ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ৩১
  • যিহোৱাৰ সাক্ষীসকল এক পন্থী হয় নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকল এক পন্থী হয় নেকি?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পন্থী কি হয়?
  • যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • এক উত্তম নেতৃত্ব আমি ক’ত পাব পাৰোঁ?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰে গ্ৰহণ কৰা উপাসনা
    বাইবেলে প্ৰকৃততে কি শিকায়?
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ৩১
যিহোৱাৰ সাক্ষীয়ে এটা সমূহক নতুন ভাষা শিকাইছে

যিহোৱাৰ সাক্ষীসকল এক পন্থী হয় নেকি?

যিহোৱাৰ সাক্ষীসকল কোনো এক পন্থী নহয়। আমি খ্ৰীষ্টান হওঁ আৰু আমি যীচুৱে দেখুৱা আৰ্হি আৰু শিক্ষাক অনুকৰণ কৰিবলৈ প্ৰাণ-পণে চেষ্টা কৰোঁ।

পন্থী কি হয়?

“পন্থী” শব্দৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে বৰ্ণনা কৰে। কিন্তু, পন্থীৰ বিষয়ে দুটা প্ৰচলিত ধাৰণা আৰু এই ধাৰণাকেইটা আমাৰ বাবে কিয় প্ৰযোজ্য নহয়, তাৰ বিষয়ে বিবেচনা কৰক।

  • কিছুমান লোকে ভাৱে যে পন্থী হৈছে এটা নতুন ধৰ্ম্ম সম্প্ৰদায়, যিয়ে পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতিবোৰ পালন নকৰে। যিহোৱাৰ সাক্ষীসকলে কোনো এটা নতুন ধৰ্ম্মৰ আৰম্ভণি কৰা নাই। ইয়াৰ বিপৰীতে, আমি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে ৰাখি যোৱা আৰ্হিক অনুকৰণ কৰোঁ। তেওঁলোকৰ উদাহৰণ আৰু শিক্ষাবোৰ বাইবেলত লিপিবদ্ধ আছে। (২ তীমথিয় ৩:​১৬, ১৭) আমি বিশ্বাস কৰোঁ যে উপাসনাৰ লগত জড়িত থকা বিষয়বোৰ বাইবেলৰ আধাৰত হোৱা উচিত, মানুহৰ ভাৱধাৰাৰ আধাৰত নহয়।

  • কিছুমান লোকে বিশ্বাস কৰে যে পন্থী হৈছে এক ভয়ানক ধৰ্ম্মীয় গোট আৰু ইয়াৰ এজন মানৱীয় নেতা থাকে। যিহোৱাৰ সাক্ষীসকলে কোনো মানুহক তেওঁলোকৰ গুৰু হিচাপে গণ্য নকৰোঁ। ইয়াৰ পৰিৱৰ্তে, আমি যীচুৱে কোৱা এই আজ্ঞাক পালন কৰোঁ: “তোমালোক আচাৰ্য্য বুলি মতা নহবা; কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।”​—মথি ২৩:১০.

যিহোৱাৰ সাক্ষীসকলৰ সংগঠন কোনো ভয়ানক পন্থী নহয়। ইয়াৰ বিপৰীতে, যিহোৱাৰ সাক্ষীসকলৰ সংগঠনে নিজৰ লগতে আন লোকসকলকো উপকাৰ কৰি আহিছে। উদাহৰণস্বৰূপে, আমাৰ ঘোষণা কৰা কাৰ্য্যৰ বাবে বহুতোলোকে মাদক দ্ৰব্য, ধঁপাত আৰু বিড়ি-চিগাৰেট আদিৰ দৰে নিচাযুক্ত পদাৰ্থৰপৰা মুক্ত হʼবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও আমি যিহোৱাৰ সাক্ষীসকলে বহুতো দেশত হাজাৰ হাজাৰ লোকক পঢ়িবলৈ আৰু লিখিবলৈ সহায় কৰিছোঁ। প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত আমি সক্ৰিয়ভাৱে সহায়-সহযোগিতা আগবঢ়াওঁ। যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দিয়াৰ অনুসৰি আমিও আনক সহায় আগবঢ়াওঁ, যাতে তেওঁলোকে ভালদৰে জীৱন অতিবাহিত কৰিব পাৰে।​—মথি ৫:​১৩-১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক