অধ্যয়নৰ লেখ ৪২
গীত নং ৪৪ নিৰাশাত ভুগি থকা জনৰ প্ৰাৰ্থনা
মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক
“ মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, “হে যিহোৱা, মোক উত্তৰ দিয়া।”—গীত. ১১৯:১৪৫.
কি শিকিম?
বাইবেলত লিখা যিহোৱাৰ সেৱকসকলৰ প্ৰাৰ্থনাৰ পৰা আমি কি শিকিব পাৰোঁ?
১-২. (ক) কি কি কথাই আমাক যিহোৱালৈ মন খুলি প্ৰাৰ্থনা কৰিবলৈ বাধা দিব পাৰে? (খ) যিহোৱাই আমাৰ প্ৰাৰ্থনা মনোযোগেৰে শুনে বুলি আমি কিয় কʼব পাৰোঁ?
আপুনি বাৰে বাৰে একেধৰণৰ প্ৰাৰ্থনা কৰে বা হৃদয়েৰে প্ৰাৰ্থনা নকৰে বুলি আপোনাৰ অনুভৱ হয় নে? যদি হয়, তেনেহʼলে নিৰাশ নহʼব। কেৱল আপুনিয়েই এইদৰে অনুভৱ নকৰে। আমি সকলোৱে ব্যস্ততাৰ জীৱন-যাপন কৰোঁ আৰু এনে পৰিস্থিতিত আমি প্ৰাৰ্থনা কৰিবলৈ বেছি সময় উলিয়াব নোৱাৰোঁ। অথবা কিবা কাৰণৰ বাবে আমি প্ৰাৰ্থনা কৰাৰ যোগ্য নহয় বুলি ভাবিব পাৰোঁ। সেইবাবে, আমাক মন খুলি প্ৰাৰ্থনা কৰিবলৈ কঠিন লাগিব পাৰে।
২ বাইবেলত কোৱা হৈছে যে যিহোৱাই এই কথাৰ ওপৰত ধ্যান নিদিয়ে যে আমি কিমান দীঘলীয়া প্ৰাৰ্থনা কৰিছোঁ। তাৰ পৰিৱৰ্তে আমি কিমান হৃদয়েৰে প্ৰাৰ্থনা কৰিছোঁ, তাৰ প্ৰতি তেওঁ ধ্যান দিয়ে। বাইবেলত লিখা আছে যে তেওঁ “নম্ৰবিলাকৰ যাচ্না” শুনে। (গীত. ১০:১৭) যিহোৱাই আমাৰ বিষয়ে বহুত চিন্তা কৰে। সেইবাবে, যেতিয়া আমি তেওঁলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আমাৰ প্ৰতিটো কথা মনোযোগেৰে শুনে।—গীত. ১৩৯:১-৩.
৩. এই লেখত আমি কি কি প্ৰশ্নৰ উত্তৰ পাম?
৩ আমি হয়তো ভাবিব পাৰোঁ: আমি কিয় মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ? এইদৰে কৰিবলৈ আমি কি কৰিব পাৰোঁ? বাইবেলত লিখা প্ৰাৰ্থনাবোৰৰ ওপৰত মনন কৰিলে আমি কেনেকৈ সহায় পাব পাৰোঁ? যেতিয়া আমি বহুত চিন্তিত হৈ পৰোঁ আৰু প্ৰাৰ্থনাত কি কʼম বুজি নাপাওঁ, তেতিয়া আমি কি কৰিব পাৰোঁ? আহক এই চাৰিটা প্ৰশ্নৰ উত্তৰ চাওঁ।
যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ সংকোচ নকৰিব
৪. কি কথা মনত ৰাখিলে আমি প্ৰাৰ্থনা কৰিবলৈ সংকোচ নকৰিম? (গীতমালা ১১৯:১৪৫)
৪ যেতিয়া আমি এই কথা বুজি পাওঁ যে যিহোৱা আমাৰ ভাল বন্ধু হয় আৰু তেওঁ আমাৰ ভাল হোৱাটো বিচাৰে, তেতিয়া আমি তেওঁলৈ প্ৰাৰ্থনা কৰিবলৈ সংকোচ নকৰিম। গীতমালা ১১৯-ৰ লেখকেও এইদৰেই কৰিলে। তেওঁৰ জীৱনত এটাৰ পাছত এটা বহুতো সমস্যা আহিছিল। কিছুমান লোকে তেওঁৰ বিষয়ে মিছা কথা কৈছিল। (গীত. ১১৯:২৩, ৬৯, ৭৮) তেওঁৰ পৰা কিছুমান ভুলো হৈছিল, সেইবাবে তেওঁ নিৰাশ হৈ পৰিছিল। (গীত. ১১৯:৬৭) কিন্তু তেওঁ যিহোৱাক নিজৰ বন্ধু বুলি ভাবিছিল। সেইবাবে, তেওঁ প্ৰাৰ্থনাত নিজৰ মনৰ সকলো কথা যিহোৱাক খুলি কৈছিল।—গীতমালা ১১৯:১৪৫ পঢ়ক।
৫. যেতিয়া আমি ভুল কৰাৰ বাবে লাজ অনুভৱ কৰোঁ, তেতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ কিয় সংকোচ কৰা উচিত নহয়? উদাহৰণ দিয়ক।
৫ ডাঙৰ ডাঙৰ পাপ কৰা লোকসকলেও যিহোৱালৈ মন খুলি প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। (যিচ. ৫৫:৬, ৭) সেইবাবে, আমাৰ ভুল চিন্তাধাৰাই আমাক প্ৰাৰ্থনা কৰিবলৈ বাধা দিয়াটো উচিত নহয়। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। কল্পনা কৰক, এজন মানুহ জংগলত হেৰাই গৈছে আৰু তেওঁ এনে এজন ব্যক্তিক দেখা পায়, যিজনে তেওঁক বাট দেখুৱাব পাৰে। কিন্তু তেওঁ লাজ পাম বুলি তেওঁৰ সহায় লʼবলৈ সংকোচ কৰিব নে? নহয়। ঠিক সেইদৰে যেতিয়া আমাৰ পৰা কিবা পাপ হৈ যায় বা আমি কি কৰিম বুজি নাপাওঁ, তেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও সংকোচ কৰা উচিত নহয়।—গীত. ১১৯:২৫, ১৭৬.
মন খুলি প্ৰাৰ্থনা কৰিবলৈ কি কৰিম?
৬-৭. যিহোৱাৰ গুণবোৰৰ বিষয়ে মনন কৰিলে আমি কেনেকৈ মন খুলি প্ৰাৰ্থনা কৰিব পাৰোঁ? এটা উদাহৰণ দিয়ক। (ফুটনোটো চাওক।)
৬ যেতিয়া আমি প্ৰাৰ্থনাত যিহোৱাক সকলো কথা খুলি কওঁ যে আমি কেনে অনুভৱ কৰিছোঁ আৰু কি চিন্তা কৰিছোঁ, তেতিয়া আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰোঁ। গতিকে মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ আমি কি কৰিব পাৰোঁ?
৭ যিহোৱাৰ গুণবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক।a যিমানেই বেছি আমি যিহোৱাৰ গুণবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিম, সিমানেই আমি তেওঁক মন খুলি প্ৰাৰ্থনা কৰিব পাৰিম। (গীত. ১৪৫:৮, ৯, ১৮) ভনী ক্ৰীষ্টিনৰ উদাহৰণলৈ মন কৰক। তাইৰ দেউতাই তাইক বহুত খং কৰিছিল আৰু তাইক মাৰ-পিট কৰিছিল। তাই এইদৰে কৈছে, “যিহোৱাক নিজৰ পিতৃ বুলি মানি লʼবলৈ আৰু তেওঁক প্ৰাৰ্থনা কৰিবলৈ মোৰ বাবে সহজ নাছিল। মই ভাবিছিলোঁ মোৰ ইমানেই দুৰ্বলতা আছে যে যিহোৱাই মোক কেতিয়াও প্ৰেম নকৰিব।” কি কথাই ভনীক সহায় কৰিলে? তাই কৈছে, “মই যিহোৱাৰ অটুট প্ৰেমৰ বিষয়ে চিন্তা কৰিলোঁ, ইয়াৰ পৰা মোৰ বিশ্বাস হʼল যে তেওঁ মোক প্ৰেম কৰে। মই জানোঁ যে তেওঁ মোৰ হাত কেতিয়াও নেৰিব। যদি মই পৰি যাওঁ বা মোৰ পৰা কিবা ভুল হৈ যায়, তেনেহʼলে তেওঁ মোক মৰমেৰে উঠাব। এতিয়া তেওঁৰ লগত কথা পাতিবলৈ মোৰ বাবে সহজ হৈ পৰিছে। মই মোৰ সুখ-দুখ সকলো কথা যিহোৱাক খুলি জনাব পাৰোঁ।”
৮-৯. যেতিয়া আমি প্ৰাৰ্থনা কৰাৰ আগতে চিন্তা কৰোঁ যে আমি কি কʼম, তেতিয়া ইয়াৰ পৰা কি লাভ হয়? উদাহৰণ দিয়ক।
৮ চিন্তা কৰক যে আপুনি প্ৰাৰ্থনাত কি কʼব। প্ৰাৰ্থনা কৰাৰ আগতে এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক: যেনে, ‘মই কি কি সমস্যাৰ মাজেদি পাৰ হৈ আছোঁ? মই কাৰোবাক ক্ষমা কৰিবলগীয়া আছে নেকি? এনে কিবা পৰিস্থিতি আহিছে নেকি, যʼত মোক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে?’ (২ ৰাজা. ১৯:১৫-১৯) যীচুৱে যিবোৰ কথাৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, আমি সেই কথাবোৰৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। যেনে, আমি চিন্তা কৰিব পাৰোঁ যে যিহোৱাৰ নাম, তেওঁৰ ৰাজ্য আৰু তেওঁৰ ইচ্ছাৰ বিষয়ে আমি কি প্ৰাৰ্থনা কৰিম।—মথি ৬:৯, ১০.
৯ ভনী আলিস্কাৰ উদাহৰণলৈ মন কৰক। যেতিয়া তাই গʼম পালে যে তাইৰ স্বামীৰ ব্ৰেইন কেন্সাৰ হৈছে আৰু তেওঁ বেছি দিনলৈকে জীয়াই নাথাকিব, তেতিয়া তাই একেবাৰে ভাঙি পৰিল। ইয়াৰ বাবে তাই প্ৰাৰ্থনা কৰিব পৰা নাছিলে। সেই সময়খিনি মনত পেলাই তাই এইদৰে কৈছে, “মই ইমানেই চিন্তিত হৈ পৰিছিলোঁ যে কি কৰিম বুজিয়েই পোৱা নাছিলোঁ। যেতিয়া মই প্ৰাৰ্থনা কৰিবলৈ বহিছিলোঁ, তেতিয়া কি কʼম বুজি পোৱা নাছিলোঁ।” পাছত ভনীয়ে কি কৰিলে? তাই এইদৰে কৈছে, “মই কেৱল মোৰ বিষয়ে আৰু মোৰ স্বামীৰ বিষয়ে প্ৰাৰ্থনা কৰাটো বিচৰা নাছিলোঁ। সেইবাবে, মই প্ৰাৰ্থনা কৰাৰ আগতে চিন্তা কৰিবলৈ ধৰিলোঁ যে মই যিহোৱাক কি কʼম। এইদৰে কৰাৰ বাবে মোৰ মন শান্ত হৈছিল আৰু মই আন কথাবোৰৰ বিষয়ে প্ৰাৰ্থনা কৰিব পাৰিছিলোঁ।”
১০. আমি কিয় সময় লৈ আৰামেৰে প্ৰাৰ্থনা কৰা উচিত? (ছবিখনো চাওক।)
১০ সময় লৈ আৰামেৰে প্ৰাৰ্থনা কৰক। সৰুকৈ প্ৰাৰ্থনা কৰিলেও আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ। কিন্তু আমি সময় লৈ আৰামেৰে প্ৰাৰ্থনা কৰিলে আমাৰ মনৰ সকলো কথা যিহোৱাক জনাব পাৰিম।b ভনী আলিস্কাৰ স্বামী এলায়জাই এইদৰে কৈছে, “মই দিনত বহুবাৰ যিহোৱাৰ লগত কথা পাতোঁ আৰু সময় লৈ দীঘলীয়া প্ৰাৰ্থনা কৰোঁ। সেইবাবে, মই তেওঁৰ কাষ চাপিব পাৰিছোঁ। যিহোৱাই খৰ-খেদা নকৰে, তেওঁ আৰামেৰে আমাৰ কথা শুনে। সেইবাবে, আমি যিমান দেৰি বিচাৰোঁ, সিমান দেৰিলৈকে তেওঁৰ লগত কথা পাতিব পাৰোঁ।” এই ভাইৰ দৰে আপুনি কি কৰিব পাৰে? আপুনি এনে এটা ঠাই আৰু সময় বাছনি কৰিব পাৰে, যেতিয়া আপোনাৰ ধ্যান বিচলিত নহয় আৰু আপুনি আৰামেৰে যিহোৱাৰ লগত কথা পাতিব পাৰে। আপুনি জোৰেৰে তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰে। যদি আপুনি এইদৰে কৰি থাকে, তেনেহʼলে এনেদৰে প্ৰাৰ্থনা কৰাটো আপোনাৰ অভ্যাস হৈ পৰিব।
আপোনাৰ ধ্যান বিচলিত নোহোৱা এনে এটা ঠাই আৰু সময় বাছনি কৰক, যাতে আপুনি আৰামেৰে যিহোৱাৰ লগত কথা পাতিব পাৰে (অনুচ্ছেদ ১০ চাওক)
বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনাৰ পৰা শিকক
১১. বাইবেলত লিখা প্ৰাৰ্থনাবোৰৰ ওপৰত গভীৰভাৱে চিন্তা কৰিলে আমি কি শিকিব পাৰোঁ? (“আপুনিও তেওঁলোকৰ দৰে অনুভৱ কৰে নে?” নামৰ বক্সখনো চাওক।)
১১ বাইবেলত যিহোৱাৰ বহুতো সেৱকৰ প্ৰাৰ্থনা লিখা আছে। কিছুমান প্ৰাৰ্থনা গীতৰ দৰে লিখা আছে। যদি আমি এই প্ৰাৰ্থনাবোৰ পঢ়োঁ আৰু তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে ইয়াৰ পৰা আমি বহুতো কথা শিকিব পাৰিম। যেনে, আমি কেনেকৈ মন খুলি প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু কি কি মনমোহা শব্দেৰে যিহোৱাৰ প্ৰসংশা কৰিব পাৰোঁ, তাৰ বিষয়ে আমি শিকিব পাৰিম। আমি এনে কিছুমান লোকৰ প্ৰাৰ্থনা পাম, যিসকলে আমাৰ নিচিনা সমস্যাৰ মাজেদি পাৰ হৈছিল।
১২. বাইবেলত লিখা কাৰোবাৰ প্ৰাৰ্থনাৰ ওপৰত চিন্তা কৰাৰ সময়ত আপুনি নিজকে কি কি প্ৰশ্ন সুধিব পাৰে?
১২ যেতিয়া আপুনি বাইবেলত লিখা কাৰোবাৰ প্ৰাৰ্থনাৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপুনি নিজকে এই প্ৰশ্ন সুধিব পাৰে, ‘এই প্ৰাৰ্থনা কোনে কৰিছিল? তেওঁ কোনটো পৰিস্থিতিত আছিল? তেওঁ যিদৰে অনুভৱ কৰিছিল ময়ো সেইদৰে অনুভৱ কৰোঁ নে? মই এই প্ৰাৰ্থনাৰ পৰা কি শিকিব পাৰোঁ?’ এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ আপুনি হয়তো অনুসন্ধান কৰিবলগীয়া হʼব পাৰে। কিন্তু বিশ্বাস ৰাখক আপোনাৰ পৰিশ্ৰম ব্যৰ্থ নহʼব। এতিয়া আহক আমি যিহোৱাৰ চাৰিজন সেৱকৰ প্ৰাৰ্থনাৰ ওপৰত মন কৰোঁ।
১৩. প্ৰাৰ্থনাৰ বিষয়ে আমি হান্নাৰ পৰা কি শিকিব পাৰোঁ? (১ চমূৱেল ১:১০, ১১) ( ছবিখনো চাওক।)
১৩ প্ৰথম চমূৱেল ১:১০, ১১ পঢ়ক। যেতিয়া হান্নাই এই প্ৰাৰ্থনা কৰিছিল, তেতিয়া তাইৰ দুটা ডাঙৰ সমস্যা আছিল। প্ৰথম তাই বাঁজী আছিল আৰু দ্বিতীয় তাইৰ সতিনীয়ে তাইৰ জীয়াই থকাটো কঠিন কৰি তুলিছিল। (১ চমূ. ১:৪-৭) এনে পৰিস্থিতিত হান্নাই কি কৰিলে? তাই সময় উলিয়াই নিজৰ মনৰ সকলো কথা যিহোৱাক জনালে, তেতিয়া তাই শান্ত্বনা পালে। (১ চমূ. ১:১২, ১৮) আপুনিও এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে নে, যিয়ে আপোনাক বহুত আমনি কৰি আছে? যদি আপুনিও ‘যিহোৱাত নিজৰ ভাৰ সমৰ্পণ কৰে’ অৰ্থাৎ আপুনি কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে আৰু কেনে অনুভৱ কৰিছে তাৰ বিষয়ে খুলি জনায়, তেনেহʼলে আপুনিও শান্ত্বনা পাব।—গীত. ৫৫:২২.
হান্না বাঁজী আছিল আৰু তাইৰ সতিনীয়ে সকলো সময়তে তাইক ঠাট্টা কৰিছিল। এনে পৰিস্থিতিত হান্নাই নিজৰ মনৰ সকলো কথা যিহোৱাক জনালে (অনুচ্ছেদ ১৩ চাওক)
১৪. (ক) আমি হান্নাৰ পৰা আৰু কি শিকিব পাৰোঁ? (খ) বাইবেল পঢ়িলে আৰু তাৰ ওপৰত মনন কৰিলে আমি আৰু ভালদৰে কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰোঁ? (ফুটনোটো চাওক।)
১৪ কিছু সময়ৰ পাছত হান্নাৰ এটি লʼৰা হʼল, তাৰ নাম চমূৱেল আছিল। যেতিয়া সি অলপ ডাঙৰ হʼল, তেতিয়া হান্নাই তাক মহা-পুৰোহিত এলীৰ ওচৰলৈ লৈ গʼল। (১ চমূ. ১:২৪-২৮) পাছত হান্নাই হৃদয়েৰে প্ৰাৰ্থনা কৰিলে আৰু সম্পূৰ্ণ বিশ্বাসেৰে কʼলে যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ যত্ন লয় আৰু সুৰক্ষা দিয়ে।c (১ চমূ. ২:১, ৮, ৯) এতিয়ালৈকে হান্নাৰ ঘৰৰ পৰিস্থিতি ভাল হোৱা নাছিল, কিন্তু তাই নিজৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ আশীৰ্বাদবোৰৰ বিষয়ে চিন্তা কৰিলে। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি এনে পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছোঁ নে, যিয়ে আমাৰ জীয়াই থকাটো কঠিন কৰি তুলিছে? এনে পৰিস্থিতিত আমি নিজৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাই এতিয়ালৈকে আমাক কেনেকৈ চম্ভালি ৰাখিছে, তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ।
১৫. যিৰিমিয়াৰ প্ৰাৰ্থনাৰ পৰা আমি কি শিকিব পাৰোঁ? (যিৰিমিয়া ১২:১)
১৫ যিৰিমিয়া ১২:১ পঢ়ক। যিৰিমিয়াৰ সময়ত দুষ্ট লোকসকল উন্নতি কৰিছিল। এয়া চাই তেওঁ নিৰাশ হৈ পৰিছিল। আনকি তেওঁৰ নিজৰ জাতিৰ লোকসকলেও তেওঁৰ বিষয়ে বেয়াকৈ কৈছিল আৰু তেওঁক ঠাট্টা কৰিছিল। (যিৰি. ২০:৭, ৮) যিৰিমিয়াৰ পৰিস্থিতি আমি ভালদৰে বুজিব পাৰোঁ। কাৰণ আজিও পৃথিৱীত দুষ্ট লোক ভৰি পৰিছে আৰু লোকসকলে আমাক ঠাট্টা কৰে। চিন্তা কৰক এনে পৰিস্থিতিতো যিৰিমিয়াই যিহোৱাৰ ন্যায়ৰ ওপৰত সন্দেহ নকৰিলে। যেতিয়া তেওঁ চালে যে যিহোৱাই বিশ্বাসঘাতী ইস্ৰায়েলীসকলক শাস্তি দিছে, তেতিয়া তেওঁৰ সম্পূৰ্ণ বিশ্বাস হʼল যে যিহোৱাই সদায় ন্যায় কৰে। (যিৰি. ৩২:১৯) যিৰিমিয়াৰ পৰা আমি কি শিকিব পাৰোঁ? জগতত হৈ থকা অন্যায় চাই আমি কেনে অনুভৱ কৰিছোঁ এয়া আমি যিহোৱাক খুলি জনাব পাৰোঁ? আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ সঠিক সময়ত সকলো ধৰণৰ অন্যায় শেষ কৰিব।
১৬. বন্দী অৱস্থাত থকা লেবীজনৰ প্ৰাৰ্থনাৰ পৰা আমি কি শিকিব পাৰোঁ? (গীতমালা ৪২:১-৪) (ছবিখনো চাওক।)
১৬ গীতমালা ৪২:১-৪ পঢ়ক। এই গীত এনে এজন লেবীয়ে লিখিছিল যিজন বন্দী অৱস্থাত আছিল। তেওঁ নিজৰ লোকসকলৰ লগত মিলি যিহোৱাৰ উপাসনা কৰিব পৰা নাছিল। তেওঁ কেনে অনুভৱ কৰিছিল, তাৰ বিষয়ে আমি এই গীতৰ পৰা ভালদৰে বুজিব পাৰোঁ। আপুনিও যদি নিজৰ বেমাৰৰ বাবে ঘৰত বন্দী হৈ আছে বা নিজৰ বিশ্বাসৰ বাবে জেলত আছে, তেনেহʼলে আপুনিও হয়তো তেওঁৰ দৰেই অনুভৱ কৰে। এদিন হয়তো আপুনি আনন্দত থাকে বা আন দিনা দুখত। আপুনি যিয়েই অনুভৱ নকৰে কিয়, যিহোৱাক খুলি তাৰ বিষয়ে জনাওক। এইদৰে কৰিলে আপুনি নিজৰ ভাৱনাক আৰু ভালদৰে বুজিব পাৰিব। আপুনি জানিব পাৰিব যে আপুনি যিদৰে চিন্তা কৰে, সেয়া সঠিক হয় নে নহয় আৰু আপুনি নিজৰ দৃষ্টিভংগীক শুধৰণি কৰিব পাৰিব। যেনেকৈ সেই লেবীজনে অনুভৱ কৰিব পাৰিলে যে তেওঁ বন্দী অৱস্থাত থাকিও আন উপায়েৰে যিহোৱাৰ প্ৰসংশা কৰিব পাৰে। (গীত. ৪২:৫) যিহোৱাই তেওঁৰ কেনেকৈ যত্ন লৈ আছে, তাৰ বিষয়েও তেওঁ চিন্তা কৰিলে। (গীত. ৪২:৮) গতিকে যেতিয়া আমি মন খুলি যিহোৱাক প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি নিজৰ ভাৱনাক আৰু ভালদৰে বুজিব পাৰোঁ। আমি সঠিক চিন্তাধাৰা ৰাখিব পাৰোঁ আৰু সমস্যাবোৰ সন্মুখীন হʼবলৈ সাহস লাভ কৰোঁ।
গীতমালা ৪২-ৰ লেখকজনে হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। যদি আমি যিহোৱাক নিজৰ মনৰ সকলো কথা জনাও, তেনেহʼলে আমি সঠিক চিন্তাধাৰা বজাই ৰাখিব পাৰিম (অনুচ্ছেদ ১৬ চাওক)
১৭. (ক) আমি ভৱিষ্যবক্তা যোনাৰ পৰা কি শিকিব পাৰোঁ? (যোনা ২:১, ২) (খ) সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত গীতমালাত লিখা কথাবোৰৰ পৰা আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ? (ফুটনোটো চাওক।)
১৭ যোনা ২:১, ২ পঢ়ক। যেতিয়া ভৱিষ্যবক্তা যোনাই এটা ডাঙৰ মাছৰ পেটত আছিল, তেতিয়া তেওঁ এই প্ৰাৰ্থনাটো কৰিছিল। তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰা নাছিল। কিন্তু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁৰ মিনতি শুনিব। তেওঁ নিজৰ প্ৰাৰ্থনাত যিবোৰ কথা কৈছিল, সেয়া গীতমালা কিতাপত লিখা আছে।d ইয়াৰ পৰা জানিব পাৰি যে তেওঁৰ গীতমালাত লিখা কথাবোৰ মনত আছিল। যেতিয়া তেওঁ এই কথাবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিলে, তেতিয়া তেওঁৰ সম্পূৰ্ণ বিশ্বাস হʼল যে যিহোৱাই তেওঁক নিশ্চয় সহায় কৰিব। যোনাৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমি বাইবেলৰ কিছুমান পদ মুখস্থ কৰোঁ, তেনেহʼলে সমস্যা অহাৰ সময়ত যেতিয়া আমি প্ৰাৰ্থনা কৰিম, তেতিয়া হয়তো আমাৰ সেই পদবোৰ মনত পৰিব আৰু তাৰ পৰা আমি সাহস লাভ কৰিম।
যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁৰ আৰু কাষ চাপক
১৮-১৯. ৰোমীয়া ৮:২৬, ২৭-ত লিখা কথাৰ পৰা আমি কেনেকৈ শান্ত্বনা পাওঁ? উদাহৰণ দিয়ক।
১৮ ৰোমীয়া ৮:২৬, ২৭ পঢ়ক। বহুবাৰ আমি ইমানেই চিন্তিত হৈ পৰোঁ যে আমি কেনে অনুভৱ কৰিছোঁ, সেয়া শব্দেৰে যিহোৱাক প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আমি নিৰাশ হোৱা উচিত নহয়। যিহোৱাৰ পবিত্ৰ শক্তিয়ে আমাৰ ফালৰ পৰা যিহোৱালৈ মিনতি কৰে। কেনেকৈ বাৰু? যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ জৰিয়তে বাইবেলত এনে বহুতো প্ৰাৰ্থনা লিখুৱাইছে। গতিকে যেতিয়া আমি নিজৰ ভাৱনা খুলি যিহোৱাক জনাব নোৱাৰোঁ, তেতিয়া তেওঁ সেই প্ৰাৰ্থনাৰ শব্দবোৰ আমাৰ প্ৰাৰ্থনা হিচাপে মানি তাক গ্ৰহণ কৰিব পাৰে আৰু তাৰ উত্তৰ দিব পাৰে।
১৯ এই কথাৰ পৰা ৰাছিয়াত থকা ভনী এলিনাই বহুত সাহস পালে। বাইবেল পঢ়া আৰু প্ৰাৰ্থনা কৰাৰ বাবে তাইক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়া তাই ইমানেই চিন্তিত হৈ পৰিছিল যে প্ৰাৰ্থনাও কৰিব পৰা নাছিল। তাই কৈছে, “সেই সময়ত মোৰ মনত পৰিল যে এনে পৰিস্থিতিত যিহোৱাই বাইবেলত লিখা নিজৰ সেৱকসকলৰ প্ৰাৰ্থনা মোৰ প্ৰাৰ্থনা বুলি স্বীকাৰ কৰিব। এই কথাৰ পৰা সেই কঠিন পৰিস্থিতিত মই কিমান শান্ত্বনা পালোঁ, সেয়া শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ।”
২০. যেতিয়া আমি বহুত চিন্তিত হওঁ, তেতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ নিজৰ মন কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ?
২০ যেতিয়া আমি বহুত চিন্তিত হওঁ, তেতিয়া হয়তো প্ৰাৰ্থনা কৰাৰ সময়ত আমাৰ ধ্যান বিচলিত হʼব পাৰে। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? নিজৰ মন তৈয়াৰ কৰক। ইয়াৰ বাবে আপুনি কিছুমান গীত জোৰকৈ পঢ়িব পাৰে অথবা দায়ূদৰ দৰে নিজৰ ভাৱনাক লিখিবলৈ চেষ্টা কৰিব পাৰে। (গীত. ১৮; ৩৪; ১৪২ আৰু সেইবোৰৰ ওপৰৰ লেখ চাওক) নিজৰ মন তৈয়াৰ কৰিবলৈ আপুনি যিকোনো পদ্ধতি ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বাবে কোনো নিয়ম নাই। (গীত. ১৪১:২) কিন্তু নিজৰ মন তৈয়াৰ কৰাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ।
২১. আমি কিয় মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ?
২১ আমি কিবা কোৱাৰ আগতে যিহোৱাই আমাৰ মনৰ কথা ভালদৰে বুজি পায়। এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ। (গীত. ১৩৯:৪) কিন্তু আমি কেনে অনুভৱ কৰিছোঁ আৰু তেওঁৰ ওপৰত কিমান ভৰসা কৰোঁ এয়া জনোৱাটো তেওঁ বিচাৰে। সেইবাবে, কেতিয়াও নিজৰ মৰমীয়াল পিতৃৰ লগত কথা পাতিবলৈ সংকোচ নকৰিব। বাইবেলত লিখা কথাবোৰৰ ওপৰত মনন কৰক আৰু তাৰ পৰা শিকিবলৈ চেষ্টা কৰক। মন খুলি যিহোৱাৰ লগত কথা পাতক। নিজৰ সুখ-দুখ সকলোবোৰ তেওঁক জনাওক। মনত ৰাখক, যিহোৱা আপোনাৰ সকলোতকৈ ভাল বন্ধু হয় আৰু তেওঁ আপোনাক কেতিয়াও নেৰিব।
গীত নং ৪৫ মোৰ মনৰ চিন্তা
a বাক্য যি পথ দেখুৱাই (হিন্দী) কিতাপত “যিহোৱা” বিষয়ত যাওক আৰু তাত “যিহোৱাৰ কিছুমান বিশেষ গুণ” নামৰ শীৰ্ষকত দিয়া তথ্য পঢ়ক।
b মণ্ডলীৰ ফালৰ পৰা যি প্ৰাৰ্থনা কৰা হয়, সেয়া প্ৰায় চুটি হয়।
c হান্নাই নিজৰ প্ৰাৰ্থনাত যি কথা কৈছিল, তাৰ মাজৰ বহুতো কথা মোচিৰ কিতাপতো পোৱা যায়। ইয়াৰ পৰা জানিব পাৰি যে তেওঁ শাস্ত্ৰৰ কথাবোৰৰ ওপৰত মনন কৰিবলৈ সময় উলিয়াইছিল। (দ্বিতী. ৪:৩৫; ৮:১৮; ৩২:৪, ৩৯; ১ চমূ. ২:২, ৬, ৭) আগলৈ গৈ যীচুৰ মা মৰিয়মেও যিহোৱাৰ প্ৰশংসাত যি শব্দ কʼলে, সেয়া হান্নাৰ প্ৰাৰ্থনাৰ লগত প্ৰায়ে মিল খায়।—লূক ১:৪৬-৫৫.
d উদাহৰণস্বৰূপে, যোনা ২:৩-৯ পদৰ তুলনা গীতমালা ৬৯:১; ১৬:১০; ৩০:৩; ১৪২:২, ৩; ১৪৩:৪, ৫; ১৮:৬; আৰু ৩:৮ পদৰ লগত কৰক। ইয়াত গীতমালা কিতাপৰ পদবোৰ সেই ক্ৰমত দিয়া হৈছে, যি ক্ৰমত যোনাই নিজৰ প্ৰাৰ্থনাত কৈছিল।