত্বপূৰ্ণ কথাৰ বাবে প্ৰাৰ্থনা কৰি আছে। ১. তেওঁ পত্নীৰ বেমাৰ হৈছে আৰু বিচনাত আছে। তেওঁ তাইৰ বাবে আহাৰ আনিছে। ২. তেওঁ নিজৰ সৰু ছোৱালীজনীৰ বাইবেল অধ্যয়ন কৰি আছে আৰু তাই বহুত আনন্দিত আছে। ৩. তেওঁ খৰচৰ হিচাপ কৰি আছে।

আপুনি সম্পূৰ্ণ বিশ্বাসেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে, কাৰণ আপুনি জানে যে তেওঁ ‘নিজে আপোনাক প্ৰেম কৰে’ (অনুচ্ছেদ ৯-১০ চাওক)c


সন্দেহৰ কাৰণ বুজিবলৈ চেষ্টা কৰক

১১. যদি আমি যিহোৱাৰ প্ৰেমৰ ওপৰত সন্দেহ কৰিবলৈ ধৰোঁ, তেনেহʼলে চয়তান কিয় আনন্দিত হʼব?

১১ আমি যিহোৱাৰ প্ৰেমৰ ওপৰত কিয় সন্দেহ কৰিব পাৰোঁ? আপুনি হয়তো কʼব ‘চয়তানৰ কাৰণে।’ কিছু পৰিমাণে এই কথা সঁচা হয়। কাৰণ আমাক ‘ফালি খাবলৈ’ চয়তানে সুযোগ বিচাৰি ঘুৰি ফুৰিছে। (১ পিত. ৫:৮) যিহোৱাই আমাক ইমানেই প্ৰেম কৰে যে তেওঁ মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিলে। আনহাতে আমি বহুত পাপী হওঁ আৰু এই মুক্তিৰ মূল্যৰ পৰা আমাৰ একো লাভ নহʼব বুলি ভবাটো চয়তানে বিচাৰে। (ইব্ৰী ২:৯) কিন্তু চিন্তা কৰক যদি আমি যিহোৱাৰ প্ৰেমৰ ওপৰত সন্দেহ কৰোঁ, তেনেহʼলে ইয়াৰ পৰা সকলোতকৈ বেছি কোনে আনন্দিত হʼব? নিশ্চয় চয়তানে। যদি আমি সমস্যাৰ সময়ত হাৰ মানি লওঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ, তেনেহʼলে ইয়াৰ পৰা কোনে আনন্দিত হʼব? চয়তানে। এই বিষয়েও চিন্তা কৰক, আমি যিহোৱাৰ প্ৰেমৰ যোগ্য নহয় বুলি ভবাটো চয়তানে বিচাৰে। আচলতে চয়তানহে যিহোৱাৰ প্ৰেমৰ যোগ্য নহয় আৰু সি বহুত ‘চতুৰ’ হয়। (ইফি. ৬:১১) যিহোৱাই আমাক প্ৰেম নকৰে আৰু তেওঁ আমাক ত্যাগ কৰিলে বুলি চয়তানে আমাক বিশ্বাস দিব বিচাৰে। আমি আমাৰ শত্ৰুৰ ফান্দবোৰৰ বিষয়ে জানোঁ। সেইবাবে আহক আমি তাৰ বিৰোধ কৰোঁ।—যাকো. ৪:৭.

১২-১৩. পাপী হোৱাৰ বাবে আমি যিহোৱাৰ প্ৰেমৰ ওপৰত কিয় সন্দেহ কৰিব পাৰোঁ?

১২ আৰু এটা কাৰণৰ বাবে আমি যিহোৱাৰ প্ৰেমৰ ওপৰত সন্দেহ কৰিব পাৰোঁ। সেয়া হৈছে আমি পাপী হওঁ আৰু আমি এয়া আদম আৰু হৱাৰ পৰা উত্তৰাধিকাৰী হিচাপে পাইছোঁ। (গীত. ৫১:৫; ৰোম. ৫:১২) পাপৰ বাবে যিহোৱা আৰু লোকসকলৰ মাজৰ সম্পৰ্ক বেয়া হৈ পৰিছে আৰু আমি তেওঁৰ পৰা আঁতৰি গৈছোঁ। ইয়াৰ উপৰিও আমাৰ চিন্তা, ভাৱনা আৰু স্বাস্থ্যৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰিছে।

১৩ পাপী হোৱাৰ বাবে আমি দোষী অনুভৱ কৰোঁ, ব্যাকুল হৈ পৰোঁ, চিন্তাই আগুৰি ধৰে বা আমি লাজ অনুভৱ কৰোঁ। যেতিয়া আমি ভুল বা পাপ কৰোঁ, তেতিয়া আমাৰ মনলৈ এই ভাৱনাবোৰ আহে। কিন্তু পাপী হোৱাৰ বাবে এনেধৰণৰ ভাৱনা আন পৰিস্থিতিতো আমাৰ ওপৰত আহিব পাৰে। (ৰোম. ৮:২০, ২১) উদাহৰণস্বৰূপে, যদি এখন গাড়ীৰ টায়াৰ পাংচাৰ হৈ যায়, তেনেহʼলে গাড়ীখন সিমান স্পীডত যাব নোৱাৰে যিমান সেইখন যাব লাগিছিল। ঠিক সেইদৰে আমি অসিদ্ধ হওঁ। সেইবাবে, যিহোৱাই যিদৰে বিচাৰিছিল ঠিক সেইদৰে আমি জীৱন-যাপন কৰিব পৰা নাই। সেইবাবে, আমি হয়তো তেওঁৰ প্ৰেমৰ ওপৰত সন্দেহ কৰিব পাৰোঁ। যদি আপোনাৰ লগত কেতিয়াবা এইদৰে হয়, তেনেহʼলে মনত ৰাখক যিহোৱা ‘মহান আৰু ঐশ্বৰ্য্যৱান আৰু তেওঁ আজ্ঞা পালন কৰোঁতা সকললৈ তেওঁৰ নিয়ম আৰু দয়া কেনে মহান।’—নহি. ১:৫, IRV.

১৪. যদি আমাৰ অনুভৱ হয় যে আমি যিহোৱাৰ প্ৰেমৰ যোগ্য নহওঁ, তেনেহʼলে মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত মনন কৰিলে আমি কেনেকৈ সহায় পাব পাৰোঁ? (ৰোমীয়া ৫:৮) (“‘পাপৰ ভুলোৱা শক্তিৰ’ পৰা সাৱধানে থাকক” নামৰ বক্সখন চাওক।)

১৪ সকলোবোৰ কৰাৰ পাছতো কেতিয়াবা কেতিয়াবা আমাৰ হয়তো অনুভৱ হʼব পাৰে যে আমি যিহোৱাৰ প্ৰেমৰ যোগ্য নহওঁ। কʼবলৈ গʼলে এয়া সঁচাও হয়। আমি যিয়েই নকৰোঁ কিয় আমি তেওঁৰ প্ৰেমৰ যোগ্য হʼব নোৱাৰোঁ। কিন্তু তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে মুক্তিৰ মূল্য হিচাপে দি আমাৰ পাপবোৰ ঢাকি দিলে। তেওঁ আমাক বহুত প্ৰেম কৰে, সেইবাবে এই ব্যৱস্থা কৰিলে। এই কথাই তেওঁৰ প্ৰেমক বিশেষ কৰি তোলে। (১ যোহ. ৪:১০) এয়াও মনত ৰাখক যে যীচুৱে ভাল লোকসকলক নহয় পাপী লোকসকলকহে বচাবলৈ আহিছিল। (ৰোমীয়া ৫:৮ পঢ়ক।) যিহোৱাই ভালদৰে জানে যে আমি নিবিচৰাৰ সত্ত্বেও ভুল কৰোঁ। গতিকে, যেতিয়া আপোনাৰ অনুভৱ হয় যে যিহোৱাই আপোনাক প্ৰেম নকৰে, তেনেহʼলে মনত ৰাখক পাপী হোৱাৰ বাবে আপুনি এইদৰে ভাবিছে। থিৰাং কৰক এনেধৰণৰ ভাৱনাক আপুনি নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব।—ৰোম. ৭:২৪, ২৫.

“পাপৰ ভুলোৱা শক্তিৰ” পৰা সাৱধানে থাকক

বাইবেলত কোৱা হৈছে যে ‘পাপৰ ভুলোৱা শক্তি’ আছে। (ইব্ৰী ৩:১৩) পাপী হোৱাৰ বাবে আমি বেয়া কাম কৰিবলৈ প্ৰলোভিত হোৱাৰ লগতে যিহোৱাই আমাক প্ৰেম নকৰে বুলি বাৰে বাৰে তেওঁৰ ওপৰত সন্দেহ কৰোঁ। সঁচাকৈ পাপৰ ভুলোৱা শক্তি বহুত বেছি।

আজি জগতত বহুত ঠগবাজ হয়। লোকসকলে বেলেগ বেলেগ ধৰণৰ স্কেম কৰে আৰু বিশ্বাসঘাত কৰি আনৰ টকা লৈ লয়। আমি হয়তো ভাবিব পাৰোঁ যে আমি এনে ফান্দত নপৰিম। কিন্তু যদি আমি সাৱধান নহওঁ, তেনেহʼলে আমি এনে ফান্দত ফচি যাব পাৰোঁ আৰু আমাৰ বহুতো লোকচান হʼব পাৰে।

ঠিক সেইদৰে আমাৰ অন্তৰত যি পাপ আছে ইয়ে আমাক ঠগিব পাৰে। ইয়ে আমাক বিশ্বাস দিব পাৰে যে যিহোৱাই আমাক প্ৰেম নকৰে। পাপে আমাক ইমানেই দুৰ্বল কৰিব পাৰে যে আমি কেৱল নিজৰ দুৰ্বলতা আৰু ভুলবোৰৰ বিষয়ে ভাবি থাকিব পাৰোঁ। সেইবাবে, আমি “পাপৰ ভুলোৱা শক্তিৰ” পৰা সাৱধান হোৱা উচিত আৰু ইয়াৰ কথাত ভুল যোৱা উচিত নহয়।

যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ থিৰাং কৰক

১৫-১৬. যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমি কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰোঁ আৰু কিয়? (২ চমূৱেল ২২:২৬)

১৫ যিহোৱাই আমাক নিৰ্ণয় লোৱাৰ স্বাধীনতা দিছে আৰু আমি তেওঁত “আসক্ত” হৈ থকাটো তেওঁ বিচাৰে। (দ্বিতী. ৩০:১৯, ২০) যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱা আমাৰ বিশ্বাসী হৈ থাকিব। (২ চমূৱেল ২২:২৬, IRV পঢ়ক।) মনত ৰাখক যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে যিয়ে সমস্যা নাহক কিয় তেওঁ আমাক চম্ভালিব।

১৬ এই লেখত আমি এনে কথাবোৰৰ বিষয়ে আলোচনা কৰিলোঁ যিবোৰে ধুমুহাৰ নিচিনা সমস্যাৰ সময়ত লংগৰৰ দৰে আমাক চম্ভালি ৰাখে। আমি জানোঁ যে যিহোৱাই আমাক প্ৰেম কৰে আৰু সদায় আমাক সহায় কৰিব। এয়া বাইবেলৰ এটা গুৰুত্বপূৰ্ণ সত্যতা হয়। সেইবাবে, যদি কেতিয়াবা আপোনাৰ সন্দেহ হয় যে যিহোৱাই আপোনাক প্ৰেম নকৰে, তেনেহʼলে মনত ৰাখক যদিও আপোনাৰ এইদৰে অনুভৱ হৈছে কিন্তু এয়া সঁচা নহয়। আহক আমি বাইবেলৰ এই সত্যতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখোঁ যে যিহোৱাৰ অটুট প্ৰেম চিৰকাললকৈ থাকে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই আমাক প্ৰেম কৰে, এই সত্যতা মনত ৰাখিলে আমাৰ কি লাভ হʼব পাৰে?

  • পাপী হোৱাৰ বাবে আমি কিয় যিহোৱাৰ প্ৰেমৰ ওপৰত সন্দেহ কৰিব পাৰোঁ?

  • যিহোৱাই আমাক প্ৰেম নকৰে, এই সন্দেহ আমি কেনেকৈ দূৰ কৰিব পাৰোঁ?

গীত নং ১৫৯ যিহোৱাক মহিমা দিয়া

a কিছুমান বাইবেলত অটুট প্ৰেমক দয়া বুলি অনুবাদ কৰা হৈছে। সেইবাবে, এই লেখত যেতিয়া দয়া শব্দটো আহে, তেতিয়া ইয়াৰ অৰ্থ হৈছে অটুট প্ৰেম।

b দ্বিতীয় বিবৰণ ৩১:৮, গীতমালা ৯৪:১৪ আৰু যিচয়া ৪৯:১৫ পদৰ দৰে আন পদবোৰৰ পৰাও জানিব পাৰি যে যিহোৱাই আমাক প্ৰেম কৰে।

c ছবিৰ বিষয়: এজন ভায়ে প্ৰাৰ্থনা কৰি আছে। তেওঁ যিহোৱাক সহায় কৰিবলৈ কৈছে যাতে তেওঁ নিজৰ বেমাৰী পত্নীৰ ভালদৰে চোৱা-চিতা কৰিব পাৰে, ভাবি-চিন্তি টকা-পইচা খৰচ কৰিব পাৰে আৰু নিজৰ ছোৱালীজনীক তেওঁৰ বিষয়ে ভালদৰে শিকাব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক