ঈশ্বৰ কোনো নিৰ্দিষ্ট স্থানত থাকে নেকি?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
ঈশ্বৰ এক নিৰ্দিষ্ট স্থানত থাকে আৰু সেই স্থান হৈছে স্বৰ্গ। বাইবেলৰ এই পদবোৰলৈ ধ্যান দিয়ক:
প্ৰাৰ্থনাত ৰজা চলোমনে এইদৰে কৈছিল: “মই সজা এই গৃহ যে তোমাৰ নামেৰে প্ৰখ্যাত, তাক যেন জানিব, এই নিমিত্তে তোমাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিবা।”—১ ৰাজাৱলি ৮:৪৩.
যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক “স্বৰ্গত থকা” পিতৃক প্ৰাৰ্থনা কৰিবলৈ শিক্ষা দিছিল।—মথি ৬:৯.
পুনৰুত্থানৰ পাছত যীচুৱে “ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতেই সোমাল।”—ইব্ৰী ৯:২৪.
এই পদবোৰে স্পষ্টৰূপে প্ৰকাশ কৰে যে যিহোৱা ঈশ্বৰ এজন সঁচা ব্যক্তি হয়। তেওঁ সকলো স্থানতে নাথাকে, কেৱল স্বৰ্গতহে থাকে।