অধ্যয়নৰ লেখ ৪৩
গীত নং ৪১ শুনা মোৰ প্ৰাৰ্থনা!
আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব
“ এজনে-আনজনৰ কাৰণে প্ৰাৰ্থনা কৰা . . . এজন ভাল মানুহে কৰা মিনতিয়ে গভীৰভাৱে প্ৰভাৱ পেলায়।”—যাকো. ৫:১৬.
কি শিকিম?
আনৰ বাবে প্ৰাৰ্থনা কৰাটো কিয় গুৰুত্বপূৰ্ণ আৰু আমি এয়া কেনেকৈ কৰিব পাৰোঁ?
১. আমাৰ প্ৰাৰ্থনা যিহোৱাৰ বাবে বহুত গুৰুত্বপূৰ্ণ বুলি আমি কিয় কʼব পাৰোঁ?
চিন্তা কৰকচোন, আমি অসিদ্ধ লোকসকলে গোটেই বিশ্বৰ সৃষ্টিকৰ্তা যিহোৱাৰ লগত কথা পাতিব পাৰোঁ, এয়া আমাৰ বাবে কিমান সন্মানৰ বিষয়! (গীত. ৯১:১১) যিহোৱাই স্বৰ্গদূতসকলক কিছুমান দায়িত্ব দিছে আৰু নিজৰ পুত্ৰকো ডাঙৰ ডাঙৰ দায়িত্ব দিছে। (মথি ২৮:১৮) কিন্তু প্ৰাৰ্থনা শুনাৰ দায়িত্ব তেওঁ কাকো দিয়া নাই, এয়া তেওঁ নিজেই শুনে। সেইবাবে, বাইবেলত তেওঁক “প্ৰাৰ্থনা শুনোতা” বুলি কোৱা হৈছে।—গীত. ৬৫:২.
২. আনৰ বাবে প্ৰাৰ্থনা কৰাৰ বিষয়ে আমি পৌলৰ পৰা কি শিকিব পাৰোঁ?
২ আমি নিজৰ সমস্যা আৰু চিন্তাৰ বিষয়ে যিকোনো সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমি আনৰ বাবেও প্ৰাৰ্থনা কৰা উচিত। পাঁচনি পৌলেও এইদৰেই কৰিছিল। উদাহৰণস্বৰূপে, তেওঁ ইফিচ মণ্ডলীলৈ এইদৰে লিখিছিল, “মই সদায় তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ।” (ইফি. ১:১৬) পৌলে গোটেই মণ্ডলীৰ বাবে প্ৰাৰ্থনা কৰিছিল, কিন্তু তেওঁ কিছুমান ভাই-ভনীৰ নাম লৈয়ো প্ৰাৰ্থনা কৰিছিল। যেনে, তেওঁ তীমথিয়ক কৈছিল, “মই ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ . . . মই দিনে-ৰাতিয়ে মিনতি কৰাৰ সময়ত তোমাক মনত পেলাওঁ।” (২ তীম. ১:৩) চাবলৈ গʼলে পৌলৰ জীৱনত বহুতো সমস্যা আছিল, যাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছিল। (২ কৰি. ১১:২৩; ১২:৭, ৮) কিন্তু তেওঁ সময় উলিয়াই আনৰ বাবেও প্ৰাৰ্থনা কৰিছিল।
৩. আমি হয়তো আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কিয় পাহৰি যাব পাৰোঁ?
৩ কেতিয়াবা কেতিয়াবা আমি হয়তো আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পাহৰি যাব পাৰোঁ। কিয় বাৰু? ইয়াৰ এটা কাৰণ ভনী ছবৰীনাই a জনাইছে। তাই কৈছে, “আজি-কালি আমাৰ ওচৰত ইমানেই কাম থাকে যে আমি উশাহ লʼবলৈও সময় নাপাওঁ আৰু ইমানেই সমস্যা থাকে যে আমি তাতেই ফচি যাওঁ আৰু কেৱল নিজৰ বাবে প্ৰাৰ্থনা কৰোঁ।” আপোনাৰ লগতো এইদৰে হয় নে? যদি হয়, তেনেহʼলে এই লেখৰ পৰা আপুনি বহুত সহায় লাভ কৰিব। এই লেখত আমি শিকিম যে (১) আনৰ বাবে প্ৰাৰ্থনা কৰাটো কিয় গুৰুত্বপূৰ্ণ? আৰু (২) আমি এয়া কেনেকৈ কৰিব পাৰোঁ?
আমি আনৰ বাবে কিয় প্ৰাৰ্থনা কৰা উচিত?
৪-৫. যেতিয়া আমি আনৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া ইয়ে কেনেকৈ “গভীৰভাৱে প্ৰভাৱ” পেলাব পাৰে? (যাকোব ৫:১৬)
৪ আনৰ বাবে প্ৰাৰ্থনা কৰিলে “গভীৰভাৱে প্ৰভাৱ” পৰে। (যাকোব ৫:১৬ পঢ়ক।) আনৰ বাবে প্ৰাৰ্থনা কৰিলে, ইয়ে সঁচাকৈ তেওঁলোকৰ পৰিস্থিতিৰ ওপৰত প্ৰভাৱ পেলাই নে? হয়। যীচুৱেও এই কথা জানিছিল। ক্ষন্তেকৰ বাবে সেই সময়ৰ বিষয়ে মন কৰক, যেতিয়া পিতৰে যীচুক চিনি নাপাওঁ বুলি অস্বীকাৰ কৰিবলগীয়া আছিল। যীচুৱে এই কথা জানিছিল, সেইবাবে তেওঁ পিতৰক কʼলে, “তুমি নিজৰ বিশ্বাস নেহেৰুৱাবলৈ মই তোমাৰ কাৰণে মিনতি কৰিছোঁ।” (লূক ২২:৩২) পৌলেও জানিছিল যে আনৰ বাবে প্ৰাৰ্থনা কৰিলে গভীৰভাৱে প্ৰভাৱ পৰে। এবাৰ যেতিয়া তেওঁ ৰোমত বন্দী হৈ আছিল, তেতিয়া তেওঁ ফিলীমনক এইদৰে লিখিছিল, “মই আশা কৰোঁ যে তোমালোকৰ প্ৰাৰ্থনাৰ কাৰণে মই অতি সোনকালে তোমালোকক লগ কৰিবলৈ আহিব পাৰোঁ।” (ফিলী. ২২)b ঠিক সেইদৰেই হʼল। কিছু সময়ৰ পাছত পৌলক বন্দীশালৰ পৰা মুকলি কৰা হʼল আৰু তেওঁ আকৌ প্ৰচাৰ কৰিবলৈ ধৰিলে।
৫ কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি প্ৰাৰ্থনা কৰি কোনো এটা পদক্ষেপ লʼবলৈ যিহোৱাক বাধ্য কৰিব পাৰোঁ। তাৰ পৰিৱৰ্তে যেতিয়া আমি আনৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ ধ্যান দিয়ে যে আমি আনৰ বিষয়ে কিমান চিন্তা কৰোঁ। বহুবাৰ তেওঁ আমাৰ প্ৰাৰ্থনা শুনি পদক্ষেপ লয়। এয়া জানিলে আমি কোনো এটা বিষয়ত হৃদয়েৰে প্ৰাৰ্থনা কৰিবলৈ আৰু যিহোৱাৰ ওপৰত সকলোবোৰ এৰি দিবলৈ আমাৰ মন যাব পাৰে।—গীত. ৩৭:৫; ২ কৰি. ১:১১.
৬. আনৰ বাবে প্ৰাৰ্থনা কৰিলে কি কি লাভ হয়? (১ পিতৰ ৩:৮)
৬ আনৰ বাবে প্ৰাৰ্থনা কৰিলে সেই ব্যক্তিজনৰ বাবে আমাৰ অন্তৰত “কোমল কৰুণা” জাগিব। (১ পিতৰ ৩:৮ পঢ়ক।) যিজন ব্যক্তিৰ অন্তৰত আনৰ প্ৰতি কোমল কৰুণা থাকে, তেওঁ আন ব্যক্তিজনে কি কি কষ্টৰ মাজেদি পাৰ হৈছে তাৰ প্ৰতি ধ্যান দিয়ে আৰু সেই ব্যক্তিজনক সহায় কৰিবলৈ তেওঁৰ মন যায়। (মাৰ্ক ১:৪০, ৪১) মন কৰক, মাইকেল নামৰ এজন প্ৰাচীনে ইয়াৰ বিষয়ে কি কৈছিল, “যেতিয়া আমি আনৰ প্ৰয়োজনীয়তা পূৰ হোৱাৰ বিষয়ে প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি আৰু ভালদৰে জানিব পাৰোঁ যে তেওঁলোকে কি কি কষ্টৰ মাজেদি পাৰ হৈ আছে আৰু তেওঁলোকৰ প্ৰতি আমাৰ অন্তৰত প্ৰেম আৰু বাঢ়ি যায়। যদিও তেওঁলোকে গʼম নাপায়, তথাপি আমি তেওঁলোকক আৰু কাষত অনুভৱ কৰোঁ।” ৰিচাৰ্ড নাম এজন প্ৰাচীনে জনালে যে আনৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু এটা লাভ হয়। তেওঁ কʼলে, “যেতিয়া আমি আনৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁলোকক সহায় কৰিবলৈ আমাৰ আৰু বেছিকৈ মন যায়। পাছত যেতিয়া আমি তেওঁলোকক সহায় কৰোঁ, তেতিয়া যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আমাৰ যোগেদি দিয়ে।”
৭. আনৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু কি লাভ হয়? বুজাওক। (ফিলিপীয়া ২:৩, ৪) (ছবিখনো চাওক।)
৭ আনৰ বাবে প্ৰাৰ্থনা কৰিলে আমি কেৱল নিজৰ সমস্যাৰ বিষয়ে ভাবি নাথাকোঁ। (ফিলিপীয়া ২:৩, ৪ পঢ়ক।) চয়তানৰ জগতত জীয়াই থকাৰ বাবে আমি সকলোৱে কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হওঁ। (১ যোহ. ৫:১৯; প্ৰকা. ১২:১২) সেইবাবে, যেতিয়া আমি আনৰ বাবে প্ৰাৰ্থনা কৰাটো অভ্যাস কৰি তোলো, তেতিয়া আমাৰ অনুভৱ হয় যে কেৱল আমিয়েই সমস্যাৰ সন্মুখীন হৈ থকা নাই। তাৰ পৰিৱৰ্তে ‘গোটেই পৃথিৱীত সিঁচৰিত হৈ থকা আমাৰ ভাইসকলেও এনেধৰণৰ দুখ-কষ্ট ভুগি আছে।’ (১ পিত. ৫:৯) অগ্ৰগামী সেৱা কৰা ভনী কেটৰিনে এইদৰে কৈছে, “যেতিয়া মই আনৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে তেওঁলোকেও সমস্যাৰ সন্মুখীন হৈ আছে। এই কথা মনত ৰখাৰ বাবে মই কেৱল নিজৰ সমস্যাৰ বিষয়ে ভাবি নাথাকোঁ।”
আনৰ বাবে প্ৰাৰ্থনা কৰিলে আমি কেৱল নিজৰ সমস্যাৰ বিষয়ে ভাবি নাথাকোঁ (অনুচ্ছেদ ৭ চাওক)e
তেওঁলোকক আমাৰ প্ৰাৰ্থনাৰ বহুত প্ৰয়োজন আছে
৮. আমি কাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?
৮ আমি কোন ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ? যিসকলৰ স্বাস্থ্য বেয়া আছে আৰু যিসকল কিশোৰ-কিশোৰীক স্কুলত ঠাট্টা কৰা হয় বা যিসকলক বেয়া কাম কৰিবলৈ হেঁচা দিয়া হয়, তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি সেই ভাই-ভনীসকলৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ, যিসকলে বয়স বাঢ়ি যোৱাৰ বাবে যিবোৰ সমস্যা হয়, সেইবোৰৰ সন্মুখীন হৈ আছে। আমাৰ বহুতো ভাই-ভনীক তেওঁলোকৰ পৰিয়ালৰ লোকসকলে বিৰোধ কৰে বা চৰকাৰে তেওঁলোকক অত্যাচাৰ কৰে। (মথি ১০:১৮, ৩৬; পাঁচ. ১২:৫) কিছুমান ভাই-ভনীয়ে ৰাজনৈতিক হূলস্থূলৰ বাবে নিজৰ ঘৰ এৰিবলগীয়া হৈছে আৰু কিছুমানে প্ৰাকৃতিক দুৰ্যোগৰ বাবে সমস্যাৰ সন্মুখীন হৈ আছে। যদিও আমি তেওঁলোকক চিনি নাপাওঁ, তথাপি আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি যীচুৰ এই আজ্ঞা পালন কৰাৰ দৰে হয়, “এজনে-আনজনক প্ৰেম কৰা।”—যোহ. ১৩:৩৪.
৯. সংগঠনৰ নেতৃত্ব লোৱা ভাইসকল আৰু তেওঁলোকৰ পত্নীসকলৰ বাবে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?
৯ আমি যিহোৱাৰ সংগঠনত নেতৃত্ব লোৱা ভাইসকলৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ। যেনে, প্ৰশাসন গোষ্ঠীৰ সদস্যসকল আৰু তেওঁলোকৰ সহায়কসকলৰ বাবে, শাখা সমিতিৰ সদস্য আৰু শাখা কাৰ্য্যালয়ৰ বেলেগে বেলেগ বিভাগত কাম কৰা অধ্যক্ষ আৰু চাৰ্কিট ওভাৰচিয়াৰসকলৰ বাবে। আমি মণ্ডলীৰ প্ৰাচীন আৰু সহায়ক সেৱকসকলৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ। তেওঁলোকৰ মাজৰ বহুতো ভাইৰ নিজৰ চিন্তা আৰু সমস্যা থাকে, তথাপিও তেওঁলোকে আমাৰ বাবে কঠিন পৰিশ্ৰম কৰে। (২ কৰি. ১২:১৫) যেনে, মাৰ্ক নামৰ এজন চাৰ্কিট ওভাৰচিয়াৰে এইদৰে কৈছে, “মই যʼত সেৱা কৰোঁ তাৰ পৰা মোৰ মা-দেউতা বহুত দূৰত থাকে। তেওঁলোকে বৃদ্ধ হৈ পৰিছে আৰু তেওঁলোকৰ স্বাস্থ্যও বেয়া হৈ পৰিছে। যদিও মোৰ বাই আৰু ভিনিয়ে তেওঁলোকৰ চোৱা-চিতা কৰে, তথাপি মই তেওঁলোকৰ বাবে বেছি কৰিব পৰা নাই বুলি ভাবি মোৰ বহুত দুখ লাগে।” যদিও আমি এই ভাইসকলৰ কষ্টৰ বিষয়ে নাজানোঁ, তথাপি আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। (১ থিচ. ৫:১২, ১৩) আমি এই ভাইসকলৰ পত্নীসকলৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ। কাৰণ তেওঁলোকৰ সহায়তহে তেওঁলোকে নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিব পাৰে।
১০-১১. যেতিয়া আমি বহুতো ভাই-ভনীৰ বাবে একেলগে প্ৰাৰ্থনা কৰোঁ, তেতিয়া যিহোৱা আনন্দিত হয় নে? বুজাওক।
১০ আমি আলোচনা কৰিলোঁ যে বহুবাৰ আমি বহুতো ভাই-ভনীৰ বাবে একেলগে প্ৰাৰ্থনা কৰোঁ। যেনে, আমি হয়তো কোনো এজন ভাই বা ভনীৰ বিষয়ে প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে জেলত থকা ভাই-ভনীসকলক সহায় কৰিবলৈ বা যিসকলে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে, তেওঁলোকক শান্ত্বনা দিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। ডʼণাল্ড নামৰ এজন প্ৰাচীনে এইদৰে কৈছে, “আজি-কালি আমাৰ বহুতো ভাই-ভনীয়ে সমস্যাৰ সন্মুখীন হৈ আছে। সেইবাবে, বহুবাৰ আমি একেলগে সেই সকলো ভাই-ভনীক সহায় কৰিবলৈ যিহোৱালৈ মিনতি কৰোঁ।”
১১ এনেধৰণৰ প্ৰাৰ্থনাৰ পৰা যিহোৱা আনন্দিত হয় নে? হয়। আমি প্ৰতিজন ভাই বা ভনীৰ চিন্তা বা প্ৰয়োজনীয়তাৰ বিষয়ে নাজানোঁ। সেইবাবে, বহুতো ভাই-ভনীৰ বাবে একেলগে প্ৰাৰ্থনা কৰাটো ভুল নহয়। (যোহ. ১৭:২০; ইফি. ৬:১৮) এই প্ৰাৰ্থনাবোৰৰ পৰা জানিব পাৰি যে আমি “সকলো ভাইক” প্ৰেম কৰোঁ।—১ পিত. ২:১৭.
কোনো ভাই বা ভনীৰ বিষয়ে প্ৰাৰ্থনা কৰাৰ সময়ত কি কৰিম?
১২. ভাই-ভনীসকলৰ ওপৰত ধ্যান দিলে আমি কেনেকৈ তেওঁলোকৰ বাবে আৰু ভালদৰে প্ৰাৰ্থনা কৰিব পাৰিম?
১২ ভাই-ভনীসকলৰ ওপৰত ধ্যান দিয়ক। একেলগে বহুতো ভাই-ভনীৰ বাবে প্ৰাৰ্থনা কৰাৰ উপৰিও আমি কিছুমান ভাই-ভনীৰ নাম লৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। আপোনাৰ মণ্ডলীত এনে কোনো ভাই বা ভনী আছে নে যিজন বহু সময়ৰ পৰা বেমাৰ আছে। অথবা কোনো কিশোৰ-কিশোৰীক স্কুলত লʼৰা-ছোৱালীবিলাকে বেয়া কাম কৰিবলৈ হেঁচা দিয়াৰ বাবে তেওঁ নিৰাশাত আছে নে? বা কোনো ভাই বা ভনীয়ে অকলে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিছে আৰু তেওঁক ‘যিহোৱাৰ ইচ্ছাৰ অনুসৰি বুজাবলৈ আৰু শিক্ষা’ দিবলৈ চেষ্টা কৰি আছে নে? (ইফি. ৬:৪) যেতিয়া আমি এইদৰে ভাই-ভনীসকলৰ ওপৰত ধ্যান দিম, তেতিয়া আমি তেওঁলোকৰ কষ্ট আৰু ভালদৰে বুজি পাম আৰু তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব। এইদৰে কৰিলে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আমাৰ আৰু বেছিকৈ মন যাব।c—ৰোম. ১২:১৫.
১৩. আমি যিসকল লোকক কেতিয়াও লগ পোৱা নাই, তেওঁলোকৰ বাবেও আমি কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰোঁ?
১৩ আনৰ নাম লৈ প্ৰাৰ্থনা কৰক। আমি যিসকল ভাই-ভনীক কেতিয়াও লগ পোৱা নাই, তেওঁলোকৰো নাম লৈ আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে সেই ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলে ক্ৰীমিয়া, এৰিট্ৰিয়া, ৰাছিয়া বা চিংগাপুৰৰ দৰে দেশবোৰত বন্দী হৈ আছে। সেই ভাই-ভনীসকলৰ নাম আপুনি jw.org-ত পাব।d ব্ৰাইন নামৰ এজন চাৰ্কিট ওভাৰচিয়াৰে এইদৰে কৈছে, “যেতিয়া মই জেলত থকা কোনো ভাই বা ভনীৰ নাম লিখি লওঁ আৰু তাক পঢ়ি চাওঁ, তেতিয়া সেই নামটো মোৰ মনত থাকি যায়। পাছত যেতিয়া মই অকলে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁৰ নাম লৈয়ো মই প্ৰাৰ্থনা কৰিব পাৰোঁ।
১৪-১৫. আমি কেনেকৈ ভাই-ভনীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দি প্ৰাৰ্থনা কৰিব পাৰোঁ?
১৪ ভাই-ভনীসকলৰ প্ৰয়োজনীয়তাৰ বিষয়ে মনত ৰাখি প্ৰাৰ্থনা কৰক। ওপৰত উল্লেখ কৰা ভাই মাইকেল এইদৰে কৈছে, “যেতিয়া মই jw.org-ত সেই ভাইসকলৰ বিষয়ে পঢ়োঁ যিসকল জেলত আছে, তেতিয়া মই এই বিষয়ে ভাবিবলৈ চেষ্টা কৰোঁ যে মই তেওঁলোকৰ ঠাইত থকা হʼলে মোৰ কেনে অনুভৱ হʼলহেঁতেন। মই জানোঁ যে সেই সময়ত মই নিজৰ পত্নীৰ বিষয়ে ভাবি চিন্তিত হʼলোঁহেঁতেন আৰু তাইৰ একো অভাৱ নোহোৱাটো মই বিচাৰিলোঁহেঁতেন। এইদৰে চিন্তা কৰাৰ বাবে যিসকল বিবাহিত ভাই জেলত বন্দী হৈ আছে, তেওঁলোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ ধ্যান দি মই প্ৰাৰ্থনা কৰিব পাৰোঁ।”—ইব্ৰী ১৩:৩, ফুট.
১৫ যেতিয়া আমি চিন্তা কৰোঁ যে জেলত বন্দী হৈ থকা ভাইসকলে প্ৰতিটো দিন কিদৰে পাৰ কৰে, তেতিয়া আমি তেওঁলোকৰ জীৱনৰ লগত জড়িত আৰু কিছুমান বিষয়ত প্ৰাৰ্থনা কৰিব পাৰিম। যেনে জেলৰ গাৰ্ডে যাতে তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰে আৰু অধিকাৰীসকলে যাতে তেওঁলোকক উপাসনা কৰাৰ স্বাধীনতা দিয়ে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। (১ তীম. ২:১, ২) জেলত বন্দী হৈ থকা ভাই যিখন মণ্ডলীৰ হয়, সেই মণ্ডলীৰ ভাই-ভনীসকলৰ বাবেও আমি প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে তেওঁৰ ভাল উদাহৰণ চাই তেওঁলোকে উৎসাহ লাভ কৰে। অথবা তেওঁৰ ভাল ব্যৱহাৰ চাই লোকসকলে যাতে আমাৰ বাৰ্তা শুনিবলৈ সাজু হয়, তাৰ বাবেও আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। (১ পিত. ২:১২) ঠিক এইদৰে যেতিয়া আমি সেই ভাই-ভনীসকলৰ বিষয়েও চিন্তা কৰিম যিসকলে আন ধৰণৰ চিন্তাৰ সন্মুখীন হৈ আছে, তেতিয়া আমি তেওঁলোকৰো প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দি প্ৰাৰ্থনা কৰিব পাৰিম। যেতিয়া আমি ভাই-ভনীৰ ওপৰত ধ্যান দিম, তেওঁলোকৰ নাম লৈ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰাৰ্থনা কৰিম, তেতিয়া আমাৰ অন্তৰত তেওঁলোকৰ প্ৰতি প্ৰেম বাঢ়ি গৈ আছে বুলি আমি দেখুৱাম।—১ থিচ. ৩:১২.
প্ৰাৰ্থনাৰ বিষয়ে সঠিক দৃষ্টিভংগী
১৬. প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কথা ধ্যান দিয়া উচিত? (মথি ৬:৮)
১৬ এতিয়ালৈকে আমি শিকিলোঁ যে যেতিয়া আমি কাৰোবাৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া ইয়ে তেওঁৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে। কিন্তু যেতিয়া আমি কাৰোবাৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি এইদৰে ভবা উচিত নহয় যে আমি যিহোৱাক এনে কথা জনাই আছোঁ যাৰ বিষয়ে তেওঁ নাজানে। অথবা কোনো এটা বিষয় কেনেকৈ ভালদৰে সমাধান কৰিব পাৰি তাৰ বিষয়েও আমি যিহোৱাক পৰামৰ্শ দিয়া উচিত নহয়। কাৰণ যিহোৱাই নিজৰ সকলো সেৱকৰ প্ৰয়েজনীয়তাৰ বিষয়ে আগতীয়াকৈ জানে। (মথি ৬:৮ পঢ়ক।) গতিকে, আমি কিয় আনৰ বাবে প্ৰাৰ্থনা কৰা উচিত? ইয়াৰ বহুতো কাৰণৰ বিষয়ে আমি এই লেখত আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও, যেতিয়া আমি আনৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি তেওঁলোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰোঁ বুলি দেখুৱাও। আমি তেওঁলোকক প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। যেতিয়া যিহোৱাই চাই যে আমি তেওঁৰ দৰে আনক প্ৰেম কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয়।
১৭-১৮. আমি আমাৰ ভাই-ভনীসকলৰ বাবে কিয় প্ৰাৰ্থনা কৰোঁ আৰু এয়া চাই যিহোৱাৰ কেনে লাগে? উদাহৰণ দি বুজাওক।
১৭ আমি যিসকল ভাই-ভনীৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ পৰিস্থিতি ভাল হোৱা নাই যেন আমাৰ অনুভৱ হʼব পাৰে। কিন্তু আমি মনত ৰখা উচিত যে আমাৰ প্ৰাৰ্থনাৰ পৰা তেওঁলোকৰ প্ৰতি থকা প্ৰেম দেখিবলৈ পোৱা যায় আৰু যিহোৱাই ইয়াৰ ওপৰত ধ্যান দিয়ে। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। এটা পৰিয়ালত দুটা সৰু লʼৰা-ছোৱালী আছে। এবাৰ লʼৰাজন বহুত বেমাৰ হৈ পৰে, তেতিয়া ছোৱালীজনীয়ে নিজৰ দেউতাকক কয়, “দেউতা প্লিছ দাদাক ভাল কৰি দিয়া সি বহুত বেমাৰ হৈছে।” দেউতাকে নিজৰ লʼৰাৰ বেমাৰৰ বিষয়ে নাজানে এনে নহয়। তেওঁ নিজৰ লʼৰাক বহুত প্ৰেম কৰে আৰু তাৰ ভালদৰে চোৱা-চিতা কৰি আছে। কিন্তু যেতিয়া তেওঁ চাই যে ছোৱালীজনীয়ে নিজৰ দাদাৰ বিষয়ে কিমান চিন্তা কৰে, তেতিয়া তেওঁ বহুত আনন্দিত হয়।
১৮ ঠিক সেইদৰে আমি এজনে-আনজনৰ বিষয়ে চিন্তা কৰা আৰু এজনে-আনজনৰ বিষয়ে প্ৰাৰ্থনা কৰাটো যিহোৱাই বিচাৰে। যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি দেখুৱাও যে আমি কেৱল নিজৰ বিষয়ে চিন্তা নকৰোঁ, তাৰ পৰিৱৰ্তে আমি আনৰ বিষয়ে অন্তৰৰ পৰা চিন্তা কৰোঁ আৰু যিহোৱাই তালৈ ধ্যান দিয়ে। (২ থিচ. ১:৩; ইব্ৰী ৬:১০) আমি দেখিলোঁ যে বহুবাৰ আমাৰ প্ৰাৰ্থনাৰ বাবে আনৰ পৰিস্থিতি সলনি হৈ যায়। গতিকে, আহক আমি আনৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰোঁ।
গীত নং ১০১ একতাৰ বান্ধোন
a কিছুমান নাম সলনি কৰা হৈছে।
b এই পদত যেতিয়া পৌলে “তোমালোকৰ” বুলি কʼলে, তেতিয়া তেওঁ হয়তো সেই মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে কৈছিল যিসকলে ফিলীমনৰ ঘৰত একগোট হৈছিল। তেওঁৰ কথাৰ পৰা এনে লাগে যেন, তেওঁৰ বিশ্বাস আছিল যে এনেধৰণৰ প্ৰাৰ্থনাৰ গভীৰভাৱে প্ৰভাৱ পৰিব পাৰে। তেওঁক হয়তো ৰোমৰ বন্দীশালৰ পৰা মুকলি কৰা হʼব পাৰে। পৌলে কৈ আছিল যেন, বিশ্বাসী খ্ৰীষ্টানসকলৰ প্ৰাৰ্থনাৰ বাবে যিহোৱাই হয়তো সোনকালে পদক্ষেপ লʼব বা এনে কিবা কৰিব যাৰ বিষয়ে তেওঁ ভবাও নাই।—ইব্ৰী ১৩:১৯.
c jw.org-ত তাকেছী চিমিজু: যিহোৱা “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰ নামৰ ভিডিঅʼখন চাওক।
d জেলত বন্দী হৈ থকা ভাই-ভনীসকলৰ নাম জানিবলৈ jw.org-ৰ ইংৰাজী ৱেবছাইটৰ চাৰ্চ বক্সত “Jehovah‘s Witnesses Imprisoned for Their Faith—By Location” টাইপ কৰক।
e ছবিৰ বিষয়ে: যিসকল ভাই-ভনীয়ে নিজে সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেওঁলোকে আনৰ বাবে প্ৰাৰ্থনা কৰি আছে।