ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ১৯
  • যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কিছুমান ভুল ধাৰণা
  • যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?
  • ঈষ্টাৰ পৰ্বৰ বিষয়ে বাইবেলে কি কয়?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • আমি উৎসৱ পালন কৰা উচিতনে?
    বাইবেলে প্ৰকৃততে কি শিকায়?
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ১৯

যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?

কিছুমান ভুল ধাৰণা

ভুল ধাৰণা: যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব পালন নকৰাৰ এটা কাৰণ হৈছে তেওঁলোক খ্ৰীষ্টান নহয়।

সত্যতা: যীচু আমাৰ উদ্ধাৰকৰ্ত্তা হয় বুলি আমি বিশ্বাস কৰোঁ আৰু তেওঁৰ “খোজৰ অনুগামী” হʼবলৈ চেষ্টা কৰোঁ।​—১ পিতৰ ২:২১; লূক ২:১১.

ভুল ধাৰণা: যীচুৰ পুনৰুত্থানৰ ওপৰত আপোনালোকে বিশ্বাস নকৰে।

সত্যতা: আমি যীচুৰ পুনৰুত্থানৰ ওপৰত বিশ্বাস কৰোঁ। পুনৰুত্থানৰ শিক্ষা সত্যৰ এক বুনিয়াদ বুলি স্বীকাৰ কৰোঁ আৰু ঘোষণা কাৰ্য্যত ইয়াৰ বিষয়ে লোকসকলক জনাওঁ।​—১ কৰিন্থীয়া ১৫:​৩, ৪, ১২-১৫.

ভুল ধাৰণা: আপোনালোকৰ সন্তানে ঈষ্টাৰ পৰ্ব্ব পালন কৰাত যি আনন্দ আছে, তাৰ বিষয়ে আপোনালোকে চিন্তা নকৰে।

সত্যতা: আমি আমাৰ সন্তানক ভাল পাওঁ। তেওঁলোকে আনন্দিত হৈ থাকিবলৈ আমি যিমান সম্ভৱ সিমান সহায় আৰু প্ৰশিক্ষণ দিওঁ।​—তীত ২:​৪, ৫.

যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?

  • ঈষ্টাৰ পৰ্ব্ব পালন কৰাৰ বিষয়ে বাইবেলত উল্লেখ নাই।

  • যীচুৱে নিজৰ মৃত্যুৰ দিনটো আমাক পালন কৰিবলৈ আজ্ঞা দিছিল। তেওঁ নিজৰ পুনৰুত্থানৰ দিনটো পালন কৰিবলৈ আজ্ঞা দিয়া নাছিল। বাইবেলৰ কেলেণ্ডাৰৰ অনুসৰি এক বিশেষ দিনত আমি যীচুৰ মৃত্যুৰ স্মৰণীয় দিনটো পালন কৰোঁ।​—লূক ২২:​১৯, ২০.

  • আমি বিশ্বাস কৰোঁ যে ঈষ্টাৰ পৰ্ব্বৰ কিছুমান পৰম্পৰা জননক্ষমতাৰ লগত জড়িত পৰম্পৰাৰপৰা আহিছে। সাধাৰণতে ইয়াৰ সম্পৰ্ক যৌন অনৈতিকতাৰ লগত থকা দেখিবলৈ পোৱা যায়। সেইবাবে যিহোৱা ঈশ্বৰে ইয়াক কেতিয়াও অনুমোদন নিদিয়ে। যিহোৱা ঈশ্বৰে আমাৰপৰা কেৱল “একান্ত ভক্তি” বিচাৰে। ঈশ্বৰে গ্ৰহণ নকৰা কোনো কাৰ্য্য উপাসনাত জড়িত কৰিলে, তেওঁক অপমান কৰা হʼব।​—যাত্ৰাপুস্তক ২০:​৫, NW; ১ ৰাজাৱলি ১৮:২১.

আমি বিশ্বাস কৰোঁ যে ঈষ্টাৰ পৰ্ব্ব পালন নকৰাৰ কাৰণ সম্পূৰ্ণৰূপে বাইবেল আধাৰিত হয়। মানুহৰ পৰম্পৰা অনুকৰণ কৰাৰ পৰিৱৰ্তে, বাইবেলে আমাক “বুদ্ধি-কৌশল” ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। (হিতোপদেশ ৩:২১; মথি ১৫:৩) যেতিয়া ঈষ্টাৰৰ বিষয়ে আনে আমাৰ মতামত সোধে, তেতিয়া আমি আমাৰ বিশ্বাসৰ বিষয়ে জনাওঁ। কিন্তু তেওঁলোকে পালন কৰা ৰীতি-নীতিবোৰত আমি হস্তক্ষেপ নকৰোঁ। কিয়নো এই বিষয়ে নিৰ্ণয় লোৱাৰ অধিকাৰ প্ৰতিজন ব্যক্তিৰ আছে।​—১ পিতৰ ৩:১৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক