ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৬৩
  • যীচুৰ মৃত্যু ক্ৰুচত হৈছিল নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ মৃত্যু ক্ৰুচত হৈছিল নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • সত্য খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰা উচিতনে?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যিহোৱাৰ সাক্ষীসকলে উপাসনাত কিয় ক্ৰুচ ব্যৱহাৰ নকৰে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৬৩

যীচুৰ মৃত্যু ক্ৰুচত হৈছিল নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বহুতোলোকে বিশ্বাস কৰে যে ক্ৰুচ হৈছে খ্ৰীষ্টানসকলৰ এক চিন। কিন্তু মন কৰিবলগীয়া কথা যে যীচুৰ মৃত্যু কিহত হৈছিল, তাৰ বিষয়ে বাইবেলে বৰ্ণনা কৰা নাই। সেইবাবে, তাৰ আকাৰৰ বিষয়ে কোনেও সঠিককৈ কʼব নোৱাৰে। প্ৰকৃততে যীচুৰ যে মৃত্যু কোনো ক্ৰুচত নহয়, কিন্তু এক স্তম্ভত হৈছিল, তাৰ বিষয়ে বাইবেলে যথেষ্ট প্ৰমাণ আগবঢ়ায়।

যীচুক মৃত্যুদণ্ড দিয়াৰ বাবে যি বস্তু ব্যৱহাৰ কৰা হৈছিল, তাক বাইবেলে সাধাৰণতে গ্ৰীক শব্দ ষ্টাওৰʼচ ব্যৱহাৰ কৰে। (মথি ২৭:৪০; যোহন ১৯:১৭) বিভিন্ন বাইবেলৰ অনুবাদত এই শব্দৰ বাবে “ক্ৰুচ” ব্যৱহাৰ কৰা হৈছে। কিন্তু বহুতো বিদ্ধানে কʼব বিচাৰে যে ইয়াৰ প্ৰকৃত অৰ্থ হৈছে “থিয়কৈ ৰখা এটা স্তম্ভ বা খুটা।”a এ ক্ৰিটিকেল লেক্সিকন এণ্ড কনকৰডেঞ্চ টু দ্যা ইংলিচ এণ্ড গ্ৰীক নিউ টেষ্টামেন্টৰ অনুসৰি ষ্টাওৰʼচৰ “অৰ্থ কোনো দিশৰপৰা দুডাল কাঠ, এটাৰ লগত আন এটাৰ সংযোগ থকাক কেতিয়াও নুবুজায়।”

ষ্টাওৰʼচৰ সমাৰ্থক শব্দ হিচাপে বাইবেলে গ্ৰীক শব্দ জাইলʼন ব্যৱহাৰ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ৫:​৩০; ১ পিতৰ ২:​২৪) এই গ্ৰীক শব্দৰ অৰ্থ হৈছে “কাঠ” বা “লাঠি, ডাং বা গছ।”b দ্যা ক্যাম্‌প্যানিয়ান্‌ বাইবেলে ইয়াৰ বিষয়ে এইদৰে মন্তব্য কৰিছে: “গ্ৰীক শাস্ত্ৰপদত [নতুন নিয়মত] কেঁচীয়া-কেঁচিকৈ লাগি থকা দুডাল কাঠৰ বিষয়ে কোনো বৰ্ণনা নাই।”

উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰিলে ঈশ্বৰে গ্ৰহণ কৰিবনে?

এ ক্ৰকচ্‌ চিমপ্লেক্স​—অপৰাধীক শাস্তি দিবলৈ এডাল স্তম্ভত আঁৰি থোৱাৰ বাবে ব্যৱহাৰ কৰা লেটিন শব্দ

যীচুৱে যিয়ে বস্তুৰ ওপৰত মৃত্যুৱৰণ নকৰক কিয়, নিম্নলিখিত কিছুমান সত্যতা আৰু বাইবেলৰ পদে স্পষ্ট কৰে যে আমি উপাসনাত কিয় ক্ৰুচ ব্যৱহাৰ কৰা উচিত নহয়।

  1. ১. কোনো প্ৰতিমা অথবা প্ৰতীক যʼত ক্ৰুচো জড়িত আছে, তেনে উপাসনা ঈশ্বৰে গ্ৰহণ নকৰে। উপাসনাত ‘কোনো আকাৰৰ মূৰ্ত্তি’ ব্যৱহাৰ নকৰিবলৈ ঈশ্বৰে ইস্ৰায়েলীসকলক আজ্ঞা দিছিল। ঠিক সেইদৰে, সত্য খ্ৰীষ্টানসকলকো ‘দেৱপূজাৰ পৰা পলাবলৈ’ আজ্ঞা দিয়া হৈছে।​—দ্বিতীয় বিবৰণ ৪:​১৫-​১৯; ১ কৰিন্থীয়া ১০:১৪.

  2. ২. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰা নাছিল।c পাঁচনিসকলৰ শিক্ষা আৰু উদাহৰণবোৰ এক উত্তম আৰ্হিৰূপে সকলো খ্ৰীষ্টানে পালন কৰা উচিত।​—২ থিচলনীকীয়া ২:​১৫.

  3. ৩. উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰাটো মিছা ধৰ্ম্মৰপৰা আহিছে।d যীচুৰ মৃত্যুৰ বহু বছৰৰ পাছত যেতিয়া গীৰ্জাবোৰে যীচুৰ শিক্ষাৰপৰা ফালৰি কাটিলে, তেতিয়া গীৰ্জাৰ নতুন সদস্যসকলক “মিছা ধৰ্ম্মৰ প্ৰতীক আৰু চিন বহুলভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল” যʼত ক্ৰুচো জড়িত আছিল। (দ্যা এক্সপেণ্ডেড ৱাইনচ এক্সপʼজিটেৰী ডিক্সেনেৰী অফ দ্যা নিউ টেষ্টামেন্ট ৱৰ্ডচ) কিন্তু, নতুনকৈ শিষ্য হোৱা লোকসকলে মিছা ধৰ্ম্মৰ শিক্ষাবোৰৰ লগত জড়িত হৈ থাকিলে বাইবেলে কেতিয়াও ক্ষমা নকৰে।​—২ কৰিন্থীয়া ৬:​১৭.

a আৰ. ডব্লিউ. উডে সম্পাদনা কৰা নিউ বাইবেল ডিক্সেনেৰী, তৃতীয় সংস্কৰণ, পৃষ্ঠা ২৪৫; থীয়ল্‌জীকেল, ডিক্সেনেৰী অফ দ্যা নিউ টেষ্টামেন্ট, খণ্ড VII, পৃষ্ঠা ৫৭২; দ্যা ইন্টাৰনেচেনেল ষ্টেনন্ডাৰ্ড বাইবেল এনচাক্লোপিডিয়া, সংশোধিত সংস্কৰণ, খণ্ড ১, পৃষ্ঠা ৮২৫ আৰু দ্যা ইম্পীৰিয়েল বাইবেল ডিক্সেনেৰী, খণ্ড II, পৃষ্ঠা ৮৪ চাওক।

b দ্যা এক্সপেণ্ডেড ৱাইনচ এক্সপʼজিটেৰী ডিক্সেনেৰী অফ দ্যা নিউ টেষ্টামেন্ট ৱৰ্ডচ, পৃষ্ঠা ১১৬৫; লিড্‌ল এণ্ড স্কটে লিখা এ গ্ৰীক ইংলিচ লেক্সিকন, নৱম সংস্কৰণ, পৃষ্ঠা ১১৯১-১১৯২ আৰু থীয়ল্‌জীকেল ডিক্সেনেৰী অফ দ্যা নিউ টেষ্টামেন্ট, খণ্ড V, পৃষ্ঠা ৩৭ চাওক।

c ২০০৩ চনৰ এনচাইক্লোপিডিয়া ব্ৰিটেনিকাৰ, “ক্ৰুচ”; দ্যা ক্ৰুচ​—ইটচ হিচ্‌টৰী এণ্ড চিম্বলীজ্‌ম পৃষ্ঠা ৪০ আৰু দ্যা ক্যাম্‌প্যানিয়ান্‌ বাইবেল, অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেচ, অতিৰিক্ত লেখ ১৬২, পৃষ্ঠা ১৮৬ চাওক।

d দ্যা এনচাইক্লোপিডিয়া অফ ৰিলিজন, খণ্ড ৪, পৃষ্ঠা ১৬৫; দ্যা এনচাক্লোপিডিয়া আমেৰিকানা, খণ্ড ৮, পৃষ্ঠা ২৪৬; আৰু চিম্বলচ এৰাউণ্ড আচ, পৃষ্ঠা ২০৫-​২০৭ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক