ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৩৭
  • ঈষ্টাৰ পৰ্বৰ বিষয়ে বাইবেলে কি কয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈষ্টাৰ পৰ্বৰ বিষয়ে বাইবেলে কি কয়?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • আমি উৎসৱ পালন কৰা উচিতনে?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৩৭

ঈষ্টাৰ পৰ্বৰ বিষয়ে বাইবেলে কি কয়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈষ্টাৰ পৰ্বৰ উদ্‌যাপন, বাইবেলৰ আধাৰত নহয়। যদি আমি ইয়াৰ ইতিহাসৰ বিষয়ে চালি-জাৰি চাওঁ, তেনেহʼলে আমি ইয়াৰ প্ৰকৃত অৰ্থ বিচাৰি পাম। ঈষ্টাৰ পৰ্ব হৈছে জনন ক্ষমতাৰ লগত জড়িত থকা এক ধৰ্মীয় পৰম্পৰা। নিম্নলিখিত বিষয়বোৰ বিবেচনা কৰক।

  1. ১. নাম: দ্যা এনচাইক্লোপিডিয়া ব্ৰিটানিকাই (ইংৰাজী) এইদৰে উল্লেখ কৰিছে: “ইংৰাজী ভাষাত কোৱা ঈষ্টাৰ, ইয়াৰ আৰম্ভণিৰ বিষয়ে কোনো নিশ্চয়তা নাই। এই নামটো অষ্টম শতিকাৰ এংগ্ল-চেক্সনৰ পুৰোহিত ভেনেৰেবল বিদে বসন্ত কালৰ দেৱী ঈয়োষ্ট্ৰাৰপৰা তুলি লৈছে।” আন কিছুমান লেখনিত অস্তৰেতক কনানীয় জনন ক্ষমতাৰ দেৱী, যি বাবিলীয় দেৱী এষ্টৰৰ লগত মিল আছে তাইৰ লগত জড়িত কৰিব বিচাৰে।

  2. ২. শহাপহু: শহাপহুক জনন ক্ষমতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ই “ইউৰোপীয় আৰু মধ্যপ্ৰাচ্যত পালন কৰা বসন্ত কালৰ উৎসৱৰপৰা আহিছে।”​—এনচাইক্লোপিডিয়া ব্ৰিটানিকা।

  3. ৩. কণী: ফাঙ্ক ৱাগনালচ্‌ ষ্টেনদাৰ্ড ডিক্সনেৰী অফ ফʼকলʼৰ, মিথলজী এণ্ড লিজেন্দৰ অনুসৰি ঈষ্টাৰৰ বাবে কণী বিচৰা, যি কণী ঈষ্টাৰৰ শহাপহুৱে অনাৰ কথা, “ই লʼৰা-ছোৱালীৰ খেল নহয়, কিন্তু ই এক জনন ক্ষমতাৰ প্ৰতীক হয়।” কিছুমান সংস্কৃতিয়ে বিশ্বাস কৰে যে ঈষ্টাৰত সজোৱা কণীবোৰে “আচৰিতভাৱে সুখ, সমৃদ্ধি, সু-স্বাস্থ্য আৰু সুৰক্ষা কঢ়িয়াই আনে।”—ট্ৰেডিশ্বনেল ফেচটিভল।

  4. ৪. ঈষ্টাৰৰ নতুন সাজ-পোছাক: “যদি এজন ব্যক্তিয়ে স্কেণ্ডিনেভীয়ানৰ বসন্ত কালৰ দেৱী বা ঈষ্টাৰক পুৰণা কাপোৰ পিন্ধি অভিবাদন কৰে, তেনেহʼলে সেই ব্যক্তিজনক শিষ্টাচাৰহীন আৰু তেওঁৰ ভাগ্য বেয়া বুলি ভবা হৈছিল।”—দ্যা জায়েণ্ট বুক অফ চুপাৰচটিশ্বনচ।

  5. ৫. সূৰ্য্য উদয়ৰ সময়ত কৰা উপাসনা: এই উপাসনা প্ৰাচীন সূৰ্য্য উপাসকসকলৰ প্ৰথাৰ লগত জড়িত আছে। তেওঁলোকে “দিন আৰু ৰাতি সমান হোৱা কালত, সূৰ্য্য আৰু সকলো প্ৰাণীক সজীৱ কৰি তোলাৰ সূৰ্য্যৰ শক্তিক আদৰণি জনাইছিল।”—চেলিব্ৰেইশ্বনচ্‌—দ্যা কমপ্লিট বুক অফ্‌ আমেৰিকান হʼলিডেইজ্‌।

দ্যা আমেৰিকান বুক অফ্‌ ডেইজ্‌ নামৰ কিতাপখনে ঈষ্টাৰৰ আৰম্ভণিৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “ইয়াত কোনো সন্দেহ নাই যে আৰম্ভণিতে গীৰ্জাই মিছা ধৰ্ম্মৰ এই পৰম্পৰা গ্ৰহণ কৰি, খ্ৰীষ্টান ধৰ্ম্মৰ এক ভাগ বুলি কʼব বিচাৰিছিল।”

এনে পৰম্পৰা বা প্ৰথাৰ যোগেদি ঈশ্বৰক উপাসনা কৰাৰ বিষয়ে বাইবেলে সাৱধান কৰিছে, যিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে। (মাৰ্ক ৭:৬-৮) ২ কৰিন্থীয়া ৬:১৭ পদে এইদৰে বৰ্ণনা কৰিছে: “প্ৰভুৱে [যিহোৱাই] কৈছে, তোমালোক . . . পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা।” ঈষ্টাৰ পৰ্ব মিছা ধৰ্ম্মৰপৰা আহিছে আৰু ঈশ্বৰক সন্তুষ্ট কৰিব বিচৰা লোকসকলে ইয়াৰপৰা আঁতৰি থকা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক