অধ্যয়নৰ লেখ ৩৭
গীত নং ১১৪ “ধৈৰ্য ধৰা”
অন্যায় হʼলে কি কৰিম?
‘তেওঁ ন্যায়লৈ বাট চাই আছিল, কিন্তু চোৱা, অন্যায়হে ঘটিল।’—যিচ. ৫:৭.
কি শিকিম?
আমি শিকিম যে যেতিয়া আনৰ লগত অন্যায় হৈ থকাটো যীচুৱে দেখিলে, তেতিয়া তেওঁ কি কৰিলে আৰু আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ।
১-২. অন্যায়ৰ বাবে লোকসকলে কি কৰে আৰু এনে পৰিস্থিতিত আমি কি ভাবিব পাৰোঁ?
আজি বহুতো লোকৰ লগত অন্যায় হয়। তেওঁলোকৰ জাতি, ভাষা আৰু ৰং-ৰূপক লৈ পক্ষপাত কৰা হয়। দুখীয়া লোকসকলৰ লগত বেয়া ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও লুভীয়া বেপাৰী আৰু নেতাসকলে কেৱল নিজৰ লাভৰ বিষয়ে চিন্তা কৰে। তেওঁলোকৰ বাবে পৰিৱেশ আৰু লোকসকলৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰিব এই বিষয়ে তেওঁলোকে চিন্তাই নকৰে। আমি যʼতে নাথাকোঁ কিয় আমি সকলোৱে কিবা নহয় কিবা অন্যায় সহন কৰিবলগীয়া হয়।
২ কিন্তু আমি সকলোৱে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ আৰু লোকসকলে আমাৰ লগত ভালদৰে ব্যৱহাৰ কৰাটো বিচাৰোঁ। সেইবাবে, যেতিয়া লোকসকলৰ লগত অন্যায় হয় বা তেওঁলোকে আনৰ লগত এইদৰে হোৱাটো দেখে, তেতিয়া তেওঁলোকে খঙত জ্বলি-পকি উঠে। তেওঁলোকে অন্যায়ৰ বিৰোধে মাত মাতে, আন্দোলন কৰে আৰু প্ৰতিবাদ কৰে। অথবা এনে ৰাজনৈতিক পাৰ্টীবোৰক সমৰ্থন কৰে, যিসকলে অন্যায় শেষ কৰাৰ দাবী কৰে। কিন্তু আমি তেওঁলোকৰ দৰে নহওঁ। কাৰণ আমি “জগতৰ নহওঁ।” আমি ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰোঁ, যি সকলো ধৰণৰ অন্যায় শেষ কৰি দিব। (যোহ. ১৭:১৬) কিন্তু আমি যেতিয়া আনৰ লগত অন্যায় হোৱা দেখোঁ, তেতিয়া আমি চিন্তিত হৈ পৰিব পাৰোঁ বা আমাৰ খং উঠিব পাৰে। এনে পৰিস্থিতিত হয়তো আমি ভাবিব পাৰোঁ, ‘মই কি কৰা উচিত? মই তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?’ এই প্ৰশ্নবোৰৰ উত্তৰ জনাৰ আগতে আহক আমি চাওঁ যে অন্যায়ৰ বিষয়ে যিহোৱা আৰু যীচুৱে কেনে অনুভৱ কৰে।
যিহোৱা আৰু যীচুৱে অন্যায়ক ঘিণ কৰে
৩. অন্যায় হʼলে আমি কিয় চিন্তিত হৈ পৰোঁ? (যিচয়া ৫:৭)
৩ যেতিয়া অন্যায় হয়, তেতিয়া আমি চিন্তিত হৈ পৰোঁ। কিয় বাৰু? ইয়াৰ কাৰণ বাইবেলত লিখা আছে। তাত লিখা আছে যে ঈশ্বৰে আমাক নিজৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিছে আৰু “তেওঁ ধাৰ্ম্মিকতা আৰু ন্যায় বিচাৰ ভাল পায়।” (গীত. ৩৩:৫; আদি. ১:২৬) তেওঁ কাৰো লগত অন্যায় নকৰে আৰু কাৰো লগত এইদৰে হোৱাটোও নিবিচাৰে। (দ্বিতী. ৩২:৩, ৪; মীখা ৬:৮; জখ. ৭:৯) ভৱিষ্যবক্তা যিচয়াৰ সময়ছোৱাত কিছুমান ইস্ৰায়েলীৰ লগত তেওঁলোকৰ আপোন লোকসকলে বেয়া ব্যৱহাৰ কৰিছিল। তেতিয়া ঈশ্বৰে তেওঁলোকৰ দুখেৰে “চিঞৰ-বাখৰ” কৰি থকাটো শুনিলে। (যিচয়া ৫:৭ পঢ়ক।) ইয়াৰ উপৰিও যি লোকসকলে যিহোৱাৰ নিয়ম বাৰে বাৰে উলংঘন কৰিছিল আৰু তেওঁৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল, তেওঁলোককো যিহোৱাই শাস্তি দিলে।—যিচ. ৫:৫, ১৩.
৪. যেতিয়া কাৰোবাৰ লগত অন্যায় হয়, তেতিয়া যীচুৰ কেনেকুৱা লাগে? (ছবিখনো চাওক।)
৪ যিহোৱাৰ দৰে যীচুৱেও ন্যায়ক বহুত প্ৰেম কৰে আৰু সকলো ধৰণৰ অন্যায়ক ঘৃণা কৰে। যেতিয়া তেওঁ পৃথিৱীত আছিল, তেতিয়া এবাৰ তেওঁ এনে এজন মানুহক দেখিছিল যিজনৰ হাতখন শুকাই গৈছিল। তেওঁক দেখি যীচুৰ বহুত দুখ লাগিল আৰু তেওঁ সেই মানুহজনক সুস্থ কৰিলে। কিন্তু ধৰ্ম গুৰুসকলে বহুত খং কৰিলে। তেওঁলোকে ভাবিবলৈ ধৰিলে যে যীচুৱে বিশ্ৰাম-বাৰৰ নিয়ম কেনেকৈ উলংঘন কৰিব পাৰে। সঁচাকৈ, ধৰ্ম গুৰুসকলে বহুত নিৰ্দয়ী আছিল। তেওঁলোকে এই কথালৈ মনেই কৰা নাছিল যে সেই মানুহজন সুস্থ হৈ পৰিল। তেতিয়া যীচুৰ কেনেকুৱা লাগিল? বাইবেলত লিখা আছে, “তেওঁলোকৰ হৃদয়ৰ কঠোৰতা দেখি যীচুৰ বহুত দুখ লাগিল।”—মাৰ্ক ৩:১-৬.
যিহূদী ধৰ্ম গুৰুসকলে অত্যাচাৰ সহন কৰা লোকসকলক দয়া দেখুৱা নাছিল, কিন্তু যীচু তেওঁলোক দৰে নাছিল (অনুচ্ছেদ ৪ চাওক)
৫. অন্যায় হৈ থকা দেখিলে যেতিয়া আমাৰ খং উঠে, তেতিয়া আমি কি কথা মনত ৰখা উচিত?
৫ আমি দেখিলোঁ যে যেতিয়া লোকসকলৰ লগত অন্যায় হয়, তেতিয়া যিহোৱা আৰু যীচুৰ বহুত খং উঠে। সেইবাবে, অন্যায় হৈ থকা দেখি যদি আমাৰ খং উঠে, তেনেহʼলে তাত কোনো ভুল নাই। কিন্তু আমি নিজৰ খং নিয়ন্ত্ৰণ কৰা উচিত। (ইফি. ৪:২৬) আমি মনত ৰখা উচিত যে আমি অন্যায় শেষ কৰিব নোৱাৰোঁ। আনকি আমি যদি খং পুহি ৰাখোঁ, তেনেহʼলে আমি নিৰাশ আৰু বেমাৰ হৈ পৰিম। (গীত. ৩৭:১, ৮; যাকো. ১:২০) গতিকে অন্যায় হৈ থকা দেখিলে আমি কি কৰা উচিত? ইয়াৰ বিষয়ে আমি যীচুৰ পৰা বহুতো কথা শিকিব পাৰোঁ।
অন্যায় হোৱা দেখি যীচুৱে কি কৰিলে?
৬. যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া লোকসকলৰ লগত কেনেধৰণৰ অন্যায় হৈ আছিল? (ছবিখনো চাওক।)
৬ যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ লোকসকলৰ লগত অন্যায় হোৱাটো দেখিছিল। ধৰ্ম গুৰুসকলে কেনেকৈ লোকসকলক অত্যাচাৰ কৰি আছে আৰু তেওঁলোকৰ জীয়াই থকাটো কঠিন কৰি তুলিছে সেয়া যীচুৱে দেখিছিল। (মথি ২৩:২-৪) ৰোমান অধিকাৰীসকলে লোকসকলৰ লগত কিমান বেয়া ব্যৱহাৰ কৰি আছে, সেয়াও যীচুৱে জানিছিল। সেইবাবে, বহুতো যিহূদীয়ে ৰোমান শাসনৰ পৰা মুকলি হʼব বিচাৰিছিল। কিছুমান যিহূদীয়ে তেওঁলোকৰ লগত যুঁজিবলৈ গোট বনাই লৈছিল। কিন্তু যীচুৱে কোনো উপায়েৰে তেওঁলোকক সহযোগ নকৰিলে। যেতিয়া তেওঁ গʼম পালে যে লোকসকলে তেওঁক ৰজা পাতিব বিচাৰিছে, তেতিয়া তেওঁ তাৰ পৰা ওলাই গুচি গʼল।—যোহ. ৬:১৫.
যেতিয়া লোকসকলে যীচুক ৰজা পাতিব বিচাৰিছিল, তেতিয়া তেওঁ তাৰ পৰা গুচি গʼল (অনুচ্ছেদ ৬ চাওক)
৭-৮. পৃথিৱীত থকাৰ সময়ত যীচুৱে অন্যায় শেষ কৰিবলৈ কিয় চেষ্টা নকৰিলে? (যোহন ১৮:৩৬)
৭ যীচুৱে অন্যায় শেষ কৰিবলৈ ৰাজনীতিত ভাগ লোৱা নাছিল। তেওঁ জানিছিল যে মানুহৰ ওচৰত শাসন কৰাৰ অধিকাৰ আৰু দক্ষতা নাই। (গীত. ১৪৬:৩; যিৰি. ১০:২৩) ইয়াৰ উপৰিও তেওঁ জানিছিল যে মানুহে অন্যায় সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰে। কিয় বাৰু? কাৰণ এই জগতত চয়তানে শাসন কৰি আছে, যি বহুত নিৰ্দয়ী আৰু তাৰ বাবে এই পৃথিৱীত অন্যায় ভৰি পৰিছে। (যোহ. ৮:৪৪; ইফি. ২:২) ইয়াৰ উপৰিও আমি অসিদ্ধ হওঁ, সেইবাবে এজন মানুহৰ উদ্দেশ্য যিমানেই ভাল নহওক কিয় তেওঁ সকলোৰে লগত সদায় ন্যায় কৰিব নোৱাৰে।—উপ. ৭:২০.
৮ যীচুৱে জানিছিল যে ঈশ্বৰৰ ৰাজ্যই সকলো ধৰণৰ অন্যায় সম্পূৰ্ণৰূপে শেষ কৰিব পাৰিব। সেইবাবে, তেওঁ নিজৰ সময় আৰু শক্তি “ৰাজ্যৰ শুভবাৰ্তা” শুনোৱাত লগালে। (লূক ৮:১) তেওঁ ‘ভাল কাম কৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰা’ লোকসকলক আশ্বাস দিলে যে সকলো ধৰণৰ অন্যায় আৰু ভ্ৰষ্টাচাৰ শেষ কৰি দিয়া হʼব। (মথি ৫:৬ অধ্যয়ন নোট (হিন্দী); লূক ১৮:৭, ৮) কিন্তু সেয়া কোনো সংগঠন বা সমাজ শুধৰণি কৰা আন্দোলনৰ যোগেদি নহʼব, ঈশ্বৰৰ ৰাজ্যৰ যোগেদিহে হʼব। এই ৰাজ্য এই জগতৰ নহয়।—যোহন ১৮:৩৬ পঢ়ক।
যীচুৰ দৰে আপুনি কি কৰিব পাৰে?
৯. কেৱল ঈশ্বৰৰ ৰাজ্যই সকলো ধৰণৰ অন্যায় শেষ কৰিব বুলি আপুনি কিয় বিশ্বাস কৰে?
৯ যীচুৰ সময়ত যিমান অন্যায় হৈ আছিল, তাতকৈও বেছি আজি এই “শেষ কালত” হৈ আছে। কিন্তু অন্যায়ৰ কাৰণ আজিও একে। চয়তান আৰু তাৰ কথাত চলা অসিদ্ধ লোকসকল। (২ তীম. ৩:১-৫, ১৩; প্ৰকা. ১২:১২) যীচুৰ দৰে আমিও জানোঁ যে ঈশ্বৰৰ ৰাজ্যই সকলো ধৰণৰ অন্যায় একেবাৰে শেষ কৰি দিব আৰু আমি সেই ৰাজ্যক সম্পূৰ্ণৰূপে সহযোগ কৰোঁ। সেইবাবে, আমি কোনো ধৰণৰ আন্দোলনত ভাগ নʼলওঁ, আমি প্ৰতিবাদ নকৰোঁ আৰু এনে সংগঠনকো সহযোগ নকৰোঁ, যি অন্যায় শেষ কৰাৰ দাবী কৰে। ষ্টেচীৰ উদাহৰণলৈ মন কৰক।a সত্য শিকাৰ আগতে তাই প্ৰায় এনে আন্দোলনবোৰত ভাগ লৈছিল, যি সমাজ শুধৰণিৰ বাবে ৰখা হৈছিল। কিন্তু তাই মনতে ভাবিছিল জানোঁ! এইবোৰৰ কিবা লাভ হʼব নে নহয়। তাই কৈছে, “যেতিয়া মই আন্দোলনত গৈছিলোঁ, তেতিয়া ভাবিছিলোঁ যে মই যি কৰি আছোঁ, জানোঁ সেয়া সঠিক হয় নে নহয়। কিন্তু এতিয়া মই ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মই একেবাৰে সঠিক কৰি আছোঁ। মই জানোঁ যে আজি যিহোৱাই অন্যায়ক সহন কৰা লোকসকলক ন্যায় দিব, যি মই কেতিয়াও কৰিব নোৱাৰিলোঁ হয়।”—গীত. ৭২:১, ৪.
১০. সমাজ শুধৰণিৰ বাবে চলোৱা আন্দোলনবোৰত ভাগ লোৱাটো কিয় যীচুৰ শিক্ষাৰ বিৰোধে হয়? (মথি ৫:৪৩-৪৮) (ছবিখনো চাওক।)
১০ আজি বহুতো লোকে সমাজ শুধৰণি আন্দোলনত ভাগ লয়। কিন্তু প্ৰায়ে দেখিবলৈ পোৱা যায় যে এই আন্দোলনবোৰত লোকসকলে খঙত জ্বলি-পকি উঠে। তেওঁলোকে আইনক নিজৰ হাতত লৈ লয় আৰু লোকসকলক হানি কৰে। (ইফি. ৪:৩১) জেফ্ৰী নামৰ এজন ভায়ে কৈছে, “যেতিয়া লোকসকলে ধৰ্ণাত বহে, তেতিয়া এয়া দেখাত এনে লাগে যেন সকলোবোৰ শান্তিৰে চলি আছে। কিন্তু কেতিয়া লোকসকল খঙত জ্বলি-পকি উঠিব, বস্তুবোৰ ভাঙিবলৈ আৰম্ভ কৰিব আৰু লুট-পাট কৰিবলৈ ধৰিব সেয়া কোনেও নাজানে।” কিন্তু যীচুৱে আমাক সকলোকে প্ৰেম কৰিবলৈ শিকাইছিল, যিসকলে আমাৰ লগত সন্মত নহয় বা আমাৰ বিৰোধ কৰে, তেওঁলোকৰ লগতো। (মথি ৫:৪৩-৪৮ পঢ়ক।) খ্ৰীষ্টান হোৱা হেতুকে যীচুৰ শিক্ষাৰ মতে চলিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।
নিৰপেক্ষ হৈ থাকিবলৈ আমাক সাহসৰ প্ৰয়োজন (অনুচ্ছেদ ১০ চাওক)
১১. নিৰপেক্ষ হৈ থকাটো আমাৰ বাবে কেতিয়া কঠিন হʼব পাৰে?
১১ আমি জানোঁ যে কেৱল ঈশ্বৰৰ ৰাজ্যইহে অন্যায় সদায়ৰ বাবে শেষ কৰিব। কিন্তু আমাৰ লগত যেতিয়া অন্যায় হয়, তেতিয়া যীচুৰ দৰে নিৰপেক্ষ হৈ থাকিবলৈ আৰু ঈশ্বৰৰ ৰাজ্যৰ ওপৰত ভৰসা কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। খন্তেকৰ বাবে ভনী জানিয়াৰ উদাহৰণলৈ মন কৰক। যেতিয়া তাইৰ ৰং-ৰূপক লৈ পক্ষপাত কৰা হʼল, তেতিয়া তাইৰো এইদৰেই অনুভৱ হʼল। তাই কৈছে, “মোৰ বহুত খং উঠিল আৰু দুখ লাগিল। যিসকলে মোৰ লগত পক্ষপাত কৰিছিল, তেওঁলোকে শাস্তি পোৱাটো মই বিচাৰিছিলোঁ। তাৰ পাছত মই এনে লোকসকলৰ লগত বন্ধুত্ব কৰিলোঁ, যিসকলে অন্যায়ৰ বিৰোধে মাত মাতে। এইদৰে কৰিলে মোৰ খং শান্ত হৈ যাব যেন মোৰ লাগিল।” তাৰ পাছত জানিয়াই অনুভৱ কৰিলে যে তাই নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব। তাই কৈছে, “মই আন লোকসকলৰ কথাত ভুল গৈছিলোঁ। মই যিহোৱাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে লোকসকলৰ ওপৰত ভৰসা কৰিবলৈ ধৰিছিলোঁ। মই ভাবিলোঁ যে সেই লোকসকলৰ লগত কোনো সম্পৰ্ক নাৰাখিম, যিসকলে আন্দোলন কৰে।” যেতিয়া আমাৰ লগত অন্যায় হয় বা আনৰ লগত অন্যায় হোৱা দেখোঁ, তেতিয়া আমাৰ খং উঠিব পাৰে। এনে পৰিস্থিতিত আমি নিজৰ খং নিয়ন্ত্ৰণ কৰা উচিত আৰু এনে কোনো সংগঠনক বা পাৰ্টীক সহযোগ কৰা উচিত নহয়, যিসকলে অন্যায় শেষ কৰাৰ দাবী কৰে।—যোহ. ১৫:১৯.
১২. আমি কি পঢ়োঁ, শুনো বা চাওঁ, তাৰ প্ৰতি আমি কিয় ধ্যান দিয়া উচিত?
১২ যদি অন্যায় চাই আমাৰ খং উঠে, তেনেহʼলে আমি নিজৰ মনক কেনেকৈ শান্ত কৰি ৰাখিব পাৰোঁ? আমি কিছুমান কথাৰ ওপৰত ধ্যান দিব পাৰোঁ। যেনে, আমি কি পঢ়োঁ, কি শুনোঁ আৰু কি চাওঁ। চʼচিয়েল মিডিয়াবোৰত সৰু সৰু কথাক বহলাই কোৱা হয় আৰু লোকসকলক অন্যায়ৰ বিৰোধে মাত মাতিবলৈ উৎসাহিত কৰা হয়। ইয়াৰ উপৰিও বাতৰিবোৰত প্ৰায় এনে খবৰবোৰ দেখুৱা হয়, যি এফলীয়া হয়। হয়তো কোনো এটা ঘটনা সঁচা হয়, কিন্তু তাৰ বিষয়ে ভাবি থাকিলে কিবা লাভ হʼব নে? যদি আমি সেই খবৰবোৰৰ বিষয়ে ভাবি থাকোঁ, তেনেহʼলে আমি এনেই চিন্তিত হʼম বা নিৰাশ হৈ পৰিম। (হিতো. ২৪:১০) আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভাবিবলৈ বন্ধ কৰি দিম, যি সকলো ধৰণৰ অন্যায় শেষ কৰি দিব, ইয়াতকৈ বেয়া আৰু একো হʼব নোৱাৰে।
১৩. সদায় বাইবেল পঢ়িলে আমি কেনেকৈ অন্যায় হʼলে সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰিম?
১৩ যদি আমি প্ৰতিদিনে বাইবেল পঢ়োঁ আৰু তাৰ ওপৰত মনন কৰোঁ, তেনেহʼলে আমি অন্যায়ৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰিম। ভনী আলিয়াৰ উদাহৰণলৈ মন কৰক। যেতিয়া তাই দেখিলে যে তাইৰ আশে-পাশে থকা লোকসকলৰ লগত কিছুমান লোকে বেয়া ব্যৱহাৰ কৰিছে, তেতিয়া তাই বহুত চিন্তিত হৈ পৰিল। কিন্তু অত্যাচাৰ কৰা লোকসকলক কোনো শাস্তি দিয়া নহʼল, এয়া চাই তাইৰ বহুত খং উঠিল। তাই কৈছে, “মই বহি চিন্তা কৰিলোঁ যে মই সঁচাকৈ বিশ্বাস কৰোঁ নে যে যিহোৱাই সকলো সমস্যা ঠিক কৰি দিব। তাৰ পাছত মই ইয়োব ৩৪:২২-৩০ পঢ়িলোঁ। সেই পদবোৰৰ পৰা মোৰ মনত পৰিল যে কোনো মানুহে যিহোৱাৰ পৰা লুকাই থাকিব নোৱাৰে। যিহোৱাই সঠিক ন্যায় কৰিব আৰু সকলোবোৰ ঠিক কৰি দিব।” আমিও ঈশ্বৰৰ ৰাজ্যৰ বাবে অপেক্ষা কৰি আছোঁ, যেতিয়া সকলোৱে ন্যায় পাব। কিন্তু অন্যায় হʼলে আজি আমি কি কৰিব পাৰোঁ?
অন্যায় হʼলে আমি কি কৰিব পাৰোঁ?
১৪. আমি অন্যায় ৰখাব নোৱাৰোঁ, কিন্তু আমি নিজৰ ফালৰ পৰা কি কৰিব পাৰোঁ? (কলচীয়া ৩:১০, ১১)
১৪ আমি আনক অন্যায় কৰাৰ পৰা ৰখাব নোৱাৰোঁ। কিন্তু আমি ধ্যান দিব পাৰোঁ যে আমি আনৰ লগত কি দৰে ব্যৱহাৰ কৰোঁ। যেনে, আমি আগতে শিকিছিলোঁ যে আমি যীচুৰ দৰে আনক প্ৰেম কৰা উচিত। যদি আমি লোকসকল প্ৰেম কৰিম, তেনেহʼলে আমি তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰিম, সেই লোকসকলৰ লগতো যিসকলে আমাৰ ওপৰত অত্যাচাৰ কৰে। (মথি ৭:১২; ৰোম. ১২:১৭) যেতিয়া যিহোৱাই চাই যে আমি সকলোকে প্ৰেম কৰোঁ আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয়—কলচীয়া ৩:১০, ১১ পঢ়ক।
১৫. আনক বাইবেলৰ সত্যতা শিকালে কি লাভ হʼব?
১৫ অন্যায়ৰ বাবে বহুতো লোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে। এনে লোকসকলক সহায় কৰাৰ এটা উত্তম উপায় হৈছে, তেওঁলোকক যিহোৱাৰ বিষয়ে শিকোৱা। আমি এইদৰে কিয় কʼব পাৰোঁ? কাৰণ ‘যিহোৱাৰ জ্ঞানেৰে পৰিপূৰ্ণ’ এজন ব্যক্তি নিজকে সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। হয়তো এজন ব্যক্তিয়ে আগতে বহুত নিষ্ঠুৰ আছিল আৰু হাই-কাজিয়া কৰিছিল। কিন্তু বাইবেলৰ সত্যতা শিকাৰ পাছত, তেওঁ এজন মৰমীয়াল আৰু শান্ত স্বভাৱৰ ব্যক্তি হʼব পাৰে। (যিচ. ১১:৬, ৭, ৯) জমাল নামৰ এজন ভাই উদাহৰণলৈ মন কৰক। সত্য শিকাৰ আগতে তেওঁ এনে এটা গোটৰ লগত জড়িত হৈ আছিল, যি চৰকাৰৰ বিৰোধে যুঁজিছিল। তেওঁ ভাবিছিল যে চৰকাৰে লোকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে। কিন্তু তেওঁ বাইবেলৰ পৰা যি শিকিছিল, তাৰ বাবে তেওঁ চৰকাৰৰ বিৰোধে যুঁজিবলৈ এৰি দিলে। তেওঁ কৈছে, “আপুনি লোকসকলক জোৰ-জবৰদস্তি সলনি কৰিব নোৱাৰে। কিন্তু বাইবেলৰ সত্যতা শিকিলে তেওঁলোক সলনি হʼব পাৰে। ময়ো ইয়াৰ বাবেই সলনি হৈছোঁ।” জমালৰ দৰে যিমান বেছি লোকসকলে বাইবেলৰ সত্য শিকি নিজকে সলনি কৰিব, সিমানে অন্যায় কমিবলৈ ধৰিব।
১৬. আপুনি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক কিয় জনাব বিচাৰে?
১৬ যীচুৰ দৰে আমিও লোকসকলক জনাব বিচাৰোঁ যে কেৱল ঈশ্বৰৰ ৰাজ্যইহে অন্যায় সদায়ৰ বাবে শেষ কৰিব। এই আশাৰ বাবে আজি যিসকল লোকে অন্যায় সহন কৰি আছে, তেওঁলোকে সাহস পাব পাৰে। (যিৰি. ২৯:১১) আগত উল্লেখ কৰা ভনী ষ্টেচীয়ে কৈছে, “মই বহুতো লোকৰ লগত অন্যায় হোৱা দেখিছোঁ আৰু ময়ো অন্যায় সহন কৰিছোঁ। কিন্তু বাইবেলৰ সত্যতা জনাৰ বাবে মই এইবোৰ সহ্য কৰিব পাৰিলোঁ। যিহোৱাই বাইবেলৰ যোগেদি মোক শান্ত্বনা দিলে।” যদি আপুনি লোকসকলক শান্ত্বনা দিব বিচাৰে আৰু জনাব বিচাৰে যে অন্যায় কেনেকৈ শেষ হʼব, তেনেহʼলে ইয়াৰ বাবে আপুনি ভালদৰে তৈয়াৰি কৰিব লাগিব। যিমান বেছি আপুনি বাইবেল পঢ়িব, সিমানেই আপোনাৰ বিশ্বাস বাঢ়িব যে আজি চাৰিওফালে যি অন্যায় হৈ আছে, সেইবোৰ এদিন শেষ হৈ যাব। পাছত যেতিয়া স্কুলত আৰু কাম কৰা ঠাইত ইয়াৰ বিষয়ে লোকসকলে কথা পাতে, তেতিয়া আপুনি ভালদৰে বুজাব পাৰিব যে দুখ-কষ্ট কিয় আছে আৰু যিহোৱাই এইবোৰ কেনেকৈ শেষ কৰিব।b
১৭. আজি অন্যায় সহন কৰিবলৈ যিহোৱাই কেনেকৈ আমাক সহায় কৰে?
১৭ আমি জানোঁ যে চয়তান ‘এই জগতৰ শাসক’ হয় আৰু যেতিয়ালৈকে তাক “বাহিৰ” কৰি দিয়া নহয়, তেতিয়ালৈকে আমি অন্যায় সহন কৰিব লাগিব। (যোহ. ১২:৩১) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি সহায়হীন আৰু আমাৰ ওচৰত কোনো আশা নাই। জগতত কিয় ইমান অন্যায় হৈছে যিহোৱাই বাইবেলৰ যোগেদি কেৱল এয়া জনাইছে এনে নহয়, ইয়াৰ লগতে আমি যেতিয়া সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া তেওঁৰ কেনে লাগে তেওঁ সেয়াও জনাইছে। (গীত. ৩৪:১৭-১৯) ইয়াৰ উপৰিও নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি তেওঁ শিকাইছে যে অন্যায় হʼলে আমি কি কৰা উচিত আৰু তেওঁ নিজৰ ৰাজ্যৰ যোগেদি কেনেকৈ অন্যায় সদায়ৰ বাবে শেষ কৰিব। (২ পিত. ৩:১৩) আহক আমি উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা লোকসকলক জনাই থাকোঁ আৰু সেই সময়ৰ বাবে বাট চাই থাকোঁ, যেতিয়া গোটেই পৃথিৱীত ‘সুবিচাৰ আৰু ধাৰ্ম্মিকতা’ বাস কৰিব।—যিচ. ৯:৭.
গীত নং ১৫৮ ‘দেৰি নহʼব!’
a কিছুমান নাম সলনি কৰা হৈছে।
b লোকসকলক প্ৰেম কৰক আৰু শিকাওক নামৰ ব্ৰচাৰখনৰ আন কিছুমান পৰামৰ্শ—ক ভাগ ২৪-২৭ চাওক।