যিহোৱাৰ সাক্ষীসকলে উপাসনাত কিয় ক্ৰুচ ব্যৱহাৰ নকৰে?
বহুতোলোকে বিশ্বাস কৰে যে ক্ৰুচ হৈছে খ্ৰীষ্টানসকলৰ প্ৰতীক। আমি যদিও খ্ৰীষ্টান হওঁ, তথাপি আমি উপাসনাত ক্ৰুচ ব্যৱহাৰ নকৰোঁ। কিয় বাৰু?
বাইবেলে বৰ্ণনা কৰা অনুসৰি ক্ৰুচ ব্যৱহাৰ নকৰাৰ এটা কাৰণ হৈছে যে যীচু খ্ৰীষ্ট ক্ৰুচত নহয়, কিন্তু যাতনাস্তম্ভত মৃত্যুবৰণ কৰিছিল। ইয়াৰ উপৰিও, বাইবেলে খ্ৰীষ্টানসকলক এইদৰে সাৱধান কৰিছে: “দেৱপূজাৰ পৰা পলোৱা।” উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰাটো মূৰ্ত্তিপূজা কৰাৰ দৰে হয়।—১ কৰিন্থীয়া ১০:১৪; ১ যোহন ৫:২১.
যীচুৱে কোৱা এই বাক্যলৈ ধ্যান দিয়ক: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৪, ৩৫) যীচু খ্ৰীষ্টই ইয়াৰ দ্বাৰা কʼব বিচাৰিছিল যে আনৰ প্ৰতি থকা নিঃস্বাৰ্থ প্ৰেমেই হৈছে সত্য খ্ৰীষ্টানৰ পৰিচয়, কোনো ক্ৰুচ বা মূৰ্ত্তি নহয়।